প্ৰেমৰ প্ৰস্তাৱ অমান্য কৰাই হ'ল কালঃ মহিলাক হানি খুচি হত্যা যুৱকৰ...

মানদাৰপাৰা গাঁৱৰ বাহাৰ উদ্দিনৰ পত্নী সাজনা বেগমে স্বামী গৃহত দুই পুত্ৰ সন্তানৰ সৈতে শুই থকা অৱস্থাত ছাব্বিৰ আহমেদে ঘৰৰ দুৱাৰ ভাঙি সজনাক শুই থকা অৱস্থাতেই ডেগাৰেৰে আক্ৰমণ কৰে।

New Update
1

ডিজিটেল সংবাদ,শ্ৰীভূমিঃ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ মিৰ্জাপুৰ মানদাপাৰা গাঁৱত যোৱা মাজনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। শ্বেৰালিপুৰ গাঁৱৰ এজন যুৱকে মানদাৰপাৰা গাঁৱৰ এটা ঘৰত প্ৰৱেশ কৰি দুটা সন্তানৰ মাতৃক ডেগাৰেৰে হানি খুচি হত্যা কৰে। 

Advertisment

কন্যাক বচাবলৈ চেষ্টা কৰি থাকোতে যুৱকজনৰ চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হয় বৃদ্ধা মাতৃ। জানিব পৰা মতে, মানদাৰপাৰা গাঁৱৰ বাহাৰ উদ্দিনৰ পত্নী সাজনা বেগমে স্বামী গৃহত দুই পুত্ৰ সন্তানৰ সৈতে শুই থকা অৱস্থাত ছাব্বিৰ আহমেদে ঘৰৰ দুৱাৰ ভাঙি সজনাক শুই থকা অৱস্থাতেই ডেগাৰেৰে আক্ৰমণ কৰে।

দীৰ্ঘদিন ধৰি মহিলা গৰাকীক ফোন কৰি প্ৰেমৰ প্ৰস্তাৱ দি বিভিন্ন ধৰণে ব্লেকমেইলিং কৰি আহিছিল ছাব্বিৰে। ইফালে আক্ৰমণত গুৰুতৰ আঘাত পোৱা মাতৃ ৰাণু বিবিৰ চিঞৰ বাখৰত চাৰিওফালৰ মানুহবোৰক গোট খোৱা দেখি আক্ৰমণকাৰীয়ে কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয়।

স্থানীয় ৰাইজে থানাক খবৰ দিয়াৰ পিছত বদৰপুৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি সজনা বেগমৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে হত্যাকাৰী ছাব্বিৰ আহমেদক বদৰপুৰ আৰক্ষীয়ে আটক কৰি হত্যা কান্ডৰ আৰত কি ৰহস্য লুকাই আছে তাকেই লৈ 
তদন্ত অব্যাহত ৰাখিছে।

কৰিমগঞ্জ