আৰম্ভ হ’ল নতুন নাট্যবৰ্ষ

টাইটানিক জাহাজ ভ্ৰাম্যমাণৰ মঞ্চত সাজি বিশেষ সমাদৰ লাভ কৰিছিল গুৰুজী আদ্য শৰ্মাই। সেই একেই আৱেগক সৰোগত কৰি ২০২৫-২৬ নাট্যবৰ্ষত কহিনুৰৰ সোণালী জয়ন্তীৰ অৰ্ঘ্য হিচাপে নিবেদন কৰিব টাইটানিক নাটখন। 

author-image
Asomiya Pratidin
New Update
bikhekh lekha

ভাস্কৰ শৰ্মা

Advertisment

ভ্ৰাম্যমাণ থিয়েটাৰ। পৃথিৱীতে বিৰল এটা মহানুষ্ঠান। সৌভাগ্যৱান অসমবাসীৰ বাবে ই এটা অতি আদৰৰ তথা হিয়াৰ আঁমঠুসদৃশ সাংস্কৃতিক অনুষ্ঠান। 

নতুন আশা আৰু ন-উদ্যমেