/asomiyapratidin/media/media_files/2025/03/19/cmOJQRSd4cDN2J4xmyPF.png)
ডিজিটেল ডেস্ক : স্পাইছজেটৰ যাত্ৰী পৰিবহণ সেৱাৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে দেশৰ বিভিন্ন বিমান বন্দৰত উক্ত বিমান সেৱাৰ যাত্ৰীসকল হাৰাহাস্তিৰ সন্মুখীন হোৱাটো এক নিয়মত পৰিণত হৈছে। এই বাতৰি লিখাৰ সময়তো দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৭ বাজি ১৫ মিনিটত গুৱাহাটী অভিমুখে যাত্ৰা কৰিবলগীয়া বৃহৎ সংখ্যক যাত্ৰী চৰম অনিশ্চিয়তাৰে বহি থাকিবলগীয়া হোৱাত তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/media_files/2025/03/19/sVukT2UkJiUoCw1Rqlcd.jpg)
দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ১নং টাৰ্মিনেলৰ পৰা উৰা মাৰিব লগা এই বিমানখনৰ নিৰ্ধাৰিত সময় আছিল ৭ বাজি ১৫ মিনিটত। কিন্তু ৮ বজালৈকে অপেক্ষা কৰি থকা যাত্ৰীসকলক স্পাইছজেটৰ এগৰাকী বিষয়াই কাৰিকৰী অসুবিধাৰ বাবে বিমানখনে ৮ বাজি ৩০ মিনিটত উৰা মাৰিব বুলি জানিবলৈ দিয়ে যদিও ৮-৩০ বজাতো লাউঞ্জত বহি থকা যাত্ৰীসকলক বিমানত উঠিবলৈ দিয়া হোৱা নাই।
ভোকে- পিয়াহে অপেক্ষা কৰি থকা যাত্ৰীসকল এই লৈ প্ৰচণ্ড ক্ষোভিত হোৱাত উচ্চ পৰ্যায়ৰ বিষয়াসকল কৌশলেৰে আঁতৰি গৈ নিৰাপত্তাৰক্ষী আৰু নিম্ন পৰ্যায়ৰ কৰ্মীক পৰিস্থিতি চম্ভালিবলৈ এৰি দিয়ে। নিৰাপত্তা বেষ্টনীৰ মাজত যোৱা এই কৰ্মচাৰীসকলে শেহতীয়াকৈ বিমানখন ৯-৩০ বজাতহে উৰা মাৰিব বুলি জনোৱাত প্ৰচণ্ড ক্ষোভত ফাটি পৰা যাত্ৰীসকলে এনে দায়িত্বহীন কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, যাত্ৰীসকলৰ মাজত দিল্লীত চিকিৎসা কৰা ৰোগী, শিশু আৰু বিশেষভাৱে সক্ষম ৰোগীও আছে।