/asomiyapratidin/media/media_files/2025/06/01/EfHUom3JTnf6A74Nk9bP.jpeg)
অসম কন্যা বিনিতা ছেত্ৰী। সাত সাগৰ তেৰ নদীৰ সিপাৰে জিলিকিল বিনিতা। ব্ৰিটেইন গট টেলেন্ট চমুকৈ বিজিটি-২০২৫ ত দ্বিতীয় ৰানাৰ-আপ হ'ল তেওঁ। গঢ়িলে বিনিতাই ইতিহাস। বিনিতাৰ এই সফলতা সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন-
অৱশেষত লণ্ডনৰ পৰা আহিল এটা সুখবৰ। খবৰটো হ'ল- অসমৰ কাৰ্বি আংলং জিলাৰ এখন সৰু চহৰ বোকাজানৰ ৯ বছৰীয়া কন্যা বিনিতা ছেত্ৰীয়ে ব্ৰিটেইন গট টেলেণ্ট (BGT) ২০২৫ চনৰ গ্ৰেণ্ড ফিনেলেত দ্বিতীয় ৰানাৰ-আপ হোৱাৰ গৌৰৱ অর্জন কৰিছে।
/asomiyapratidin/media/media_files/2025/06/01/1DIJhI5jwpBdSmSvhZ56.jpg)
আন্তঃৰাষ্ট্ৰীয় পৰিসৰত অসম তথা ভাৰতীয় উপমহাদেশক প্ৰতিনিধিত্ব কৰি এক ঐতিহাসিক কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হয় বিনিতা। ৩১ মে, ২০২৫ ত অনুষ্ঠিত এই বিশ্ববিখ্যাত ৰিয়েলিটী শ্ব’ৰ ফাইনেলত অংশগ্ৰহণ কৰা বিনিতা হ'ল, ভাৰতৰ পৰা ফাইনেলত স্থান লাভ কৰা প্ৰথম প্ৰতিযোগী।এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ব্ৰিটিছ যাদুকৰ হেৰী মোল্ডিং আৰু দ্বিতীয় স্থান লাভ কৰে এলইডি ডান্স গোট ‘দ্য ব্লেকআউটছ’।
বিনিতাৰ প্ৰদৰ্শনে বিস্মিত কৰিলে বিচাৰক আৰু দৰ্শককঃ
বিনিতাৰ শৈল্পিক আৰু জটিল নৃত্য প্ৰদৰ্শনে, বিশেষকৈ বেক-ফ্লিপ আদিৰ দৰে শাৰীৰিক দুঃসাধ্য কৌশলৰে সমৃদ্ধ প্ৰতিভাই সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল। বিচাৰক সকলেও তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল। এই প্ৰদৰ্শনৰ পূৰ্বে আবেগিক হৈ বিনিতাই কৈছিল, “মই যদি জিকোঁ, তেন্তে গুলাপী ৰঙৰ এগৰাকী ৰাজকুমাৰীৰ ঘৰ কিনিম।”
/asomiyapratidin/media/media_files/2025/06/01/czNkHFvVgvGQO3iEf6qK.webp)
এই সফলতাৰ আঁৰত পিতৃঃ
বিনিতাৰ এই বিশ্বজনীন সফলতাৰ আঁৰত আছিল তেওঁৰ পিতৃ অমৰ ছেত্ৰীৰ কঠোৰ পৰিশ্ৰম। যিয়ে অসমত এখন ক্ষুদ্ৰ ব্ৰয়লাৰ ফাৰ্ম চলাই জীৱন নিৰ্বাহ কৰে। তাৰ সমান্তৰালভাৱে তেওঁ সামাজিক দায়িত্ব আৰু জাতিগত সজাগতাৰ কৰ্মতো সক্ৰিয়ভাৱে জড়িত। তেওঁ অখিল অসম গোৰ্খা ছাত্ৰ সংগঠনৰ সক্ৰিয় কাৰ্যনিৰ্বাহ সদস্য তথা জিলা সহ-সভাপতি।
বিনিতাৰ প্ৰতিভা চিনাক্ত কৰি প্ৰথমে গুৱাহাটী আৰু পাছত জয়পুৰলৈ নৃত্য শিক্ষাৰ ব্যৱস্থা কৰিছিল পিতৃয়ে। জয়পুৰত বিনিতাৰ প্ৰশিক্ষণ তেওঁলোকৰ আত্মীয় আমৃতা দেৱী আৰু প্ৰসিদ্ধ নৃত্য নিৰ্দেশক হাৰ্দিক ৰাৱতৰ তত্বাৱধানত চলিছিল।
/asomiyapratidin/media/media_files/2025/06/01/FSmp42hX8SMtgzHIN98G.jpg)
গ্ল’বেল ভোটিং খোলা হ’লে সলনি হ’ল হয় ফলাফলঃ
বিনিতাৰ আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তাই ভাৰত, নেপাল, ভূটান আৰু সমগ্ৰ এছিয়ান গোষ্ঠীত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। কিন্তু ফাইনেলৰ ভোটিং কেৱল ব্ৰিটেইনৰ ভিতৰত সীমাবদ্ধ থাকিলত বহুতো দৰ্শকে তেওঁক ভোট দিয়াৰ সুবিধা নাপালে।
এই সন্দৰ্ভত বিজিটি বিনিতা ছেত্ৰী ছাপৰ্ট গ্ৰুপৰ সমন্বয়ক তথা জ্যেষ্ঠ সাংবাদিক নন্দ কিৰাতি দেৱানৰ মতে, “যদি ফাইনেলৰ বাবে ভোটিং লাইন বিশ্বজুৰি মুকলি কৰা হ’লহেতেন, বিশেষকৈ ভাৰত, নেপাল, ভূটান আৰু অন্যান্য এছিয়ান দেশৰ পৰা দৰ্শকে ভোট দিব পাৰিলেহেতেন, বিনিতা ছেত্ৰীয়ে বৃহৎ সমৰ্থন লাভ কৰিলে হয়। তেওঁ হয়তো বিজিটি ২৫-ৰ বিজয়ীৰ উপাধি নিকটতমভাৱে স্পৰ্শ কৰিব পাৰিলেহেতেন।”
