Advertisment

ৰাফেল নাডাল...

প্ৰৱেশ থাকিলে প্ৰস্থান থাকিবই। জন্মৰ পৰা মৃত্যুলৈকে মানুহে কৰি যায় বহু কাম। জীৱন যাত্ৰাত সন্মুখীন হয় নানা ঘাত- প্ৰতিঘাতৰ। উত্থান- পতন, সুখ- দুখ, হাঁহি- কান্দোনক সাঁৰথি কৰি চলি থাকে জীৱন যাত্ৰা

author-image
Asomiya Pratidin
New Update
ৰাফেল নাডাল

ভাস্কৰ শৰ্মা

Advertisment

প্ৰৱেশ থাকিলে প্ৰস্থান থাকিবই। জন্মৰ পৰা মৃত্যুলৈকে মানুহে কৰি যায় বহু কাম। জীৱন যাত্ৰাত সন্মুখীন হয় নানা ঘাত- প্ৰতিঘাতৰ। উত্থান- পতন, সুখ- দুখ, হাঁহি- কান্দোনক সাঁৰথি কৰি চলি থাকে জীৱন যাত্ৰা।

এখন সমাজত মানুহ কৰ্মৰ দ্বাৰাই জনমুখী হয়, চিনাকি লাভ কৰে। এই চৰাচৰ জগতত কৰ্মৰ দ্বাৰাই মানুহৰ ব্যক্তিত্ব জোখা হয়। যিয়ে যি কৰ্ম কৰে, সেই কৰ্মৰ দ্বাৰা তেওঁ পৰিচয় লাভ কৰে। 

কেৱল ইমানেই নহয়, চিনাকি অথবা পৰিচয় লাভ কৰিলেই মানুহ এজন কাৰোবাৰ বুকুৰ আপোন নহ’বও পাৰে। এক কথাত সৰ্বজনবিদিত হ’লেও জনপ্ৰিয় নহ’বও পাৰে।

ৰাফেল নাডাল। পেছাগতভাৱে এগৰাকী বিদেশী টেনিছ খেলুৱৈ। কিন্তু এই ৰাফেল নাডালৰো ভাৰতত আছে অপাৰ জনপ্ৰিয়তা। ভালেসংখ্যক ভাৰতীয়ৰ বকুৰ মণিকোঠাত স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে স্পেইনৰ এইগৰাকী তাৰকা খেলুৱৈয়ে।

হয়তো টেনিছ শিকি থকা বিশ্বৰ বহু শিশুৰ আদৰ্শ ৰাফেল নাডাল। স্পেইনত জন্মগ্ৰহণ কৰা ৰাফেল নাডাল আজি বিশ্ববাসীৰ মাজত এটা চিনাকি নাম। কাৰোবাৰ হৃদয়ত, কাৰোবাৰ নয়নৰমণি অথবা কোনো ন-শিকাৰুৰ আদৰ্শৰ এটি নাম ৰাফেল নাডাল।

২০ নৱেম্বৰ ২০২৪ বুধবাৰৰ দিনটো বিশ্ব টেনিছ ক্ষেত্ৰৰ বাবে হৈ ৰ’ব এটা স্মৰণীয় দিন। কিয়নো আজিৰ এই দিনটোতেই বিশ্ব টেনিছক বিদায় জনালে ২২ বাৰৰ গ্ৰেণ্ড শ্লাম বিজয়ী ৰাফেল নাডালে। 
এক আৱেগিক পৰিৱেশৰ মাজত তেওঁ বিশ্ববাসীক জনালে এই খবৰ। হয়তো কিছুমান সত্য মানি ল’বলৈ কঠিন যদিও ব্যৱহাৰিক অৰ্থত এই সত্য মানি ল’বই লাগিব। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টেনিছ খেলুৱৈ হ’ল বুলিয়েই যে তেওঁ অৱসৰ নল’ব তেনে কথা নাই। কিয়নো য’ত প্ৰৱেশ আছে ত’ত প্ৰস্থানো আছে।

অৱশ্যে বিদায়ী মেচ তেওঁৰ বাবে সুখকৰ নহ’ল। আশা কৰা ধৰণে কেৰিয়াৰৰ সামৰণি নপৰিল টেনিছ তাৰকা ৰাফেল নাডালৰ ৷ ডেভিছ কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ হৈ অংশগ্ৰহণ কৰা নাডালে নেদাৰলেণ্ডৰ বিৰুদ্ধে পৰাজয়বৰণ কৰে ৷ 

প্ৰতিদ্বন্দ্বী বোটিক ভান ডি জেণ্ডচুলপৰ বিৰুদ্ধে ৪-৬, ৪-৬ ছেটৰ ব্যৱধানত পৰাস্ত হয় ৰাফেল নাডাল। অৱশ্যে এনেহেন মহান খেলুৱৈক এখন মেচৰ পৰাজয়ৰ পৰিসংখ্যাৰে জুখিব নোৱাৰি। কিয়নো বিগত সময়ত তেওঁ বিশ্ব টেনিছক দিছে বহু উল্লেখনীয় উপহাৰ।

বিশ্বত তেওঁক 'লাল বজৰী কা বাদশ্বাহ' নামেৰে জনা যায়। জীৱনৰ অন্তিমখন পেছাদাৰী মেচ খেলাৰ পূৰ্বে ষ্টেডিয়ামত বাজি উঠিছিল ৰাষ্ট্ৰীয় সংগীত। লগে লগে ৰাফেল নাডালৰ দুচকুৰে নিগৰি আহিছিল চকুলো। 

