/asomiyapratidin/media/media_files/2025/04/07/6kkpeFy2EH5ltTlPKYjn.jpg)
ডিজিটেল ডেস্কঃ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে শ্ৰীলংকাই দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ সময়ছোৱাত ১৪ জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে। ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ মাজত দীৰ্ঘদিনীয়া মাছমৰীয়াক গ্ৰেপ্তাৰৰ বিষয়টো সন্দৰ্ভত বিশদ আলোচনা হৈছিল।
যৌথ সংবাদমেলত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘আমি মাছমৰীয়াৰ বিষয়ত আলোচনা কৰিলো। এই বিষয়ত আমি মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগে বুলি একমত হৈছো। সেয়ে মাছমৰীয়াসকলক শীঘ্রে মুকলি কৰি তেওঁলোকক নাৱৰ সৈতে উভতাই অনাৰ সিদ্ধান্ত লৈছো।
উল্লেখ্য যে, তামিলনাডুৰ পৰা অহা ভাৰতীয় মাছমৰীয়াক শ্ৰীলংকা কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ দেশত উত্তেজনাৰ সৃষ্টি কৰিছিল। ২০২৫ চনৰ আৰম্ভণিৰ পৰা ১১৯ জন ভাৰতীয় মাছমৰীয়া আৰু ১৬ খন মাছমৰীয়া নাও শ্ৰীলংকা বাহিনীয়ে বন্দী কৰি ৰাখিছিল।
ফলত উপকূলীয় জনগোষ্ঠীসমূহৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। লগতে চৰকাৰী পক্ষক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ বাৰে বাৰে আবেদন জনাই আহিছে। আলোচনাৰ অন্তত সংবাদমেলত ভাষণ দি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, ‘আমাক জনোৱা হৈছে যে শ্ৰীলংকা কৰ্তৃপক্ষই ১১ জন মাছমৰীয়াক তৎক্ষণাত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে আৰু হয়তো অনাগত দিনত আৰু কিছু মাছমৰীয়াক মুকলি কৰি দিয়া হ’ব।
২০২৫ চনৰ আৰম্ভণিৰ পৰা ১১৯ জন ভাৰতীয় মাছমৰীয়া আৰু ১৬ খন মাছমৰীয়া নাও শ্ৰীলংকাৰ বাহিনীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি পোৱা গৈছে, যাৰ ফলত উপকূলীয় জনগোষ্ঠীসমূহৰ মাজত উদ্বেগ প্ৰকাশ পাইছে আৰু হস্তক্ষেপৰ বাবে বাৰে বাৰে আবেদন জনোৱা হৈছে।
আলোচনাৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “আমাক জনোৱা হৈছে যে শ্ৰীলংকা কৰ্তৃপক্ষই অচিৰেই ১১ জন মাছমৰীয়াক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু হয়তো অনাগত দিনত আৰু কেইজনমানক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে।”