বিৰাটৰ চকুপানী : আহমেদাবাদত উৰিল আৰ চি বিৰ বিজয়ৰ নিচান

চকুপানী কেতিয়াবা সুখত ওলায়, কেতিয়াবা দুখত ওলায়। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দু-নয়নৰ চকুলো দুগালে বাগৰি আহিল বিৰাট কোহলিৰ। এই চকুপানী ১৮ বছৰীয়া অপেক্ষাৰ। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
rcb

ভাস্কৰ শৰ্মা

Advertisment

চকুপানী কেতিয়াবা সুখত ওলায়, কেতিয়াবা দুখত ওলায়। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দু-নয়নৰ চকুলো দুগালে বাগৰি আহিল বিৰাট কোহলিৰ। এই চকুপানী ১৮ বছৰীয়া অপেক্ষাৰ। 

বহু ককৰ্থনা, সমালোচনা, তিক্ততাৰে ভাৰাক্ৰান্ত কৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক খিতাপ জয়ৰ আনন্দই সুখৰ চকুলোৰে ওপচাই পেলাইছে আজি। সময়বোৰ এনেকৈয়ে আহে। তাৰ বাবে লাগে অপেক্ষাৰ বান্ধ, অসীম ধৈৰ্য আৰু সাহস। 

এবছৰ, দুবছৰ নহয়; সুদীৰ্ঘ ১৮টা বছৰৰ অপেক্ষাৰ অন্তত আজি আৰ চি বি আই পি এলৰ চেম্পিয়ন হ’ল। এই প্ৰাপ্তিসুখৰ অনুভৱ হয়তো প্ৰাপ্যজনেহে কৰিব পাৰে ! আজি সুখী বহু অনুৰাগী, সমৰ্থক তথা প্ৰাক্তন আৰ চি বিয়ানসকল। 

সমানে সুখী প্ৰতিজন আৰ চি বিৰ খেলুৱৈ – কৰ্মকৰ্তা। বিশেষকৈ খিতাপ জয়ৰ প্ৰাক মূহুৰ্তত বিৰাট কোহলিৰ সেই আৱেগিক সময়খিনিয়ে সকলোৰে অন্তৰ চুই গৈছে। 

আন দিনাৰ দৰে বিজয় উদযাপন কৰা কোহলিয়ে আজি চকু চলচলীয়া কৰি কেৱল কান্দিছে আৰু কান্দিছে। হয়তো অপেক্ষাৰ অৱসান ঘটাই যেতিয়া প্ৰাপ্তি ধৰালৈ নামি আহে, তেতিয়াই হয়তো এনেদৰে আনন্দঅশ্ৰু স্বতঃস্ফূৰ্তভাৱে নিগৰি আহে !

আজি আছিল আই পি এল ২০২৫ৰ ফাইনেল। খিতাপ জয়ৰ যুঁজত অৱতীৰ্ণ হৈছিল দুই মহাশক্তি পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। 

নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বে ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল উভয় দলৰ অনুৰাগী আৰু সমৰ্থক। সৰহ সংখ্যকে আছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সমৰ্থক। ষ্টেডিয়ামৰ প্ৰতিটো গেলেৰী ৰঙীণ হৈ পৰিছিল ৰঙা ৰঙেৰে। তাৰ মাজতে সম্পন্ন হৈছিল টছ। 

টছৰ ফলাফলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পৰাস্ত হৈছিল। পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে লৈছিল ফিল্ডিঙৰ সিদ্ধান্ত। বিপৰীতে পোনতে বেট ধৰাৰ বাবে আমন্ত্ৰণ লাভ জনাইছিল আৰ চি বিক।

নিয়ৰৰ টোপালেৰে মুকুতা হৈ পৰা ষ্টেডিয়ামৰ ঘাঁহনিত বলে ছুইং কৰাৰ কথা আগেয়ে জানিছিল আৰ চি বিৰ বেটাৰে। তথাপি পূৰ্বৰে পৰা যি কোনো প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ সাজু হৈ আছিল আৰ চি বিৰ বেটাৰসকল।

