এনকাউণ্টাৰৰ পিছত বুলড'জাৰ ! বাৰে বাৰে নাক কাটিছে অসম আৰক্ষীৰ...

এনকাউণ্টাৰৰ পিছত বুলড'জাৰ ! বাৰে বাৰে নাক কাটিছে অসম আৰক্ষীৰ...
এনকাউণ্টাৰৰ পিছত বুলড'জাৰ ! বাৰে বাৰে নাক কাটিছে অসম আৰক্ষীৰ...

তুষাৰ প্ৰতিম

'জনহিত জন সেৱাৰ্থে- মূল মন্ত্ৰৰে ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গিত অসম আৰক্ষী ন্যায়ালয়ৰ ৰোষত। মাত্ৰ কিছুদিন পূৰ্বে 'ৰাষ্ট্ৰপতিৰ কালাৰ' সন্মান লাভ কৰা অসম আৰক্ষী এতিয়া সকলো দিশৰ পৰাই সমালোচনাৰ সন্মুখীন হৈছে।

কি সৰ্বসাধাৰণ, কি বিৰোধী ৰাজনৈতিক নেতা, দল, সংগঠন অথবা ন্যায়ালয়। সকলোৱেৰে সমালোচনাৰ লক্ষ্য কেৱল অসম আৰক্ষী। অৱশ্যে অসম আৰক্ষীক এই সমালোচনাই তলাব পৰা নাই। যাৰ বাবে বাৰে বাৰে নকৰিবলগীয়া, আইনৰ ৰক্ষক হৈ নিজেই আইন অমান্য কৰাৰ দৰে ঘটনা ধাৰাবাহিক ভাৱে সংঘটিত কৰি আহিছে।

কিছুদিন পূৰ্বে বুলড'জাৰ ৰাজনীতিয়ে দেশজুৰি ৰাজনৈতিক মহলত জোকাৰণি তুলিছিল। সমালোচনাৰ সন্মুখীন হৈছিল উত্তৰ প্ৰদেশৰ আৰক্ষী। অভিযোগ অনুসৰি বিজেপি শাসিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজনৈতিক নেতাৰ ইচাৰাত, মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ইচ্ছামতেই চৰকাৰ বিৰোধীসকলৰ গৃহত চলাইছিল বুলড'জাৰ।

ৰাজ্যখনত চৰকাৰৰ বিৰুদ্ধে কথা ক'লেই, বিভিন্ন অভিযোগেৰে অভিযুক্ত কৰি সেই অভিযুক্তৰ ঘৰত চলাইছিল বুলড'জাৰ। দেশজুৰি সমালোচিত হোৱা উত্তৰ প্ৰদেশ আৰক্ষীৰ সেই আৰ্হিক আমদানি কৰি আনিলে অসম আৰক্ষীয়েও।

উত্তৰ প্ৰদেশৰ আৰক্ষীৰ আৰ্হিতে অসম আৰক্ষীয়েও ধাৰাবাহিক ভাৱে অসমৰ কেইবাটাও স্থানত আৰম্ভ কৰিলে অভিযুক্তৰ ঘৰত বুলড'জাৰৰ প্ৰহাৰ। ৰাজনৈতিক মুনাফা আদায়ৰ অহৰহ চেষ্টা চলাই অহা এচাম ৰাজনৈতিক নেতা আৰু ধৰ্মীয় বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি অহা এচাম ধৰ্মীয় গোড়ামীৰে মদমত্ত লোকে অসম আৰক্ষীৰ এই পদক্ষেপক মুকলিকৈয়ে সমৰ্থন জনাই আহিছে।

সামাজিক মাধ্যমত অসম আৰক্ষীৰ এই নতুন পদ্ধতিক এইচাম লোকে মুকলিকৈ সমৰ্থন জনোৱাৰ বিপৰীতে আন এচামে অৱশ্যে আইনৰ ৰক্ষকেই আইনবৰ্হীভূত কাম কৰাৰ বাবেই অসম আৰক্ষীক সমালোচনা কৰি আহিছে। তাৰ পিছতো অসম আৰক্ষীয়ে বুলড'জাৰ ব্যৱাহৰ নিচা ত্যাগ কৰিব পৰা নাই।

