শান্ত এছিয়াৰ দক্ষিণ-পূৱ প্ৰান্ত ! ড্ৰাগছ, অবৈধ অস্ত্ৰৰ সৰবৰাহৰো হওক অন্ত...

শান্ত এছিয়াৰ দক্ষিণ-পূৱ প্ৰান্ত ! ড্ৰাগছ, অবৈধ অস্ত্ৰৰ সৰবৰাহৰো হওক অন্ত...

- জয়দীপ নাৰায়ণ দেব

সন্ত্ৰাস, ৰাজনৈতিক, অৰ্থনৈতিক অস্থিৰতাৰে জৰ্জৰিত এক ভূ-খণ্ড । কোনো এঠাইত যদি আগন্তুক যুদ্ধৰ প্ৰস্তুতি, আন কোনোবা এঠাইত আকৌ সাৰ্বভৌম হোৱাৰ বিদ্ৰোহ । এঠাইত যদি বিফল ৰাজনীতিয়ে উদং কৰিছে দেশৰ অৰ্থনীতি আন এঠাইত ড্ৰাগছৰ আগ্ৰাসনে ধ্বংস কৰিছে যুৱ প্ৰজন্মক ।

এয়াই আছিল এসময়ৰ দক্ষিণ-পূব এছিয়াৰ চিনাকী। যেন এক প্ৰচণ্ড সম্ভাৱনাময় যুৱক পৰিস্থিতিৰ কৰাল গ্ৰাসত শূণ্য হোৱাৰ পথত । কিন্তু চিৰদিনৰ বাবে জানো থাকিব পাৰে এই পৰিচয় ?

কেৱল এটা দাগে যেতিয়া এজন লোকৰ অস্তিত্ব নিৰ্মূল কৰিব নোৱাৰে তেন্তে প্ৰায় ৬৮৫ কোটি লোকৰ অস্তিত্বৰ সংকট নিশ্চয়কৈ নিৰ্ধাৰণ কৰিব নোৱাৰে এই দাগে । ইয়াৰ পাছৰখিনি কেৱল ইতিহাস ।

এই ইতিহাসৰ সৈতে জড়িত এই অঞ্চলৰ দেশসমূহ । পাকিস্তান, শ্ৰীলংকা অথবা ম্যানমাৰেই নহয়, ভাৰততো অনুৰূপ পৰিস্থিতি । আটাইকেইখন দেশ উপৰোক্ত সকলো কেইটা সমস্যাৰে ভাৰাক্ৰান্ত ।

এসময়ত গৃহযুদ্ধই চাৰখাৰ কৰা শ্ৰীলংকাৰ কোঙা অৰ্থনীতি। সন্ত্ৰাসে জুৰুলা কৰি যোৱা পাকিস্তানটো নানান সমস্যা। সকলোৰে উৰ্ধত ভাৰত। ইতিমধ্যে ভাৰত সাক্ষী হৈছে এই এই সকলো পৰিস্থিতিৰ।

কি গৃহযুদ্ধ, কি অৰ্থনীতি, কি সন্ত্ৰাস, কি ড্ৰাগছ ! যেন সামগ্ৰিক অস্থিৰতাৰ ক্ষেত্ৰতো অনৈক্যৰ মাজত ঐক্যতা । কিন্তু ক্ৰমাৎ সুস্থ হৈছে দক্ষিণ-পূৱ এছিয়া । হ্ৰাস পাইছে পূৰ্বৰ উশৃংখলতা ।

অভিজ্ঞ কূটনীতি, কঠোৰ নিৰাপত্তা আৰু উন্নত ৰাজনীতিৰ বাবে বিগত দুটা দশকত পূৰ্বতকৈ এক সুস্থিৰ বাতাবৰণ ভাৰত তথা দক্ষিণ-পূৱ এছিয়াত । ভাৰতে বিংশ শতিকাতেই অভিজ্ঞতা লাভ কৰিছিল চুবুৰীয়া ৰাষ্ট্ৰৰ আগ্ৰাসন আৰু যুদ্ধৰ।

অভিজ্ঞতা আহৰণ কৰিছিল ৰাজনৈতিক জৰুৰীকালীন অৱস্থা আৰু অৰ্থনৈতিক সংকটৰ । ইয়াৰ ওপৰিও সেই শতিকাটোৰেই অন্তিম দুটা দশকত দেশৰ উত্তৰ-পূৱ সীমান্তত বৃদ্ধি পাইছিল স্বাধীন তথা সাৰ্বভৌম সুকীয়া ৰাষ্ট্ৰৰ দাবী।

সমান্তৰালকৈয়ে জন্ম হৈছিল বহু কেইটা নিষিদ্ধ ঘোষিত সংগঠনৰ। উত্তৰ পূৰ্বাঞ্চলত প্ৰতিনিয়ত শুনা গৈছিল অস্ত্ৰৰ ঝণঝণনি। অসমত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা, নাগালেণ্ডত মুইভাৰ নেতৃত্বত ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদ অথবা এন এছ চি এন আছিল অন্যতম।

ৰাষ্ট্ৰই উত্তৰ-পূৰ্বাঞ্চলক আওকাণ কৰাৰ অভিযোগেৰে স্বাধীন ৰাষ্ট্ৰৰ দাবী তুলিছিল এই দুয়োটা সংগঠনে । কিন্তু এই সংগঠন সমূহৰ ভিতৰত থকা কিছু সুবিধাবাদীয়ে উগ্ৰ জাতীয়তাবাদৰ পৃষ্ঠপোষকতাত সাৰ্বভৌমত্বৰ দাবীৰে আৰম্ভ হোৱা সশস্ত্ৰ সংগ্ৰামক লক্ষ্য ভ্ৰষ্ট কৰিলে।

সশস্ত্ৰ সংগ্ৰাম হৈ পৰে ধন ঘটাৰ এক সহজ উপায় । সংগঠনৰ নামত নিৰীহ ৰাইজক ভীতিগ্ৰস্ত কৰি এফালৰ পৰা সংগ্ৰহ কৰি গ'ল ধন । সংগঠনৰ বৰমূৰীয়া তথা প্ৰকৃত উদ্দেশ্যৰ পৰা এওঁলোক বহু যোজন আঁতৰত ।

অব্যাহত থাকিল এই গদ্দলিকা প্ৰৱাহ । সংগ্ৰাম হৈ পৰিল এক ৰমৰমীয়া ব্যৱসায় ।এই সংগঠনসমূহৰ দাবীৰ গ্ৰহণযোগ্যতাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হ'ব পাৰে। কোনোবাই সমৰ্থন অথবা আন কোনোবাই বিৰোধিতা কৰিব পাৰে।

কিন্তু সংগঠনৰ নামত নিৰীহক পণবন্দী কৰি অবৈধ ধন আৰ্জন কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। যোৱা এটা দশকত সশস্ত্ৰ সংগ্ৰামৰ বাবেই গৰম হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ বহু পৰিমাণে নৰম হ'ল।

সময়ৰ সোঁতত অসমতো সৃষ্টি হ'ল ৰাজনৈতিক পট পৰিৱৰ্তনৰ। যি পৰিৱৰ্তনে চুই গ'ল আলফাৰ দৰে সংগঠনক। আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত শান্তি আলোচনাত বহা গোটৰ সৈতে নিয়মমাফিক আলোচনা কেন্দ্ৰই চলাই থকাৰ বিপৰীতে সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনাত বহাৰ কথা বিভিন্নজনে কৈ আহিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো পূৰ্বে পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আমন্ত্ৰণ কৰি শেহতীয়াকৈ পৰেশ বৰুৱাৰ সৈতে আলোচনা সম্ভৱ নহয় বুলি মন্তব্য কৰিছে। এন ডি এফ বিৰ দৰে অসমৰ অন্যান্য সশস্ত্ৰ সংগঠন সমূহৰ সৈতে শান্তি আলোচনাত কেন্দ্ৰই যি গুৰুত্ব আৰু প্ৰাধান্য দিছিল বা কে এল অ'ৰ সৈতে শান্তি আলোচনাৰ বাবে পথ মুকলি কৰিছে তেনে গুৰুত্ব অথবা প্ৰাধান্য আলফাৰ ক্ষেত্ৰত প্ৰত্যক্ষ হোৱা নাই।

ইয়াৰ বিপৰীতে কেন্দ্ৰৰ এতিয়া মূল দৃষ্টি নিৱদ্ধ আছে এন এছ চি এনত । এসময়ত মুইভাৰ সন্ত্ৰাসত কেৱল নাগালেণ্ডেই নহয়, কপি উঠিছিল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল।

নাগালিমৰ দাবীৰে আৰম্ভ হোৱা এই প্ৰতিবাদৰ মূল লক্ষ্য আছিল নাগালেণ্ডৰ খিলঞ্জীয়া আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ নগা লোকসকলক সাঙুৰি এক সাৰ্বভৌম ৰাষ্ট্ৰ সৃষ্টিৰ । যি দাবীত এতিয়াও অলৰ অচৰ এন এছ চি এন।

ইয়াৰ ওপৰিও প্ৰায় ৪০টা তকৈও অধিক নিষিদ্ধ ঘোষিত সংগঠনে এসময়ত উত্তাল কৰিছিল উত্তৰ-পূৱ ভাৰতৰ সামগ্ৰিক পৰিৱেশ । এইয়া কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ হে দৃশ্য। সমগ্ৰ ভাৰতত ঠায়ে ঠায়ে এই দৃশ্য সূলভ ।

