বিয়া নহয়, এ পি ডি চি এলৰ ২৭লাখ টকীয়া বিদায় সভা...

এটা সৰু অনুষ্ঠান। ব্যয়ৰ কিছু খতিয়ান। ভি আই পিৰ বাবে খাদ্যৰ নামত ৫লাখ ৭হাজাৰ ৪০০টকা,  চাহৰ নামত ৯৬হাজাৰ ৭৬০টকা, পেণ্ডেলৰ নামত ২লাখ ৩০হাজাৰ ১০০টকা, ৱেলকাম গেটৰ নামত ৩৮হাজাৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ap BIKHEKH LEKHA (13)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এটা সৰু অনুষ্ঠান। ব্যয়ৰ কিছু খতিয়ান। ভি আই পিৰ বাবে খাদ্যৰ নামত ৫লাখ ৭হাজাৰ ৪০০টকা,  চাহৰ নামত ৯৬হাজাৰ ৭৬০টকা, পেণ্ডেলৰ নামত ২লাখ ৩০হাজাৰ ১০০টকা, ৱেলকাম গেটৰ নামত ৩৮হাজাৰ ৯৪০টকা, চাইণ্ড চিষ্টেমৰ নামত ৮৪হাজাৰ ৯৬০টকা ব্যয় কৰা হৈছিল এই অনুষ্ঠানত।

কেৱল এইবোৰ ব্যয়ে নহয়, আৰু কিছু ব্যয় আছে। যেনে, ছোফাত টাৱেল পৰাৰ নামত ২৩,৬০০টকা, গামোচাৰ নামত ৪২,৪৮০টকা। ইয়াৰ উপৰিও কৰ্কটেল আৰু মৰ্কটেল পাৰ্টিৰ নামত এই অনুষ্ঠানত ব্যয় কৰা হৈছিল ২লাখ ৫৩হাজাৰ ৭০০টকা।

আপুনি ছাগৈ ভাৱিছে, কি এই ৰাজকীয় অনুষ্ঠান। কোনোবা ধনী লোকৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠান নেকি! অনুষ্ঠানটো অনুষ্ঠিত হৈছিল ১১মাৰ্চ, ২০২৩ত খানাপাৰাত থকা আই এছ কলনীত। কেইঘন্টামানৰ এই অনুষ্ঠানটোৰ বাবে মুঠ ব্যয় হৈছিল ২৭লাখ ২৭হাজাৰ ৫৭০টকা।

এই অনুষ্ঠানটোত মুঠ ২০০ ভাতৰ থালি আছিল। প্ৰতি থালি ভাতৰ বাবদ ব্যয় কৰা ধনৰ পৰিমাণ আছিল ২,১৫০টকা। ভাতৰ থালিৰ পৰাই অনুমান কৰিব পাৰি অনুষ্ঠানটোত উপস্থিতিৰ সংখ্যা ২০০ৰো বেছি নাছিল।

যিটো অনুষ্ঠানত সুৰাৰ বাবদ ব্যয় কৰা হৈছিল ২লাখ ৫৩হাজাৰ ৭০০টকা। প্ৰায় এহাজাৰ সুৰাৰ বটল ক্ৰয় কৰা দেখুওৱা হৈছে এই অনুষ্ঠানটোৰ বাবে। সেই অনুসৰি একোজনে লোকে গড়ে ৫টাকৈ সুৰাৰ বটল সেৱন কৰিছিল। কিয়নো উপস্থিতিৰ সংখ্যা ২০০ৰো বেছি নাছিল।

এইটো অৱশ্যে বিবাহ অভ্যাৰ্থনাৰ অনুষ্ঠান নাছিল। আছিল এখন বিদায় সভাহে। মুখ্য সচিব পদৰ পৰা অৱসৰ লোৱাৰ পাছত এ পি ডি চি এলৰ অধ্যক্ষ ৰূপে অসম চৰকাৰে নিযুক্তি দিছিল জিষ্ণু বৰুৱাক। ২০২১চনৰ পৰা ২০২৩চনলৈ তেওঁ এই পদত আছিল।

