ভোটাৰে দেখিছে নেকি ভূত !

ভোটাৰে দেখিছে নেকি ভূত !
ভোটাৰে দেখিছে নেকি ভূত !

অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিল। আৰু মাত্ৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ বাকী আছে। এতিয়ালৈকে দেশৰ মুঠ লোকসভা আসনৰ ভিতৰত ৪২৭ খন আসনৰে ভোটগ্ৰহণ সম্পন্ন হৈ গৈছে। বাকী আছে আৰু দুটা পৰ্যায়ত ১১৫ খন আসনৰ ভোটগ্ৰহণ। অহা ২৫ মে' আৰু ১ জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ক্ৰমে ৫৮ আৰু ৫৭ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

নিৰ্বাচন শেষ হ'বলৈ মাজত মাত্ৰ ১০ টা দিন বাকী থকা অৱস্থাত এতিয়া মনলৈ এক প্ৰশ্ন আহিছে। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে পৰিচিত ভাৰতত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সাধাৰণ মানুহৰ মোহভংগ হৈছে নেকি? দেশৰ নিৰ্বাচনী ব্যৱস্থাই ভোটাৰক আকৰ্ষণ কৰিব পৰা নাই নেকি? গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ বুলি অভিহিত কৰা নিৰ্বাচনী উৎসৱকলৈ আগ্ৰহ নাই নেকি জনতাৰ?

এই প্ৰশ্ন মনলৈ অহাৰ কেইবাটাও কাৰণ আছে। এইবাৰ ইতিমধ্যে ভোটগ্ৰহণ সম্পন্ন হৈ যোৱা ৫ টা পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ ভোটদানৰ হাৰ যিসকলে ভালকৈ লক্ষ্য কৰিছে তেওঁলোকে নিশ্চয় মন কৰিছে সামগ্ৰিকভাৱে পূৰ্বৰ তুলনাত ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ সমান্তৰাল কৈ কেইবাখনো ৰাজ্যত চিন্তনীয়ভাৱে হ্ৰাস পাইছে ভোটদানৰ হাৰ।

আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৮ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ মাত্ৰ ৪৯.১৫ শতাংশ। ৰাজ্যখনত এইবাৰ মুঠ ৫ টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই পাঁচোটা পৰ্যায়তে ভোটগ্ৰহণৰ হাৰ অতি নিম্ন পৰ্যায়ৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনত মুঠ ৫ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। এই ৫ টা সমষ্টি মিলাই ভোটদানৰ হাৰ আছিল ৬৩.৭১ শতাংশ। বিহাৰত আকৌ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ আছিল মাত্ৰ ৪৯.২৬ শতাংশ।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আন্দামান আৰু নিকোবৰ, মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ আছিল ৬৫ শতাংশৰো তলত। একেদৰে মিজোৰাম, নাগালেণ্ড, ৰাজস্থান আৰু উত্তৰাখণ্ডত ভোটদানৰ হাৰ ৫০ৰ ঘৰত তথা ৬০ শতাংশৰো তলত।

প্ৰথম পৰ্যায়ৰ দৰেই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণতো একেই অৱস্থা। বিহাৰত ৫৯.৪৫ শতাংশ, মধ্যপ্ৰদেশত ৫৮.৫৯ শতাংশ, উত্তৰ প্ৰদেশত ৫৫.১৯ শতাংশ ভোটদান হৈছে। মহাৰাষ্ট্ৰ, ৰাজস্থানত ভোটদানৰ হাৰ ৬৫ শতাংশৰো তলত।

তৃতীয় পৰ্যায়তো ১১ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত বিহাৰত মাত্ৰ ৫৯.১৫ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৫৫ শতাংশ ভোটদান হৈছে। সেইদৰে মহাৰাষ্ট্ৰত ৬৩.৫৫ শতাংশ,মধ্যপ্ৰদেশত ৬৬.৭৫ শতাংশ, গুজৰাটত ৬০.১৩ শতাংশ ভোটদান হৈছে।

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণতো একেই অৱস্থা। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জম্মু কাশ্মীৰত এই পৰ্যায়ত ভোটগ্ৰহণ হোৱা শ্ৰীনগৰ সমষ্টিত মাত্ৰ ৩৮.৪৯ শতাংশ ভোটদান হ'ল।

উত্তৰ প্ৰদেশত ৫৮.২২ শতাংশ, বিহাৰত ৫৮.২১ শতাংশ ভোটদান হৈছে। মহাৰাষ্ট্ৰত ভোটদানৰ হাৰে স্পৰ্শ নকৰিলে ৬৫ শতাংশ। তেলেংগানাত ভোটদান হ'ল ৬৫.৬৭ শতাংশ। ঝাৰখণ্ডত আকৌ ৬৬.০১ শতাংশহে ভোটদান হ'ল।

