/asomiyapratidin/media/media_files/2025/07/16/dr-surajit-giri-2025-07-16-11-09-49.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
বহুদিনৰ পাছত এজন চিকিৎসকলৈ ফোন কৰিছিলো। চিকিৎসকজনে চাকৰি এৰাৰ সিদ্ধান্ত লোৱাৰ খবৰ পোৱাৰ পাছতেই আচৰিত হৈ তেখেতৰ সৈতে যোগাযোগ কৰা হৈছিল।
চাৰি বছৰ মানৰ পূৰ্বে এই চিকিৎসকগৰাকীৰ এটা সাক্ষাৎকাৰ 'অসমীয়া প্ৰতিদিন'ৰ বাবে লোৱা হৈছিল। সেই সূত্ৰেই তেখেতৰ সৈতে প্ৰত্যক্ষ চিনাকী যদিও এইগৰাকী চিকিৎসক অসমৰে নহয়, দেশৰে এজন পৰিচিত চিকিৎসক।
আন চিকিৎসকৰ সৈতে তেওঁৰ প্ৰধান পাৰ্থক্যটো হ’ল সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত তেখেত এজন অতি অভিজ্ঞ আৰু সফল বিশেষজ্ঞ। চিকিৎসা কৰাই নহয়, সৰ্প দংশনৰ পাছত কি ব্যৱস্থা ল’ব লাগে, কেনেদৰে ইয়াৰ চিকিৎসা কৰিব লাগে আদিৰ সন্দৰ্ভত তেখেতে এক জনমত গঠন কৰাতো সফল হৈছে।
অসমত এতিয়ালৈকে কেইবা সহস্ৰাধিক লোকৰ প্ৰাণ ৰক্ষা কৰিছে এই চিকিৎসকগৰাকীয়ে। সাধাৰণ মানুহ ইয়াৰ বাবে তেখেতৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকে। ডিমৌৰ দৰে এখন সৰু ঠাইত তেখেতে যোৱা ১৮ বছৰ ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে।
প্ৰয়োজনত তেওঁ সৰ্প দংশন কৰা আন ঠাইৰ ৰোগীকো চিকিৎসা সেৱা, পৰামৰ্শ প্ৰদান কৰে। দিন, ৰাতি বুলি তেওঁৰ কোনো কথা নাই। যেতিয়াই প্ৰয়োজন হয় তেখেতক ফোনত পোৱা যায়। অতি আন্তৰিকতাৰে মানৱ সেৱা কৰা এই চিকিৎসক জনৰ নাম ডাঃ সুৰজিৎ গিৰী।
তেখেতে জানিবলৈ দিয়া মতে ২০০৮ চনত তেওঁ ডিমৌ আদৰ্শ চিকিৎসালয়ত এন আৰ এইছ এমৰ অধীনত ঠিকা ভিত্তিক চিকিৎসক হিচাপে যোগদান কৰিছিল। এনাস্থেছিয়াৰ বিভাগৰ চিকিৎসক তেওঁ।
আজিও ঠিকা ভিত্তিক চিকিৎসকৰ চাকৰিয়েই তেওঁ কৰি আহিছে এই চিকিৎসালয়খনত। তেওঁক লৈ কোনো ৰোগীৰ কেতিয়াও অভিযোগ নাছিল। চিকিৎসালয়খনৰ উৰ্ধতম কৰ্তৃপক্ষই তেওঁক তেওঁৰ সুবিধা অনুযায়ী চিকিৎসা সেৱা প্ৰদান আৰু কৰ্তব্য সম্পাদন কৰিবলৈ দিছিল।
যোৱা ১১ জুলাইত তেওঁ কৰ্তব্যৰত অৱস্থাত থাকোতেই চিকিৎসালয়খনলৈ এগৰাকী দণ্ডাধীশ আহিল। দণ্ডাধীশগৰাকীয়ে চিকিৎসক সুৰজিৎ গিৰীক মতাই নিলে এটা কোঠালৈ। থিয় কৰাই ৰাখিয়েই তেওঁক সুধিলে- ‘কৰ্তব্য কিয় ভালদৰে সম্পাদন কৰা নাই?’
