/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/fake-news-special.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
যিবোৰ 'খবৰ' খবৰ হ'ব লাগে, সেইবোৰ খবৰ 'খবৰ' নহয় আজি। এই যে 'খবৰ' হ'ব লগা 'খবৰ'বোৰ খবৰ নহয়, সেইটোৱেই এতিয়া এটা 'খবৰ'।
সোণালী ব্ৰেণ্ডে, বহুতৰে প্ৰিয় অভিনেত্ৰী। হঠাৎ আহিল এই খবৰ। খবৰ দিওতাজনো এলা-পেছা মানুহ নহয়। নাম তেওঁৰ ৰাম কদম। টুইটাৰ হেণ্ডলত শুকুৰবাৰে নিজেই শ্বেয়াৰ কৰিছিল হোৱাটছএপ মেছেজৰ এটা স্ক্ৰীণ শ্বট। য'ত লিখা আছিল- 'হিন্দী আৰু মাৰাঠা চিনেমা শাসন কৰা অভিনেত্ৰী সোণালী ব্ৰেণ্ডে আৰু নাই।' মহাৰাষ্ট্ৰৰ তেওঁ এজন দায়িত্বশীল জনপ্ৰতিনিধি। বিজেপিৰ এই বিধায়কজনৰ খবৰ মুহূৰ্তৰ ভিতৰতে ছ'চিয়েল মিডিয়াত সহস্ৰজনে শ্বেয়াৰ কৰিলে। কান্দি উঠিল বহুতৰে হৃদয়। প্ৰিয় অভিনেত্ৰী সোণালী ব্ৰেণ্ডে আৰু নাই। পিছতহে গম পোৱা গ'ল, নিউয়ৰ্কত চিকিৎসাধীন হৈ আছে 'হম সাথ সাথ হে', 'দিল জ্বলে', 'ভাই', জিচ দেশ মে গংগা ৰেহতা হে', 'তেৰা মেৰা সাথ ৰহে', 'কল হো না হো' আদি ছবিৰ নায়িকাগৰাকী।
বেমাৰ হৈছে। কিন্তু জীয়াই থকা এগৰাকী অভিনেত্ৰীক কেইটামান মুহূৰ্তৰ বাবে হ'লেও মাৰি পেলালে এটা খবৰে। পত্নীৰ মৃত্যুৰ খবৰ ভাইৰেল হৈ পৰাৰ পাছত স্বামী গল্ডী বেহেলে পুনৰ এটা টুইট কৰি জনাব লগা হ'ল- সোণালী ব্ৰেণ্ডে অৰ্থাৎ তেওঁৰ পত্নী জীয়াই আছে!
জেক মা, 'আলিবাবা' নামৰ অনলাইন বিক্ৰেতা প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক। হঠাৎ খবৰ ওলাল অৱসৰ ল'লে জেক মাই। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত ওলাই গ'ল এই খবৰ। হাঁহাকাৰ লাগিল চৌদিশে। এই খবৰ সেই প্ৰতিষ্ঠানটোৰ বাবে সৰু খবৰ নাছিল। ব্যৱসায়ৰ লাভ-লোকচানৰ কথা জড়িত হৈ আছিল ইয়াৰ সৈতে। প্ৰতিষ্ঠানটোৰ পৰা স্পষ্টিকৰণ দিব লগা হ'ল- 'আলিবাবা'ৰ পৰা অৱসৰ লোৱা নাই জেক মাই। এয়া মিছা খবৰ। আমাক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত সংবাদমাধ্যমেও দিছিল এই খবৰ।