আজি পঞ্চম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৰাজ্যসমূহৰ ভিতৰত বিহাৰত ৫২.৯৩ শতাংশ, জম্মু কাশ্মীৰত ৫৫.০৯ শতাংশ, ঝাৰখণ্ডত ৬৩ শতাংশ, লাডাখত ৬৭.১৫ শতাংশ, মহাৰাষ্ট্ৰত ৪৯.১৫ শতাংশ, উৰিষ্যাত ৬০.৮৭ শতাংশ,উত্তৰ প্ৰদেশত ৫৭.৭৯ শতাংশ ভোটদান হোৱাৰ বিপৰীতে পশ্চিমবংগত ৭৩ শতংশ ভোটদান হৈছে। এই সংখ্যা অৱশ্যে পৰৱৰ্তী সময়ত কিছু সলনি হ'ব। কিন্তু বহু বেছি যে সলনি নহয় সেয়া নিশ্চিত।

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সৈতে যদি আমি তুলনা কৰি চাওঁ তেন্তে ২০১৯ ৰ তুলনাত প্ৰথম পৰ্যায়ত ৩.৪৪ শতাংশ, দ্বিতীয় পৰ্যায়ত ২.৭৪ শতাংশ, তৃতীয় পৰ্যায়ত ২.৭২ শতাংশ আৰু পঞ্চম পৰ্যায়ত ৬.৬৪ শতংশ কমকৈ ভোটদান হৈছে। কেৱল চতুৰ্থ পৰ্যায়তহে ২০১৯ ৰ তুলনাতকৈ ৩.৬৬ শতাংশ অধিক ভোটদান হৈছে।

এতিয়া প্ৰশ্ন হয় এইদৰে ৰাজ্যভেদে ভোটদানৰ হাৰ কিয় হ্ৰাস পাইছে? এবছৰতকৈও অধিক সময় জ্বলি থকা, শান্তিৰ বতাহ নবলা মণিপুৰতো ভোটদানৰ হাৰে ৮৫ শতাংশৰো অতিক্ৰম কৰিছে। তাৰ পাছতো কিয় মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ঝাৰখণ্ড, তেলেংগানা, মধ্যপ্ৰদেশ, গুজৰাট আদিৰে দৰে ৰাজ্যত ভোটদানৰ হাৰে ৬০ অথবা ৭০ শতাংশৰো ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে?

এয়া আচলতে কিহৰ ইংগিত? ভোটাধিকাৰ এক গণতান্ত্ৰিক, সাংবিধানিক অধিকাৰ। এই অধিকাৰৰ জৰিয়তেই দেশৰ জনতাই নিজৰ মত দিব পাৰে। কাক শাসনলৈ আনিব অথবা কাক ক্ষমতাৰ পৰা আঁতৰাব সেই ক্ষমতা নিৰ্বাচনৰ জৰিয়তেই জনতাই লাভ কৰিছে। একোজন ভোটাৰে একোটাকৈ ভোট দি সেই সিদ্ধান্ত ল'ব পাৰে।

চৰকাৰৰ প্ৰতি থকা ক্ষোভ অথবা কোনো এটা নিৰ্দিষ্ট দলৰ নীতি, জনসাধাৰণৰ হিতৰ বাবে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ক্ষমতালৈ অনাৰ ক্ষেত্ৰত ৫ বছৰৰ মূৰত অহা এই নিৰ্বাচনেই একমাত্ৰ অস্ত্ৰ। কিন্তু এই অস্ত্ৰপাতেই ব্যৱহাৰ কৰিব বিচৰা নাই ভোটাৰে।

ভোটদানৰ হাৰ হ্ৰাস পালে শাসক অথবা বিৰোধী কাৰ লাভ হ'ব, কাৰ লোকচান হ'ব সেয়া আলোচনাৰ বিষয় নহয়। যদি সেয়াও আলোচনাৰ বিষয় হয় তেন্তে তাতো বহু প্ৰশ্নৰ অৱকাশ থাকি যায়।

কিয় ভোট দিব অহা নাই ভোটাৰে? প্ৰচিলত ৰাজনীতিৰ প্ৰতি মোহভংগ? নে ভোটাৰে শাসক পক্ষৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰিছে? নে নিৰ্বাচিত চৰকাৰৰ সমূহৰ কথা আৰু কামৰ মাজত দেখা দিয়া প্ৰাৰ্থক্যৰ বাবেই ভোটাৰে ভোট দিবলৈ এৰিছে? এইবোৰ বিষয় আলোচনা কৰিব লাগিব।

নিৰ্বাচনী সভাত ৰাজনৈতিক নেতাই এতিয়া মন্দিৰ, মছজিদ, খাদ্যাভ্যাসৰ কথা কৈ ভোট বিচাৰিবলৈ আৰম্ভ কৰিছে। ধৰ্মীয় কথাবতৰাৰ বাহিৰে যেন এই দেশত আন কোনো সমস্যাই নাই। কেৱল ধৰ্মৰ ৰাজনীতিহে বাকী আছেগৈ।

মানুহে এইবোৰ কথা শুনি অশান্তি পাইছে। শাসক দলে নিজৰ দুটাকৈ কাৰ্যকালৰ সৈতে মুঠ ১০ বছৰীয়া কাৰ্যকালত যিবোৰ কৰিলে সেইবোৰ বিষয় লৈ যাব পাৰিব লাগিছিল জনতাৰ মাজলৈ। কিন্তু গৈছে এজন ব্যক্তিক প্ৰধানমন্ত্ৰী পাতিবলৈ ভোট বিচাৰি। সেই প্ৰধানমন্ত্ৰীয়ে আকৌ ৰাম মন্দিৰক সম্বল কৰিয়েই দেশৰ প্ৰান্তে প্ৰান্তে ভোট ভীক্ষা কৰিছে।

