/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/spcl-main-wrtng-face-pics-hj.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু
গুৰুদেৱ মহেশ্বৰা ।
গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম
তষ্ময়ে শ্ৰী গুৰুৱে নম:॥
গুৰু। গুৰু বুলি ক'লেই শতকোটি নমস্কাৰ। ভগৱান সদৃশ গুৰু। গুৰুৱে যি কয়, শিষ্যই সেয়ে মানে। গুৰু থাকে ভক্তৰ হৃদয়ত। গুৰুৰ বাবেই আঙুলি কাটি দক্ষিণা দিছিল একলব্যই। গুৰুৱে কেতিয়াও শিষ্যৰ বেয়া হোৱাতো নিবিচাৰে।
এইবাৰ মুখ্যমন্ত্ৰীৰ মুখত গুৰুৰ নাম শুনা গ'ল। ২৩ অক্টোবৰত অসমৰ ৬০টা জাতীয় দল-সংগঠনে অসম বন্ধৰ আহ্বান দিছিল। অসমৰ জাতীয় স্বাৰ্থ আৰু খিলঞ্জীয়া লোকৰ অধিকাৰ খৰ্ব হ'ব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে এই বন্ধৰ আহ্বান দিছিল। বন্ধলৈ ৰাজ্যবাসীয়ে আগবঢ়াইছিল ভাবিব নোৱাৰা সহযোগ।
ৰাজ্যবাসীয়ে বিৰোধ কৰিলেও বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এই জাতি বিদ্বেষী বিধেয়কখন গৃহীত কৰিবলৈ উঠি-পৰি লাগিছে এক চক্ৰ। তাত হাত উজান দিয়া সকলে হিন্দুত্ববাদৰ দৰ্শনেৰে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা অসমলৈ হিন্দু বাংলাদেশী অনাৰ পক্ষত থিয় দিছে। তাৰ বিৰোধিতা কৰিছে খিলঞ্জীয়া ৰাইজে।
এদিন জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি নেতৃ্ত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰে নিৰ্বাচনৰ সময়ত বিদেশী অসমৰ পৰা খেদাম বুলি সগৰ্বে ঘোষণা কৰিছিল। আনকি দিল্লীৰ পৰা অহা ৰাষ্ট্ৰীয় বিজেপি নেতৃত্বই কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতেই অসমৰ পৰা অবৈধ বিদেশী বাংলাদেশী টালি-টোপোলা বান্ধি গুচি যাব লাগিব বুলি হুংকাৰ দিছিল।
এই হুংকাৰত আশ্বস্ত হৈছিল ৰাইজ। দীৰ্ঘদিন ধৰি অসমক বিদেশী সমস্যাই জ্বলা-কলা খুৱাই আহিছে। অসমৰ জনগাঁথনি, সমাজ জীৱন সলনি কৰি দিছে অবৈধ অনুপ্ৰৱেশে। অসম আন্দোলন তাৰেই পৰিণতি আছিল। আন্দোলন শেষ হ'ল, আন্দোলনকাৰীসকল মন্ত্ৰী হ'ল। কিন্তু অসমৰ পৰা বিদেশী নগ'ল।
সেই আন্দোলনকাৰী সকলৰ প্ৰতি মোহভংগ হোৱাৰ পাছত জাতীয় নায়কৰ আসনত থোৱা সৰ্বানন্দ সোণোৱালৰ প্ৰতি অসমৰ ৰাইজৰ আছিল যথেষ্ট ভৰসা। তাকেই মূলধনৰূপে লৈ ৰাজ্যবাসীক আৱেগিক কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ ৰাইজৰ পৰা আস্থা বুটলিছিল। ৰাইজে ভাবিছিল- বিজেপি চৰকাৰ আহিল যেতিয়া অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব।
সময় অতিবাহিত হ'ল। এদিন-দুদিনকৈ কেন্দ্ৰত বিজেপিয়ে গঠন কৰা মোডী নেতৃত্বাধীন চৰকাৰে ৫বছৰীয়া কাৰ্যকাল অন্ত পৰিব ২০১৯ত। বাংলাদেশীয়ে টোপোলা বান্ধিছে। অসমত নহয়, বাংলাদেশত। সেই সকলক আদৰিবলৈ আৰু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে সাংবিধানিক আনুষ্ঠানিকতা পূৰণ কৰিবলৈ নাগৰিকত্ব আইন সংশোধনৰ দায়িত্ব লৈছে মোডী চৰকাৰে। ইয়াত পূৰ্ণ সমৰ্থন আগবঢ়াইছে বিজেপিৰ ৰাজ্যিক নেতৃত্ব তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সৌসেইদিনালৈকে অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি অহা কোনো সিদ্ধান্ত গ্ৰহণ নকৰো বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী এতিয়া নিমাত। দিল্লী সাজু নাগৰিকত্ব সংশোধনী বিধেয়ক শীতকালীন অধিবেশনত উত্থাপন কৰি তাক আইনত পৰিণত কৰিবলৈ। ইয়াৰ জড়িয়তে ১ কোটিৰো অধিক অবৈধ হিন্দু বাংলাদেশী ভাৰতীয় নাগৰিক হৈ পৰিব ৰাতিটোৰ ভিতৰতে।
বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ বাবে এক দুঃখবৰ। সেয়েহে মাৰবান্ধি ৰাইজ প্ৰতিবাদত নামিছে। কিন্তু যিসকলে জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কৈছিল, সেইসকলে সকলো দেখিও নেদেখা ভাও জুৰিছে। আনুষ্ঠানিকভাৱে এই বিধেয়কখনৰ পক্ষত থিয় দি ৰাইজৰ আৱেগত আঘাত হানিছে। জাতি-মাটিৰ কথা তেওঁলোকে পাহৰি গ'ল। তেওঁলোকৰ মুখত এতিয়া পাৰ্টী আৰু হিন্দু বাংলাদেশীৰ কথা।
২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ প্ৰায় তিনিটা দিন নিমাতে থকাৰ পাছত ২৫ অক্টোবৰত মুখ খুলিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জাতীয় অস্তিত্বৰ প্ৰতি অহা এই ভাবুকি সন্দৰ্ভত লখিমপুৰৰ এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ক'লে- 'এইখন অসম সদায় সুৰক্ষিত হৈ থাকিব। আশংকাত ভোগিব নালাগে কোনেও। গুৰুসকলৰ আদৰ্শৰে অসমৰ অস্তিত্ব সুৰক্ষিত কৰা হ'ব।'
লখিমপুৰৰ শিপিনী সমাৰোহত ২৫ অক্টোবৰ, ২০১৮ অৰ্থাৎ বৃহস্পতিবাৰে এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। তেওঁ ক'লে- কোনো আশংকাত ভুগিব নালাগে। জাতি-মাটি-ভেটি আৰু অসমৰ অস্তিত্ব তেওঁ ৰক্ষা কৰিব গুৰুসকলৰ আদৰ্শৰে।
এতিয়া প্ৰশ্ন হয়- কোনজন গুৰুৰ আদৰ্শৰে তেওঁ এই দায়িত্ব পালন কৰিব? ৰাজনৈতিকভাৱে তেওঁৰ আছে কেবাজনো গুৰু। ৰাইজে দেখিছিল সংসদ ভৱনৰ সন্মুখত তেওঁ ৰাজনৈতিক গুৰু ৰূপে হয়তো অৰুণ জেটলীক ভৰি চুই সেৱা কৰিছিল এদিন। এয়া সংস্কাৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে অমিত শ্বাহো তেওঁৰ ৰাজনৈতিক গুৰুৱে। আনহাতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও তেওঁৰ গুৰু সদৃশেই।
আধ্যাত্মিকভাৱে কৃষ্ণগুৰুৰ শিষ্য মুখ্যমন্ত্ৰী। সেয়া তেওঁৰ ব্যক্তিগত বিষয়। কিন্তু অসমৰ জাতি-মাটি-ভেটিৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনজন গুৰুৰ আদৰ্শৰে তেওঁ আগবাঢ়িব সেয়া ইয়াত স্পষ্ট নহ'ল। বিজেপি দলৰ মুখ্যমন্ত্ৰী হিচাপে মোহন ভাগৱত তেওঁলোকৰ আদৰ্শৰ গুৰু। হিন্দুবাদৰ পথ প্ৰদৰ্শক। এইসকল গুৰুৰ আদৰ্শৰে যদি তেওঁ অসমৰ জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা ভাবিছে তেনেহ'লে সেয়া কি হ'ব পাৰে অসমৰ ৰাইজে গম পাইছে।
ইতিমধ্যে অমিত শ্বাহে দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজেপি কাৰ্যনিৰ্বাহকত ঘোষণা কৰিছে- নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ তেওঁলোক সাজু। একেদৰে সাজু আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দলীয় সিদ্ধান্তত সহমত আছে অৰুণ জেটলীৰ। যিখন বিধেয়কৰ বাবে অসমজুৰি সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত হৈছে, এই বিধেয়কখনৰ পক্ষত আছে মুখ্যমন্ত্ৰী সোণোৱালৰ ৰাজনৈতিক গুৰুসকল।
