প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান...

প্ৰধানমন্ত্ৰী মোডীক সৰ্বোচ্চ সন্মানেৰে সম্বৰ্ধনা জনোৱা দেশৰ তালিকাখন অতি দীঘলীয়া। শ্ৰীলংকাই প্ৰদান কৰা ‘মিত্ৰ বিভূষণ’ বঁটা হৈছে কোনো বিদেশী ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান।

author-image
Asomiya Pratidin
New Update
িু

ডিজিটেল ডেস্কঃ  শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক বঁটা মিত্ৰ বিভূষণৰে সন্মানিত কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিত মোডীয়ে গ্ৰহণ কৰা ভূমিকাৰ স্বীকৃতি স্বৰূপে দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়েকে এই বঁটা প্ৰদান কৰে। অৱশ্যে প্ৰধানমন্ত্ৰী গৰাকীক কোনো এখন দেশে সৰ্বোচ্চ সন্মান প্ৰদান কৰাটো এয়াই প্ৰথম নহয়।

Advertisment

প্ৰধানমন্ত্ৰী মোডীক সৰ্বোচ্চ সন্মানেৰে সম্বৰ্ধনা জনোৱা দেশৰ তালিকাখন অতি দীঘলীয়া। শ্ৰীলংকাই প্ৰদান কৰা ‘মিত্ৰ বিভূষণ’ বঁটা হৈছে কোনো বিদেশী ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান।

উল্লেখ কৰা প্ৰয়োজন যে, বিমষ্টেক সন্মিলনৰ বাবে বেংকক ভ্ৰমণ সামৰি ৩ দিনৰ বাবে শ্ৰীলংকাত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুয়োখন দেশে প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চুক্তিও স্বাক্ষৰ কৰিছে। 

শ্ৰীলংকা