শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস...

শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস...

ডিজিটেল সংবাদ, কলিয়াবৰঃ “শাস্ত্ৰৰ জ্ঞান আৰু আধ্যাত্মিক চিন্তাই সমাজখন সুশৃংখলিতভাৱে পৰিচালনা কৰি আছে। দুষ্টক দমন সন্তক পালনৰ নীতি জ্ঞানেৰে উদ্ধুদ্ধ সমাজৰ লোকসকলক কেতিয়াও অশুভ শক্তিয়ে নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। নৱ প্ৰজন্মক মহাপুৰুষ গুৰুজনাৰ সৃষ্ট কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ জ্যেষ্ঠ সকলে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে এয়া সমাজৰ বাবে আদৰ্শ l'শ্ৰীশ্ৰী বালি সত্ৰৰ ডেকা সত্ৰীয়া, সমাজকৰ্মী মণি মাধৱ মহন্তই সোমবাৰে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰত চেমনীয়াৰ দ্বাৰা প্ৰদৰ্শিত সীতা হৰণ বালী বধ ভাওনা উদ্বোধন কৰি এইদৰে বক্তব্য আগবঢ়ায়।

কলিয়াবৰৰ অন্যতম সত্ৰ শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে ৪ মে'ৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হয়। গুৰু আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে শ্ৰীমদ্ভাগৱত পাঠ আৰু চেমনীয়াৰ দ্বাৰা সীতা হৰণ বালী বধ  ভাওনা প্ৰদৰ্শন কৰে। বসন্ত কুমাৰ মহন্ত, আৰু প্ৰবীণ শইকীয়াৰ পৰিচালনাত উদীয়মান যুৱ সমাজকৰ্মী বিপ্নৱ শইকীয়াই পিতৃ-মাতৃৰ সোঁৱৰণত আগবঢ়োৱা সত্ৰৰ চেমনীয়াৰ দ্বাৰা প্ৰদৰ্শিত সীতা হৰণ বালী বধ নাটত বহু কেইগৰাকীয়ে বিভিন্ন চৰিত্ৰত সাৱলীল অভিনয়েৰে ৰাইজক আপ্লুত কৰি প্ৰশংসিত হয়।

৪ মে'ত সন্ধিয়া গন্ধবাদন, ৫ মে' পুৱা উষা কীৰ্তনৰ পাছত শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ চিদানন্দ মহন্তই ধৰ্মধ্বজা উত্তোলন কৰে। পুৱা ৯ বজাত আইসকলৰ নাম আৰু দুপৰীয়া শ্ৰীশ্ৰীমাধৱ আতা সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া টংকেশ্বৰ মহন্ত নামাচাৰ্য্য আৰু শ্ৰীশ্ৰীখুন্দামৰা সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া ভোলানাথ গোস্বামীয়ে নাম প্ৰসঙ্গ, বিয়লি শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰুদ্ৰকান্ত মহন্তই অক্ষয় বন্তি প্ৰজ্বলন আৰু ডেকা সত্ৰীয়া বসন্ত কুমাৰ মহন্তই শ্ৰীমদ্ভাগৱত পাঠৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ৬ মে'ত দুপৰীয়া শ্ৰীমদ্ভাগৱত ভাগৱত পাঠৰ সামৰণি আৰু সন্ধিয়া ভাওনা প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।

শ্ৰীশ্ৰীৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস...
খনামুখৰ ৰৌমাৰী এম ভি স্কুলত আটকধুনীয়া শিশু উদ্যান মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in