কিন্তু এই বুলড'জাৰেই এতিয়া নাক কাটিছে অসম আৰক্ষীৰ। কিয়নো ন্যায়ালয়ে অসম আৰক্ষীয়ে লোৱা এনে পদক্ষেপক কঠোৰ ভাষাৰে নিন্দা কৰাই নহয়, বুলড'জাৰ চলোৱা বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

২০২১ ৰ মে' মাহত নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত এগৰাকী মাছ ব্যৱসায়ীক সোধা-পোছাৰ নামত আৰক্ষীয়ে কৰা শাৰীৰিক অত্যাচাৰ চোলাৱৰ বাবেই মৃত্যু হোৱাৰ অভিযোগত এচাম উন্মত সংখ্যালঘু সম্প্ৰদায়ৰ লোকে জ্বলাই দিছিল থানাখন। এই ঘটনাৰ পিছতে নগাওঁ আৰক্ষীয়ে থানা জ্বলাই দিয়া লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ নামত বুলড'জাৰেৰে ভাঙি দিছিল অভিযুক্তৰ ঘৰ।

একেদৰে মৰিগাওঁ, বঙাইগাঁৱত জেহাদীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ বাবে মাদ্ৰাছাত চলিছিল বুলড'জাৰ। আনহাতে বুলড'জাৰ চলোৱাৰ পৰা বাদ পৰি যোৱা নাছিল তিনিচুকীয়া আৰক্ষীও।

এইদৰে অসম আৰক্ষীয়ে 'এনকাউণ্টাৰ' (!)ৰ উপৰিও বুলড'জাৰ চলাই শেহতীয়াকৈ অসমত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ আৰ্হিত কাম কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু অসম আৰক্ষীৰ এই কাৰ্যক সহজভাৱে লোৱা নাই গুৱাহাটী উচ্চ ন্যায়ালয়ে।

বটদ্ৰৱাৰ থানাখন জ্বলাই দিয়া ঘটনাত জড়িতসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ নামত বুলড'জাৰ চলাই অভিযুক্তৰ ঘৰ-দুৱাৰ ভাঙি চূৰমাৰ কৰা বিষয়টোত গুৱাহাটী উচ্চ ন্যায়ালয়ে লৈছে কঠোৰ স্থিতি। ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ বাবেই ৰাজ্য চৰকাৰে পোন্ধৰ দিনৰ ভিতৰত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লবলৈ বাধ্য হৈছে।

ইয়াৰ লগে লগে অসম আৰক্ষীয়ে আইনৰ ৰক্ষক হৈও আইন ভংগ কৰা বিষয়টো পুনৰ চৰ্চালৈ আহিছে। আইনৰ উৰ্ধত গৈ যিসকল আৰক্ষী বিষয়াই বৰবৰ কথাৰে অভিযুক্তৰ গৃহ ভাঙিলে সেইসকল বিষয়া এতিয়া গোটেই বিষয়টোক লৈ নীৰৱ। ন্যায়ালয়েও এনে অবৈধ কাৰ্যৰ ফলত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক ৰাজ্য চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰ্ণ দিয়াৰ নিৰ্দেশ দিছে।

সম্পূৰ্ণ ৰাজনৈতিক মুনাফা লাভালাভৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপে অসম আৰক্ষী মান, সন্মান জনমানসত পুনৰবাৰ অৱনমিত কৰিলে। ইতিমধ্যে কেইবাটাও ভুৱা এনকাউণ্টাৰৰ তথ্য উন্মোচন হোৱাৰ পিছত অসম আৰক্ষীয়ে দীৰ্ঘদিন ধৰি চলাই অহা এখন ভুৱা নাটক পোহৰলৈ আহিছিল।

উচ্চ প্ৰশিক্ষিত, আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত অসম আৰক্ষীৰ আৱেষ্টনিৰ মাজৰ পৰা নিশা হ'লেই অভিযুক্তই পলাবলৈ চেষ্টা কৰা, আৰক্ষীৰ অস্ত্ৰ কাঢ়িলোৱাৰ বাবে বাধ্য হৈ আৰক্ষীয়ে গুলীওৱাৰ ঘটনা শতাধিক এইখন অসমত।

আলফাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত আটক কৰা যুৱকক গুলীয়াই আহত কৰা আৰু পৰৱৰ্তী সময়ত হস্পিতালত মৃত্যু হোৱা তেনে অভিযুক্তৰ পৰিয়ালক আৰ্থিক সাহায্য, চৰকাৰী সংস্থাপন দিয়াৰ দৰে দুমুখীয়া স্থিতিও গ্ৰহণ কৰাৰ উদাহৰণ আছে অসমত। এনে প্ৰেক্ষাটত ধাৰাবাহিক ভাৱে অসম আৰক্ষীৰম মান, সন্মান, জনসাধাৰণৰ মাজত অৱনমিত হোৱাৰ লগতে ইতিমধ্যে হেৰুৱাইছে বিশ্বাসযোগ্যতা।

তাৰ মাজতে বুলড'জাৰ যি নতুন পেটাৰ্ন আৰম্ভ কৰিলে সেই পেটাৰ্নকো ন্যায়ালয়ে সমালোচনা কৰি কঠোৰ সমালোচনা কৰাত আইনৰ উৰ্ধত বুলি নিজকে গণ্য কৰা বিয়োগাম বিষয়াসকলে মুখ লজ্জা নিবাৰণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। এই কথাও নিশ্চিত যে, ইতিমধ্যে 'ওপৰ'ৰ পৰা অহা নিৰ্দেশতেই হওক বা ওপৰৱালাক ভালৈ লগাবলৈ একাংশ বিষয়াই বুলড'জাৰৰ যি পেটাৰ্ন আৰম্ভ কৰিছিল সেই পেটাৰ্নৰ বাবে যে, আন একাংশই শাস্তি মূৰ পাতি ল'ব লাগিব সেয়া নিশ্চিত।

উল্লেখ্য যে, ইতিমধ্যে গুৱাহাটী ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি অসম আৰক্ষীক যি নিৰ্দেশনা দিলে সেই নিৰ্দেশনাৰ লগতে অসম আৰক্ষীক ককৰ্থনা কৰি স্পষ্টকৈ উল্লেখ কৰিছে তদন্তৰ নামত নীতিবহির্ভূতভাৱে অভিযুক্তৰ ঘৰত বুলড'জাৰ চলোৱাৰ কোনো নিয়ম ফৌজদাৰী আইনত নাই। ন্যায়ালয়ে অভিযুক্তই কৰা অপৰাধৰ বাবে তেওঁক আইনগত শাক্তিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দি প্ৰশ্ন উত্থাপন কৰিছে বুলড'জাৰ লগাই ঘৰ ভাঙি পেলোৱাৰ ক্ষমতা আৰক্ষী অধীক্ষকক কোনে দিলে?

সৰ্বসাধাৰণ ৰাইজৰো সেয়াই কথা। আইনৰ বিৰুদ্ধে যিয়েই যাব, আইন যিয়েই অমান্য কৰিব, সমাজৰ ক্ষতি সাধন কৰিব তেওঁলোকৰ বাবে আইনে দিয়া কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।

সন্ত্ৰাসবাদীয়েই হওক, থানা জ্বলাই দিয়া দুৰ্বৃত্তই হওক অথবা আইন ৰক্ষকৰ ভূমিকাত থাকি আইন বৰ্হিভূত কাম কৰা কোনোবা বিষয়াই হওক, সকলোকে আইনৰ জৰিয়তে প্ৰাপ্য শাস্তি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু আইন অমান্য কৰি গ্ৰহণ কৰা একপক্ষীয় পদক্ষেপে আইন ৰক্ষাকাৰীৰ ওপৰতেই নহয় সমগ্ৰ ন্যায়িক ব্যৱস্থাটোৰ প্ৰতিয়েই প্ৰশ্নৰ অৱতাৰণা কৰে। আইন ৰক্ষাৰ শপত লোৱাসকলে এই কথা উপলব্ধি কৰা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in