গাঁৱে গাঁৱে বিৰিঙিছে হাঁহি, পুলিচত হ'ল চাকৰি...

ASSAM POLICE
ASSAM POLICE

মৃদুল কুমাৰ সন্দিকৈ

বেয়াটোক যেনেকৈ সমালোচনা কৰিব পাৰি ভালটোকো ভাল বুলি ক'ব পৰা এটা মানসিকতাৰ প্ৰয়োজন। লখিমপুৰ মেডিকেল কলেজৰ লিখিত পৰীক্ষাৰ নামত বেমেজালি, ২৬ হাজাৰ তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাত দালালৰ দপদপনিৰ অভিযোগক লৈ ভিক্টৰ দাসক গ্ৰেপ্তাৰ আদি প্ৰসংগ বোৰৰ বিপৰীতে সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলে আশাৰ সঞ্চাৰ কৰিছে।

২০২২ ৰ মে'ত ৯ হাজাৰ ৫ টা অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছিল। তাৰ পাছত নতুনকৈ ৫ হাজাৰ ২৬২ টা আৰক্ষীৰ এছ আই আৰু কনিষ্টবল তথা আন পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ১৮ ছেপ্টেম্বৰ ২০২২ ত ঘোষণা কৰা হ'ল।

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ড চমুকৈ এছ এল পি আৰ বি য়ে এই পৰীক্ষা অনুষ্ঠিত কৰিছিল। এছ এল পি আৰ বিৰ অধ্যক্ষৰ দায়িত্বত আছে বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।

পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত সামাজিক মাধ্যম যোগে বিভিন্নজনে চাকৰি পোৱা খবৰ দিছে। এই খবৰবোৰত দেখা গৈছে ক'ৰবাত যদি নাপিতৰ পুত্ৰই, আন ক'ৰবাত ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বোৱাৰীয়ে চাকৰি পাইছে।

এনেবোৰ খবৰে এই কথা প্ৰতিফলন কৰিছে যে, নিযুক্তি প্ৰক্ৰিয়া অতি সুচাৰুৰূপে হৈছে। নিষ্ঠাসহকাৰে আৰু মেধাৱী- উপযুক্তজনে চাকৰি পোৱাত কোনো বাধাৰ সৃষ্টি হোৱা নাই।

আৰক্ষী সঞ্চালক প্ৰধান তথা এছ এল পি আৰ বিৰ অধ্যক্ষ ভাস্কৰজ্যোতি মহন্তই ফলাফল ঘোষণা কৰাৰ পাছতে সংবাদ মেল যোগে ঘোষণা কৰিছে যে, এই নিযুক্তিত তিলমানো অনিয়ম সংঘটিত হোৱা নাই। লগতে কাৰোবাৰ যদি কিবা অভিযোগ আছে সেই অভিযোগ এছ এল পি আৰ বি ৱেবছাইট যোগে দাখিল কৰিলে তাৰ প্ৰত্যক্ষ উত্তৰ দিয়াৰো ব্যৱস্থা কৰিছে।

অসম আৰক্ষীত শেহতীয়া নিযুক্তিত এছ আই (ইউ বি) ৰ বাবে ছেবাই ২৪ এপ্ৰিল ২০২২ ত লিখিত পৰীক্ষা ১৫ খন জিলাত অনুষ্ঠিত কৰিছিল। তাৰ পাছত PST আৰু PET চতুৰ্থ এ পি বি এনত ২৭ জুন ২০২২ ৰ পৰা ৪ জুলাই ২০২২ লৈকে অনুষ্ঠিত হৈছিল। এই পৰীক্ষাৰ বাবে মৌখিক পৰীক্ষা চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ন কাহিলাপাৰাত ২১ জুলাই আৰু ২২ জুলাইত অনুষ্ঠিত হৈছিল।

নতুনকৈ গঠন কৰা ৫ টা কামাণ্ডো বেটেলিয়নৰ এছ আই(এ বি)ৰ বাবে ২৪ এপ্ৰিল ২০২২ লিখিত পৰীক্ষা, ২৭ জুন ২০২২ ৰ পৰা ৫ জুলাই ২০২২ লৈ PST আৰু PET অনুষ্ঠিত হৈছিল পানীখাইটিত। চাইক্ৰমেট্ৰিক টেষ্ট ৮ আগষ্ট ২০২২ ত চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়নত অনুষ্ঠিত কৰিছিল।

কনিষ্ঠবল এ বি আৰু ইউ বিৰ বাবে জিলা পৰ্যায়ত ডি এল এছ চি গঠন কৰি PST আৰু PET এক ফেব্ৰৱাৰী ২০২২ ৰ পৰা ৩১ মাৰ্চ ২০২২ লৈ অনুষ্ঠিত কৰি ২৪ এপ্ৰিল ২০২২ ত লিখিত পৰীক্ষা ছেবাৰ জৰিয়তে পতা হৈছিল। তাৰ পাছত পুলিচ ৰেঞ্জৰ মুখ্য কাৰ্যালয়ত ১১ জুলাই ২০২২ ৰ পৰা ১৪ জুলাই ২০২২ লৈ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিছিল।

নতুনকৈ গঠন হ'বলগীয়া আছাম কামাণ্ডো বেটেলিয়নৰ কনিষ্টবল (এ বি)ৰ বাবে ১৫ টা স্থানত ২৫ মাৰ্চ ২০২২ৰ পৰা ৮ জুলাই ২০২২ লৈ PST আৰু PET অনুষ্ঠিত কৰাৰ পাছত চাইক্ৰমেট্ৰিক ৮ টা পুলিচ ৰেঞ্জৰ হেডকোৱাৰ্টাৰত ১৫ জুলাই ২০২২ ৰ পৰা ২২ জুলাই ২০২২ লৈ অনুষ্ঠিত হৈছিল।