জাতি-মাটি-ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া স্পষ্ট কৰিব পৰা নাই তেওঁৰ স্থিতি। বৰঞ্চ তেওঁ এক ধূসৰ প্ৰতিচ্ছবি ৰাইজৰ সন্মুখত দাঙি ধৰিছে। য'ত আছে অসহায়তা। লখিমপুৰত মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰা ভাষণত দেখা পোৱা গ'ল প্ৰথম বাৰৰ বাবে এক উষ্ম সুৰ। সাধাৰণতে অতি নৰম আৰু সৰলভাৱে তেওঁ আৰু তেওঁৰ চৰকাৰক সমালোচনা কৰিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰীৰ এই সুৰত তেওঁৰ ফেচীবাদৰ এক প্ৰৱণতাৰ প্ৰাথমিক লক্ষণ ফুটি উঠিল।
হয়তো মুখ্যমন্ত্ৰীৰ আধ্যাত্মিক গুৰুৱেও কোনোদিনে তেওঁক এই সংকটপূৰ্ণ সময়চোৱাত কি আদৰ্শৰে আগবাঢ়িব লাগিব তাৰ দিহা দি যোৱা নাই। দেহাৱসান ঘটা কৃষ্ণগুৰু অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আধ্যাত্মিক গুৰুৰ আদৰ্শৰ কথা ইয়াত নাহে।
অসমীয়া জাতিৰ বৰভেটি স্থাপন কৰা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱো আমাৰ গুৰু। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমীয়া সমাজ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰাই। সাহিত্য-সংস্কৃতি, ধৰ্ম আৰু দৰ্শনেৰে গুৰুজনাই অসমীয়া জাতিৰ লাইখুটা স্থাপন কৰি গৈছিল।
মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে- এই গুৰু দুজনাই এই সংকটপূৰ্ণ সময়ৰ বিধান কতো দিয়া নাই। কেতিয়াও কতো কৈ যোৱা নাই যে, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা, ভেটি-মাটিৰ প্ৰতি ভাবুকি আহিলে তোমালোকে চুবুৰীয়া বাংলাদেশৰ পৰা হিন্দু বাংলাদেশীক লৈ আহিবা।
সেয়েহে এতিয়া প্ৰশ্ন হৈছে- মুখ্যমন্ত্ৰীয়ে কোনজন গুৰুৰ আদৰ্শৰে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব বিচাৰিছে। মুখেৰে স্পষ্টকৈ একো নকৈ গুৰুজনাৰ আদৰ্শৰ গইনাৰে তেওঁ কেনেদৰে এই বিধেয়কৰ বিৰোধিতা কৰিব বা ৰাইজৰ পক্ষত থিয় দিব তাৰ উত্তৰ তেওঁৰ মন্তব্যত নাই।
কেৱল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে- শংকাৰ কাৰণ নাই। গুৰুজনাৰ আদৰ্শৰে তেওঁ জাতিক ৰক্ষা কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জনজীৱনলৈ ভাবুকি অনা সময়ত দৃঢ়তাৰে তেওঁ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাইজৰ হৈ মাত মাতিব লাগিছিল। সেই স্থিতিত অৱস্থান লোৱাৰ সলনি বিষয়টোৰ পৰা আতৰি থাকি পূৰ্বে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া দোহাৰিছে গুৰুৰ আদৰ্শৰ বচন।
তেওঁ স্পষ্ট কৰি নিদিলেও, ৰাইজে যি বুজি পাবা লাগে পাইছে। ৰাইজৰ পক্ষত এতিয়া তেওঁ নাই। তেওঁ আছে তেওঁৰ ৰাজনীতি গুৰুৰ পক্ষত। হয়তো সেই আদৰ্শৰে তেওঁ জাতি-মাটি-ভেটি ৰক্ষাৰ ভুৱা প্ৰতিশ্ৰুতি আকৌ এবাৰ দিছে। গুৰুজনাৰ আদৰ্শৰে অসমৰ অস্তিত্ব ৰক্ষাৰ মিছা সপোন দেখুৱাই ভিতৰি ৰাজনৈতিক গুৰুসকলৰ শ্ৰুতলিপি মানি লৈছে।
জাতীয় নায়কৰ আসনত থোৱা অসমৰ ৰাইজে সেয়েহে তেওঁক এতিয়া সুধিব খোজে- 'আপুনি কৈছে, এইখন অসম সদায় সুৰক্ষিত হৈ থাকিব। আশংকাত ভোগিব নালাগে কোনেও। গুৰুসকলৰ আদৰ্শৰে অসমৰ অস্তিত্ব সুৰক্ষিত কৰা হ'ব। কিন্তু কোনজন গুৰুৰ আদৰ্শৰে অসমক সুৰক্ষিত কৰিব সেই কথা নক'লে।'