ACA
ACA

অসমে পালে পূজাৰ উপহাৰ...

তুষাৰ প্ৰতিম

সমালোচনা নহয়, আজি প্ৰশংসা। শাৰদীয় উৎসৱৰ বতৰত অসম ক্ৰিকেট সন্থাই যিদৰে অসমবাসীক এক উপহাৰ প্ৰদান কৰিলে সেই উপহাৰৰ বাবে সন্থাৰ লগতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক ধন্যবাদ জনাবই লাগিব।

দেশৰ অন্যান্য প্ৰান্তৰ দৰে অসমত প্ৰৰ্যাপ্ত আন্তঃগাঁথনি আৰু সুবিধা থকাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ কমকৈ অনুষ্ঠিত হয়। বি চি চি আইয়ে দেশৰ আন প্ৰান্তপ তুলনাত অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ কম দিয়ে।

আঙুলিৰ মূৰত লেখিব পৰা কৈ অসমত অনুষ্ঠিত হৈছে মাত্ৰ কেইখনমান ক্ৰিকেট মেচ। নেহেৰু ষ্টেডিয়ামক বাদ দি বৰ্ষাপাৰাত অসম ক্ৰিকেট সন্থাই আন্তঃৰাষ্ট্ৰীয় মান সম্পন্ন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পিছত এই ষ্টেডিয়ামত বৰ্তমানলৈকে অনুষ্ঠিত হৈছে পুৰুষ দলৰ মাত্ৰ ৩ খন মেচ। ইয়াৰে এখন এদিনীয়া আৰু ২ খন টি-২০।

২০১৯ ৰ জানুৱাৰীত আন এখন টি-২০ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছিল যদিও প্ৰতিকুল বতৰ আৰু অনভিজ্ঞতাৰ বাবে সেই মেচখন পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হয়। ইয়াৰ পিছতে অসম ক্ৰিকেট সন্থাক লৈ ৰাজ্য জুৰি যি বিতৰ্কৰ সূচনা হৈছিল সেই বিতৰ্কৰ আজিও অন্ত পৰা নাই।

আজিও অসম ক্ৰিকেট সন্থা আৰু সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াক সামাজিক মাধ্যমত ট্ৰ'ল কৰা হয়। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰৰ মেচখনৰ পূৰ্বে প্ৰতিকুল বতৰৰ আগলি বতৰা দিয়াত পুৰণি অভিজ্ঞতাক মনত পেলাই পুনৰ অসম ক্ৰিকেট সন্থা আৰু সম্পাদক দেৱজিৎ শইকীয়াক ট্ৰ'ল কৰা হৈছিল।

কিন্তু এইবাৰ যেন সকলো বাধাক নেওচিবলৈ সাজু আছিল অসম ক্ৰিকেট সন্থাই। বতৰৰ দিশটোৰ ওপৰত ৰিক্স নলৈ পূৰ্বেই পীটছ ঢাকিবৰ বাবে অসম ক্ৰিকেট সন্থাই আমেৰিকাৰ পৰা আমদানি কৰি আনিছিল সামগ্ৰী।

মেচখনৰ পূৰ্বে বতৰ বেয়া হোৱাৰ ইংগিত আহিছিল যদিও অতি তৎপৰতাৰে পীটছখন ঢাকি পেলোৱা হৈছিল। সময় হোৱাৰ লগে লগেই আৰম্ভ হৈছিল মেচখন। টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ খেলপথাৰত নামিছিল ক্লাছিক ৰাহুল আৰু হিটমেন ৰোহিত শৰ্মা।

প্ৰথমৰ পৰাই আক্ৰমণাত্মক হৈ পৰিছিল দুয়োজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁলোকৰ বেটিং ছন্দত নাচি উঠিছিল ষ্টেডিয়ামত থকা ৪০ হাজৰ দৰ্শক আৰু শতাধিক অভ্যাগত। ঠিক তেনে সময়তে খেল পথাৰত সংঘটিত হ'ল কেতিয়া সংঘটিত নোহোৱা এক ঘটনা।

খেল পথাৰত প্ৰৱেশ কৰিলে দুডালকৈ সাপ। পূৰ্বে এনে দৃশ্য কেতিয়াও কোনেও ক'তো দেখা নাছিল। যাৰ বাবে জনপ্ৰিয় ধাৰাভাষ্যকাৰ মেচখনৰ মাজতে খেলপথাৰত এডালকৈ সাপ। কিছু সময়ৰ বাবে স্থগিত ৰখা হ'ল খেল।

