/asomiyapratidin/media/media_files/2025/02/23/AJkYWq8VOxeAqeL3vHt2.png)
এদিনীয়া ক্ৰিকেট
ভাস্কৰ শৰ্মা
আছে উত্তেজনা, নাই দৰ্শক। এদিনীয়া ক্ৰিকেটৰ প্ৰতি দৰ্শকৰ উত্তেজনা একেই আছে, কিন্তু ষ্টেডিয়ামতহে দৰ্শক কমিছে। পূৰ্বৰ তুলনাত বহু পৰিমাণে দৰ্শকৰ সংখ্যা হ্ৰাস পাইছে ষ্টেডিয়ামত !
শেহতীয়া মেচসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে লাহে লাহে এদিনীয়া ক্ৰিকেটৰ প্ৰতি দৰ্শকৰ অনিহা জন্মিছে। পাকিস্তান আৰু ডুবাইত চলি আছে চেম্পিয়নছ ট্ৰফী ২০২৫ প্ৰতিযোগিতা। পাকিস্তানে আয়োজন কৰা আই চি চিৰ এই সন্মানীয় প্ৰতিযোগিতাখনৰ প্ৰতিও যেন আগ্ৰহ কমিছে দৰ্শকৰ।
২৩ ফেব্ৰুৱাৰী ২০২৫ দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ ভাৰত আৰু পাকিস্তানৰ মেচখনতো দৰ্শকৰ উপস্থিতি অতি সেৰেঙা। ভাৰত- পাকিস্তানৰ মেচ বুলিলে বিশ্বৰ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত যিটো উত্তেজনা সেই উত্তেজনা একেই আছে যদিও, ষ্টেডিয়ামত দৰ্শকৰ হাৰ অতি সেৰেঙা। প্ৰায়বোৰ ষ্টেণ্ডেই এতিয়া খালী হৈ আছে।
অৱশ্যে অনলাইনযোগে অথবা টিভিত চোৱা দৰ্শকৰ সংখ্যাই ভাৰসাম্য বজাই ৰাখিছে যদিও ষ্টেডিয়ামৰ প্ৰায়বোৰ আসনেই এতিয়া খালী। হয়তো দুয়োটা ইনিংছ মিলি ১০০ অ’ভাৰৰ খেল চোৱাৰ ধৈৰ্য নাইকীয়া হৈছে বহু দৰ্শকৰ ! সেয়ে ষ্টেডিয়ামৰ ভালেকেইটা ষ্টেণ্ডত দৰ্শকৰ উপস্থিতি অতি সেৰেঙা হোৱা পৰিলক্ষিত হৈছে।
ইয়াৰ উপৰি চেম্পিয়নছ ট্ৰফীতেই অতি শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশৰ মেচ অনুষ্ঠিত হৈছিল ডুবাইত। একেদৰে পাকিস্তান আৰু নিউজিলেণ্ডৰ মেচ অনুষ্ঠিত হৈছিল পাকিস্তানত। দুয়োখন মেচতে ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতি আছিল অতি সেৰেঙা। অৱশ্যে ডুবাইত অনুষ্ঠিত হোৱা মেচখনৰ তুলনাত পাকিস্তানৰ মেচখনত দৰ্শক কিছু আছিল যদিও উপস্থিতিৰ হাৰ সন্তোষজনক নাছিল।
লক্ষ্যণীয়ভাৱে টি-২০ ক্ৰিকেটত এখন বিপৰীত ছবি দেখা পোৱা যায়। টি-২০ৰ দুয়োটা ইনিংছ মিলি এদিনীয়াৰ এটা ইনিংছৰ ১০ অ’ভাৰত থাকি যায়। সময়ৰ জোখেৰে ৫ঘণ্টাৰ ভিতৰত এখন টি-২০ মেচ সমাপ্ত হয়। তাৰ বিপৰীতে এদিনীয়া মেচত এটা ইনিংছ সমাপ্ত হওতেই সময় লাগে প্ৰায় ৪ঘণ্টা। বিৰতি মিলি দুয়োটা ইনিংছ সমাপ্ত হওতে লাগে প্ৰায় ৮-৯ ঘণ্টাৰ ওচৰা- উচৰি।
কম সময়ত অধিক আমোদ লাভ কৰাৰ হেতু টি-২০ মেচ উপভোগ কৰিবলৈ ষ্টেডিয়াম দৰ্শকেৰে পৰিপূৰ্ণ হৈ পৰে। টিকটৰ হাৰো প্ৰায় একেই যিহেতু, সেয়ে সকলো চালি-জাৰি চাই আজিকালি টি-২০ ক্ৰিকেটৰ প্ৰতিহে দৰ্শকৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এয়া কিন্তু এদিনীয়া ক্ৰিকেটৰ বাবে শুভ লক্ষণ নহয় বুলি ইতিমধ্যে বহু ক্ৰিকেট বিশেষজ্ঞৰ লগতে প্ৰবীণ ক্ৰিকেটাৰসকলেও মতপোষণ কৰিছে।
টি-২০ৰ অভূতপূৰ্ব উত্থানে এদিনীয়াৰ বিপদঘণ্টা বজাব বুলিও আগতীয়া সংকেত প্ৰদান কৰিছে। আপাত দৃষ্টিৰে লক্ষ্য কৰিলে এই কথা সমুলঞ্চে নুই কৰিবও নোৱাৰি। দৰ্শকৰ মাত্ৰাধিক টি-২০ প্ৰীতিয়ে এদিন এদিনীয়া ক্ৰিকেটলৈ ভাবুকি যে আনিব ই নিশ্চিত !
