/asomiyapratidin/media/media_files/2025/07/25/ffffs-2025-07-25-13-18-04.jpg)
মৃদুল কুমাৰ সন্দিকৈ
চৰ্চিত হৈছে এখন ফটো। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪জুলাই, ২০২৫ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোবোৰৰ ভিতৰত এইখন ফটো অন্যতম আছিল। ৪দিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ যোৱা নৰেন্দ্ৰ মোডীয়ে ২৩জুলাইত উপস্থিত হৈছিলগৈ বিট্ৰেইনত।
লণ্ডনত প্ৰৱাসী ভাৰতীয়ই তেওঁক উষ্ম আদৰণি জনাইছিল। সেই উষ্ম আদৰণি জনোৱাসকলৰ ভিতৰত আছিল অসমৰ কেইবাগৰাকীও প্ৰৱাসী অসমীয়া। তেনে এখন আলোকচিত্ৰতেই দেখিবলৈ পোৱা গৈছিল মুগা সাজ পৰিহিত বহুকেইগৰাকী অসমীয়া বিহুৱতীক।
সেই আলোকচিত্ৰখন প্ৰধানমন্ত্ৰী সামাজিক মাধ্যমৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছিল অসমৰ এগৰাকী মন্ত্ৰীয়েও। তেওঁ লিখিছিল- ইংলেণ্ড ভ্ৰমণৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰবাসী অসমীয়াসকলে অসমীয়া পোছাক পৰিধান কৰি উষ্ম আদৰণি জনোৱাৰ দৃশ্যটো দেখি ভাল লাগিল। এইদৰেই অসমৰ গৌৰৱগাথা বিশ্বৰ বুকুত জিলিকাবলৈ প্ৰতিজন অসমীয়াই নিজ নিজ ক্ষেত্ৰৰপৰা প্ৰয়াস কৰি যাওক।
এই আলোক চিত্ৰখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল কংগ্ৰেছৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মোডী ভ্ৰমণত এনেদৰে আদৰণি জনোৱা প্ৰসংগটোক লৈ তেখেতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল।
দেৱব্ৰত শইকীয়াৰ মতে, প্ৰধানমন্ত্ৰী মোডীয়ে ভাড়াতীয়াৰ জৰিয়তে বিদেশত নিজৰ জনপ্ৰিয়তা প্ৰদৰ্শনৰ চেষ্টা কৰিছে। শইকীয়াৰ ভাষাত- BJP আৰু মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাড়াতীয়া POPULARITY, আজি খোদ BJP নেতাসকলে উদঙাই দিলে! কালৰো কাল, বিপৰীত কাল। Londonত অসমীয়া অভিনেত্ৰীক প্ৰবাসী সজোৱাৰ BJP'ৰ মায়াজাল ! আজি BJP-ৰ ভাড়াতীয়া publicity আৰু মিথ্যা প্ৰচাৰৰ এক জীৱন্ত উদাহৰণ ছোছিয়েল মিডিয়াত স্পষ্ট হৈ পৰিছে। BJP-ৰ প্ৰায় সকলো মাননীয়/মাননীয়া নেতা-নেত্ৰীয়ে এখন ফটো শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে যে Londonৰ “অসমীয়া প্ৰৱাসীসকলে” "BISWAGURU" মোদী ডাঙৰীয়াক আদৰণি জনাইছে। কিন্তু উক্ত ফটোখন ভালকৈ চালে দৃষ্টিগোচৰ হয়- মোদী ডাঙৰীয়াক স্বাগতম জনোৱা সকলৰ মাজত এগৰাকী সুখ্যাত অসমীয়া অভিনেত্ৰী মাধুৰীমা চৌধুৰী ও আছে।
তাৰ পাছত শইকীয়াই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰি লিখিলে- এতিয়া প্ৰশ্ন উত্থাপন হয়-এইখন আচলতে প্ৰবাসী অসমীয়া সজোৱাৰ এখন নাটক আছিল! এইটোৱে পুনৰবাৰ সুস্পষ্টকৈ প্ৰমাণ কৰিছে — BJPয়ে কিদৰে প্ৰতিটো ৰাজ্যিক নিৰ্বাচনৰ আগত এনেধৰণৰ PUBLICITY STUNT ৰ জড়িয়তে ৰাইজৰ অনুভূতিৰ লগত খেলা কৰে। এনেদৰেই বিভিন্ন ব্যক্তিৰ বিদেশ ভ্ৰমণৰ নামত জনতাৰ কোটি কোটি টকা অবাবত ব্যয় কৰি আহিছে। আশা কৰোঁ, অসমবাসীয়ে বিজেপিৰ এই মিথ্যাচাৰ উপলব্ধি কৰিব — আৰু ভাড়াতীয়া PUBLICITYক প্ৰত্যাখ্যান কৰিব।
কথাবোৰ তেওঁলোকৰ দৃষ্টিভংগীৰে কেৱল আমি বিচাৰ কৰা নাছিলো। অসমৰ দুই-এক সংবাদমাধ্যমত এই প্ৰসংগক লৈ খবৰো হ’ল। যোগাযোগ কৰিছিলো দেৱব্ৰত শইকীয়াৰ সৈতে। তেওঁৰ হাতত ভাৰত চৰকাৰে নিজা ব্যয়ত মাধুৰীমা চৌধুৰী বা আন লোকক লণ্ডনলৈ লৈ যোৱা কিবা তথ্য বা খবৰ আছে নেকি?