এই পৰিস্থিতিৰ বাবেও সাজু আছিল অসম ক্ৰিকেট সন্থা। ততমুহূৰ্ততে খেলপথাৰত হাতত সাপ ধৰা ষ্টিক লৈ গ্ৰাউণ্ড টেকনিচিয়ান দিগম্বৰ বড়ো আৰু তেওঁৰ কেইজনমান সতীৰ্থ প্ৰৱেশ কৰি সাপ ডাল নমৰাকৈ ধৰি বাহিৰলৈ লৈ গ'ল।

যি দৃশ্য দেখি প্ৰসিদ্ধ ধাৰাভাষ্যকাৰ হৰ্ষা ভোগলেই ক'লে- "মোৰ জীৱনত প্ৰথমবাৰ এনে দেখিলো। কিন্তু বিষয়ববীয়াসকল সাজু আছিল। তৎক্ষণাত সাপটো আঁতৰাই লৈ যোৱা হ'ল।" অসম ক্ৰিকেট সন্থাই দিগম্বৰ বড়োৰ এনে সাহসিকতাৰ আৰু কৰ্তব্যনিস্থাৰ বাবে পুৰস্কৃত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই আজি ক'লে- সাপ ডালে দৰ্শকক আমোদ দিলে। হয়, মেচখনৰ মাজত খেলপথাৰত প্ৰৱেশ কৰা এই সাপ ডালে সঁচাকৈয়ে সকলোকে আমোদ দিলে। সামাজিক মাধ্যমত সাপ ডালকলৈ নানান ধৰণৰ মিম শ্বেয়াৰ হৈছে।

ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ বেটিঙৰ সময়ত সংঘটিত হ'ল আন এক অঘটন। হঠাৎ ষ্টেডিয়ামৰ ১৩ নম্বৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত থকা ফ্লাড লাইট এটা কিছু সময়ৰ বাবে বন্ধ হৈ যায়। ফলত পোহৰ কমি যোৱাৰ বাবে প্ৰায় ২০ মিনিটৰ বাবে পুনৰ স্থগিত ৰাখিব লগীয়া হয় মেচখন।

কিন্তু এয়াও কোনো বৃহৎ অঘটন বুলি ক'ব নোৱাৰি। বহু অত্যাধুনিক আৰু ধাৰাবাহিক ভাৱে খল অনুষ্ঠিত হৈ থকা ষ্টেডিয়ামতো ঘটিছে এনে বহু ঘটনা। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সংঘটিত হোৱা এই ঘটনাক এক স্বাভাৱিক ঘটনা আখ্যা দিলে ধাৰাভাষ্যকাৰসকলে।

কিন্তু কিয় হঠাৎ এই ফ্লাড লাইট বন্ধ হৈ গৈছিল? অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ক'লে ইয়াৰ আঁৰৰ কাৰণ। প্ৰকৃততে সেই ফ্লাইড লাইটৰ এটা এম চি বিৰ বিসংগতি হোৱাৰ বাবে সংঘটিত হৈছিল এই অঘটন। অৱশ্যে এই ঘটনাৰ বাবে খেলখনৰ এটাও বল মিছ হোৱা নাছিল।

এয়া এক সাধাৰণ ঘটনা। অসম ক্ৰিকেট সন্থাই যিদৰে মেচখন অনুষ্ঠিত কৰিলে, যিদৰে দুয়োটা দলৰ সদস্য, টীম মেনেজমেণ্টক সুশ্ৰসা কৰিলে সেই সুশ্ৰসাত আপ্লুত দুয়োটা দলৰ সদস্য। গুৱাহাটীৰ দৰ্শকৰো যি উত্তেজনা, উল্লাস সেয়াও কোনো গুণে কম নাছিল। যাৰ বাবে কিং কোহলিয়ে গুৱহাটীক জনালে ধন্যবাদ।

সুদীৰ্ঘ সময়ৰ মূৰত গুৱহাটীয়ে এখন উপভোগ্য মেচৰ সুৱাদ পালে । প্ৰথম ইনিংছত ভাৰতীয় অ’পেনাৰ ৰোহিত শৰ্মাই ৪৩ আৰু কে এল ৰাহুলে ৫৭ ৰাণৰ এক অৰ্ধশতকীয় ইনিংছ খেলে।