চৌদিশে হিমা, হিমা, হিমা। হিমাক জাকাৰ্টাত সফলতাৰ বাবে ৰাজ্য চৰকাৰে ১.৬০ কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰেও দিছিল যথেষ্ট ধন। হঠাৎ কোনোবাই উলিয়াই দিলে খবৰ- কৃষক নেতা অখিল গগৈয়ে কৈছে, হিমাই এই ধন বানাক্ৰান্তক দি দিব লাগে। ছ'চিয়েল মিডিয়াতে প্ৰচাৰ হৈছিল এই খবৰ। অখিল গগৈক সমালোচনাৰে থকা-সৰকা কৰিলে বহুজনে। অখিল গগৈক সোধা হ'ল- সঁচাই কৈছিল নে তেওঁ এনে কথা? অখিল গগৈয়ে এই কথা গমকে নাপায়। তেওঁৰ নামত কোনোবাই চলাইছিল এই প্ৰচাৰ। কি উদ্দেশ্যত এই প্ৰচাৰ চলাইছিল, সেয়া জনা জনে জানে, বুজা জনে বুজে। অখিল গগৈয়ে স্পষ্ট কৰি দিব লগা হ'ল- এনে কথা তেওঁ কেতিয়াও কোৱা নাই। এয়া তেওঁৰ নামত চলা অপপ্ৰচাৰ।
১০ ছেপ্টেম্বৰ, ২০১৮। দেশৰ বিৰোধী দল কংগ্ৰেছে আহ্বান দিছিল মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভাৰত বন্ধ। ৯ ছেপ্টেম্বৰত ছ'চিয়েল মিডিয়াত বিয়পিল আন এক খবৰ। উঠাই লৈছে কংগ্ৰেছৰ এই বন্ধ। আনকি এটা সংবাদ মাধ্যমৰ ল'গ' ব্যৱহাৰ কৰি বিয়পাই দিলে খবৰটো। পিছত গম পোৱা গ'ল সেয়া কোনো চক্ৰই ইচ্ছাকৃতভাৱে চলাইছিল এই প্ৰচাৰ।
ৰাখি বন্ধনৰ দিনাও আহিছিল এনে খবৰ। এগৰাকী মুছমান সম্প্ৰদায়ৰ নেতাক এগৰাকী হিন্দু সম্প্ৰদায়ৰ মহিলাই ৰাখি পিন্ধোৱাৰ ফটো। তাৰ লগতে আন এখন ফটো প্ৰচাৰ কৰা হৈছিল ব্যাপকভাৱে। য'ত মহিলাগৰাকীক সেই নেতাজনে বলাৎকাৰ কৰি হত্যা কৰা বুলি খবৰ বিয়পোৱা হৈছিল। পিছত গম পোৱা গ'ল, এয়া আছিল আন এক অপপ্ৰচাৰ।
এইবোৰ যোৱা কেইদিন মানত প্ৰচাৰ হোৱা 'খবৰ' হ'ব নলগীয়া খবৰ। ডকমকাত তেনে এক খবৰেই প্ৰাণ লৈছিল দুজন যুৱকৰ। সেয়াও আছিল মিছা খবৰৰ পৰিণাম। অঞ্চলটোত বিয়পি পৰিছিল সোপাধৰা ওলাইছে। সৰু ল'ৰা-ছোৱালীক ফুচুলাই ধৰি লৈ যায়।
আচলতে এইবোৰ উৰাবাতৰি। বিভিন্ন কাৰণত এই খবৰবোৰ কোনো এক চক্ৰই বিয়পাই দিয়ে। আৰু আমি সেইবোৰক লৈ ব্যস্ত হৈ পৰো। পূৰ্বতে এনে খবৰ খুব লাহে লাহে বিয়পিছিল। এতিয়া ছ'চিয়েল মিডিয়াৰ কৃপাত এই খবৰ মুহূৰ্ততে চহৰ-নাগৰ, গাঁৱৰ পৰিসীমা অতিক্ৰম কৰি বিশ্বজনীন হৈ পৰে।
