
বৌদ্ধ বিহাৰ চাবলৈ গৈছিল মহিলাগৰাকী। কাষৰ ১৪/১৫ গৰাকীমান মহিলাই মিলি নাহৰকটীয়াত থকা বৌদ্ধবিহাৰত ফুৰিবলৈ গৈছিল। সেই খবৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিক শাখাৰ বিষয়ববীয়াই পাইছিল।
কিয় যাব বৌদ্ধ বিহাৰ চাবলৈ? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নোহোৱা আনসকল মহিলা গৈছে যাওঁক। চৰাইদেউ জিলাৰ সোণাৰিৰ ঘটনা আছিল এয়া। নিৰু গগৈ, ৰীতা গগৈ, বুলু গগৈ শংকৰ সংঘীয়া।
নামঘৰত তিনিওৰে বিচাৰ হ'ল। বিচাৰত স্বামীহীনা মহিলা বুলু গগৈয়ে স্বীকাৰ কৰিলে যে তেওঁ ফুৰিবলৈ বুলি যোৱাতো হয়। নাহৰকটীয়া বৌদ্ধ বিহাৰত তেওঁ চাকি দিয়া বা সেৱা লোৱা নাছিল।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে বিচাৰ কৰিলে। তেওঁক শুদ্ধিকৰণৰ কথা কোৱা হ'ল। নাম পাতিব লাগিব ঘৰত। তাৰ পাছত বিধৱা মহিলাগৰাকীয়ে নৱম শ্ৰেণীত পঢ়ি থকা পুত্ৰৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল'লে শংকৰ সংঘ তেওঁ এৰিব।
কাষৰ আন মানুহৰ পৰামৰ্শ ল'লে। বামুনীয়া পন্থীত বিশ্বাসী সমাজখনে তেওঁক ক'লে গোৱা-পাণ এজোৰ লৈ ৰাইজৰ আগত সেৱা এটি ল'লেই তেওঁক ৰাইজে তেওঁলোকৰ পন্থাত আদৰি ল'ব।
কেৱল এইটোৱেই ঘটনা নহয়। কিছু দিনৰ পূৰ্বে চৰ্চালৈ আহিছিল মৰিয়নিৰ ৪ টা পৰিয়াল। চকলং বিয়া খাবলৈ গৈছিল এই ৪ টা পৰিয়াল। যোৰহাটৰ নকছাৰিৰ এই পৰিয়াল কেইটাৰ বিৰুদ্ধে শংকৰদেৱ সংঘৰ লাহিং আঞ্চলিক শাখাই তেওঁলোকৰ সাংবিধানিক নীতি অনুসৰি শুদ্ধিকৰণ কৰাৰ পৰামৰ্শ দিলে।
২০২২ চনৰ একেটা মাহতে সংঘটিত এই দুটা ঘটনা। ২০২০ চনৰ এখন পত্ৰ। পত্ৰখন লিখিছিল সৰুল'ৰা বৰালৈ। কমলপুৰ শংৰদেৱ সংঘৰ প্ৰাথমিক শাখাৰ পৰা ২৬ জুন ২০২০ ত প্ৰাথমিকৰ সম্পাদক দিলীপ বৰা আৰু সভাপতি অমূল্য বৰাই স্বাক্ষৰ কৰি প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা হৈছিল যে, শ্ৰীমন্ত শংকৰদেৱ সংঘই নিষিদ্ধ কৰা পক্ষী পালন কৰা হেতুকে তেওঁলোকৰ সংঘ ত্যাগ কৰা সন্দৰ্ভত অৱগত কৰা হৈছে।পত্ৰখনত লিখিছিল, আপোনাৰ গৃহ ভাগিক প্ৰাথমিক শাখাৰ সহযোগৰ পৰা বিৰত কৰা হ'ল।
নাৰায়ণপুৰৰ আন এক ঘটনা। চৈধ্যকুণীয়া প্ৰাথমিক শাখাই প্ৰেৰণ কৰা এখন পত্ৰ। জতু হাজৰিকা নামৰ লোকজনলৈ লিখা এই পত্ৰত স্বাক্ষৰ কৰিছিল প্ৰাথমিকৰ সম্পাদক মহেশ্বৰ দত্ত আৰু সভাপতি কুষেশ্বৰ হাজৰিকাই।
৪/৫/২০২১ ত লোৱা প্ৰাথমিকৰ সিদ্ধান্ত অনুসৰি ব্ৰইলাৰ ফ্ৰাম খোলাৰ অপৰাধাত এই পৰিয়ালটোৰ সংগ ত্যাগ কৰাৰ কথা কোৱা হৈছিল। জিতু হাজৰিকা নামৰ লোকজনলৈ দিয়া এই পত্ৰকলৈও সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।
