সতীৰ্থ মন্ত্ৰীৰ সম্পত্তিৰ হিচাপ বিচাৰি মুখ্যমন্ত্ৰীৰ পত্ৰ...

চিঠি লিখিবলৈ মানুহে পাহৰাৰ দৰেই। চিঠি, ডাকঘৰৰ প্ৰয়োজনীয়তা এতিয়া স্বাভাৱিক জীৱনত নহলেও চলি যায়। তেনে এখন গোপনীয় চিঠি ঘটনা ক্ৰমে প্ৰায় পাঁচ বছৰ পূৰ্বে আমাৰ হাতত পৰিছিল। 

author-image
Asomiya Pratidin
New Update
সতীৰ্থ মন্ত্ৰীৰ সম্পত্তিৰ হিচাপ বিচাৰি মুখ্যমন্ত্ৰীৰ পত্ৰ...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment


চিঠি লিখিবলৈ মানুহে পাহৰাৰ দৰেই। চিঠি, ডাকঘৰৰ প্ৰয়োজনীয়তা এতিয়া স্বাভাৱিক জীৱনত নহ'লেও চলি যায়। তেনে এখন গোপনীয় চিঠি ঘটনা ক্ৰমে প্ৰায় পাঁচ বছৰ পূৰ্বে আমাৰ হাতত পৰিছিল। 

খাৰঘুলীলৈ এটা ঘৰলৈ বিশেষ বাতৰিৰ বাবে যাওঁতে সেই চিঠিখন চকুত পৰিছিল। ঘৰটোত অলেখ অসম আন্দোলন আৰু অন্যান্য বিষয়ক নথি-পত্ৰৰে ভৰি আছিল। কিয়নো সেই ঘৰটো আছিল অ সম আন্দোলনৰ এসময়ৰ শক্তিশালী নেতা আৰু পৰৱৰ্তী সময়ৰ অসমৰ গৃহমন্ত্ৰী ভৃগুকুমাৰ ফুকনৰ ঘৰ। 

২০ মাৰ্চ ২০০৬ ত ভৃগু ফুকনৰ মৃত্যুৰ পিছত ঘৰটোত বাস কৰিছিল তেওঁৰ পত্নী ইন্দিৰা ফুকন আৰু তেওঁৰ কন্যা উপাসা ফুকনে। উপাসাই দেউতাকে সযত্নে সাঁচি থোৱা সেই সম্পদবোৰ এফালৰ পৰা দেখুৱাই গৈছিল। 

পৰৱৰ্তী সময়ত উপাসাও এই পৃথিৱী এৰি গুছি গ’ল। তেতিয়া উপাসাই দেখুওৱা এখন সৰু চিঠি এতিয়া প্ৰাসংগিক হৈ থকা বুলি অনুভৱ হয়। ভৃগু ফুকনলৈ ৪ মে’ ১৯৮৭ ত এই চিঠিখন লিখিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। 

প্ৰথমেই গোপনীয় বুলি উল্লেখ কৰা এই চৰকাৰী চিঠিখনৰ নম্বৰ আছিল ৩/১৯৮৭। ৫১ নং জালুকবাৰী সমষ্টিৰ বিধায়ক তথা তদানীন্তন গৃহমন্ত্ৰী ভৃগু ফুকনলৈ মহন্তই লিখিছিল-

যোৱা ২-৩-১৯৮৭ ইং তাৰিখৰ ৩/৮৭ চিঠি মৰ্মে আপুনি দাখিল কৰা স্বাৱৰ/অস্থাৱৰ সম্পত্তিৰ খতিয়ানৰ তলত উল্লেখ কৰা আসোঁৱাহ কেইটা পৰিলক্ষিত হৈছে। সেয়েহে এই চিঠি পোৱাৰ এসপ্তাহৰ ভিতৰত উক্ত আসোঁৱাহ সুধৰাই দিবলৈ জনোৱা হ’ল।

১) ১নং ফৰমৰ ১১ নং কলমত মাটি আৰু গৃহৰ পৰা পোৱা মুঠ বছৰেকীয়া আয় দেখুওৱা নাই। 
২) ২ (গ) ফৰমত ১ নংৰ পৰা ৭নংলৈ কলম ভৰ্তি কৰা নাই। 
বিষয়টো জুৰৰী বুলি গণ্য কৰে যেন। 