কাৰ্যকাল অন্ত পৰাৰ পাছত এ পি ডি চি এলে তেওঁৰ বিদায় সভাৰ নামত এই ২৭লাখ টকা ব্যয় কৰিছিল। কোনোবা ব্যক্তিগত লোকৰ জেপৰ পৰা নহয়, আছাম পাৱাৰ ডিষ্টিবিউশ্যন কোম্পানী লিমিটেড চমুকৈ APDCLৰ একাউন্টৰ পৰা এই ধন ব্যয় কৰা হৈছিল।

১১মাৰ্চ, ২০২৩ত অনুষ্ঠিত এই বিদায় সভাখনৰ ধন ২৮মাৰ্চ, ২০২৩ত আদায় কৰা হৈছিল। এ পি ডি চি এলৰ পি অনম্বৰ ৪৮০০০২৬১৭(ভি অ’)ৰ জৰিয়তে ধন আদায় দিছিল দ্বীপজ্যোতি শৰ্মা নামৰ গুৱাহাটী হাতীগাঁৱৰ ঠিকাদাৰ গৰাকীক।

এই পাৰ্চচেছ অৰ্ডাৰৰ মেমনম্বৰ- APDCL/ACT/Estt./2006-07/50/pt./NN170 । কেৱল এয়াই নহয়, আৰু আছে এনে তথ্য। ৰাজ্যৰ শক্তি বিতৰণ আৰু বিদ্যুত সেৱা যোগানৰ সৈতে জড়িত এই কোম্পানীটোৱে শাৰী কিনাৰ কিবা প্ৰয়োজন আছে বুলি আপুনি ভাৱেনে! কিন্তু কোম্পানীৰ ধনেৰে ক্ৰয় কৰা হয় শাৰীও।

৬এপ্ৰিল, ২০২৩ত এ পি ডি চি এলে ক্ৰয় কৰিছিল ১৫খনকৈ শাৰী। একোখন শাৰীৰ নাম আছিল ২১হাজাৰ। এছ জি এছ টি, চি জি এছ টি মিলাই সেই শাৰীৰ ক্ৰয়ৰ নামত ব্যয় হৈছিল ৩,৭১,৭০০টকা। এ পি ডি চি এলে কিয় কোম্পানীৰ ধন খৰছ কৰি শাৰী কিনিব লগা হল, সেয়া এক ডাঙৰ প্ৰশ্ন।

সেই শাৰী কোনে, কাক, কিয় উপহাৰ দিলে সেয়াও এক ৰহস্যৰ বিষয়। এ স্কোৱাৰ গ্ৰুপ- নামৰ এটা প্ৰতিষ্ঠানৰ পৰা এ পি ডি চি এলে শাৰী ক্ৰয় কৰিছিল। এ পি ডি চি এলে পাৰ্চেছ অৰ্ডাৰ নম্বৰ- ৪৮০০০২৬৬৯(ভি অ) যোগে ১৫জুন, ২০২৩ত এই ধন আদায় দিছিল প্ৰতিষ্ঠানটোক।

ভয়ংকৰ দুৰ্নীতি আৰু ধনৰ অপচয় ঘটিছে এ পি ডি চি এলত। তাৰ ফল ভোগ কৰিব লগা হয় সাধাৰণ বিদ্যুত উপভোক্তাই। এ পি ডি চি এলৰ নিজাকৈ অডিট কৰিব পৰা এটা শাখা আছে যদিও প্ৰতিষ্ঠানটোৱে বিভিন্ন অডিটৰ দায়িত্ব দিয়ে বাহিৰৰ প্ৰতিষ্ঠানক।

পাৰিক এণ্ড কোম্পানী- নামৰ প্ৰতিষ্ঠানটোক তেনে বহু ঠিকা দিয়াৰ তথ্য পোহৰলৈ আহিছে। এ পি ডি চি এলৰ বিভিন্ন স্থানত থকা ষ্টৰ সমূহত ফিজিকেল ভেৰিফিকেষশ্যন এণ্ড ফাইনেনচিয়েল ৰিকনচিলেচনৰ অডিট কৰিবলৈ এই প্ৰতিষ্ঠানটোক ৩মাৰ্চ, ২০২৫ত আদায় দিয়া হয় ৮৮লাখ ৫০হাজাৰ টকা।