কথাতো শুনি তেওঁ আচৰিত হ’ল। সেই সময়ত উক্ত স্থানত থকা চিকিৎসালয়খনৰ অধীক্ষক চিকিৎসকগৰাকী তথা আন জ্যেষ্ঠ চিকিৎসা বিষয়াসকলে এবাৰো নকলে যে তেওঁ কৰ্তব্যৰ প্ৰতি কেতিয়াও অবহেলা কৰা নাই।
চিকিৎসা সেৱাকে ধৰ্ম বুলি গ্ৰহণ কৰা চিকিৎসক গিৰীয়ে কথাটোত বৰ আঘাত পালে। কোনো চিকিৎসালয়ত চিকিৎসকৰ ডিউটি লিষ্ট বনাবলৈ দণ্ডাধীশ অহাৰ উদাহৰণ নাই। কিন্তু সেই চিকিৎসালয়খনলৈ এনেদৰে দণ্ডাধীশ আহি তেওঁক কৰা এই ব্যৱহাৰত মৰ্মাহত হৈ চিকিৎসক ডাঃ গিৰীয়ে এটা সিদ্ধান্ত লৈ পেলালে।
চৰকাৰী নিয়ম অনুসৰি ঠিকভিত্তিক নিযুক্তি লাভ কৰা চিকিৎসকে অব্যাহতি ল’বলৈ এমাহৰ পূৰ্বে জাননী দি পদত্যাগ পত্ৰ দাখিল কৰিব লাগে। তেখেতেও সেয়াও কৰিলে। এই চিকিৎসালয়খনত তেওঁ ১১ আগষ্টলৈকে কৰ্তব্য পালন কৰিব।
কাৰ ষড়যন্ত্ৰৰ বলি হ’ল ডাঃ গিৰী? তেওঁৰ সফলতা, জনপ্ৰিয়তাই কাল হ’ল নেকি? কেৱল ডিমৌৰ এই চিকিৎসালয়খনতে তেখেতে ৩০৫০ জন সৰ্প দংশন কৰা ৰোগীক চিকিৎসা প্ৰদান কৰি জীৱন দান কৰিছে।
অসম জুৰি সেই সংখ্যা সাত হাজাৰৰো অধিক হ’ব। ডিমৌত তেওঁ এতিয়ালৈকে সাত হাজাৰৰো অধিক ছিজাৰিন কেছত এনাস্থেছিয়া চিকিৎসক হিচাপে সহযোগ কৰিছে। ৰাজ্যৰ বাহিৰে ভিতৰে ২০০০ চিকিৎসকক সৰ্প দংশনৰ চিকিৎসাৰ প্ৰশিক্ষণ দিছে।
ৰাইজে ভাল পাই তেওঁক। এতিয়া কাৰোবাক সাপে খুটিলে প্ৰথমে মনলে অহা নামটোৱেই হ’ল ডাঃ সুৰজিৎ গিৰীৰ। মোবাইলতে তেখেতে পঠিয়াই দিলে তেখেতৰ পদত্যাগ পত্ৰখন। য’ত তেওঁ উল্লেখ কৰিছে, তেওঁ সঠিক ভাৱে কৰ্তব্য পালন নকৰাৰ বিষয়টো তদন্ত কৰিবলৈ আৰু নৈতিক দায়িত্ব মূৰ পাতি লৈ তেওঁ মানসিক আঘাত পাই এই চিকিৎসকৰ পদৰ পৰা পদত্যাগ কৰিছে।
তেওঁ দণ্ডাধীশগৰাকীৰ সন্মুখত থিয় হৈ থাকোঁতে এনে লাগিছিল যেন বহু ডাঙৰ অপৰাধ সংঘটিত কৰাৰ বাবে তেওঁক সেইদৰে থিয় কৰাই থোৱা হ’ল। এনে এজন চিকিৎসকৰ প্ৰয়োজন সমাজখনত আছিল।
তেওঁক এই কামৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ দিয়াৰ সলনি এইদৰে পদত্যাগ কৰিবলৈ এক পৰিবেশ ৰচনা কৰা হ’ল। সঁচাই দুৰ্ভাগ্যজনক আজিৰ সময়। ভাল মানুহ এতিয়া তিষ্ঠি থকাই টান হৈ পৰিছে।