/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4569e8de-cf23-4a2e-9b19-af2817d7df59/2bdc694d-ac82-4eff-947c-39d158f63915.jpg)
ডিজিটেল সংবাদ, লংকাঃ বাংলাদেশৰ সেই ভয়ংকৰ পৰিস্থিতিৰ পৰা সুকলমে আপোন ঘৰখন পালেহি লংকাৰ চুহানা চুলতানা নামৰ ছাত্ৰীগৰাকী। বাংলাদেশৰ চিলেট ৱ'মেন কলেজত এম বি বি এচ পাঠ্যক্ৰমত পঢ়ি থকা লংকাৰ চুহানা ১ নং ৱাৰ্ডৰ ইনামূল হ'কৰ কন্যা। ছাত্ৰীগৰাকী বাংলাদেশৰ আৰক্ষীৰ সহায়ত সুতাৰকান্টি সীমান্তলৈকে আহি অসমত উপস্থিত হয়। ইয়াৰ পাছত পৰিয়ালৰ সহযোগত উপস্থিত হয় লংকাৰ নিজ গৃহত।
ছাত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কলেজৰ হোষ্টেলত সুকলমে আছিল। অৱশ্যে ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ বাবে ক'ত কি হৈ আছে একো গম পোৱা নাছিল। ইপিনে, চিলেট ৱ'মেন কলেজখনত ভাৰতৰ ২০ৰো অধিক ছাত্ৰ-ছাত্ৰী আছে বুলি প্ৰকাশ কৰিছে ছাত্ৰীগৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বতকৈ পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়া ভিন্ন প্ৰান্ত প্ৰতিবাদ অব্যাহত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰতিবাদকাৰীসকলক আলোচনাত বহিবলৈ আমন্ত্ৰণ জনাইছে। এই হিংসাত্মক পৰিস্থিতিৰ পাছতেই প্ৰায় এহেজাৰ ভাৰতীয় শিক্ষাৰ্থী স্বদেশলৈ উভতি আহিছে। বিদেশ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ৭৭৮গৰাকী শিক্ষাৰ্থী স্থলপথেৰে, প্ৰায় ২০০গৰাকী শিক্ষাৰ্থী ঢাকা আৰু চট্টগ্ৰাম বন্দৰৰ পৰা বিমানযোগে উভতি আহিছে।
উল্লেখযোগ্য যে ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ উভতি অহাত ঢাকাত থকা ভাৰতীয় উচ্চ আয়োগ, চট্টগ্ৰাম, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চ আয়োগসমূহে সহায় কৰিছে।
স্থানীয় কর্তৃপক্ষৰ সহযোগত উচ্চ আয়োগ আৰু সহকাৰী উচ্চ আয়োগসমূহে ভাৰত- বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন প্রৱেশ পথেৰে নিৰাপদ যাত্রা সুগম কৰি তোলাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে বুলি বিদেশ মন্ত্র্যালয়ে জানিবলৈ দিছে। ইপিনে, ঢাকাৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত এতিয়াও প্ৰায় ৩০০গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।
Also Read: ২০দিনত BSNLলৈ আহিল ২.৭৫কোটি নতুন গ্ৰাহক! জিঅ'ই ঘূৰাই আনিলে পূৰ্বৰ ৰিছাৰ্জ প্লেন...