ঢকুৱাখনালৈ এয়া বাট নে গাত? নৰহৰ অৱস্থা হ’ব দলেৰ !

গোগামুখৰ পৰা ঘিলামৰালৈ এই প্ৰায় ২১ কিলোমিটাৰ পথৰ অৱস্থা নাই। বাটৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাত। লোক নিৰ্মাণ বিভাগৰ লোকসকলে সেইবোৰ মেৰামতি কৰাও লক্ষ্য কৰা নাই স্থানীয় লোকে। 

author-image
Tushar Pratim
New Update
ঢকুৱাখনালৈ এয়া বাট নে গাত? নৰহৰ অৱস্থা হ’ব দলেৰ !

মৃদুল কুমাৰ সন্দিকৈ

ভদ্ৰ লোকৰ বাসস্থান আৰু শিক্ষা তথা আতিথ্যৰ প্ৰতি বিশেষ সুনাম আছে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ। সেই সুনামত সুৱগা চৰাইছিল কেইবাজনো ঢকুৱাখনাৰ সুসন্তানে। 

Advertisment

কাজিৰঙাৰ নাম উল্লেখ কৰিলেই ইতিহাসে সগৌৰৱে সোঁৱৰণ কৰা মিহিৰ চন্দ্ৰ মিৰি আছিল ঢকুৱাখনাৰে সুসন্তান। চন্দ্ৰশেখৰ দাসৰ দৰে স্বাধীনতা সংগ্ৰামৰ অন্যতম সেনানী তথা সমাজ সংস্কাৰকৰ জন্মস্থানো এই ঢকুৱাখনাতে। 

প্ৰখ্যাত গদ্য শিল্পী তথা অসমীয়া সাহিত্যৰ অন্যতম ভোটা তৰা হোমেন বৰগোঁহাঞিৰ জন্মস্থান ঢকুৱাখনা। পাপৰি কবি গণেশ গগৈৰ সৈতেও উচ্চাৰিত হয় ঢকুৱাখনাৰ নাম। 

বিশিষ্ট নাট্যকাৰ ড০ চন্দ্ৰধৰ চমুৱা, বিশিষ্ট শিক্ষাবিদ সতীশ গগৈ, অমিয় সন্দিকৈ, তোষেশ্বৰ চেতিয়া, কবি, শিক্ষাবিদ শিৱ গগৈ আদিৰ নাম উল্লেখ কৰিব পাৰি ঢকুৱাখনাৰ প্ৰসংগত। ফাট বিহু আৰু চাৰিকড়ীয়া নদীৰ বাবেও বিখ্যাত ঢকুৱাখনা। 

বিজতৰীয়া বীজ ফাট বিহুত সোমালেও সেই অনুষ্ঠানটোৰ প্ৰতি অসমৰ ৰাইজৰ আগ্ৰহ এতিয়াও কমা নাই। হোমেন বৰগোহাঞিৰ লেখাত চাৰিকড়ীয়া নৈৰ বৰ্ণনা, জন্মস্থান বালিগাঁৱৰ কথা পঢ়ি পঢ়ি বহু পাঠকৰ বাবে এতিয়া এইবোৰ অতিকৈ চিনাকী। 

ঢকুৱাখনা ধনে-জনে সমৃদ্ধশালী ঠাই হ’লেও সমস্যাৰ কিন্তু অন্ত নাই। এটা সময়ত মাতমৰাৰ মথাউৰিয়ে ঢকুৱাখনাক বাৰুকৈয়ে জ্বলাকলা খোৱাইছিল। জিঅ’বেগৰ মথাউৰি নিৰ্মাণৰ পিছত সেই সমস্যা সমাধান হ’ল যদিও আন কিছু সমস্যা থাকি গ’ল।   

গুৱাহাটীতেই সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত এজন ব্যক্তিয়ে নিশা প্ৰায় ৮ বজাত এটা ফোন কৰিলে। তেওঁ বহুদিনৰ মূৰত ঘৰলৈ গৈ এখন নৈশ বাছেৰে উভতি আহোঁতে কৰা এই ফোন কলটোৰ মূল কথাখিনি আছিল ঢকুৱাখনাৰ বৰ্তমানৰ পথটো।

