/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/ooooo-face.jpg)
মৃদুল কুমাৰ সন্দিকৈ
খবৰ আহিল, সোণ নাহিল। হতাশ কিন্তু কোনো হোৱা নাই। সদায়ে তেওঁ শ্ৰেষ্ঠ। প্ৰতিদিনেই অভিলেখ গঢ়ে, অভিলেখ ভাঙে। দৌৰৰ পৃথিৱীত তেওঁ এক নতুন বিস্ময়। লক্ষ্য তেওঁৰ পদক নহয়, দূৰন্ত গতিৰে বতাহ ফালি আগুৱাই যাওঁতে সফলতাৰ সেই সুনাম নিজে আহি তেওঁৰ হাতত ধৰা দিয়ে। দুহাত তুলি সেইবোৰ আকোৱালি লওঁতে তেওঁৰ মনত পৰে অতীতলৈ। নাম হিমা দাস। আজি জাকাৰ্টাত তেওঁ নামিছিল যুদ্ধত। সফলতা আহিল। দেশবাসীৰ বহু দিনীয়া আশা পূৰণ কৰিলে। ইমান দিনে শূন্য হৈ থকা দৌৰৰ সেই পৃথিৱীখনত তেৱেঁই সম্ৰাজ্ঞী। দেশৰ শ্ৰেষ্ঠ দৌৰৰাণী।
দেওবাৰ। নিজৰ বাবে এটা বন্ধৰ দিন। কিন্তু আজি এই দেওবাৰ উৎসৰ্গিত হ'ল হিমাৰ নামত। টি ভিৰ সন্মুখত বহি সকলোৱে অপেক্ষা কৰিছিল কেতিয়া হ'ব সেই মহাৰণ। দুভৰিৰে যুঁজি পাৰিবনে আনিব হিমাই সুখৰ বতৰা। জাকাৰ্টাৰ স্থানীয় সময় তেতিয়া ৭ বাজিছিল। ভাৰতত আবেলি ৫.৩০। এগৰাকী দুগৰাকীকৈ আহি ৮গৰাকী খেলুৱৈ আহি সোমাল ষ্টেডিয়ামত। ৩ নম্বৰ লেনত ৰ'লহি অসমৰ 'উৰন্ত কন্যা'। ৫ নম্বৰ লেনত বাহাৰেইনৰ নাছেৰ ছালৱা। সকলোৰে দৃষ্টি তেতিয়া দুয়োৰে ওপৰত। শনিবাৰেই আচলতে হৈ গৈছিল ফাইনেল। ৪০০ মিটাৰ এছিয়ান গেমছৰ ছেমি ফাইনেলৰ ফলাফলেই যেন আছিল চূড়ান্ত ফলাফল! খালী সলনি হ'ল সময়ৰ ব্যৱধান।
'দৌৰ হিমা দৌৰ'- অসমৰ আকাশ-বতাহত তেতিয়া কেৱল এই ধ্বনি। জাকাৰ্টাত হিমায়ো শুনিছিল সেই চিঞৰ! কোবাল গতিত হিমা আগবাঢ়িছিল। সন্মুখত কি আছে চাবলৈ হিমাৰ হাতত সময় নাছিল। অৱশেষত থমকি ৰ'ল হিমাৰ ভৰি। ভবা মতে নহ'ল বুলি আক্ষেপ কৰিবলগীয়া তেতিয়া একো নাছিল। ১৮ বছৰীয়া হিমাই আৰম্ভ কৰা এই কেৰিয়াৰত ইটোৰ পিছত সিটো সফলতা। ৫০.৭৯ ছেকেণ্ডত হিমাই ৪০০ মিটাৰ অতিক্ৰম কৰি আন এক অভিলেখ ৰচিলে। ২২ ঘণ্টা পূৰ্বে নিজেই গঢ়িছিল অভিলেখ। আৰু সেই ৰাষ্ট্ৰীয় অভিলেখ নিজেই ভাঙিলে।
ৰেকৰ্ড গঢ়িবলৈ আৰু ভাঙিবলৈকেই যেন হিমাৰ জন্ম। বাহৰেইনৰ নাছেলে শনিবাৰে ৫০.৮৬ ছেকেণ্ডত ৪০০ মিটাৰ অতিক্ৰম কৰিছিল। হিমাই দেওবাৰে সেই দূৰত্ব অতিক্ৰম কৰোতে ল'লে ৫০.৭৯ ছেকেণ্ড। ছেমি ফাইনেলত নাছেলৰ প্ৰয়োজন হোৱা সময়তকৈ ফাইনেলত হিমাই কম সময় লৈছিল। কিন্তু নাছেলে ৫০.০৯ ছেকেণ্ডতে দেওবাৰে দৌৰ সামৰিলে। নাছেলৰ হাতত এছিয়ান গেমছৰ ৪০০ মিটাৰ (মহিলা) দৌৰৰ সোণৰ পদক।
