হৰি নামৰ ধ্বনিৰে মুখৰিত ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ

এই ধৰ্মীয় অনুষ্ঠানতেই স্থানীয় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ মাজত বিদেশৰ তিনিগৰাকী ভক্তৰ উপস্থিতিয়ে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ

ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ

ডিজিটেল সংবাদ,জামুগুৰিহাট : বিগত তিনিটা দিন ধৰি হৰি নামেৰে মুখৰিত হৈ আছে ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ আকাশ-বতাহ।  চাহ বাগিচাখনৰ নৱনিৰ্মিত শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰত ৰাধা-কৃষ্ণৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি গঙ্গা আহ্বান, ভাগৱত পাঠ, ধৰ্মীয় শোভাযাত্ৰা, মন্দিৰ প্ৰতিষ্ঠা, বিগ্ৰহ স্থাপন, ভাগৱত পাঠ, নাম-প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।

উল্লেখ্য যে ৰঙাপৰাৰ কলনি চাহ বাগিচাত আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ (ইস্কন)ৰ সৌজন্যত আৰু আঞ্চলিক নাম হট্ট সংঘৰ উদ্যোগত এই শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্যসূচীভাগ অনুষ্ঠিত হয়। এই ধৰ্মীয় অনুষ্ঠানতেই স্থানীয় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ মাজত বিদেশৰ তিনিগৰাকী ভক্তৰ উপস্থিতিয়ে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে ।

এই বিদেশী ভক্ত তিনিগৰাকীয়ে ৰঙাপৰা চহৰৰ মাজমজিয়াৰে উলিওৱা বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰি হৰি নাম পৰিৱেশন কৰাত ধৰ্মপ্ৰাণ ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।

jamugurihat