/asomiyapratidin/media/media_files/2025/07/19/bikhekh-lekha-new-5-2025-07-19-19-23-52.jpg)
তুষাৰ প্ৰতিম
শেহতীয়াকৈ ৰাজ্যত খৰাঙে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজি শাওনৰ ২ তাৰিখ। এই সময়খিনি ভৰ বাৰিষাৰ সময়। এই সময়ছোৱা ৰাজ্যৰ কৃষি পথাৰত ব্যস্ততাৰে পৰিপূৰ্ণ হোৱাৰ সময়।
কৃষকে সাজু কৰা বোকা মাটিৰ পথাৰত ৰোৱনীয়ে কলাফুল উলিয়াই ভূঁইৰুৱাৰ সময় এয়া। কিন্তু ভৰ বাৰিষাৰ অসমৰ কৃষি পথাৰৰ এই দৃশ্য এতিয়া অসমত দেখিবলৈ নাই। বোকা মাটিৰ পথাৰৰ পৰিবৰ্তে এতিয়া কেৱল পথাৰত দেখা গৈছে চিৰাল ফাট।
একাংশ কৃষকে পথাৰত ভূঁইৰুলে যদিও পানীৰ অভাৱত এতিয়া সেই খেতি পথাৰত মেলা চিৰাল ফাটৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে কৃষক সমাজে বিজ্ঞানৰ জয়জয়কাৰ এই অৱস্থাৰ সময়তো ভেকুলীৰ বিয়া পাতি আকাশলৈ মূৰ তুলি চাই থাকিবলগীয়া হৈছে।
এনে পৰিস্থিতিত আজি ৰাজ্যৰ সৰ্বত্ৰে সদৌ অসম ছাত্ৰ সন্থাই জলসিঞ্চন বিভাগ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো বিভিন্ন জিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে।
এই দুয়োটা সংগঠনৰ মূলতঃ দাবী হৈছে ৰাজ্যৰ কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু অন্নদাতা কৃষকক এই খৰাং পৰিস্থিতিত ক্ষতিপূৰণ প্ৰদান কৰা। কৃষকক ক্ষতিপূৰণ দিয়াৰ এই দাবী চৰকাৰে মানি ল’লেও এয়া কৃষকৰ সাময়িক সকাহৰ বাহিৰে একো নহয়।
কৃষকৰ এই সমস্যা কেৱল এই বছৰ সন্মুখীন হোৱা সমস্যা নহয়। বিগত বহু বছৰ ধৰি ৰাজ্যৰ কৃষকে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে পৰ্যাপ্ত জলসিঞ্চন ব্যৱস্থা নোহোৱাত এনে সমস্যাৰ সন্মুখীন হৈ আহিছে।
কিন্তু এই সমস্যা সমাধানৰ বাবে কোনোৱেই বিশেষ গুৰুত্ব প্ৰদান কৰা নাই। ফলশ্ৰুতিত ৰাজ্যৰ কৃষকসকলে প্ৰতিবাৰেই বতৰৰ ওপৰতে নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া হৈছে।
মন কৰিবলগীয়া যে, অসমৰ সৰ্বমুঠ খেতি কৰা মাটিৰ পৰিমাণ ৩৮.৮৮ লাখ হেক্টৰ। ইয়াৰ ভিতৰত জল সিঞ্চন বিভাগৰ আঁচনিয়ে মাত্ৰ ১১.০৩ লাখ হেক্টৰ কৃষি ভূমিহে জলসিঞ্চনৰ আওতালৈ আনিবলৈ সক্ষম হৈছে।
ইয়াৰে আকৌ মাত্ৰ ৫.৫০ লাখ হেক্টৰ কৃষিভূমিতহে জলসিঞ্চন বিভাগৰ আঁচনিৰ জড়িয়তে যোগান ধৰা পানীৰ সহায়ত কৃষকে খেতি কৰিব পৰা অৱস্থাত আছে বুলি ৰাজ্য অসম বিধানসভাত জলসিঞ্চন বিভাগে দিয়া তথ্যৰ জৰিয়তে জানিব পৰা গৈছে।
বৰ্তমান সময়ত ৰাজ্যত জলসিঞ্চন বিভাগৰ মুঠ ৩,৯১৩ খন প্ৰকল্প আঁচনি আছে যদিও ইয়াৰে ১,৫৮৫ খন আঁচনিয়েই অকামিলা হৈ আছে। ৰাজ্যত জলসিঞ্চন বিভাগৰ অধীনত আছে ৩৯৯৯ টা পানী যোগান প্ৰকল্প।
পিছে ইয়াৰ ভিতৰত ১৫০০ ৰো অধিক প্ৰকল্প কাৰ্যক্ষম অৱস্থাত নাই। অসম বিধানসভাতে উন্মোচিত হোৱা এই তথ্যই জলসিঞ্চন বিভাগৰ চৰম বিধ্বস্ত ৰূপতোকে উন্মোচিত কৰিছে।
কৃষি প্ৰধান ৰাজ্য অসম। কিন্তু কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে আজিও অসম চৰকাৰে তেনে কোনো কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কৃষি আন্তঃগাঁথনি বিকাশৰ বাবে নাই কোনো পৰিকল্পনা। নিয়মমাফিক কেতবোৰ আঁচনি ঘোষণা কৰিয়েই দায়িত্ব সামৰিছে ৰাজ্য চৰকাৰে।