২০১৯ চনৰ ১২ মে'। বিশ্বনাথ জিলাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত অফৰাখাট প্ৰাথমিকৰ পৰা জনোৱা হৈছিল বলেন্দ্ৰ নাথক যে, গাহৰি পোহাৰ বাবে তেওঁলোকক প্ৰাথমিকৰ পৰা বিৰত ৰখা হৈছে। এই কথা জনোৱা পত্ৰখনত স্বাক্ষৰ কৰিছিল অপূৰ্ব বাৰিক আৰু খনিন্দ্ৰ কাকতিয়ে।
২০১৯ ৰ আগষ্টত যোৰহাটৰ লাহি বালিজানিয়াত এখন সভা হৈছিল। স্বগোত্ৰিয় এখন বিবাহক লৈ ভকতসকলৰ মাজত মত বিভাজন ঘটিছিল। লাহিঙৰ শুকানজনিয়াৰ প্ৰদিপ চুতীয়াই ৮০ ৰ দশকতে সম্বন্ধীয় এগৰাকী ভগ্নীক বিয়া পাতিছিল।
চাকৰি সূত্ৰে তেওঁ বাহিৰতে থাকিছিল। ঘৰলৈ ঘূৰি আহি শংকৰদেৱ সংঘৰ শুকানজনিয়া প্ৰাথমিকৰ সংগী হৈছিল। প্ৰাথমিকেও তেওঁক সংগী কৰি লৈছিল। কিন্তু সেই কথা মানি লোৱা নাছিল কিছু সংখ্যক লোকে।
এইয়া কেইটামান উদাহৰণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰাজ্যৰে এক বৃহৎ অনুষ্ঠান। এই ধাৰ্মিক অনুষ্ঠানটোৰ মজিয়াত সাম্যবাদ আৰু একশৰণ নামধৰ্মৰ চৰ্চা চলে। ইয়াত কোনো ভেদাভেদ নথকাৰ বাবেই ইয়াৰ প্ৰতি মানুহৰ আগ্ৰহ আন্তৰিকতা সদায় আছে।
তেনে এটা অনুষ্ঠানত যদি ওপৰত উল্লেখ কৰা ঘটনাবোৰৰ বাবেই ব্যৱস্থা গ্ৰহণ কৰা হয়, তেনেহ'লে নিসন্দেহে সেয়া ভাবিবলগীয়া। একেশ্বৰবাদ ভক্তি, ভেদাভেদ ভাবৰ বিৰোধী, মানৱীয় প্ৰমূল্য, গুৰুক পৰমেশ্বৰ, ধৰ্ম বস্তু প্ৰকাশৰ মাধ্যম, নৱ বৈষ্ণৱ ধৰ্মৰ মূল বৈশিষ্ট।
যি সময়ত দেৱ দেৱীৰ অৱস্থিতিয়ে ধৰ্মীয় সামাজিক জীৱনৰ বহুধা বিভক্ত কৰিছিল, এক বৈজ্ঞানিক সংস্কাৰবাদী ধৰ্মীয় চেতনাৰ প্ৰয়োজন আছিল তেতিয়াই শংকৰদেৱে গুৰু দায়িত্ব লৈ প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ বাদ শংকৰদেৱ সংঘৰ মূল আধাৰ।
অসমত ভক্তি ধৰ্মৰ নামত ন্যস্ত স্বাৰ্থসকলে বহু অপপ্ৰচাৰ চলাইছিল। সেয়েহে আজিৰ আধুনিক সমাজৰ প্ৰেক্ষাপটত গঠন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল আধাৰ আছিল গুৰুজনাৰ আদৰ্শ আৰু সৃষ্টিক মানুহৰ মাজলৈ, বিশ্বৰ দৰবাৰলৈ লৈ যোৱা।
প্ৰায় ৪০ লক্ষ্যৰো অধিক সদস্য থকা এই সংঘৰ আজিৰ এনে ঘটনাই গুৰুজনাৰ আদৰ্শক প্ৰকৃততে শিৰোধাৰ্য কৰি আগবাঢ়িব পাৰিছেনে? তৃণমূল পৰ্যায়ত অধিক গোড়ামীৰে গুৰুজনাৰ আদৰ্শকে পদাঘাট কৰা হোৱা নাই নে?
শংকৰদেৱে সদায়েই কৰ্মত প্ৰথমে গুৰুত্ব দিছিল। তাৰ পাছত হে তেওঁ ধৰ্মৰ কথা কৈছিল। কেৱল বিয়া, ব্ৰইলাৰ ফ্ৰাম খোলা, বৌদ্ধ বিহাৰ চাবলৈ যোৱা, নোযাৱা আদি বিষয়বোৰত লাগি থাকিলে শংকৰদেৱৰ আদৰ্শ আৰু বাণী সঁচা অৰ্থত জানো মানুহৰ মাজত প্ৰচাৰ হ'ব?
