বিকশিত অসম ! ঋণ ল'ব নে সম্পত্তি বিক্ৰী কৰিব ?

বিকশিত অসম ! ঋণ ল'ব নে সম্পত্তি বিক্ৰী কৰিব ?

author-image
Asomiya Pratidin
New Update
বিকশিত অসম ! ঋণ ল'ব নে সম্পত্তি বিক্ৰী কৰিব ?

বিকশিত অসম ! ঋণ ল'ব নে সম্পত্তি বিক্ৰী কৰিব ?

তুষাৰ প্ৰতিম

Advertisment

১ লাখ ৩০ কোটিৰো অধিক ঋণৰ বোজা ! তাৰ মাজতে জিলাই জিলাই উন্নয়নৰ চমক লগা প্ৰকল্পৰ আধাৰশিলা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১৫ হাজাৰা কোটিৰ প্ৰকল্পৰ আধাৰশিলা আৰু তাৰ মাজতে অৰুণোদয় ২.০ ৰ অধীনত বিলাব টকা।

ৰাজ্য চৰকাৰেশ শেহতীয়াকৈ গ্ৰহণ কৰিছে 'বিকাশৰ এটা পষেক' কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত প্ৰথম পৰ্যায়ত ১১ খন জিলাক সামৰি লোৱা হৈছে। সেই অনুসৰি ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে এই কৰ্মসূচী। ১৯ ডিচেম্বৰত অন্ত পৰিব প্ৰথম পৰ্যায়ৰ কৰ্মসূচী।

অৰুণোদয় ২.০ আঁচনিয়ে নতুনকৈ সামৰি লৈছে ১০.৫৪ লাখ হিতাধিকাৰী। ইয়াৰ লগে লগে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাইছে ২৭ লাখলৈ। অৰুণোদয় ২.০ ৰ হিতাধিকাৰীয়ে প্ৰতি মাহে লাভ কৰিব ১২৫০ টকাকৈ। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে বাৰ্ষিক ব্যয় কৰিব ৪ হাজাৰ ১৪২ কোটি টকা।

ইফালে ৫ ডিচেম্বৰত বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল বিকাশৰ এটা পষেক কৰ্মসূচীৰ শুভাৰম্ভণি। জিলাখনত মুঠ ৬৯৩.২৯ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰা হৈছে। তাৰ ভিতৰত আছে বঙাইগাওঁ চিকিৎসা মহাবিদ্যালয়, বঙাইগাওঁ ৱাকিং জ'ন, ৱাকিং জ'নতেই মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি আদি।

৬ ডিচেম্বৰত এই কৰ্মসূচী ৰূপায়ণ কৰা হয় নলবাৰী জিলাত। জিলাখনত গৱেষণা মহাবিদ্যালয়, উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, তাৰকাগৃহ, সমন্বিত উপায়ুক্ত কাৰ্যালয় আদিৰ শিলান্যাস কৰা হয়। ইয়াৰ বাবে মুঠ ধন নিৰ্ধাৰণ কৰা হৈছে ৬৮০ কোটি টকা।

ঠিক একেদৰে ৭ ডিচেম্বৰত তামুলপুৰ জিলাত৯৬১.৭৬৫ কোটি, ৮ ডিচেম্বৰত মৰিগাওঁ জিলাত ৯১০ কোটি, ৯ ডিচেম্বৰত গোলাঘাট জিলাত ১৫৭৫.৩৯ কোটি, ১০ ডিচেম্বৰত বিশ্বনাথ জিলাত ৪২৫.৭৫ কোটি টকা, ১১ ডিচেম্বৰত মাজুলী জিলাত ৮৯৪.৫৫ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা বিকাশৰ এটা পষেকৰ কৰ্মসূচীৰ শিলান্যাস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১২, ১৩ আৰু ১৪ ডিচেম্বৰৰ পিছত ১৫ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে যোৰহাটত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত বিকাশৰ এটা পষেকৰ উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে। জিলাখনত বিভিন্ন উন্নয়নমূলক কামৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব মুঠ ৮৫৩ কোটি টকা।

বিকাশৰ এটা পষেক কৰ্মসূচীৰ অধীনত নিৰ্ধাৰণ কতৰা ১১ খন জিলাৰ কৰ্মসূচীৰ ভিতৰত এই পৰ্যন্ত মুঠ ৮ খন জিলাত ইয়াক শুভাৰম্ভ কৰা হৈছে। পৰৱৰ্তী ১৯ ডিচেম্বৰ পৰ্যন্ত বাকী থকা ৩ খন জিলাতো এই কৰ্মসূচী ৰূপায়ণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ কৰ্মসূচী অন্ত পৰাৰ পিছত দ্বিতীয় পৰ্যায়ৰ কৰ্মসূচী ৰাজ্য চৰকাৰে জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত দিন কেইটাত বিকাশৰ এটা পষেক কৰ্মসূচীৰ অধীনত যিসমূহ উন্নয়নমূলক কৰ্মৰ শিলান্যাস কৰিলে সেই প্ৰকল্পলমূহক লৈ আশাবীদ ৰাজ্যক সৰ্বসাধাৰণ জনতা। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ তথা উন্নয়নমূলক কাম-কাজে স্বাভাৱিকতে ৰাইজৰ মাজত আনন্দৰ জোৱাৰ সৃষ্টি কৰিছে।