ব্যৱধান মাথো ০.৭০ ছেকেণ্ডৰ। দ্বিতীয় স্থানত থমকি ৰ'ল হিমা। কিন্তু এয়াও কম প্ৰাপ্তি নহয়। নগাঁৱৰ কান্ধুলীমাৰীৰ দৰে এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ জাকাৰ্টাত উজ্বলি উঠা হিমাৰ এই প্ৰাপ্তি তেওঁৰ প্ৰতিভাৰ অন্য এক স্বীকৃতি। ফিনলেণ্ডতেই আচলতে আৱিষ্কাৰ হৈছিল হিমাৰ। তাৰপূৰ্বে কেইজনে জানিছিল হিমাক? ল'ৰাৰ সৈতে বল খেলা ছোৱালীজনীয়ে এনেদৰে বিশ্বৰ মজিয়াত ভাৰতক উজ্বলাব বুলি কোনেনো ভাবিছিল তেতিয়া?
সেইদিনা ফিনলেণ্ডৰ পৰা আহিছিল খবৰ। খবৰটো পাই সুখী হৈছিল সকলো। এনে খবৰ কেতিয়াও অহা নাছিল। ভাৰতৰ মহিলা এথলেটিকৰ বাবে আছিল এয়া সপোন। অসমতে নহয়, বিশ্বজুৰি চলিছিল হিমাৰ বন্দনা। বলিউডৰ ছুপাৰ ষ্টাৰৰ মুখতো শুনা গৈছিল হিমাৰ সফলতাৰ কাহিনী। আনন্দৰ সেই সুখানুভূতিত বুৰ গৈছিল স্বয়ং ৰাষ্ট্ৰপতি। ফিনলেণ্ডৰ টেম্পেৰে চহৰত সকলো অবাক হৈ পৰিছিল। ক'ৰ পৰা আহিল এইজনী বিশ্বৰ দৌৰৰাণী! ট্ৰেকত নামিছিল ৰাৱাণ্ডা, আমেৰিকা, কেনিয়া, জামাইকা, কানাডা, অষ্ট্ৰেলিয়া, ইটালী আদিৰ ক'ত সম্ভাৱনাময়ী পৰী।
কোনে জানিছিল বিশ্বৰ এই সফল দৌৰৰাণীক পিছ পেলাই তেওঁৱেই কাঢ়ি আনিব ২০ বছৰ অনূৰ্ধ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ স্বৰ্ণ পদক? পদক লিখা আছে হিমাৰ নামত! নভবা কথাবোৰে সম্ভৱ কৰিবলৈকে হিমাৰ দৰে প্ৰতিভাৰ জন্ম। নগাঁৱৰ কান্ধুলীমাৰীৰ সেই সাধাৰণ ছোৱালীজনীয়ে সকলোকে বিস্মিত কৰি দিছিল। প্ৰমাণ কৰি দিছিল প্ৰতিভাৰ মৰণ নাই। দুবছৰৰ আগৰলৈকে যিবোৰ কথা আছিল সপোন।
পথাৰত বোকা-পানী খচকি ডাঙৰ হোৱা ছোৱালী আছিল হিমা। তাৰ পাছত এই সফলতাৰ যাত্ৰা এক সাধুকথাৰ কাহিনীৰ দৰে। যি কাহিনীৰ নায়িকা আমাৰ হিমা। ৫১.৪৬ ছেকেণ্ডহে লাগিছিল তেওঁক সেইদিনা ফিনলেণ্ডত এই নতুন ইতিহাস লিখিবলৈ। ৰেটিনা ষ্টেডিয়ামত ১২ জুলাই ২০১৮ৰ নিশা ১০.৪০ মিনিটত দুভৰিৰে লিখিছিল- সেইদিনা ট্ৰেকত তেওঁতকৈ শ্ৰেষ্ঠ কোনো নাছিল।
হিমা এক নাৰী শক্তিৰ প্ৰতীক। কোনে কয় নাৰী অৱলা? হিমাই আজি উজ্বলাইছে অসমৰ নাম। জাকাৰ্টাত উজ্বলাইছে দেশৰ নাম। এছিয়ান গেমছত এইবাৰ উজ্বলি উঠিছে এগৰাকীৰ পাছত আনগৰাকী ভাৰতীয় নাৰী। শ্বুটিঙত সোণৰ পদক লাভ কৰিছে ৰাহি ছানোৱাৰ্ডে। মল্লযুঁজত শ্ৰেষ্ঠত্ব অৰ্জন কৰি বীনেশ ফ'গাটে দেশবাসীক উপহাৰ দিলে সোণৰ পদক। অপূৰ্বি চান্দিল্য, জ্যোৎস্না চিনাপ্পা, দীপিকা পাল্লিকাল, হিনা সিদ্ধু, অংকিতা ৰাইনা, ৰশ্বিমিনা দেৱী, দিব্যা কাকৰান আদিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।