ইতি ভৱদীয়
প্ৰফুল্ল কুমাৰ মহন্ত

এনে চিঠি বাৰু এতিয়া বিধায়ক মন্ত্ৰীলৈ মুখ্যমন্ত্ৰীয়ে লিখে নে নাই? মন্ত্ৰী, বিধায়ক হৈ সম্পত্তিৰ হিচাপ চৰকাৰীভাৱে দিব লাগে। সেই নিয়ম পালন কৰিব লাগে চৰকাৰী বিষয়াই।

সেয়া জানো এতিয়া সঁচা অৰ্থত হয়? ভৃগু কুমাৰ ফুকনলৈ প্ৰফুল্ল মহন্তই লিখা এই চিঠিখনৰ স্মৃতি সোঁৱৰি ক’ব মন যায়- আলাউদ্দিনৰ চাকি এতিয়া মন্ত্ৰী বিধায়ক, বিষয়াৰ হাতে হাতে। নিজেই গঢ়া সম্পত্তিৰ পাহাৰত ডুব গৈ থাকে নেতাসকল। 

সম্পত্তিৰ সঠিক তথ্য বিচাৰি হয়তো সেই সময়ত মহন্তই লিখাৰ দৰে চিঠিহে নাযায় আজিৰ নেতা, মন্ত্ৰীৰ ঠিকনাত। সেয়েহে এই স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ সঠিক হিচাপ দিবলগীয়া নহয় তেওঁলোকে। তেনে কোনো হেঁচা নোপোৱাৰ বাবেই আয় বৰ্হিভূত সম্পত্তিৰ নামে, বেনামে কৰিবলৈ চিন্তা কৰিব নালাগে।

ভৃগু কুমাৰ ফুকনৰ গাত অৱশ্যে তেনে কোনো কেলেংকাৰীৰ দাগ নালাগিল। ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আৰু জনপ্ৰিয় হোৱাৰ বাবেই হয়তো ভৃগু ফুকনলৈ মহন্তই লিখিছিল সেই চিঠি। ফুকন নিকা হৈ থাকি গ'ল, দুৰ্নীতিৰ বোকা আৰু কেলেংকাৰীৰ দাগ মহন্তৰ বগা পোছাকত লাগিল পৰৱৰ্তী সময়ত। সেয়েহে এই চিঠিক লৈ ৰাজনীতিৰ সমীকৰণ থাকিব পাৰে বুলি বিচাৰ- বিশ্লেষণ কৰিলেও মুখ্যমন্ত্ৰীৰ আসনত বহি তেনে চিঠি লিখাৰ প্ৰয়োজন আছিল তেতিয়াও, আজিও।

তৰুণ গগৈও লিখা নাছিল তেনে চিঠি তেওঁৰ সতীৰ্থ মন্ত্ৰী- বিধায়কলৈ। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো লিখা নাই তেওঁৰ সতীৰ্থ মন্ত্ৰী- বিধায়কলৈ এইধৰণৰ চিঠি। প্ৰয়োজন আছিল আৰু আছে এনে চিঠিৰ। অৱশ্যে সেই চিঠি লিখিবলৈ নিজেও ওলাই ল'ব লাগিব কাঁচ ঘৰৰ পৰা। হ'ব লাগিব নিকা আৰু সৎ। 

জনপ্ৰতিনিধিসকলৰ দুই, এজনক বাদ দি সকলোৱেই এতিয়া হয় মহাধনী। কোটি কোটি টকা আহে তেওঁলোকৰ হাতলৈ বিভিন্ন উৎসৰ পৰা। চৰকাৰী বিষয়াক ভাল স্থানত নিযুক্তি দিবলৈ এখন ভাল বজাৰ মেলি বহি থাকে ক্ষমতাশালী নেতা। খোদ পালি নেতাৰ হাততেই এতিয়া লাখ লাখ টকা। 

হাতত ধনৰ বাণ্ডিল লৈ ফটো উঠাই পালি নেতাই। ধনী নহ'লে ৰাজনীতি মিছা। নিৰ্বাচন মানেই কোটি কোটি টকাৰ খৰচৰ বেহা। চকু দিওঁতা নাই তেওঁলোকৰ ওপৰত। নেতা দায়বদ্ধ কেৱল নিজৰ ৰাজনৈতিক কেৰিয়াৰক লৈ। আজিৰ নেতা ব্যস্ত কেৱল কেনেদৰে দুই হাতেৰে চপাব পাৰি ধন তাক লৈ।

চিঠি প্ৰফুল্ল মহন্ত