ইতিমধ্যেই শ্ৰীলংকাৰ পৰিস্থিতৰ সৈতে পৰিচিত হৈছে সমগ্ৰ বিশ্ব । কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতাৰ বাবেই অৰ্থনৈতিক ভাৱে ধ্বংস হৈ গ'ল সমগ্ৰ দেশখন । গৃহযুদ্ধৰ সূচনা হ'ল ৰাষ্ট্ৰখনত ।

জনতাৰ ৰোষত পৰাৰ ভয়ত দেশ ত্যাগ কৰিলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে । এই শ্ৰীলংকাতো এসময়ত আছিল সন্ত্ৰাসবাদীৰ তাণ্ডৱ । ভেলূপিল্লাই প্ৰভাকৰণৰ নেতৃত্বত এল টি টি ই নামৰ সংগঠনটিয়ে কেৱল শ্ৰীলংকাতেই নহয় বৰং ভাৰততো সৃষ্টি কৰিছিল ত্ৰাসৰ । হত্যা কৰিছিল পূৰ্বৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক।

অনুৰূপ অৱস্থা পাকিস্তানতো । সন্ত্ৰাসবাদৰ উপৰিও দুৰ্বল অৰ্থনীতিয়ে কোঙা কৰি থৈছে দেশখনক । অতিশীঘ্ৰেই হয়তো বিশ্বৰ সন্মুখত সহায়ৰ বাবে আহ্বান জনাবলৈ বাধ্য হ'ব দেশখনে । আগন্তুক তিনি সপ্তাহৰ ভিতৰত শেষ হ'ব সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক বুলি চিহ্নীত হোৱা ৰাষ্ট্ৰখনৰ ৰাজকোষৰ ধন ।

কিন্তু এই সকলোৰে মাজত থকা সুখবৰটো হৈছে দক্ষিণ পূব এছিয়া বৰ্তমান সামগ্ৰিক ভাৱে শান্ত । ম্যানমাৰৰ গৃহযুদ্ধ, শ্ৰীলংকা, পাকিস্তানৰ অৰ্থনৈতিক বিপৰ্যয়ৰ পিছতো এই অঞ্চলটোত বিৰাজ কৰিছে পূৰ্বৰ তুলনাত শান্তিৰ পৰিৱেশ। হ্ৰাস হৈছে সন্ত্ৰাসবাদৰ বিভীষিকা।

নিষিদ্ধ ঘোষিত সংগঠন সমূহেও শেহতীয়াকৈ জনজীৱনৰ স্বাৰ্থতেই হওক অথবা ৰাজনৈতিক কাৰণতেই হওক চৰকাৰৰ সৈতে আলোচনাত বহাৰ বাবে আগ্ৰহ কৰিছে। ভাৰতৰ ক্ষেত্ৰত সশস্ত্ৰ সংগ্ৰামেৰে উত্তপ্ত হৈ থকা উত্তৰ পূৰ্বাঞ্চলত শেহতীয়াকৈ বহু সৰু সৰু সংগঠনে শান্তি আলোচনাৰে জংঘলৰ পৰা আহি মূল সুঁতিৰ সৈতে চামিল হৈছে।

শেহতীয়াকৈ শান্তি আলোচনাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে মুইভাৰ এন এছ চি এনে । অতি শীঘ্ৰেই হয়তো সংগঠনটোৰ শীৰ্ষ নেতাসকল কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলিত হ'ব ত্ৰিপাক্ষিক বৈঠকত ।

এই বৈঠকত চৰকাৰ আৰু সংগঠনৰ প্ৰতিনিধিৰ উপৰিও উপস্থিত থাকিব এক নিৰপেক্ষ প্ৰতিনিধি ।একেই কল্পনা জল্পনা চলিছে আলফাক লৈও । বিগত দুটা দশকৰ ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাৰ পাছত সংগঠনটিয়ে সম্ভৱত জাতীয় জনজীৱনৰ স্বাৰ্থত ক্ষান্ত হৈছে ।

অৱশ্যে নিৰীহ জনতাক হাৰাশাস্তি কৰাত অন্যতম আছিল ধন ঘটাৰ লোভত সংগঠনটিলৈ গমন কৰাসকলহে । উল্লেখ্য যে, ক্ৰমাৎ শান্ত হৈ অহা পৰিস্থিতিৰ সুযোগ লৈছে আকৌ আন একাংশ দুৰ্বৃত্তইহে ।

ম্যানমাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চল হৈ সমগ্ৰ দেশতেই সৰবৰাহ কৰা হৈছে ড্ৰাগছ আৰু আন নিচাযুক্ত দ্ৰব্যৰ । কৰা হৈছে মাৰণাস্ত্ৰৰ সৰবৰাহ । এই সমস্যা এতিয়া শান্ত হৈ উঠা সমগ্ৰ দক্ষিণ পূৱ এছিয়াৰ বাবেই হৈ পৰিছে আন এক গুৰুতৰ সমস্যা।