তেখেতে দিয়া বৰ্ণনা মতে এখন নাইট ছুপাৰৰ যাত্ৰী হৈ আহি থাকোতেওঁ তেওঁ অনুভৱ কৰিছে এইটো বৰ্তমানৰ সমজিলা ঢকুৱাখনালৈ যোৱা পথ নে কোনোবা পথাৰলৈ গৰু অনা নিয়া কৰা বাট। পথটো হেনো এনেদৰে নষ্ট হৈ গৈছে যে, মানুহে গাড়ী চলাবলৈ ৰাষ্টাই বিচাৰি নাপায়। 

ব্যক্তিগৰাকীয়ে কোৱা সেই কথা কেইটাৰ আঁত ধৰি ঢকুৱাখনা-গোগামুখৰ এই পথৰ খবৰ লওঁতে তাৰ স্থানীয় লোকে কলে এই কথা একেবাৰে মিছা নহয়। ৰাজ্যত বাট-পথৰ উন্নয়ন হোৱা বুলি আমি আস্বস্ত যোৱাৰ সময়ত এই পথছোৱাৰে দৈনিক অহা-যোৱা কৰা মানুহবোৰে যোৱা ডেৰ বছৰ ধৰি নৰক যান্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। 

গোগামুখৰ পৰা ঘিলামৰালৈ এই প্ৰায় ২১ কিলোমিটাৰ পথৰ অৱস্থা নাই। বাটৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাত। লোক নিৰ্মাণ বিভাগৰ লোকসকলে সেইবোৰ মেৰামতি কৰাও লক্ষ্য কৰা নাই স্থানীয় লোকে। 

বিশেষকৈ ধেমাজি ৰাজ্যিক লোক নিৰ্মাণ (পথ) ৰ অধীনস্থ ১২ কিলোমিটাৰ পথৰ কথা কবই নালাগে। পকী পথটোৰ বৰদৈ, চুতীয়াকাৰি, নাহৰবাৰী, লতাক আদি অঞ্চলসমূহৰ পথ ভাঙি গৈছে। এই পথেৰেই মানুহে যোগাযোগ ৰক্ষা কৰিবলগীয়া হয়। 

ঢকুৱাখনাৰ পৰা এই ভগা-ছিগা পথটোৱেই সংকটজনক ৰোগীক অনা-নিয়া কৰিব লাগে। পথ ভাগি শেষ হৈ যোৱাৰ পিছতো লোক-নিৰ্মাণ বিভাগে এই ৰাজ্যিক ঘাইপথৰ ওপৰত এটা কামেই কৰা পৰিলক্ষিত হৈছে সেয়া হ’ল য’তে ত’তে অপৰিকল্পিতভাৱে স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰিছে। 

এই পথটো দেখিলে সেই অঞ্চলটোত যে এজন জনপ্ৰতিনিধি আছে, পথবোৰ চোৱাচিতা কৰিবলৈ যে এটা লোকনিৰ্মাণ বিভাগ আছে সেই কথা ভাবিবলৈ টান লাগিব। ইয়াৰ পূৰ্বেও ঢকুৱাখনাৰ পথৰ অৱস্থা অতি বেয়া আছিল। 

সেয়া ২০১০ চন মানৰ কথা। ঢকুৱাখনাৰ পৰা লখিমপুৰলৈ অহাযোৱা কৰাটো এটা ভীষণ প্ৰত্যাহ্বান বুলি মানুহে গ্ৰহণ কৰিছিল। পথটোৰ সন্দৰ্ভত আমাৰ অসমত তেতিয়া মুখ্য সম্পাদকৰ দায়িত্বত থকা হোমেন বৰগোহাঞিয়ে জনপ্ৰতিনিধি আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এটা দীঘল লেখা লিখিবলগীয়া হৈছিল। 

সেই সময়ত ঢকুৱাখনাৰ বিধায়ক তথা মন্ত্ৰী আছিল ভৰত নৰহ। লখিমপুৰৰ সাংসদ আছিল ৰাণী নৰহ। নিৰ্বাচনত এই দুৰ্দশাগ্ৰস্ত পথটোৰ বাবেই ৰাণী নৰহ আৰু ভৰত নৰহ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল বুলিও মানুহে আলোচনা কৰিছিল। 