এছিচটেণ্ট ডেপুটি কণ্ট্ৰ'লাৰ চিভিল ডিফেঞ্চ জুনিয়ৰ, চিভিল ডিফেঞ্চ ডেমনষ্ট্ৰেটৰ/ PBX অপাৰেটৰ/ ৱাৰলেছ অপাৰেটৰ আদিৰ নিযুক্তি পৰীক্ষা সম্পন্ন কৰা হৈছিল। অসম আৰক্ষীৰ এই পদসমূহৰ বাবে ৭০৭৩২৮ গৰাকী প্ৰাৰ্থীয়ে আৱেদন জনাইছিল।

ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (ইউ বি)ৰ বাবে ১২৯২৪৭ জনে আৱেদন কৰিছিল আৰু ৩০৬ গৰাকীক তাৰ মাজৰ পৰা নিৰ্বাচিত কৰা হৈছে। আছাম কামাণ্ডো বেটেলিয়নৰ উপ-পৰিদৰ্শক (এ বি)ৰ বাবে ৭০৩৯৬ গৰাকীয়ে আৱেদন জনাইছিল। আৰু খালী থকা ৩২০ টা পদৰ বিপৰীতে ২৭৮ জনক নিযুক্তিৰ বাবে নিৰ্বাচন কৰা হৈছে।

কনিষ্ঠবলৰ এ বি ১৪২৯ টা আৰু ইউ বিৰ ৭০৫ টা পদৰ বাবে মুঠ ৩১৩৮০০ জন প্ৰাৰ্থীয়ে আৱেদন জনাইছিল। তাৰে আটাইকেইটা পদত মুঠ ২১৩৪ গৰাকীক চূড়ান্ত ভাৱে নিৰ্বাচিত কৰিছে এছ এল পি আৰ বিয়ে। আছাম কামাণ্ডো বেটেলিয়নৰ ২৪৫০ টা কনিষ্টবল এবি পদৰ বাবে ১৯৩৪৬৩ জনে আৱেদন কৰিছিল। ইয়াৰে ৮ টা পদ খালী ৰাখি ২৪৪২ জনক নিযুক্তিৰ বাবে বাচনি কৰা হৈছে।

এছিচটেণ্টে ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেঞ্চৰ পদ আছিল ১০ টা। চিভিল ডিফেঞ্চ ডেমঞ্চট্ৰেটৰ/পি বি এক্স অপাৰেটৰ/ৱাৰলেছ অপাৰেটৰৰ ৪২ টা পদৰ বাবে মুঠ ৪২২ গৰাকীয়ে প্ৰাৰ্থীয়ে আৱেদন জনাইছিল। তাৰে ৪০ জনক এই পদসমূহৰ বাবে বাচনি কৰা হৈছে।

মুঠ বিজ্ঞাপন কৰি দিয়া ৫২৬২ পদৰ বিপৰীতে ৬২ টা পদ খালী ৰাখি ৫২০০ পদত নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া সম্পন্ন কৰিলে এছ এল পি আৰ বিয়ে। নিৰ্বাচিত প্ৰাৰ্থী সকলৰ ভিতৰত ৪৪৯৩ জন পুৰুষ আৰু ৭০৭ গৰাকী মহিলা।

এই নিযুক্তিত ১৩.৫৯ শতাংশ মহিলা প্ৰাৰ্থীক বাচনি কৰা হৈছে। নিৰ্বাচিত প্ৰাৰ্থীসকলক ২২ ছেপ্টেম্বৰ ২০২২ ত খানাপাৰাত নিযুক্তিৰ পত্ৰ প্ৰদান কৰা হ'ব। অসম আৰক্ষীৰ নিযুক্তিক লৈ বিভিন্ন অভিযোগ, স্বজনপ্ৰীতি দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে।

এছ আই কেলেংকাৰী ফাদিল হোৱাৰ পাছত আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত থকা বেমেজালিসমূহে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। তাৰ পাছত বৃহৎ সংখ্যক আৰক্ষীৰ চাকৰিত নিযুক্তি কেনেদৰে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হ'ব সেয়া এক ডাঙৰ প্ৰত্যাহ্বান হৈছিল।

অসম আৰক্ষীৰ সদ্য ঘোষিত ৫ সহস্ৰাধিক চাকৰিৰ নিযুক্তিৰ বাচনি সন্দৰ্ভত এতিয়ালৈকে কোনো গুৰুতৰ অভিযোগ উত্থাপন হোৱা নাই। অসম আৰক্ষীৰ এই নিযুক্তিৰ বাবে হোৱা বাচনিক প্ৰায় সকলোৱে প্ৰশংসা কৰিছে।

নিযুক্তিৰ নামত নাই অভিযোগ। দৰিদ্ৰতা চাকৰিৰ বাবে হেঙাৰ হোৱা নাই। কাৰোবাৰ আশীৰ্বাদ বা ৰাজনৈতিক প্ৰভাৱ হয়তো নপৰাৰ বাবে কোনোৱে আঙুলিতোলা নাই। আনবোৰ নিযুক্তিৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া উদাহৰণ হওঁক। ভাল হ'লে ভাল বুলিব পৰা প্ৰৱনতা মানুহৰ থাকে।

যদিও অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বহু বিষয়ত তেওঁৰ ভূমিকাক লৈ সমালোচনাৰ জোৱাৰ উঠিছে কিন্তু নিযুক্তি প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত তেওঁ এটা ধন্যবাদৰ যোগ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in