তেওঁৰ মতে, ফাইনেলৰ আগৰ সপ্তাহতে কেৱল ভাৰতৰ পৰা ২০,০০০ তকৈ অধিক মিছ কল আহিছিল, য’ত দৰ্শকে ভাৰতৰ পৰা কেনেদৰে ভোট দিব পাৰি সেয়া জানিবলৈ চেষ্টা কৰিছিল।
জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত অভিনন্দনঃ
বিনিতাৰ এই সফলতাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত ভিডিঅ’ শ্বেয়াৰ কৰি গৌৰৱ প্ৰকাশ কৰিছে। তাৰোপৰি, বিশিষ্ট উদ্যোগপতি আনন্দ মাহিন্দ্ৰাই বিনিতাক “বিশ্ব মানৰ প্ৰতিভা” আৰু “ইচ্ছাশক্তিৰে পূৰ্ণ এগৰাকী প্ৰকৃত শিল্পী” হিচাপে ভূয়সী প্ৰশংসা কৰিছে।
এই যাত্ৰাৰ সময়ছোৱাত বিনিতাই ছেমিফাইনেল পৰ্যায়ত গোল্ডেন বাজাৰ লাভ নকৰাত কিছু বিতৰ্কও দেখা গৈছিল। তথাপি, তেওঁ দৰ্শকৰ ভোটেৰে ফাইনেলত স্থান লাভ কৰিছিল, যিয়ে তেওঁৰ প্ৰতিভা আৰু দৃঢ় মনোবল প্ৰমাণ কৰে।
/asomiyapratidin/media/media_files/2025/06/01/WjdilTBoW00v5pHbToWU.jpg)
আহিয়েই লগ কৰিব হিমন্ত বিশ্ব শৰ্মাকঃ
বিজিটিৰ আধिকাৰিক সামাজিক মাধ্যম পৃষ্ঠাত প্ৰকাশিত ভিডিঅ’ এটাত বিনিতাই বিশ্বজুৰি লাভ কৰা সহানুভূতি আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁ বিশেষকৈ যুক্ত ৰাজ্য (UK)-ৰ ভোটাৰ তথা দৰ্শকসকলক নিজৰ প্ৰতি দৰ্শোৱা আশীৰ্বাদ আৰু ভালপোৱাৰ বাবে ধন্যবাদ জনাইছে।
লগতে ভাৰত, নেপাল, ভূটান আৰু অন্যান্য এছিয়ান ৰাষ্ট্ৰৰ দৰ্শকৰ ভালপোৱা আৰু সমৰ্থন তেওঁক আন্তঃৰাষ্ট্ৰীয় মঞ্চত আগুৱাই নিয়া শক্তি হিচাপে বৰ্ণনা কৰিছে। তেওঁ বিশেষভাৱে ভাৰতবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ কয়, “মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামাক গুৱাহাটীলৈ গৈ ব্যক্তিগতভাৱে ধন্যবাদ জনাব খোজো। মোৰ সফলতাৰ পিছফালে তেওঁ যি আশীৰ্বাদ আৰু সমৰ্থন দিছিল, তাৰ বাবে মই তেওঁৰ ওচৰলৈ গৈ কৃতজ্ঞতা প্ৰকাশ কৰিব খোজো।
KAAC আৰু স্থানীয় নেতাৰ সহায়-সহযোগঃ
বিনিতাই তেওঁৰ এই যাত্ৰাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰা লাভ কৰা সহায় সহযোগ স্মৰণ কৰে। গ্ৰেণ্ড ফিনালেৰ যাত্ৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা ৰংহাঙে বিনিতাক ৫ লাখ টকাৰ নগদ সহায় আগবঢ়াইছিল।
তাৰোপৰি, স্থানীয় বিধায়ক তথা অসম বিধান সভাৰ উপ সভাপতি নুমল মমিনে এবছৰৰ পৰা তেওঁৰ যাত্ৰাত আগবঢ়োৱা সহায় আৰু সহযোগৰ বাবে বিনিতাই কৃতজ্ঞতা প্ৰকাশ কৰিছে।
/asomiyapratidin/media/media_files/2025/06/01/gmMhCypAzzq6tR8y0S2B.webp)
২ জুনত লণ্ডনৰ পৰা উভতিব দিল্লীলৈঃ
বোকাজানৰ এখন সৰু গাঁৱৰ পৰা ব্ৰিটেইনৰ বৃহৎ মঞ্চলৈ বিনিতাৰ এই যাত্ৰা- স্বপ্ন, নিষ্ঠা, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ এক উজ্জ্বল প্ৰতীক। তেওঁৰ গঢ়িলে এই ইতিহাস। এয়া বহুতৰ বাবে আগন্তুক দিনবোৰত প্ৰেৰণা উৎস হৈ ৰ'ব। ২ জুনত লণ্ডনৰ পৰা আহি নতুন দিল্লীত উপস্থিত হ'বহি বিনিতা। তাৰ পৰাই অসমলৈ আহিব তেওঁ। তেওঁক আদৰিবলৈ অসমতো অপেক্ষা কৰিছে অগণন গুণমুগ্ধই।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us