সময়ত খেলপথাৰলৈ দলৰ ইনিংছ মুকলি কৰিবলৈ আহিছিল বিৰাট কোহলি আৰু ফিল ছল্ট। সকলো ঠিকেই আছিল। গেলেৰীৰ পৰা উচ্চাংগ সুৰত ভাহি আহিছিল আৰ চি বি... আৰ চি বি... ধ্বনি। 

হঠাৎ যেন স্তব্ধ হৈ পৰিল সেই সুৰ। তেতিয়া আৰ চি বিৰ স্ক’ৰ ব’ৰ্ডত ৰান আছিল ১৮। বিৰাট কোহলিৰ সংগ এৰি পেভিলিয়নমুখী হ’ল নিৰ্ভৰযোগ্য বেটাৰ ফিল ছল্ট। ৯টা বলত ১৬ ৰান কৰি কাইল জেমিছনৰ বলত শ্ৰেয়াছ আয়াৰৰ হাতত কেচ দি বিদায় ল’লে ছল্টে। 

আৰ চি বিৰ অনুৰাগীৰ মনত আৰম্ভ হ’ল দুখ- আৰু শোক। খন্তেকৰ বাবে কাহ পৰি জীণ গ’ল ষ্টেডিয়ামৰ পৰিৱেশ। তাৰ বিপৰীতে পঞ্জাৱৰ সমৰ্থকৰ হৰ্ষোল্লাস দুগুণে চৰিল। তথাপি ক্ৰিজত থকা কোহলিক লৈ সকলো আশাবাদী।

ছল্টৰ বিদায়ৰ পাছত ক্ৰিজলৈ আহিল মায়ংক আগৰৱাল। বিৰাট কোহলিৰে যুটি বান্ধি দলৰ ইনিংছ কিছু দূৰ আগুৱাই নিলে যদিও মায়ংকেও বৰ বেছি সময় কোহলিক দিব নোৱাৰিলে। পূৰ্বৰ সতীৰ্থ আজিৰ প্ৰতিদ্বন্দ্বী যুজবেন্দ্ৰ চহলৰ ঘূৰ্ণীপাকত অৰ্শদীপৰ হাতত কেচ তুলি দি মায়ংকেও বিদায় ল’লে। মায়ংকৰ অৱদান ২৪ ৰানৰ।

ক্ৰমান্বয়ে আশা টুটি আহিছিল আৰ চি বিৰ। বিপৰীতে ইতিহাস ৰচাৰ দিশে আগবাঢ়ি গৈ আছিল পঞ্জাৱ কিংছ। তেতিয়ালৈকে পঞ্জাৱৰ সমৰ্থক, খেলুৱৈ সকলোৰে মুখত হাঁহি আৰু হাঁহি। 

এনদৰে মেচ আগুৱাই গৈ আছে। আৰ চি বিৰো এজন এজনকৈ উইকেট গৈ আছে। বিধিৰ বিপাক ব্যক্তিগত ৪৩ ৰান কৰোতে ওমৰজাইৰ বল পেভিলিয়মুখী হয় বিৰাট কোহলি। 

কোহলিৰ বিদায়ৰ পাছতে গেলেৰীত কাহ পৰি জীণ যোৱা পৰিৱেশে বিৰাজ কৰিলে। সকাহ পালে প্ৰতিপক্ষ পঞ্জাৱে। আৰু কাৰো ক্ষমতা নাই মেচ হাতৰ পৰা নিয়াৰ- এই মনোভাবেৰে সকলোৰে মুখত বিজয় প্ৰাপ্তিৰ হাঁহি।

কিন্তু ক্ৰিকেট যে অনিশ্চিয়তাৰে ভৰা খেল। ক্ৰিকেটত শেষ বলটোলৈকে জয়- পৰাজয় নিৰ্ণয় কৰাটো বৰ কঠিন। এনেদৰে ১৯০ ৰানত ইনিংছ সামৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।