দেখা পোৱা যায় যে, এ পি ডি চি এলৰ বেছিভাগ কামৰ ঠিকা দ্বীপজ্যোতি শৰ্মা নামৰ এজন ঠিকাদাৰে লাভ কৰে। ৰহস্যজনকভাৱে এই ঠিকা প্ৰদানৰ আঁৰত থাকে কমিচনৰ অংক। কোম্পানীটোৰ ধন লুন্ঠন কৰাত ৪জন বিশেষ বিষয়াৰ ভূমিকা মনকৰিবলগা।

তেওঁলোক ক্ৰমে-  এ পি ডি চি এলৰ বাজেট আৰু এষ্টাব্ৰিলটছমেন্ট শাখাৰ এ জি এম নৱৰত্ন আচাৰ্য, পি পি এণ্ড ডি শাখাৰ চি জি এম বিজয় শংকৰ বৰুৱা, ফাইনেন্স এণ্ড একাউন্টৰ মনীষ দাস গুপ্তা আৰু এ পি ডি চি এলৰ পৰিচালন সঞ্চালকৰ অ এছ ডি তথা আই টিৰ এ জি এম পুলক বৰ্মন।

বিজুলী ভৱন এতিয়া এই চাৰিজন বিষয়াৰ খিৰতী গাই হৈ পৰিছে। অভিযোগমতে, এই বিষয়াসকলৰ সহযোগতে দ্বীপজ্যোতি শৰ্মাকে ধৰি কেইবাটাও ঠিকা প্ৰতিষ্ঠানৰ নামত তেওঁলোকে এ পি ডি চি এলৰ ধন অতি কৌশলগতভাৱে আত্মসাৎ কৰিছে।

অডিটৰ নামত আৰ ডি এছ এছ আঁচনিৰ বাবদতো ১কোটি ২৩লাখ ৯০হাজাৰ টকা পাৰচেছ অৰ্ডাৰ নম্বৰ- ৪৪০০০১০০৫৮যোগে আদায় দিয়া তথ্যও পোহৰলৈ আহিছে। কাৰ্যালয়ত অডিট উইনছ থকাৰ পাছতো সেই দায়িত্ব এজন চি জি এম, জি এম, ডি জি এম, এ জি এম, এষ্টিট্ৰেট মেনেজাৰ অডিট আদি বিষয়ববীয়াই এই কাম কৰিব পাৰে্ যদিও কেৱল কমিচনৰ অংকত যে বাহিৰৰ প্ৰতিষ্ঠানক সেই দায়িত্ব দি বিদ্যুত বিতৰণ কোম্পানীটোৰ ধন অপচয় কৰিছে।

অভিযোগমতে, বাজেট আৰু এষ্টাব্ৰিটছমেন্টৰ এ জি এম গৰাকীৰ মধ্যস্থতাত এইবোৰ হৈ আছে। পাৰিখ এণ্ড কোম্পানীয়ে এই অডিটৰ ঠিকা লাভ কৰাৰ পাছ এ জি এম বাজেট, এম ডিৰ অ এছ ডি, চি জি এম অডিটক লাখ টকাৰ উপঢৌকন দিয়াৰ অভিযোগ উঠিছে।

আনকি পুলক বৰ্মন নামৰ পৰিচালন সঞ্চালকগৰাকীৰ অ এছ ডি গৰাকীয়ে অকৰ্তৃত্বশীলভাৱে ই আৰ পিৰ আই ডি ব্যৱহাৰ কৰি তেনে বহু অনীতিগত কামৰ ঠিকা আৱন্টন, বিল আদায় কৰি আহিছে। লক্ষ্যণীয়ভাৱে এনে বিল আদায়ৰ পি অত স্বাক্ষৰ থাকে মূলত তিনিজন বিষয়াৰ।

চানডুবিত বিশ্ব পাৰিপাশ্বিক দিৱস উদযাপনৰ নামত এ পি ডি চি এলে ব্যয় কৰিছিল ১২লাখ ১২হাজাৰ ৪১৪টকা। বিশ্ব পাৰিপাশ্বিক দিৱস উদযাপনৰ বাবে এ পি ডি চি এলে এই বৃহৎ পৰিমাণৰ ধন পানীৰ দৰে খৰছ কৰা দেখুৱাই জীৱিকা ইভেন্ট এণ্ড কনট্ৰাকছশ্যনৰ নামত পাৰচেছ অৰ্ডাৰ- ৪৪০০০৯৭১৩যোগে  ২৭জুলাই, ২০২৩ত সেই ধন আদায় দিছিল।

