পাকিস্তানী চোৰাংচোৱাৰ সৈতে সংস্পৰ্শত থকাৰ কথা স্বীকাৰ ইউটিউবাৰ জ্যোতিৰ...

আই এছ আই এজেন্ট আলী হাছানৰ সৈতে অহৰহ যোগাযোগত আছিল জ্যোতি মালহোত্ৰাৰ। এতিয়া ৩৩ বছৰীয়া ইউটিউবাৰ আৰু হাছানৰ মাজত হোৱাটছএপত হোৱা কথোপকথনত হাছানে কয় যে, মই তোমাৰ কাৰণে প্ৰাৰ্থনা কৰো, তুমি সদায় সুখী হোৱা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1 জোতি

ডিজিটেল ডেস্কঃ  ভাৰত-পাকিস্তান সংঘাতৰ সময়ত পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ইউটিউবাৰ জ্যোতি মালহোত্ৰাই জেৰাৰ সময়ত স্বীকাৰ কৰিছে যে ২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে তেওঁ পাকিস্তানী নাগৰিক তথা উচ্চায়ুক্তৰ বিষয়া এহছান উৰ ৰহিম ওৰফে ডেনিছৰ সৈতে যোগাযোগ কৰিছিল।

Advertisment

মঙলবাৰে হিছাৰ আৰক্ষীৰ মুখপাত্ৰই জনাই যে, ডেনিছে জ্যোতিক চোৰাংচোৱা হিচাপে গঢ়ি তোলাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছিল। এই সময়ছোৱাত ডেনিছৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ কথা স্বীকাৰ কৰিছে জ্যোতিয়ে।

তেওঁ লগতে কয়, “তেওঁৰ সংস্পৰ্শত আন কেইবাজনো প্ৰভাৱশালী ইউটিউবাৰ আছিল। তেওঁৰ তিনিটা মোবাইল ফোন আৰু লেপটপৰ লগতে হাৰিয়ানা শিখ গুৰদ্বাৰা পৰিচালনা সমিতিৰ আই টি ইনচাৰ্জ হৰকিৰাট সিঙৰ দুটা ফোন ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। লগতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ চোৰাংচোৱা ব্যুৰোৰ বিষয়াসকলে জ্যোতিক সোধা-পোছ অব্যাহত ৰাখিছে।

প্ৰাপ্ত তথ্য অনুসৰি, হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা জ্যোতিক প্ৰথমে পাকিস্তানৰ দূতাবাসৰ বিষয়া ডেনিছৰ সৈতে চিনাকি কৰাই দিছিল হৰকিৰাট সিঙে। অভিযোগ অনুসৰি সিঙে তেওঁক দুবাৰকৈ ভিছা লোৱাত সহায় কৰি শিখৰ দল এটাৰ সৈতে পাকিস্তানলৈ পঠিয়াইছিল ৷

সূত্ৰ অনুসৰি আই এছ আই এজেন্ট আলী হাছানৰ সৈতে অহৰহ যোগাযোগত আছিল জ্যোতি মালহোত্ৰাৰ। এতিয়া ৩৩ বছৰীয়া ইউটিউবাৰ আৰু হাছানৰ মাজত হোৱাটছএপত হোৱা কথোপকথনত হাছানে কয় যে, মই তোমাৰ কাৰণে প্ৰাৰ্থনা কৰো, তুমি সদায় সুখী হোৱা।

জ্যোতিয়ে ইয়াৰ উত্তৰত আলী হাছানলৈ হাঁহিৰ ইমোজি পঠিয়াই কয় যে, "মোক পাকিস্তানত বিয়া পাতি দিয়া।" এই কথোপকথনৰ পৰা পাকিস্তানক লৈ থকা জ্যোতিৰ আৱেগ স্পষ্ট হয়।

ইউটিউবাৰ পাকিস্তান