টী-২০ বিশ্বকাপঃ ক্ৰিকেটৰ শিশু নামিবিয়াৰ হাতত পৰাস্ত শ্ৰীলংকা...

১৯ অভাৰত ১০৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ

author-image
Asomiya Pratidin
New Update
টী-২০ বিশ্বকাপঃ ক্ৰিকেটৰ শিশু নামিবিয়াৰ হাতত পৰাস্ত শ্ৰীলংকা...

t-20 world cup

ডিজিটেল ডেস্কঃ আজিৰে পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হৈছে টী-২০ বিশ্বকাপ। শ্ৰীলংকা আৰু নামিবিয়াৰ মাজত অনুষ্ঠিত মেচেৰে শুভাৰম্ভ টী-২০ বিশ্বকাপ ২০২২ৰ। গ্ৰুপৰ প্ৰথমখন মেচতে ক্ৰিকেটৰ শিশু নামিবিয়াৰ হাতত পৰাস্ত তুলনামূলকভাৱে শক্তিশালী শ্ৰীলংকা।

টছত জয়ী হৈ শ্ৰীলংকাই বলিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি নামিবিয়াই প্ৰথম ইনিংছত বেট ধৰি নিৰ্ধাৰিত অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৬৩ ৰান কৰে। দলটোৰ হৈ জান ফ্ৰেনলিংকে সৰ্বাধিক ৪৪ ৰান কৰাৰ বিপৰীতে শ্ৰীলংকাৰ প্ৰমোদ মধুচানে ২টা উইকেট দখল কৰে।

উল্লেখ্য যে, শ্ৰীলংকাই ১৬৪ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি নামিবিয়াৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি ১৯ অভাৰত ১০৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে। শ্ৰীলংকাৰ হৈ অধিনায়ক ডাচুন চানাকাই ২৯ ৰান কৰাৰ বিপৰীতে দলৰ বাকী সকল বেটছমেন ব্যৰ্থ হয়।

sri lanka namibiya cricket t-20 world cup