এনে অলেখ অনিয়মৰ তথ্য এতিয়া পোহৰলৈ আহি আছে। এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে। এ পি ডি চি এলৰ ভিতৰৰ পৰাই এনে দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। আনকি মুখ্যমন্ত্ৰী তথা এ পি ডি চি এলৰ বিভিন্ন সংগঠনৰ নেতৃত্বলৈ পত্ৰ লিখি সেইবোৰৰ তদন্ত বিচাৰিছে কোম্পানীটোত কৰ্মৰত সচেতন লোকে।

৮পৃষ্ঠাৰ সেই পত্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ শক্তিমন্ত্ৰী, এ পি ডি চি এলৰ অধ্যক্ষ, এন্টি কৰ্ৰাপচন, ই ডি আদিলৈ প্ৰেৰণ কৰা হৈছিল। তেনে এখন কোঅৰ্ডিনেশন কমিটি অৱ ইলেকট্ৰিচিটি এম্পপ্লইজ, ইঞ্জিনিয়াৰছ এণ্ড পেঞ্চনাৰ্চই লাভ কৰাৰ পিছত ২৫জুন, ২০২৫ত এই সংগঠনটোৰ বিষয়ববীয়াই ১২টা সংগঠনৰ স্বাক্ষৰ গ্ৰহণ কৰি এ পি ডি চি এলৰ অধ্যক্ষলৈ এই দুৰ্নীতিৰ তদন্তৰ দাবীৰে এখন পত্ৰও প্ৰেৰণ কৰিছিল। যত সমগ্ৰ বিষয়টো এখন উচ্চ পৰ্যায়ৰ কমিটিয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত তদন্ত কৰিবলৈ দাবী তুলিছে। লগতে এই তদন্ত যাতে নিকা হয়, তাৰ বাবে অভিযুক্ত বিষয়া কেইজনক নিলম্বনৰো দাবী তুলিছে সংগঠনকেইটাই।

কিন্তু ইমানৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই এইসকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে। শক্তি বিভাগৰ দায়িত্বত থকা শক্তিহীন মন্ত্ৰী প্ৰশান্ত ফুকনো এইবোৰ দেখি শুনি নিমাতে আছে। বৰ্তমান এ পি ডি চি এলৰ অধ্যক্ষৰ দায়িত্ব থকা চৈয়দ্দিন আব্বাছীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনে ব্যৱস্থা গ্ৰহণ কৰে তালৈ অসমৰ জনতাই আশাৰে বাট চাইছে।

কিয়নো ইয়াৰ প্ৰভাৱ পৰে অসমৰ বিদ্যুৎ উপভোক্তাৰ ওপৰতো। এই সকলো ব্যয় মিলাই প্ৰতি ইউনিট বিদ্যুত মাচুল নিৰূপণ কৰে এ পি ডি চি এলে। সেই মাধমাৰ এতিয়া সাধাৰণ গ্ৰাহকে ভোগ কৰি আছে। ২০২৩-২৪বৰ্ষত এ পি ডি চি এলে ৩০৮কোটিৰো অধিক টকা লাভ কৰিছিল বুলি এক ভিতৰুৱা সুত্ৰত প্ৰকাশ। কিন্তু ইয়াৰ প্ৰভাৱ বিদ্যুৎ মাচুলৰ ওপৰত নপৰিল যদিও এই সকল দুৰ্নীতিগ্ৰস্ত বিষয়াৰ লুন্ঠনত ঠিকেই প্ৰতিফলিত হৈছে।

এনেবোৰ কাৰণতে বিদ্যুৎ বিভাগ এদিন বৃহৎ লোকচানৰ সন্মুখীন হৈ মৃত অৱস্থালৈ গতি কৰিছিল। তাৰ পৰা পৰিত্ৰাণ পাবলৈ এ পি ডি চি এলৰ দৰে কোম্পানী গঠন কৰা হৈছিল যদিও এতিয়া তাতো চলিছে লুন্ঠন, দুৰ্নীতিৰ প্ৰতিযোগিতা...

এ পি ডি চি এল