সূৰ্য কুমাৰ যাদৱে মাত্ৰ ১৮ টা বলতে অৰ্ধ শতক কৰাৰ লগতে ২২ ৰাণত ৬১ ৰাণৰ এক দুৰ্দান্ত প্ৰদৰ্শন কৰে। একেই দুৰ্দান্ত প্ৰদৰ্শন কিং কোহলি আৰু দীনেশ কাৰ্তিকৰ। দক্ষিণ আফ্ৰিকাৰ মিলাৰ খেলিলে শতকীয় ইনিংছ। ডি ককে ৪৮ টা বলত কৰিলে ৬৯ ৰাণ। ৪০০ ৰো অধিক ৰাণৰ বৰষুণ হ'ল বৰ্ষাপাৰাত।

এতিয়া পুনৰ পৰৱৰ্তী মেচৰ বাবে প্ৰস্তুতি চলোৱা সময়। গুৱহাটীত দৰ্শকে যিদৰে মৰম দিলে, যিদৰে সফলতাৰে অনুষ্ঠিত কৰাত সহায় কৰিলে সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই যে অসমে পুনৰ এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত কৰাৰ সুযোগ পাব সেয়া নিশ্চিত।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ শীৰ্ষ নেতৃত্বৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ আছে সু-সম্পৰ্ক। সভাপতি সৌৰভ গাংগুলীৰ সৈতে দেৱজিৎ শইকীয়াই ক্ৰিকেট খেলিছিল। এতিয়াৰ বি চি চি আইৰ সচিব জয় শ্বাহৰ সৈতেও আছে সু সম্পৰ্ক।

এইসকলো দিশ বাদ দিও অসমৰ ক্ৰিকেটীয় আন্তঃগাঁথনি যে বিশ্ব মানৰ সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে। দেশৰ আন ঠাইৰ ক্ৰিকেট অনুৰাগীত কৈ যে অসমৰ ক্ৰিকেট অনুৰাগী কোনো গুণে কম নহয় সেই কথাও প্ৰমাণ হৈছে। টিকটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অসমৰ ক্ৰিকেট অনুৰাগীয়ে।

সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি দেৱজিৎ শইকীয়াই ক'লে- অসমত টেষ্ট মেচ অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে। যদি সেয়াই হয় তেন্তে অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে সেয়াও হৈ পৰিব বিশেষ।

ইতিমধ্যে আই পি এলৰ ৰাজস্থান ৰয়েলছ ফ্ৰঞ্চাইজিয়ে অসমক তেওঁলোকৰ হোম গ্ৰাউণ্ড হিচাপে ঘোষণা কৰিছে। কোভিডৰ ভয়াবহতা নহাহ'লে ২০২০ তেই অসমত আই পি এলৰ মেচ উপভোগ কৰাৰ সুযোগ পালে হয় অসমৰ ক্ৰিকেট অনুৰাগীয়ে।

পৰৱৰ্তী সময়ত যে অসমত আই পি এলৰ মেচ অনুষ্ঠিত হ'ব সেয়াও প্ৰায় নিশ্চিত। অসম ক্ৰিকেট সন্থায়ো এই বিষয়ে চিন্তা চৰ্চা কৰি আছে। অসমৰ বাবে এয়াও এক যোগাত্মক খবৰ।

ইতিমধ্যে অসমৰ ক্ৰিকেট আন্তঃগাঁথনি উন্নতিৰ বাবে অসম ক্ৰিকেট সন্থাই প্ৰতিখন জিলাতে ষ্টেডিয়াম নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। কোভিডৰ মাজতো জিলাই জিলাই অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰিছিল বহুকেইখন ষ্টেডিয়াম।

জিলাই জিলাই অনুষ্ঠিত কৰা এনে ষ্টেডিয়ামে অসমৰ ক্ৰিকেট প্ৰতিভাৰ সন্ধান কৰাত যথেষ্ট সহায় ইতিমধ্যে কৰিছে। সন্থাই ঘৰুৱা ক্ৰিকেটাৰক প্ৰদান কৰিছে যথেষ্ট সুবিধা। এনে প্ৰেক্ষাপটত অসম ক্ৰিকেট সন্থাৰ এই পদক্ষেপ তথা ভূমিকাক শলাগ ল'বই লাগিব।

দেওবাৰৰ মেচখনৰ দৰেই অসম ক্ৰিকেট সন্থাই পুনৰ অনুষ্ঠিত কৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে মেচ। বিশ্বৰ ক্ৰিকেট প্ৰেমীয়ে দেখক অসমৰ ক্ৰিকেট অনুৰাগীৰ পাৰ ভঙা উৎসাহ, উদ্দিপনা। সৰু-সুৰা ভুলবোৰ নিশ্চিয় শুধৰণি হ'ব। অসম ক্ৰিকেট সন্থাই তেওঁলোকৰ এই সফলতাৰ ধাৰা অব্যাহত ৰাখাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in