হিমাই কি পদক পাইছে সেয়া গুৰুত্বপূৰ্ণ নহয়। দিনক-দিনে হিমাই নিজৰ প্ৰদৰ্শন উন্নত কৰিছে। পদক পোৱাৰ পাছত হিমাই পাহৰি পেলোৱা নাই অসমক। কান্ধত সেই গোমাচাখন আৰু ৰাষ্ট্ৰীয় পতাকাখন লৈ অভিবাদন গ্ৰহণ কৰিছে। ভাৰতৰ নাৰী শক্তিৰ এক নতুন ৰূপত উজ্বলি উঠিছে আজি। তাৰ অংশীদাৰ হৈছে অসমৰ নাৰী। শিক্ষা দিশতো অসমৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত সফলতা বুটলিছে। দেশৰ বহু প্ৰতিযোগিতামূলক পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে ছাত্ৰীয়ে।
'বেটি বচাও, বেটি পঢ়াও' শ্লগান দিয়া দেশত নাৰী শক্তিৰ এনে উত্থান লক্ষণীয়। আন এক গুৰুত্বপূৰ্ণ কথা হ'ল- ভিতৰুৱা অঞ্চলৰ পৰা গৈ বিশ্বৰ মঞ্চত কম সময়ৰ ভিতৰতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সুযোগ পোৱাতো। এইকেইদিন অসম তথা ভাৰত হিমাময় হৈ আছিল। হিমাক বাদ দি যেন কোনো কথাই ভাবিবই নোৱাৰি। এছিয়ান গেমছত হিমাই পোৱা পদকটোৱেই হিমাৰ শেষ লক্ষ্য নহয়। হিমাৰ কেৰিয়াৰ আৰম্ভ হৈছেহে। সন্মুখত আছে অলিম্পিক। তাৰ বাবে পৰিকল্পিত প্ৰস্তুতি আৰু উপযুক্ত প্ৰশিক্ষণ পালে হিমাই আৰু বেছি সফলতা আজুৰি আনিব পাৰিব।
আকাশেইতো হিমাৰ শেষ লক্ষ্য। এই দূৰন্ত ছোৱালীজনীয়ে কেৱল উৰি থাকিব খোজে। তাইৰ ভৰি দুটাত থকা গতি কেতিয়াও থমকিব নোখোজে। ফিনলেণ্ডৰ পৰা ইণ্ডোনেছিয়ালৈ মাজত খুব কম সময়। তাৰ মাজতেই হিমাই ভাঙিলে ৰাষ্ট্ৰীয় অভিলেখ। এছিয়ান গেমছত ৰচিলে ইতিহাস। 'হিমা' নামৰ এই অধ্যায় নাৰী শক্তি তথা দেশৰ উঠি অহা ক্ৰীড়া প্ৰতিভাধাৰীসকলৰ বাবে আদৰ্শ হ'ব। কেৱল এয়াই নহয়, হিমাই আন এক বিশ্বাস আমাক দি গ'ল। সেয়া হ'ল– কোনো কামেই অসম্ভৱ নহয়।
সাধাৰণতে ভাৰতৰ দৰে এখন দেশত ক্ৰিকেটেই খেল বুলি ভবা হয়। ক্ৰিকেটাৰ মানেই খেলৰ ঈশ্বৰ! তেওঁলোকেহে যেন ধৰি ৰাখিছে বিশ্বত ভাৰতৰ নাম। সেই ধাৰণাক সলনি কৰি হিমাই দৌৰি জগত জিনিছে। দেশবাসীৰ হৃদয়ত স্থান পাইছে হিমাই। এতিয়া কোহলি, তেণ্ডুলকাৰ, ধোনীতকৈ হিমাৰ কথা বেছি চৰ্চা হৈছে দেশবাসীৰ মাজত। এয়াও এক ডাঙৰ সফলতা।