আজিৰ পৰা আৰু তেওঁক টেনিছ ক’ৰ্টত নেদেখাৰ দুখত আৱেগিক হৈ পৰিছিল অনুৰাগীসকল। আৱেগঘন পৰিৱেশৰ মাজত সমাপ্ত হৈছিল মেচ। তাৰ পাছতে থোকাথুকি মাতেৰে অনুৰাগীক উদ্দেশ্যি অৱসৰী ভাষণ প্ৰদান কৰিছিল ৰাফেল নাডালে। নাডালৰ অশ্ৰুসিক্ত নয়ন প্ৰত্যক্ষ কৰি সেমেকি উঠিছিল ষ্টেডিয়ামত থকা দৰ্শকৰ।

উল্লেখ কৰা প্ৰয়োজন যে ৰাফেল নাডালৰ জন্ম হৈছিল ১৯৮৬ চনৰ ৩জুনত। স্পেইনৰ মেনাকৰ চহৰত তেওঁৰ জন্ম। মাতৃৰ নাম আছিল- আনা মাৰিয়া পাৰেৰা ফিমেনিয়াছ আৰু পিতৃৰ নাম- ছেবাষ্টিয়ান নাডাল হোমাৰ। এটা মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম। ঘৰতে খুড়াকে ধৰি অঙহী- বঙহীসকল আছিল খেলৰ লগত জড়িত একোজন ব্যক্তি। সেই সূত্ৰে তেওঁ ঘৰতে লাভ কৰিছিল ক্ৰীড়াৰ পৰিৱেশ।
ঘৰতে ক্ৰীড়াৰ পৰিৱেশ পোৱা ৰাফেল নাডালে ৮ বছৰ বয়সতে ১৩ বছৰ অনুৰ্ধ টেনিছ মেচ এখনত ভাগ লৈ জয়ী হৈছিল। একে সময়তে ফুটবলৰ প্ৰতিও তেওঁৰ আগ্ৰহ উপজিছিল যদিও পাছলৈ টেনিছতে তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰে।

টেনিছ আৰু ফুটবল খেলা ৰাফেলক সৰুতে দেউতাকে কৈছিল যে ইয়াৰে যিকোনো এবিধ খেলহে পছন্দ কৰাৰ কথা। দেউতাকৰ এই কথা শুনি ৰাফেলে বাছি লৈছিল টেনিছক। তাৰ পাছতে ১২ বছৰ বয়সত পুনৰ এখন টেনিছ মেচত অংশ লৈ জয়লাভ কৰে।

ইয়াৰ পাছত নাডালে ১৫ বছৰ বয়সৰ পৰাই বৃত্তিমূলক টেনিছত সোমাই পৰে। তাৰ লগে লগে ইণ্টাৰনেচনেল টেনিচ ফেডাৰেচন চমুকৈ আই টি এফৰ দুটা জুনিয়ৰ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০০২ চনৰ ২৯ এপ্ৰিলত ১৫ বছৰ ১০ মাহত তেওঁ ৰেম'ন ডেলগেড'ক পৰাজিত কৰি প্ৰথমখন এ টি পি মেচত বিজয় সাব্যস্ত কৰে। সেই সময়ত বিশ্ব ৰেংকিংত তেওঁৰ স্থান আছিল ৭৬২।

এনেদৰেই তেঁও টেনিছ ক্ষেত্ৰত আগুৱাই গৈ গৈ ২২ বাৰ গ্ৰেণ্ড শ্লাম জয় কৰিবলৈ সক্ষম হয়। ডেভচ কাপ, ফ্ৰেন্স অ’পেন, উইম্বলডন, ইউ এছ অ’পেন, অষ্ট্ৰেলিয়ান অ’পেন আদি আগশাৰীৰ প্ৰতিযোগিতাত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ৰাফেল নাডালে। 

ৰ’জাৰ ফেডৰাৰেৰ বিপৰীতে তেঁও ভালেকেইবাৰ কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল। দুয়োৰে মেচ মানেই যেন অনুৰাগীৰ বাবে এখন মহাযুঁজ, তেনে অনুভৱ হৈছিল। ৰোমাঞ্চকৰ হৈ উঠিছিল নাডাল বনাম ফেডৰাৰৰ মেচসমূহ।

বাস্তৱ জীৱনৰ সত্য মানি অৱশেষত টেনিছ জগতৰ পৰা বিদায় মাগিলে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টেনিছ খেলুৱৈগৰাকীয়ে। বিশ্ব টেনিছক দি গ’ল অনস্বীকাৰ্য অৱদান।

তেওঁৰ এই অৱদানৰ বাবে অনুৰাগী তথা সমৰ্থকসকলে সদায়ে মনত ৰাখিব। স্পেইনৰ তাৰকা ৰাফেল নাডালক ভাৰতবাসীয়েও অনগত দিনত মনত ৰাখিব তেওঁৰ কৰ্মৰ বাবে। সঁচা অৰ্থত কৰ্মৰ দ্বাৰাই মানুহে মানুহৰ কাষ চাপে। বুকুৰ এচুকত আলফুলে দখল কৰে নিজৰ স্থান।

ৰাফেল নাডাল টেনিছ