অসম চৰকাৰে তেওঁক এনে কাৰ্যসূচীৰ বাবে লণ্ডনলৈ পঠোৱা তথ্য বিচাৰি আমি যোগাযোগ কৰিছিলো। যিবোৰ সূত্ৰত এই খবৰবোৰ বিচৰা হৈছিল সেই সূত্ৰবোৰে মাধুৰীমা চৌধুৰী চৰকাৰী পৃষ্ঠপোষকতাত লণ্ডনলৈ যোৱা নাই বুলি নিশ্চিত কৰিছিল।
তেতিয়া স্বাভাৱিকতেই প্ৰশ্ন হৈছিল, কেনেকৈ লণ্ডন পালেগৈ মাধুৰিমা চৌধুৰী। চৰকাৰী বিষয়াই এই খবৰবোৰ লুকুৱাবলৈ এনে কৰিছে নেকি বুলি এক সন্দেহো ৰৈ গৈছিল। সকলো প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা নিৰ্ভৰযোগ্য সূত্ৰ আছিল মাধুৰীমা চৌধুৰী।
এতিয়াও লণ্ডনতেই থকা মাধুৰীমা চৌধুৰীৰ সৈতে আমি যোগাযোগ কৰি পোনপতীয়াকৈ তেওঁক সুধিছিলো- কাৰ পৃষ্ঠপোষকতাত তেওঁ লণ্ডনলৈ গৈছে আৰু প্ৰধানমন্ত্ৰীক এনেদৰে বিদেশৰ মাটিত আদৰিবলৈ কোনে তেওঁক সুযোগ প্ৰদান কৰিছিল?
কথাষাৰবোৰ শুনি মাধুৰীমা চৌধুৰীয়ে জনালে, তেওঁ কোনো চৰকাৰী পৃষ্ঠপোষকতাত লণ্ডনলৈ অহা নাই। কোনো চৰকাৰী অনুষ্ঠানৰ বাবে তেওঁৰ এই লণ্ডন যাত্ৰা নাছিল। লণ্ডনত থকা কেইগৰাকীমান তেওঁৰ গুণমুগ্ধ আৰু তেওঁ নৃত্যৰ প্ৰশিক্ষণ দিয়া শিষ্য তথা প্ৰৱাসী অসমীয়াৰ অনুৰোধমৰ্মে তেওঁ তালৈ গৈছে।
শ্বিনো কিশোৰ লণ্ডনতে থকা এগৰাকী প্ৰৱাসী ভাৰতীয় তথা অসমীয়া। তেওঁ অসমৰ লোকনৃত্য, সংস্কৃতিক লৈ বহু কাম কৰি আছে। লুইতপৰীয়া নাচনী নামৰ এটা অনুষ্ঠানৰ জৰিয়তে শ্বিনোয়ে লণ্ডনত অসমীয়া নৃত্য-সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে।
মূলতঃ এই শ্বিনোৰ উদ্যোগৰ বাবেই ১২জুলাই, ২০২৫ত তেওঁ লণ্ডন পাইছিলগৈ। কেইবাটাও প্ৰশিক্ষণৰ কাৰ্যসূচী আছে তেওঁৰ। লণ্ডনৰ বিভিন্ন স্থানত পৰ্যায়ক্ৰমে সেই কৰ্মশালাবোৰ সম্পন্ন হ’ব। অসমৰ সাংস্কৃতিক জগতত মাধুৰীমা চৌধুৰীৰ পৰিচয় এগৰাকী অভিনেত্ৰীয়েই নহয় সু নৃত্যশিল্পী।
ৰাগিনী নাম এটা অনুষ্ঠানৰ জৰিয়তে মাধুৰীমা চৌধুৰীয়ে বিহু, সত্ৰীয়া তথা অসমৰ আন ক’লা-কৃষ্টি প্ৰদৰ্শন কৰাৰ লহতে প্ৰশিক্ষণৰ কাৰ্যসূচী দেশে-বিদেশে অনুষ্ঠিত কৰি আহিছে। প্ৰধানমন্ত্ৰী লণ্ডনৰ ভ্ৰমণৰ সময়ত এই শ্বিনো কিশোৰ হঁতৰ লগতে গৈ তেওঁ প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাইছিল। ইয়াত কোনো চৰকাৰী পৃষ্ঠপোষকতা নাছিল। কথাবোৰ শুনি তেওঁ আচৰিত হ’ল। লুইতপৰীয়া নাচনী আৰু ৰাগিনীৰ উদ্যোগত ১৫আগষ্টলৈকে কেইবাটাও প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব লণ্ডনত। এইবাৰ স্বাধীনতা দিৱসৰ দিনাও তেওঁ লণ্ডনতেই থাকি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ কথা।
টকাৰ বিনিময়ত প্ৰধানমন্ত্ৰীক আদৰিবলৈ তেওঁক লণ্ডনলৈ ভাড়াত চৰকাৰে নিয়া বুলি ওলোৱা খবৰ মিছা। আকস্মিকভাৱে তেওঁ সেই ক্ষণৰ সাক্ষী হ’ল। যাক লৈ গৌৰৱবোধো কৰে তেওঁ। এই সত্যক আওকাণ কৰি কেৱল অনুমানৰ ভিত্তিত এনেদৰে এক খবৰ প্ৰকাশ কৰাতো দুৰ্ভাগ্যজনক আখ্যা দিলে মাধুৰীমা চৌধুৰীয়ে।
এনেদৰেই মিছা খবৰৰ বলি হয় এতিয়া বহুজন। সেয়েহে খবৰ দিওতা জন আৰু খবৰ লওঁতা জনেও সজাগ-সচেতন হোৱাতো প্ৰয়োজনীয় হৈ পৰিছে। বাকী কথাবোৰ আমাৰ বিচাৰ্যৰ বিষয় নহয়। মাধুৰীমা চৌধুৰী কেন্দ্ৰিক খবৰটো সত্যতাহে এয়া...