এইবাৰ প্ৰতিপক্ষ পঞ্জাৱৰ বেট ধৰাৰ পাল। বিজয় লক্ষ্য আগতলৈ খেলপথাৰলৈ আহিল সফল যুটি প্ৰিয়ংশ আৰ্য আৰু প্ৰভচিমৰণ সিং। 

দুয়োগৰাকী অ’পেনাৰে সুন্দৰকৈ দলৰ ইনিংছ আগুৱাই লৈ গৈ আছে। তাৰ বিপৰীতে মূৰৰ কামোৰণি বাঢ়ি গৈ আছে আৰ চি বিৰ বলাৰসকলৰ। কিদৰে অ’পেনিং যুটি ভাঙিব পাৰি তাৰ কৌশলত ব্যস্ত হৈ পৰিছে আৰ চি বিৰ বলাৰসকল। বিৰাট কোহলিয়েও ঘামেৰে মচিছে বল। বলাৰক দিছে টিপছ। তাৰ পাছতে হেজলউডৰ বলত ফিল ছল্টৰ হাতত কেচ দি বিদায় লয় প্ৰতিভাৱান বেটাৰ প্ৰিয়ংশ আৰ্য। তেওঁ মাত্ৰ ২৪ ৰান কৰিয়েই পেভিলিয়নমুখী হয়। 

আৰ্যৰ বিদায়ৰ লগে লগে পুনৰ গেলেৰীৰ পৰা ভাহি আহিল আৰ চি বি... আৰ চি বি ধ্বনি। এইবাৰ সেই ধ্বনিৰ যতি নপৰিল। এটা এটাকৈ তাচ পাতৰ দৰে খহিল পঞ্জাৱৰ বেটিং লাইন- আপ। 

অধিনায়ক তথা সফল বেটাৰ শ্ৰেয়াছ আয়াৰক মাত্ৰ ১ৰানতে বিদায় দিলে ৰেমাৰিঅ’ ছেফাৰ্ডে। বাউণ্ডেৰীৰ পৰা দুই জাপ মাৰি দৌৰ আহিল বিৰাট কোহলি। কোহলিৰ জাপ দেখি থমকি নৰ’ল আৰ চি বিৰ অনুৰাগীসকল। হাঁহি হাঁহি চিঞৰিলে আৰ চি বি, আৰ চি বি, বিৰাট- বিৰাট বুলি। ৰঙবোৰ আৰু ৰঙীণ হৈ পৰিছিল তেতিয়া।

আৰ চি বিৰ বলাৰসকলক প্ৰত্যাহ্বান জনোৱাৰ ক্ষমতা ক্ৰমান্বয়ে হেৰুৱাই পেলাইছিল প্ৰতিপক্ষৰ বেটাৰসকলে। ত্ৰাণকৰ্তাৰূপত আজি কোনো নাই পঞ্জাৱৰ শিবিৰত। 

মোহময়ী প্ৰীতি জিণ্টাৰ মুখতো অমাৱশ্যাৰ ৰং। এনেকৈয়ে নিশা নামি আহিছিল পঞ্জাৱৰ শিবিৰত। থমকি ৰৈছিল পঞ্জাৱৰ বিজয় ৰথ। ১৮৪ ৰানত স্তব্ধ হৈ পৰিছিল পঞ্জাৱ কিংছ। কিংছ হ’লেও সেয়া কাগজে- কলমেহে। কাৰ্যতঃ কাগজৰ বাঘৰ দৰে হৈ পৰিছিল পঞ্জাৱ শিবিৰৰ প্ৰতিজন সদস্য।

সাজঘৰত কান্দি উঠিছিল শ্ৰেয়াছ আয়াৰ। বিপৰীতে ২২ গজত আনন্দঅশ্ৰু নিগৰি আহিছিল বিৰাট কোহলিৰ। এনেকৈয়ে ১৮ বছৰীয়া অপেক্ষাৰ অৱসান ঘটাই শেষ হাঁহি মাৰি চেম্পিয়নৰ খিতাপ আজুৰি আনিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।

বিৰাট কোহলি আই পি এল