/asomiyapratidin/media/media_files/2025/06/19/ghxdf-2025-06-19-17-01-59.jpeg)
পৰীক্ষা বা শ্ৰেণীকোঠাৰ সফলতা যে জীৱনৰ সকলো সফলতাৰ মাপ-কাঠি নহয়, এই কথা সময়ে সময়ে প্ৰমাণ হৈ আহিছে।লক্ষ্য যদি স্থিৰ হয়, উদ্দেশ্য যদি সৎ হয় আৰু একাগ্ৰতাৰে সঠিক পথত আগবাঢ়িলে সফলতাই এদিন চৰণ চুমিবই। HSত ৪১শতাংশ নম্বৰ লৈও দুবাৰকৈ UPSCত উৰ্ত্তীণ হোৱা জুনেইদৰ কাহিনীক লৈ এক বিশেষ প্ৰতিবেদন...
লাগি থাকিলে মাগি নাখায়। কোনো কাম একাণপতীয়াকৈ আৰু একাগ্ৰতাৰে যদি কৰা হয় সেই কামত সফলতা লাভ কৰাটো অনিবাৰ্য। লক্ষ্য যদি স্থিৰ হয়, উদ্দেশ্য যদি সৎ হয় তেনে ব্যক্তিক বাধা দিব পৰা পৃথিৱীৰ এনে কোনো শক্তি নাই । আমি বহুতেই সৰু সৰু কথাতে হতাশ হৈ পৰো। বিফলতা নাইবা মনে বিচৰা ধৰণে ফল নাপালে আমি হতাশ হৈ বহু কাম আধৰুৱা কৰিয়েই সামৰি থওঁ।
কিন্তু মন কৰিলেই চন। এগৰাকী ছাত্ৰই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ৪১শতাংশ নম্বৰ লৈ উৰ্ত্তীণ হোৱাৰ পাছতো সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত দুবাৰকৈ উৰ্ত্তীণ হ'ব পাৰে। ভাৱিলেই কিবা আচৰিত যেন লগা নহয়নে কথাতো? কিন্তু যাৰ মনত দুৰ্বাৰ হেপাঁহ আৰু অদম্য সাহস থাকে তেনে লোকৰ বাবেই এনে আচৰিত যেন লগা কামো হৈ পৰে বাস্তৱ।
তেওঁৰ নাম জুনেইদ আহমেদ। দশম শ্ৰেণীত ৬০শতাংশ আৰু দ্বাদশ শ্ৰেণীত ৪১শতাংশ নম্বৰ লৈ উৰ্ত্তীণ হৈছিল উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ জুনেইদ। আই এ এছ জুনেইদৰ সফলতাৰ কাহিনী শেহতীয়াকৈ সৰ্বত্ৰে বিয়পি পৰিছে। স্কুলীয়া জীৱনৰে পৰা পঢ়াৰ ক্ষেত্ৰত মধ্যমীয়া ছাত্ৰ জুনেইদে দেখি আহিছিল এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন।
কিন্তু পাঠ্যপুথি কেন্দ্ৰিক পৰীক্ষা বোৰত জুনেইদৰ নম্বৰ দেখি বহুতে এয়া তেওঁৰ এক অলীক কল্পনা বুলিয়েই ভাৱিছিল। বহু সময়ত তেওঁৰ সপোনক লৈ হাঁহিয়াতৰ পাত্ৰও হৈছিল। কিন্তু সপোনৰ পিছ এৰা নাছিল জুনেইদে। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত বৰ বিশেষ সফলতা লাভ কৰিব নোৱাৰা জুনেইদে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।
তাতেই লাহে লাহে সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল জুনেইদে। ইলেক্টনিছ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতে ২০১৪চনত প্ৰথমবাৰৰ বাবে ইউ পি এছ চি পৰীক্ষাত বহিছিল জুনেইদ। কিন্তু ভৱা ধৰণে পৰীক্ষা দিব নোৱাৰিলে জুনেইদে। এই পৰীক্ষাত জুনেইদ বিফল হল।
তাৰ পিছতে জুনেইদে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৱাসত থাকি ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ লৈছিল। কিছু প্ৰস্তুতি চলাই পুনৰ ইউ পি এছ চিৰ পৰীক্ষাত বহিল তেওঁ। এনেকৈ প্ৰায় দুবাৰ বিফল হ'ল জুনেইদ। কিন্তু হাৰ মনা নাছিল তেওঁ। বিফলতাই যেন জুনেইদৰ লক্ষ্য আৰু অধিক সুদৃঢ়হে কৰিলে।
৩বাৰকৈ বিফল হোৱাৰ পাছত পঢ়াৰ সকলো ধৰণ আৰু কৌশল সলনি কৰিলে জুনেইদে। পূৰ্বৰ সকলো পাঠ্যক্ৰম একাষৰীয়া কৰি এন চি আৰ ই টিৰ কিছু কিতাপ আৰু গৱেষণা পত্ৰ অধ্যয়ন কৰিবলৈ ল'লে তেওঁ। অৱশেষত ২০১৭চনত চতুৰ্থটো প্ৰচেষ্টাত জুনেইদে আজুৰি আনিলে সফলতা।
২০১৭চনৰ ইউ পি এছ চিৰ পৰীক্ষাত ৩৫২ৰেংক লাভ কৰি ভাৰতীয় ৰাজহ সেৱাত চাকৰি লাভ কৰে তেওঁ। কিছুদিন সেই চাকৰি কৰাৰ পাছতে জুনেইদে পুনৰ দিলে পৰীক্ষা। এইবাৰ সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত তৃতীয় ৰেংক লাভ কৰি IAS হয় জুনেইদ আহমেদ। এইবাৰহে যেন জুনেইদৰ লক্ষ্যই আচঁল প্ৰাপ্তি লাভ কৰিলে।
HSত ৪১শতাংশ নম্বৰ লৈ আই এ এছ অফিচাৰ হোৱাৰ সপোন দেখা জুনেইদক ঠাট্টা কৰাসকলক তেওঁ কামেৰে দিলে প্ৰত্যুত্তৰ। এয়া মাথোঁ এটা উদাহৰণ। এনে বহু ব্যক্তি আপোনাৰ/মোৰ চিনাকি, যি পৰীক্ষাত ফেইল বা ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলেও আজি তেওঁলোক সফল।
আনুষ্ঠানিক শিক্ষাই জীৱনৰ সকলোখিনি নিৰ্ধাৰণ নকৰে। সকলোৰে ভিন্ন প্ৰতিভা আছে, নিজক প্ৰথমে চিনি আগবাঢ়ক। বিফলতাক সফলতালৈ কেনেদৰে ৰূপান্তৰ কৰিব পাৰি সেইকথা চিন্তা কৰক। নিজৰ ভিতৰৰ প্ৰতিভাখিনি বহিঃপ্ৰকাশ কৰি সঠিকভাৱে কাম লগাই একাগ্ৰতাৰে আগবাঢ়িলেই সফলতা নিশ্চিত। এটা কথা সদায়েই মনত ৰাখক- বিফলতা আপোনাৰ জীৱনৰ সাফল্যৰ দুৱাৰমুখো হ'ব পাৰে!