মৃত ভাৰতীয় ব্যক্তিৰ পৰিচয় পত্ৰৰে বাংলাদেশীৰ বাবে ভাৰতীয় পাছপ’ৰ্ট উলিয়াবলৈ গৈ গ্ৰেপ্তাৰ দুজন

বাংলাদেশী নাগৰিকক ভাৰতত ভাৰতীয় মৃত ব্যক্তিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি পাছপ’ৰ্ট বনাই দিয়াৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে শ্ৰীভূমি আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
মৃত ভাৰতীয় ব্যক্তিৰ পৰিচয় পত্ৰৰে বাংলাদেশীৰ বাবে ভাৰতীয় পাছপ’ৰ্ট উলিয়াবলৈ গৈ গ্ৰেপ্তাৰ দুজন

ডিজিটেল সংবাদ শ্ৰীভূমিঃ ভাৰতৰ মৃত ব্যক্তিৰ নথি-পত্ৰ ব্যৱহাৰ কৰি বাংলাদেশীক পাছপ’ৰ্ট বনোৱা এক চক্ৰ উৎখাত হৈছে শ্ৰীভূমি জিলাত। বাংলাদেশীক ভাৰতত ভাৰতীয় মৃত ব্যক্তিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি পাছপ’ৰ্ট বনাই দিয়াৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহিছে। 

ধৃত দুই ব্যক্তি ক্ৰমে পাথাৰকান্দি সমষ্টিৰ বুৰহান উদ্দীন আৰু ফৈজুৰ ৰহমান। উল্লেখ্য যে, চলিত মাহত ফাৰুক আহমেদ নামৰ এজন ব্যক্তিৰ নামত পাচপ’ৰ্টৰ বাবে আবেদন কৰা হৈছিল। 

ফাৰুক আহমেদৰ নামত যিসমূহ প্ৰমাণ পত্ৰ জমা দিয়া হৈছিল সেইসমূহ প্ৰমাণ পত্ৰ আৰক্ষীয়ে প্ৰাৰম্ভিক পৰীক্ষাৰ সময়ত কিছু বিসংগি ধৰা পেলায়। ইয়াৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ ওপৰ অধিক তদন্ত কৰাত যিগৰাকী ফাৰুক আহমেদৰ নামৰ নথি-পত্ৰসমূহ জমা দিয়া হৈছে দৰাচলতে সেইজন জীৱিত অৱস্থাত নায়েই। ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে। 

পাথাৰকান্দি এলাকাৰ মৃত ফাৰুক আহমেদ নামত এজন বাংলাদেশীক ভাৰতীয় পাছপ’ৰ্ট বনাই দিয়াৰ বাবে ধৃত দুই ব্যক্তিয়ে ভুৱা জন্মৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, পেন কাৰ্ডসহ অন্যান্য প্ৰমাণ পত্ৰ জমা দিছিল। বংলাদেশীক মৃত ভাৰতীয় লোকৰ পৰিচয় পত্ৰৰে ভাৰতীয় সজাবলৈ চেষ্টা কৰা এই তথ্য পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। 

বিষয়টোৰ সন্দৰ্ভত তদন্তৰ অন্তত আৰক্ষীয়ে পাথাৰকান্দি এলাকাৰ পৰা বুৰহান উদ্দিন আৰু ফৈজুৰ ৰহমান নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ লোকৰ পৰা বহু ভুৱা নথি-পত্ৰ আৰু এটা কম্পিউটাৰ জব্দ কৰে। শ্ৰীভূমি আৰক্ষীয়ে দুই অভিযুক্তক মুখ্য ন্যায়িক দণ্ডাদীশৰ আদালতত হাজিৰ কৰোৱা পিছত আদালতৰ নিৰ্দেশত দুজনক প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ।

আৰক্ষীয়ে জনোৱা মতে এই ভুৱা নথি-পত্ৰ সমূহ তেওঁলোকক তৈয়াৰ কৰি দিয়াত কোনো চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত আছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত চলাই আছে। তেওঁলোকে ইতিমধ্যে আৰু কিমান লোকক তথা বাংলাদেশীক এনে দৰে ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতীয় সজাইছিল সেই বিষয়ে তদন্ত অব্যাহত আছে বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰৱণ জ্যোতি কলিতাই জানিবলৈ দিছে।

বাংলাদেশী