ৰাজ্য চৰকাৰে পৰিকল্পনা অনুসৰিয়েই জিলাই জিলাই নিৰ্মাণ কৰিবলৈ লোৱা সমন্বিত উপায়ুক্ত কাৰ্যালয় তথা অন্যান্য প্ৰকল্পই যে সৰ্বসাধাৰণক বিভিন্ন প্ৰকাৰে সহায় কৰিব সেয়া নিশ্চিত। যদিহে এই প্ৰকল্পসমূহ ৰাজ্য চৰকাৰে কোৱা মতেই হৈ উঠে তেনে সেয়া হ'ব অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপ।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই উন্নয়নমূলক কৰ্মসূচীয়ে যিদৰে সৰ্বসাধাৰণক আনন্দিত কৰিছে ঠিক তেনেদৰেই ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই কৰ্মসূচীক লৈ চিন্তিতও হৈ পৰিছে বিভিন্ন শ্ৰেণীৰ লোক।

বিকাশৰ এটা পষেকৰ প্ৰথম পৰ্যায়ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ১৫ হাজাৰ কোটি টকা। ১১ খন জিলাত এই ধন ব্যয় কৰিব চৰকাৰে। দ্বিতীয় পৰ্যায়ত অনুৰূপ ধৰণে ধন ব্যয় কৰি বাকীথকা জিলা কেইখনক সামৰি ল'ব।

কিন্তু ইয়াৰ বাবে টকা আহিব ক'ৰ পৰা? ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত ব্যয় কৰিবলৈ লোৱা ১৫ হাজাৰ কোটি টকা ক'ৰ পৰা লৈছে? কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে পুঁজি আবণ্টন দিছে নেকি? নে অসম চৰকাৰে ইয়াৰ বাবে বিশ্ববেংক বা আন প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰিছে?

এই বিষয়ে কোনো স্পষ্ট কথা ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নাই। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই ধনক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ নীতি আয়োগে প্ৰকাশ কৰা প্ৰতিবেদনত অসমৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা স্পষ্ট হৈছে।

দেশৰ দুখীয়া ৰাজ্যৰ তালিকাত অসম আছে পঞ্চম স্থানত। অসমৰ অৰ্থনৈতিক অৱস্থা আজিৰ তাৰিখত কিমান শক্তিশালী নীতি আয়োগৰ প্ৰতিবদনতে স্পষ্ট হৈছে। এই পৰ্যন্ত অসম চৰকাৰে ১ লাখ ৩০ কোটিৰো অধিক ঋণৰ বোজা বহন কৰি আছে।

সুদৰ নামতেই প্ৰতি মাহে অসম চৰকাৰে ৮ হাজাৰ কোটিৰো অধিক ধন আদায় দিবলগীয়া হৈছে। ধনৰ অভাৱৰ বাবেই লোক নিৰ্মাণ, জলসিঞ্চন আদি বিভাগৰ ঠিকাদাৰে লাভ কৰা নাই ধন পাবলগীয়া ধন। শিক্ষা বিভাগেও আৰ্থিক জুৰুলা অৱস্থাৰ কথা স্বীকাৰ কৰিছে। বিভাগে শেহতীয়াকৈ ৮০০০ শিক্ষকৰ পদ নোহোৱা কৰিলে।

এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে বিকাশৰ বাবে এটা পষেক কৰ্মসূচীৰ জৰিয়তে যি উন্নয়নমূলক প্ৰকল্পৰ কাম হাতত লৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চৰ্চা চলিছে কেৱল চমক সৃষ্টিৰ বাবেই এই পদক্ষেপ লৈছে নেকি ৰাজ্যচৰকাৰে ?

আনহাতে সন্মুখত আছে লোকসভাৰ নিৰ্বাচন। নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈকে এনেদৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এনে চমক লগা পদক্ষে? ঋণৰ বোজাত ডুবি থকা ৰাজ্য চৰকাৰে এই উন্নয়নমূলক প্ৰকল্পৰ বাবেই আৰু অধিক ঋণ লৈ ৰাজ্যবাসীক নিত্য নতুন কৰৰ বোজা জাপি দিব নেকি তাক লৈও চিন্তিত সৰ্বসাধাৰণ।

সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে, যিহেতু এই প্ৰকল্পৰ বাবে এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে কোনো ধন আবণ্টন দিয়া নাই, গতিকে প্ৰকল্প ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰে বিক্ৰী কৰিব নেকি সম্পত্তি ?

ইতিমধ্যে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ ভাঙি-চিঙি কেজিৰ হিচাপত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। পৰিচালনাৰ অসুবিধা আৰু লোকচানৰ কথা দোহাৰি বিক্ৰী কৰিছে অসম চাহ নিগমৰ অধীনৰ চাহ বাগান।এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়াই পোৱা নাযাব। অৱশ্যে কিছু দিন অপেক্ষা কৰিলেই এই সকলো কথা স্পষ্ট হ'ব।

ক্লিক কৰি পঢ়কঃ ৫ বছৰীয়া কন্যাক হত্যা আৰু ধৰ্ষণ কৰিবলৈ ছুপাৰী কিলাৰৰ হাতত তুলি দিলে পিতৃয়ে...

অসম বিকাশৰ বাবে এটা পষেক