ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হলেশ্বৰ দেৱালয়ত শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞৰ আয়োজন

অহা ৯,১০,১১ আৰু ১২ ফেব্ৰুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হলেশ্বৰ দেৱাৱলত শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হলেশ্বৰ দেৱালয়ত শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞৰ আয়োজন

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হলেশ্বৰ দেৱালয়ত শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞৰ আয়োজন

ডিজিটেল সংবাদ, তেজপুৰ : শ্ৰীশ্ৰী হলেশ্বৰ দেৱালয় উন্নতি সাধনী সভাৰ সৌজন্যত অহা ৯,১০,১১ আৰু ১২ ফেব্ৰুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হলেশ্বৰ দেৱাৱলত শ্ৰীশ্ৰী মহাৰুদ্ৰ যজ্ঞৰ আয়োজন কৰা হৈছে। এইক্ষেত্ৰত হলেশ্বৰ দেৱালয় উন্নতি সাধনী সভাৰ সভাপতি জিতেন বৰঠাকুৰ আৰু যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি বিৰাজ নাথে জনোৱা মতে ৯ ফেব্ৰুৱাৰীত পুৱা ৬ বজাত প্ৰাতঃ প্ৰাৰ্থনাৰে মহাৰুদ্ৰ যজ্ঞৰ কাৰ্যসূচীৰ আৰম্ভ হ'ব ।

Advertisment

উল্লেখ্য যে মহাৰুদ্ৰ যজ্ঞৰ লগত সংগতি ৰাখি ১১ ফেব্ৰুৱাৰীত দেৱালয়ত শ্ৰী ৰামচন্দ্ৰৰ অশ্বমেধ যজ্ঞ শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰিব। উদ্যোক্তাসকলে চাৰিদিনৰ কাৰ্যসূচীত ৰাইজৰ সহযোগ একান্তভাৱে কামনা কৰিছে ।

tezpur