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ নেতৃত্ব দিয়াসকলে সংবিধানৰ কথা দোহাই দি এই বিষয়বোৰ এৰাই চলিব পাৰিবনে? সংবিধানৰ ক'ত লিখা আছে কোনোবাই পৰ্যটকৰ দৰে বুদ্ধ বিহাৰ বা মন্দিৰলৈ যাব নোৱাৰিব বুলি? যদি তৃণমূলৰ এই প্ৰাথমিকে এনে সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব আছে তেনেহলে তাক পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন নাই নে?
শংকৰদেৱে ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰিছিল। তেওঁ বেদ, উপনিষদ, হিন্দু ধৰ্মৰ বিৰোধিতা কৰা নাছিল। সেই উদাৰতা শ্ৰীমন্ত শংকৰদেৱ সংঘই দেখুৱাব নোৱাৰিলে এনে সমালোচনা হৈয়েই থাকিব।
প্ৰাথমিক বা আঞ্চলিক শাখাই কেনেকৈ নিজৰ মতে নিয়ম বনাব? সেই বিধৱা মহিলাগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এৰিবলৈ বাধ্য হোৱা ঘটনাটোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ পদাধিকাৰ বা বিষয়ববীয়া সকলে সৰু ঘটনা বুলি ল'লে নহ'ব।
আত্ম সংস্থাপনৰ বাবে কোনোবাই ব্ৰইলাৰ বা গাহৰিৰ ফাৰ্ম খুলিব নোৱাৰে বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোন পৃষ্ঠাত লিখা আছে? আত্ম সংস্থাপনৰ বাবে যদি নিবনুৱাৰ কিবা এটা কৰাৰ অধিকাৰেই নাই, তেনেহলে তেনে ধৰ্মৰ বা সংঘৰ প্ৰয়োজন ক'ত?
মাজুলীতো এসময়ত সত্ৰাধিকাৰসকলৰ এনে বহু ভুলৰ বাবে খ্ৰীষ্টান ধৰ্মই খোপনি পুতিবলৈ সক্ষম হৈছিল। সেই ভুল অন্তত শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিব নালাগে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন সমূহত তেনে গাহৰি বা আন কৃষি কৰ্মৰে জড়িত লোক নাহে নেকি?
বিশিষ্ট অতিথি হৈ অহা বহু লোকেই দিনে ৰাতিয়ে পূজা কৰে। তেওঁলোককতো সংঘই আতিথ্য দিয়ে । এনে অলিখিত নিয়মো আছে, সংঘৰ মানুহ নহ'লে বিয়া, সবাহত আগদিনাখনেই গৈ মাত লগাই আহে।
আন পন্থাৰ লোকৰ ভোজ-ভাত নাখাই। নিজ ভাতৃ, কন্যা আত্মীয় স্বজনৰ মাজতেই এনে হৈ আহিছে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াৰ ঘৰৰ বিয়াতেই আমিষ ভোজনৰ ব্যৱস্থা কৰাৰ উদাহৰণ আছে।
নগাঁৱত তেনে হোৱা নাছিল নে? শ্ৰীমন্ত শংৰদেৱ সংঘৰ সমালোচনা কৰাৰ আমাৰ ধৃষ্টতা নাই। সংঘৰ বাপ-আইসকলৰ বিনম্ৰতা, সত্ৰীয়া সংস্কৃতিৰ চৰ্চা, পৰিশিলীত আধ্যাত্মিকতাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে।
সেই বুলি আনৰবোৰ সদায় বেয়া বা অস্পৃশ্য সেই প্ৰবণতা স্বীকাৰ কৰি ল'ব নোৱাৰি। অৱশ্যে এইটো ঠিক যে, এনেবোৰ অপৰাধ বা সংবিধান ভংগ কাম কৰাৰ বাবে তেওঁলোক সংগ এৰে। এয়া বিনম্ৰ ভাষাৰে কোৱা কথা বা সিদ্ধান্ত।
বিপৰীত দৃষ্টিৰে চালে সেয়া জানো বহিষ্কাৰ সদৃশেই নহয় ! হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত বহিষ্কাৰ শব্দ নাই। একেদৰে নাই, আনৰ ধৰ্মক ঘৃণা কৰাৰ কথাও নাই। তেনেহ'লে চকলং বিবাহ খাবলৈ যোৱা মানুহবোৰ কেনেকৈ অধৰ্মী হ'ল?
আহোমসকলৰ এই চকলং প্ৰথাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাংশই তেওঁলোকতকৈ নিম্ন বুলি তুচ্চ তাচ্ছিল্য কৰাৰ অৱকাশ পালে? চকলং প্ৰথাৰে পতা বিয়া খাবলৈ যোৱা পৰিয়ালক অশুচি গণ্য কৰাতোৱে কি সূচাই?