নিতৌ বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ হৈ আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰে । মাৰণাস্ত্ৰৰ অবৈধ সৰবৰাহ হৈছে বিভিন্ন অপৰাধমূলক কাৰ্যৰ বাবে ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে, সশস্ত্ৰ সংগ্ৰামৰ অচিলাৰে একাংশই এতিয়া আকৌ ড্ৰাগছ, অবৈধ অস্ত্ৰৰ বেপাৰ আৰম্ভ কৰিছে নেকি? উত্তৰ পূৰ্বাঞ্চলক কৰিডৰ হিচাপে লৈ ম্যানমাৰ, থাইলেণ্ড আদিৰ পৰা ভাৰত তথা দক্ষিণ পূৱ এছিয়াৰ আন আন দেশলৈ একাংশ বিদ্ৰোহীয়ে ড্ৰাগছ সৰবৰাহ কৰিছে নেকি?

অসম তথা উত্তৰ পূৰ্বাঞ্চলত দৈনিক জব্দ হোৱা ড্ৰাগছ সৰবৰাহৰ আঁৰত আছে নেকি উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটসমূহ? ম্যানমাৰক ঘাটি হিচাপে ব্যৱহাৰ কৰি উত্তৰ পূৰ্বাঞ্চলৰ সশস্ত্ৰ বিদ্ৰোহ চলাই থকা এই সংগঠন সমূহৰ সহায়ৰ অবিহনে যে এই অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা সম্ভৱ নহয় সেয়া সহজেই অনুমেয়।

আন একাংশৰ সন্দেহ আকৌ ড্ৰাগছৰ এই বৈধ সৰবৰাহত বিদ্ৰোহীৰ দৰেই হাত উজান দিছে একাংশ প্ৰশাসনীক বিষয়াও। বিশেষকৈ ৰে'লৰ জৰিয়তে অবৈধ ড্ৰাগছ, চুপাৰী আদিৰ সৰবৰাহৰ সংখ্যা বৃদ্ধি পোৱাত এই প্ৰশ্ন অধিক প্ৰাসংগিক হৈ পৰিছে। উচ্চ পদস্থ বিষয়াৰ সহায়ৰ অবিহনে কিদৰে ৰে'লৰ দবাত এইদৰে অবৈধ সামগ্ৰী ভৰাই প্ৰেৰণ কৰিব পাৰে?

সামগ্ৰিক ভাৱে দক্ষিণ পূৱ এছিয়াত অবৈধ অস্ত্ৰৰ ঝণঝণনি হ্ৰাস পালেও ধীৰে ধীৰে বাঢ়ি অহা ড্ৰাগছৰ সমস্যাই এতিয়া আন এক প্ৰশ্নৰ অৱতাৰণা কৰিছে। বাহ্যিকভাৱে শান্ত হোৱাৰ এক পৰিৱেশ গঢ়ি তুলি ড্ৰাগছ, অবৈধ অস্ত্ৰৰ সৰবৰাহৰ এক পৰিৱেশ একাংশ অৰ্থলোভী প্ৰশাসনিক বিষয়াৰ সহযোগত কৌশলপূৰ্ণ ভাৱে গঢ়ি তুলিছে নেকি বিদ্ৰোহী গোট সমূহে?

দশক দশক ধৰি অশান্ত হৈ থকা এই অঞ্চলটোত শান্ত পৰিৱেশ সকলোৰে কাম্য । অশান্ত ৰাজনীতি, সমাজনীতি আৰু অৰ্থনীতিয়ে বিস্তৰ ক্ষতি সাধন কৰে এখন সমাজৰ। তাৰ ওপৰত আকৌ বিদ্ৰোহীৰ সন্ত্ৰাসে সমাজক ধ্বংসৰ দিশলৈ ঠেলি দিয়ে।

বাহ্যিক ভাৱে শান্ত হৈ পৰা, অস্ত্ৰৰ ঝণঝণনি হ্ৰাস হোৱা এই অঞ্চলটোত ভৱিষ্যতে উভতি নাহক তেনে দিন। কিন্তু তাৰ অৰ্থ এইটো নিশ্চয়কৈ নহয় যে, লুকাই চুৰকৈ চলি থকা ড্ৰাগছ আৰু মাৰণাস্ত্ৰৰ বেহা আৰু অধিক প্ৰসাৰ হওক। প্ৰকৃতাৰ্থত শান্ত হৈ উঠক উত্তৰ পূৰ্বাঞ্চল। শান্ত হৈ থাকক এছিয়াৰ দক্ষিণ, পূৱ অঞ্চল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in