এই উৰাবাতৰিবোৰক নিয়ন্ত্ৰণ কৰিবলৈ ছ'চিয়েল মিডিয়া কেনেদৰে সংযত আৰু দায়িত্বশীল ৰূপে গঢ়ি তুলিব পাৰি তাৰ চিন্তা-চৰ্চা কৰিব লগা হৈছে। ইয়াৰ ফলতেই হোৱাটছএপৰ দৰে জনপ্ৰিয় ছ'চিয়েল মিডিয়াৰ কিমানজনলৈ একেটা বাৰ্তা একেসময়তে প্ৰেৰণ কৰিব পাৰিব তাক নিৰ্ধাৰিত কৰি দিব লগা পৰিস্থিতিও হৈছে।
উৰাবাতৰিৰো এক উৎস থাকে।উৰাবাতৰিৰো থাকে উদ্দেশ্য। এই খবৰবোৰেৰে বিভিন্নজনে বিভিন্ন স্বাৰ্থ সিদ্ধি কৰে। উৰাবাতৰিক লৈ চলা এক সমীক্ষাত উল্লেখ কৰা হৈছে যে, বেছি সংখ্যক উৰাবাতৰি অজ্ঞাত উৎসৰ পৰা সৃষ্টি হয় যদিও, এই বাতৰিয়ে সমাজত ব্যাপক প্ৰভাৱ পেলায়। ই কেতিয়াও ইতিবাচক হ'ব নোৱাৰে। এই খবৰবোৰে মানুহৰ মন শংকিত কৰে, বহুতৰ প্ৰাণ লয়, আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰে আৰু কিছু লোকৰ মনত দুখ দি যায়।
উৰাবাতৰিক লৈয়ে বহু বাতৰি হয়। কেতিয়াবা এনে এক পৰিস্থিতি সৃষ্টি হয় যে, উৰাবাতৰিৰ কৱলত বহু সঁচা বাতৰি মানুহে বিশ্বাস নকৰে। উৰাবাতৰি বুলিয়ে সেইবোৰ সঁচা বাতৰিও বতাহত হেৰাই যায়। বিমুদ্ৰাকৰণৰ পাছত আন এক খবৰ দেশৰ প্ৰান্তে প্ৰান্তে বিয়পিছিল। ৰাষ্ট্ৰীয় চেনেলবোৰেও সেই খবৰ গুৰুত্বসহকাৰে প্ৰকাশ কৰিছিল। সেইটো আছিল- ২০০০টকীয়া নোটত চিপছ আছে। কোনোবাই ২০০০টকীয়া নোট ক'ৰবাত লুকাই থলে, সেই নোট চৰকাৰে ইচ্ছা কৰিলেই বিচাৰি উলিয়াব পাৰে। পিছত সেই খবৰো মিছা প্ৰমাণিত হ'ল।
কল্পনা আৰু বাস্তৱৰ আধাৰত উৰাবাতৰিসমূহ সৃষ্টি কৰে। আচলতে উৰাবাতৰি সৃষ্টি কৰোতাজনে মানুহৰ মাজত এই খবৰ এনেদৰে এৰি দিয়ে যে, মুহূৰ্তৰ বাবে এই খবৰবোৰ সঁচা যেনেই লাগে। বিচাৰ, বিশ্লেষণ, উৎসৰ সন্ধান নকৰিলে সেইবোৰ মিছা বুলি প্ৰমাণ কৰা টান। বাস্তৱৰ সৈতে কল্পনাক সংমিশ্ৰিত কৰি এই বাতৰিসমূহ সৃষ্টি কৰা হয়।
উৰাবাতৰিৰ শেষ কেতিয়াও নহয়। কিন্তু উৰাবাতৰিয়ে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে উৰাবাতৰিৰ পৰা সাৱধান হোৱাৰ বাদে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই। সাম্প্ৰতিক সময়ত খবৰ বিয়পোৱা বহু মাধ্যম হৈছে। সেই মাধ্যমবোৰৰ জৰিয়তে কোনো এক খবৰ বহুলোকৰ মাজলৈ লৈ যাব পাৰি। এই খবৰবোৰৰ জৰিয়তে কিছু নিৰ্দিষ্ট সংখ্যক লোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰে আৰু আন একাংশই বাতৰিৰ পিছত দৌৰে।