ব’ৰ্ডেসমূহেও আজিকালি টি-২০ ক্ৰিকেটৰ প্ৰতি অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। সমান্তৰালকৈ এচাম উদীয়মাণ খেলুৱৈসকলৰো টি-২০ ক্ৰিকেটৰ প্ৰতি এদিনীয়া আৰু টেষ্টতকৈ আগ্ৰহ বাঢ়িছে। ব্যৱসায়িকভাৱে টি-২০ ক্ৰিকেটৰ দ্বাৰা লাভৱান হ’লেও কিন্তু প্ৰকৃত ক্ৰিকেটৰ মাদকতা কোনোবাখিনিত এতিয়া লোপ পোৱা যেন বোধ হয়।
উল্লেখযোগ্য যে আই চি চিয়ে আয়োজন কৰা এদিনীয়া সংস্কৰণৰ বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীৰ কিছু মাহ আগৰ পৰাহে আজিকালি এদিনীয়া শৃংখলাসমূহ আয়োজন কৰা হয়। তাৰ বিপৰীতে বছৰটোৰ বাকী সময়ছোৱাত বিশ্ব ক্ৰিকেটৰ সৰহসংখ্যক ব’ৰ্ডে টি-২০ শৃংখলাবোৰত অধিক গুৰুত্ব দিয়া দেখা যায়। যাৰ বাবে এই সকলোবোৰ কাৰণ মিলি এদিনীয়া ক্ৰিকেটে পূৰ্বৰ দৰে দৰ্শকৰ সঁহাৰি লাভ কৰাৰ পৰা বঞ্চিত হৈছে।
টেষ্ট আৰু এদিনীয়াক একাশৰীয়া কৰি টি-২০ক অধিক গুৰুত্ব দিলে খেলুৱৈসকলৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব। টি-২০ সংস্কৰণত বলাৰসকলতকৈ বেটাৰসকলে অধিক গুৰুত্ব লাভ কৰে। তেওঁলোকে অধিক আগ্ৰাসী হৈ খেল প্ৰদৰ্শন কৰে যাৰ ফলত এদিনীয়া আৰু টেষ্টত দিঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হৈ পৰে।
বলাৰসকলৰ ক্ষেত্ৰতো একেই কথা। টি-২০ ক্ৰিকেটত এজন বলাৰে সৰ্বাধিক মাত্ৰ ৪ অ’ভাৰহে বলিং কৰাৰ সুযোগ লাভ কৰে। সেই স্পেলতে তেওঁলোকে নিজৰ প্ৰদৰ্শন দাঙি ধৰিব লাগিব। ন’হলে পৰৱৰ্তী মেচৰ বাবে তেওঁ চিন্তা কৰিব লাগিব। যাৰ বাবে তেওঁলোকৰ মূৰত অনবৰতে এটা হেঁচা থাকে।
টি-২০ত ইমান কম অ’ভাৰ বলিং কৰি এদিনীয়া আৰু টেষ্টত দীঘলীয়া সময়ৰ বাবে বলিং কৰিবলৈ বলাৰসকল ভাগৰুৱা হৈ পৰে। অভ্যাস নাইকীয়া হৈ পৰে। যাৰ বাবে এদিনীয়া অথবা টেষ্টত বলাৰৰ বলিঙৰ লাইন আৰু লেন্থত প্ৰভাৱ পৰা দেখা যায়। গতিকে এইবোৰ দিশলৈ চালে অনুমান হয় যে টি-২০ ক্ৰিকেটে এদিন এদিনীয়া ক্ৰিকেটৰ প্ৰতি ভাবুকি হৈ থিয় দিব !