২০১৪ চনত তেতিয়া কংগ্ৰেছ চৰকাৰৰ চকু মেল খাইছিল। তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গোগামুখৰ পৰা ঘিলামৰা হৈ ঢকুৱাখনালৈ যোৱা ৩৮ কিলোমিটাৰ পথ ৰাজ্যিক ঘাইপথলৈ উন্নীত কৰি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। 

তাৰ পিছত কেইবছৰমান মানুহে এটা ভাল পথত অহাযোৱা কৰাৰ সুযোগ পালে যদিও নিয়মিতভাৱে এই পথটো মেৰামতি নকৰাত এতিয়া আকৌ সেই পূৰ্বৰ অৱস্থা এই পথছোৱাত। 

পথছোৱাত অবাধ গতিত চলে ডাম্পাৰ। যানবাহনৰ সংখ্যাও বহু বৃদ্ধি পাইছে বৰ্তমান। মাজুলীত নিৰ্মাণ হৈ থকা ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলঙৰ বাবে ডাম্পাৰে বহু নিৰ্মাণ সামগ্ৰী এই পথেৰে অনা-নিয়া কৰে। 

মানুহৰ মাজত প্ৰশ্ন শাসকীয় পক্ষৰ এজন বিধায়ক থকাৰ পিছতো কিয় এই অৱস্থা হ’বলৈ পাইছে ঢকুৱাখনাৰ সংযোগী পথছোৱাত? এনেও নিষ্কৰ্মা বিধায়ক হিচাপেই নাম আছে ঢকুৱাখনাৰ বৰ্তমানৰ বিধায়কগৰাকীৰ। 

দুটা কাৰ্যকাল বিধায়ক আৰু এটা কাৰ্যকালত মন্ত্ৰী হিচাপে আছিল নৱ কুমাৰ দলে। কিন্তু এই স্থানীয় বিধায়কজনে ঢকুৱাখনাৰ বাবে কিবা এটা কৰা চকুত নপৰে।

ঢকুৱাখনাৰ চিকিৎসালয়খনৰ অৱস্থা কি হৈ আছে সেয়াও আন এক বিষয়। বিলাসী গাড়ীৰে ঢকুৱাখনালৈ অহাযোৱা কৰিলে তেওঁ নিশ্চয় থেকেচা খাই এই পথছোৱাত। কিন্তু গাত কথা লগা নাই বিধায়কগৰাকীৰ। 

এইকনো তেওঁৰ ক্ষমতা নাই যে, লোক নিৰ্মাণ বিভাগৰ বিষয়াক এই পথছোৱাৰ গাতবোৰত দুটামান শিল পেলাবলৈ ক’বলৈ। শাসকীয় তথা বিৰোধীৰ আন বিধায়কসকলে নিজ নিজ সমষ্টিৰ বাট-পথ চকুত লগাকৈ উন্নত কৰিছে। নৱ কুমাৰ দলে এই ক্ষেত্ৰত চূড়ান্ত বিফল। 

সন্মুখত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। বহু বিজেপি বিধায়কে টিকট পাব নে নাপাই তাক লৈ কাউণ্ট ডাউন আৰম্ভ হৈছে। সেই তালিকাত স্বাভাৱিকতে থাকিব লাগে নৱ কুমাৰ দলেৰ নাম। দলে টিকট দিলেও ভৰত, ৰাণী নৰহৰ দৰেই অৱস্থা হ’ব পাৰে বিধায়কজনৰ। 

তাৰ কাৰণ হ’ব এই ঢকুৱাখনা গোগামুখ সংযোগী পথটো। পূৰ্বতকৈ অধিক বেয়া আৰু বিধ্বস্ত হৈ পৰিছে পথছোৱা। বিধায়ক নৱ কুমাৰ দলেৰ গাত এতিয়াও লগা নাই কথা। এটা পথেই যদি নিৰ্মাণ কৰিব পৰাকৈ চৰকাৰক হেঁচা দিব পৰা ক্ষমতা নাই তেনে তেওঁ কিহৰ ঢকুৱাখনাৰ ৰজা?

ঢকুৱাখনা গোগামুখ নৱ কুমাৰ দলে