বিৰোধীয়েও জনতাৰ মনক বুজিব পৰা নাই। উপলব্ধি কৰিব পৰা নাই জনতাই আচলতে বিচাৰিছে কি? জনতাৰ মন, মগজুক অধ্যয়ন কৰিব নোৱাৰা বিৰোধীয়ে এনে কেতবোৰ বিষয় লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে যে সাধাৰণ ভোটাৰক এইবোৰে স্পৰ্শ কৰিব পৰা নাই।

শিক্ষিত তথা সচেতন ভোটাৰসকলেও তেওঁলোকৰ এইবোৰ কথাক বৰ এটা গুৰুত্ব দিয়া নাই। গৰিষ্ঠ সংখ্যক ভোটাৰৰ বাবে সংবিধান, গণতন্ত্ৰ একোটা শুনিবলৈ শুৱলা শব্দ হোৱাৰ বাহিৰে এই শব্দৰ গুৰুত্ব কিমান অপৰিসীম সেয়া বোধগম্য নহয়।

সাধাৰণ ভোটাৰক শাসক, বিৰোধী সকলোৱেই প্ৰতাৰণা কৰিছে। কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্ত কৰিবলৈ বিজেপিৰ প্ৰতিশ্ৰুতি যিসমূহ আছিল সেইসমূহ প্ৰতিশ্ৰুতি হয়তো এতিয়া প্ৰধানমন্ত্ৰীয়েও পাহৰিলে।

নিবনুৱাৰ সংস্থাপন, দুৰ্নীতি, দৰিদ্ৰতা মুক্ত ভাৰত, ক'লা ধন ঘূৰাই আনি বেংক একাউণ্টৰ জৰিয়তে ১৫ লাখকৈ দিয়া আদিবোৰ আছিল প্ৰতিশ্ৰুতি। সেইবোৰ এতিয়া অতীত।

ভোটাৰে সেই প্ৰতিশ্ৰুতিত মুগ্ধ হৈ ভোট দিছিল। তেওঁলোকৰ পৰা সেই প্ৰতিশ্ৰুতি পূৰণ হোৱাতো আশা কৰিছিল। সেই আশা ভংগ হ'ল। উন্নয়নৰ কথাৰে শাসনলৈ অহা বোৰে এতিয়া মন্দিৰত কোনে তলা লগাব, কোনে কি খাব, কি পিন্ধিব, কোনে ধৰ্ম ৰক্ষা কৰিব সেইবোৰত হে গুৰুত্ব দিয়া হ'ল।

কংগ্ৰেছৰ শাসন এতিয়াও পাহৰা নাই জনতাই। আন বিৰোধী দলৰ মাজতো ক্ষমতাক লৈ যি অৰিয়াঅৰি সেইবোৰৰ বাবেও জনতাৰ আস্থা আদায় কৰিব পৰা নাই। এনে পৰিস্থিতিত ভোটাৰে কাক ভোট দিব, কিয় ভোট দিব, ভোট দিলে হ'ব কি, কি পৰিবৰ্তন দেখিব এনে বহু প্ৰশ্নৰ মাজত নিজেই আৱদ্ধ হৈ পৰিছে।

সেয়ে হয়তো ভোট দিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। এয়া কিন্তু দেশ, দেশৰ সংবিধান, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে কোনো কাৰণতে শুভ লক্ষ্যণ নহয়। পৰিণাম যিয়েই নহওঁক ভোটাৰেও যাতে ভোট দিবলৈ আহে সেই সন্দৰ্ভত অধিক সজাগতা কৰিব লাগিব নিৰ্বাচন আয়োগে। দায়িত্ব তেওঁলোকৰ ওপৰত অধিক।

বিশেষকৈ মহাৰাষ্ট্ৰ, বিহাৰ আদিৰ দৰে যিবোৰ ৰাজ্যত ভোটদানৰ হাৰ ৫০ শতাংশৰো তলত সেই ৰাজ্যসমূহৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সেয়াও কিন্তু লক্ষ্যণীয়। কিয়নো ৫০ শতাংশৰো অধিক ভোটাৰে ভোটদান নকৰি এই নিৰ্বাচনক প্ৰত্যাখ্যান কৰিছে নেকি? যদি কৰিছে তেন্তে এই নিৰ্বাচনৰ পৰা কিহৰ আধাৰত একোজন প্ৰাৰ্থী নিৰ্বাচিত হ'ব সেয়াও বিশ্চাৰ্য বিষয়।

ভোটাৰে দেখিছে নেকি ভূত !
ডাইন'চৰৰ যুগৰো ২০ কোটি বছৰ পূৰ্বৰে এক জীৱই মানৱ স্বাস্থ্যক কৰি আহিছে সুৰক্ষিতঃ এতিয়া নিজেই বিপদাপন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in