কোনবোৰ খবৰ 'খবৰ' হ'ব লাগে? কেতিয়াবা মানুহ মৰিলেও খবৰ নহয়। মৰিয়েই থাকে মানুহ। আন কেতিয়াবা কুকুৰ এটা মৰিলেও ডাঙৰ খবৰ হয়। কিয়নো এতিয়া বহু সময়ত মানুহবোৰ কুকুৰৰ দৰে আৰু কুকুৰবোৰ মানুহৰ দৰে হৈ পৰিছে। বলিউদত বহু নায়িকাৰ মিছা প্ৰেমৰ খবৰেৰে কাকতৰ পৃষ্ঠা ভৰাই পেলোৱাৰ উদাহৰণ আছে। এইবোৰ খবৰৰূপী মিছা কাহিনীৰ বিষয় যাক লৈ খবৰ সৃষ্টি কৰা হয়, তেওঁ একোৱেই গমকে নাপায়।
আচলতে খবৰে বিশ্বাসযোগ্যতা লাহে লাহে হেৰুৱাই পেলাইছে। কিবা খবৰ পোৱাৰ পাছতো তাক সত্য বুলি গণ্য কৰিব পৰাকৈ এতিয়া পৰিৱেশ নাই। এটা দিন আছিল, বাতৰি কাকতত প্ৰকাশ হোৱা মানেই সঁচা খবৰ বুলি মানুহে বিশ্বাস কৰিছিল। সেই পৰিৱেশ আৰু বিশ্বাস আজি মানুহৰ মাজত নাই। উৰাবাতৰিয়ে এতিয়া এনেদৰে হেঁচি ধৰেহি যে, কোনবোৰ খবৰ সঁচা, কোনবোৰ খবৰ মিছা তাৰ সত্যতা নিৰূপন কৰিবলৈ টান হয়।
এনে দোমোজাৰ মাজত খবৰৰ এই বিশ্বাসহীনতা আৰু উৰাবাতৰিৰ প্ৰভাৱে আমাক বাৰুকৈয়ে আক্ৰান্ত কৰিছে। চৰ্চিত আৰু ভাইৰেল হৈ পৰা উৰাবাতৰিৰ বিপৰীতে বহু উৰাবাতৰিৰ খবৰ আমি নোপোৱাকৈয়ে ৰৈ যায়। অথচ সেইবোৰ খবৰে সমাজ তথা একো একোটা অঞ্চলত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলায়। এতিয়া সমাজৰ বাবে এই উৰাবাতৰিবোৰ হৈ পৰিছে ডাঙৰ প্ৰত্যাহ্বান।
কিছুমান মানুহ আছে, চিলনীয়ে কাণ নিলে বুলি ক'লে নিজৰ কাণখন চুই নাচাই, চিলনীৰ পাছত দৌৰে। আজি-কালি উৰাবাতৰিয়ে তেনে পৰিৱেশেই সৃষ্টি কৰিছে। উৰাবাতৰি কেতিয়াও শেষ নহয়। উৰাবাতৰি কেতিয়াও নকমে। উৰাবাতৰিয়ে আমাক সংকটত পেলাবলৈ চেষ্টা কৰিবই।
কিন্তু চিলনীয়ে কাণ নিলে বুলি ক'লে আমি চিলনীৰ পাছত দৌৰিম নে নিজৰ কাণখন চুই চাম সেই সিদ্ধান্ত ল'ব লাগিব নিজেই। আৰু যিবোৰ মানুহে খবৰবোৰ পঢ়ে বা পায়, তেওঁলোকেও খবৰ এটা পোৱাৰ পিছত চিলনীয়ে কাণখন নিলে নেকি এই ধৰণে তেওঁলোকে খবৰটোৰ সত্যাসত্য নিৰূপণ কৰা তথা বিচাৰ দায়িত্বও আছে। কিছুমান খবৰ এইকাৰণে মানুহৰ মাজত বিয়পাই দিয়া কিয়নো সেইবোৰ খবৰ ব্যাপক চৰ্চা হয়।