উত্তৰকাশীত প্ৰকৃতিয়ে নিমিষতে ল'লে ৰুদ্ৰ ৰূপ

বিপদ আহে। কিন্তু এই বিপদ কেতিয়া, কেনেকৈ আহে সেই কথাহে কোনেও নাজানে। স্বাভাৱিক জীৱনৰ ছন্দ ছেকেণ্ডতে নোহোৱা হৈ যাব বুলি কোনেও নাজানে।

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA (21)

ভাস্কৰ শৰ্মা

Advertisment

বিপদ আহে। কিন্তু এই বিপদ কেতিয়া, কেনেকৈ আহে সেই কথাহে কোনেও নাজানে। স্বাভাৱিক জীৱনৰ ছন্দ ছেকেণ্ডতে নোহোৱা হৈ যাব বুলি কোনেও নাজানে। 

যাৰ ফলত মুহূৰ্ততে একোজন মানুহ, একোটা পৰিয়াল অথবা একোখন ঘৰলৈ নিমিষতে নামি আহে কাল অমানিশা। বিপদৰ কথা কোনেও নাজানে; কিয়নো বিপদে নিদিয়ে কোনো আগজাননী। 

৫ আগষ্ট ২০২৫। উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হ’ল ডাৱৰ বিস্ফোৰণৰ ঘটনা। যি ঘটনাই মুহূৰ্ততে সলাই পেলালে উত্তৰকাশীৰ মানচিত্ৰ। 

সলাই পেলালে হাঁহি থকা মানুহবোৰৰ জীৱন। পানীৰ ঢৌৱে নিমিষতে উটুৱাই নিলে ভালেসংখ্যক লোকক। শিল- মাটি আৰু পানীৰ ঢলে উটুৱাই নিলে কাৰোবাৰ আপোন ঘৰখন। মুহূৰ্ততে উটি গ’ল বহুজনৰ কেঁচা সপোন। 

কোনেনো ভাবিছিল- এনেকৈয়ে যে কাৰোবাৰ সপোনবোৰ চূৰমাৰ হৈ যাব বুলি ! কিন্তু সময় আৰু নিয়তিয়ে যে নামানে কাৰোৰে বাধা, নুশুনে কাৰোৰে অনুৰোধ। ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত যেন সকলো অসাৰ !

উত্তৰকাশীৰ ধৰালী গাঁৱত প্ৰকৃতিৰ তাণ্ডৱ সৃষ্টিকাৰী এই ডাৱৰ বিস্ফোৰণে প্ৰাণ কাঢ়িলে ৪জন লোকৰ। একেদৰে ১২ জন লোকক নিমিষতে ধ্বংসস্তূপৰ তলত পুতি পেলায়। 

কেৱল ইমানেই নহয়, একে সময়তে নিৰুদ্দেশ হৈ পৰিছে ৬০ জন লোক। পানীৰ কোবাল সোঁতত উটি গৈছে বহুকেইগৰাকী লোক। 

যাৰ ফলত সমগ্ৰ দুৰ্যোগ সন্দৰ্ভত স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । আতংকিত হৈ পৰিছে লোকসকল । সমান্তৰালকৈ ক্ষতিসাধন হৈছে বহু বাসগৃহৰ ।

ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি, বহু হোটেলত পানী সোমাই পৰিৱেশ বিনস্ত কৰাৰ লগতে আচবাবৰো ক্ষতিসাধন কৰিছে । ইয়াৰোপৰি, জলপৃষ্ঠ বৃদ্ধিৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ধৰালী বজাৰ এলেকা ।

প্ৰকৃতিৰ এই তাণ্ডৱলীলাৰ খন্তেক পাছতে সাহায্য আৰু উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযানৰ । সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈছে আৰক্ষী, এছ ডি আৰ এফ আৰু সেনাৰ দল । ইফালে, সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলো জনতাক নদীৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে । 

দুৰ্ঘটনাৰ শেহতীয়া খবৰ অনুসৰি, ঘটনাস্থলীত জৰুৰীকালীন সেৱা, এম্বুলেন্স সেৱা, স্বাস্থ্যকৰ্মী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিছে। তাৰোপৰি গুৰুতৰভাৱে আঘাত পোৱা সকলক স্থানীয় চিকিৎসালয়লৈ এম্বুলেন্সযোগে প্ৰেৰণ কৰিছে। 

আনহাতে এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও শোক প্ৰকাশ কৰিছে। ধৰালী অঞ্চলত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড ক্ষতিৰ খবৰটো অতি দুখজনক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰোপৰি সমগ্ৰ ঘটনা সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত থকাৰ লগতে পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে এই ঘটনাৰ পাছতে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে বৃহত্তৰ এলেকাটোত। হাই ৰিস্ক জ'ন হিচাপে ঘোষণা কৰিছে এলেকাটো।

সৰ্বসাধাৰণ ৰাইজক বিপদৰ এই সময়ছোৱাত সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে। বিনা কাৰণত ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ অনুৰোধ জনাইছে।

একে সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াকো কয় যে, আজিৰ এই ঘটনাটো এই কাৰণে সংঘটিত হৈছে যে. কম সময়ৰ ভিতৰত প্ৰচণ্ড বৰষুণ আহিলে ডাৱৰ বিস্ফোৰণ ঘটে। গতিকে বিজুলী ঢেৰেকণিৰ বিকট শব্দ কৰ্ণপাত হ'লেই ঘৰৰ ভিতৰতে নিৰাপদ স্থানত অৱস্থান কৰিব লাগে। মুঠৰ ওপৰত আজিৰ এই অনাকাঙ্খিত আৰু অবাঞ্চিত প্ৰাকৃতিক দুৰ্যোগে সমগ্ৰ দেশবাসীকে মৰ্মাহত কৰিছে।  

প্ৰাকৃতিক দুৰ্যোগ উত্তৰাখণ্ড