ৰাজ্যত ১৯৭৪ চনতে গঠন কৰা হৈছিল জলসিঞ্চন বিভাগ। ৫০ বছৰ অতিক্ৰম কৰিলে যদিও এই বিভাগটো বগা হাতীলৈহে পৰিণত হৈছে। কিয়নো বিভাগটোৱে ৫০ বছৰৰো এই অধিক সময়ছোৱাত ৰাজ্যৰ ১০ শতাংশ কৃষি ভূমিতো পানী যোগানৰ ব্যৱস্থা কৰিব নোৱাৰিলে।
যাৰ বাবে ৰাজ্যৰ কৃষকে আজিও বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি কৃষি-কৰ্ম কৰিবলগীয়া অৱস্থাৰ সূচনা হৈছে। সংবাদ মাধ্যমৰ আগত ডাঙৰ ডাঙৰ কথা কোৱা জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কৃষকে সন্মুখীন হোৱা এই জটিল পৰিস্থিতিত এতিয়া মৌনতাহে অৱলম্বন কৰিছে।
নিতৌ ন ন গুৰুতৰ অভিযোগ উত্থাপন হোৱা এইগৰাকী মন্ত্ৰীয়ে মুখত বৰ বৰ কথা কলেও কাৰ্যত যে তেওঁৰ এই বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব নাই সেয়া তেওঁৰ কাৰ্যকলাপ আৰু আচৰণতে স্পষ্ট হয়। অসমৰ থলুৱা কৃষকৰ দুৰ্দশা যে অশোক সিংহল নামৰ এইগৰাকী পুঁজিপতি মন্ত্ৰীয়ে উপলব্ধি নকৰে সেয়া বুজিবলৈ কাৰো বাকী নাই।
তথ্য অনুসৰি বিগত বিত্তীয় বৰ্ষত জলসিঞ্চন বিভাগে ১২০০ কোটি টকা ব্যয় কৰিছে। কিন্তু এই ১২০০ কোটি টকা কাগজে-পত্ৰয়ে ব্যয় কৰা দেখালেও কৃষি ক্ষেত্ৰত তাৰ সুফল কিমান সেয়া আজিৰ এই অৱস্থাই প্ৰমাণ কৰিছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যোৱা সময়ছোৱাত খোদ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধেই একাধিক আঁচনিত দুৰ্নীতিৰো ৰাজহুৱা অভিযোগ উত্থাপন হৈছিল। মন কৰিবলগীয়া যে, বৰষুণৰ ওপৰতে অসমৰ কৃষক নিৰ্ভৰশীল যদিও এইবাৰ বতৰো কৃষকৰ সুবিধা অনুসৰি নিজৰ ৰূপ নেদেখুৱালে।
উত্তৰ অসম আৰু নামনি অসমৰ ১৫ খনতকৈ অধিক জিলাত এইবাৰ স্বাভাৱিক হাৰতকৈ বহু কম বৰষুণ হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰিয়েই যোৱা ডেৰ মাহত অসমত স্বাভাৱিক বৰষুণৰ পৰিমাণতকৈ ৩৯ শতাংশ বৰষুণ হ্ৰাস পাইছে।
সেই অনুসৰি বজালীত ৮৭ শতাংশ, বাক্সাত ৬৯ শতাংশ, বৰপেটাত ৭৪ শতাংশ, বঙাইগাঁৱ, চিৰাঙত ৬১ শতাংশ, দৰঙত ৭৯ শতাংশ, ধেমাজিত ৫৭ শতাংশ, ধুবুৰীত ৬৯ শতাংশ, কামৰূপ (গ্ৰাম্য) আৰু কামৰূপ মহানগৰ জিলাত ৬২ শতাংশ, ডিব্ৰুগড়ত ৩৯ শতাংশ বৰষুণ হ্ৰাস পাইছে।
এনে পৰিস্থিতিত এতিয়া ৰাজ্যৰ জলসিঞ্চন বিভাগে কৃষকসকলক উদ্ধাৰ কৰাৰ বাবে অতি জৰুৰী পদক্ষেপ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন। অট্টালিকা, ফ্লাই অভাৰ, দলং আদি নিৰ্মাণত অধিক গুৰুত্ব দিয়া চৰকাৰখনে কৃষি পথাৰতো সমানে গুৰুত্ব দিয়াৰ প্ৰয়োজন।
চৰকাৰী হিতাধিকাৰী আঁচনিয়ে গ্ৰাস কৰা ৰাজ্যত যিসকল কৃষকে এতিয়াও খেতি পথাৰলৈ যাবলৈ এৰা নাই তেওঁলোকক সকাহ দিয়াৰ বাবেই শীঘ্ৰেই কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থা কৰাটো জৰুৰী। অন্যথা খুব সোনকালেই যে ৰাজ্যৰ খেতি পথাৰসমূহ চৰণীয়া পথাৰলৈ ৰপান্তৰ নহ’ব, বহিৰাগতৰ হাতলৈ যে এইসমূহ কৃষি পথাৰ নাযাব তাৰ কোনো নিশ্চিয়তা নাথাকিব।