অসমৰ খবৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে নিদিয়ে বুলি বদনাম আছে। কিন্তু হিমাৰ খবৰ দিবলৈ বাধ্য হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ৰিয়েলিটি শ্ব'ৰ বিষয় হৈছে হিমা। অসমৰ নগাঁৱৰ কান্ধুলীমাৰীৰ নাম এতিয়া দেশে জানে। অথচ দিল্লীলৈ বহু দূৰ বুলি অনুভৱ কৰা অসম তথা উত্তৰ-পূব বাসীক আচৰিত কৰি দিল্লী, মুম্বাইতে অসমৰ পৰা যোৱা লোকক সোধে- অসম ক'ত? আজি তেওঁলোকেই হয়তো হিমাক লৈ গৌৰৱ কৰিছে। সোধা নাই হিমা নামৰ ছোৱালীজনী জন্ম হোৱা অসম ভাৰতৰ ভিতৰত নে বাহিৰত? হিমাৰ সফলতাই যেন সেই ধাৰণাও সলনি কৰি দিছে। দৌৰি ভাগৰি নপৰা হিমাই দৌৰিয়েই থাকক।
সন্মুখত আৰু বহু সুযোগ আছে হিমাৰ। ২০০ মিটাৰ দৌৰত হিমাই এছিয়ান গেমছতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জাকাৰ্টাত। তাৰ বাবেও হিমা সাজু হ'বৰ হ'ল। জাকাৰ্টাৰ পৰা অহা এই ভাল খবৰক লৈ আশাবাদী খোদ প্ৰধানমন্ত্ৰী। হিমাক টুইটাৰযোগে অভিবাদন জনাইছে। বলিউডৰ বহু শিল্পীয়ে হিমাৰ সফলতাত সুখ ব্যক্ত কৰিছে। আগতে হিমা আছিল কান্ধুলীমাৰীৰ এজনী সাধাৰণ ছোৱালী। আৰু আজিৰ হিমা দেশবাসীৰ নয়নৰ মণি। সকলোৰে চিনাকী।
হিমাৰ এই উত্তৰণ এক ক্ৰীড়া সত্তাৰ সঠিক উদ্গীৰণ। দুহাত মেলি অসমৰ হিমাই মুক্ত বিহংগৰ দৰে বিশ্ব জয় কৰক। পদকৰ চৰ্ত হিমাৰ ওচৰত নাই। ট্ৰেকত হিমা নামিলেই সকলোৱে কেৱল চিঞৰক- 'হিমা হিমা'। এছিয়ান গেমছত হিমাই সোণ নে ৰূপ পাইছে, সেয়া আলোচ্যৰ বিষয় নহয়। সকলোৱে বিচাৰিছিল সোণেই পাব হিমাই। তেওঁ নিজৰখিনি উজাৰি দিছিল।
ফলাফল সোণ বা ৰূপ যিয়েই নহওঁক, হিমা আগবাঢ়ি গৈছে। ইখনৰ পাছত সিখন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বখিনিক উজাৰি দৌৰিছে। হিমা এতিয়া স্বাভিমানৰ প্ৰতীক হৈ পৰিছে। এতিয়া হিমাক বাদ দি বেলেগ একো কথাই ভাবিব নোৱাৰি! হিমাৰ সফলতা তেওঁৰ সাধনাৰ ফল। একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফচল এয়া। সীমা অতিক্ৰম কৰি হিমা আগবাঢ়ি গৈছে। ৰূপৰ পদক হাতত তুলি হিমাই কৈছে- 'এয়া মোৰ বাবে অবিস্মৰণীয় মুহূৰ্ত।'
দেশবাসীৰ বাবেও এয়া এক ঐতিহাসিক মুহূৰ্ত। দেশৰ সৰ্বত্ৰে এতিয়া হিমাৰ জয়গান। দেশৰ এথলেটিক ক্ষেত্ৰখনক হিমাই দিছে নতুন প্ৰাণ। হিমাই দিছে নতুন সন্মান। হিমাই হয়তো অনুভৱ কৰিব নোৱাৰিব তেওঁৰ এই সফলতাৰ খবৰৰ বাবে আমাৰ আগ্ৰহ আছিল কিমান। চাব্বাচ হিমা! অভিনন্দন হিমা।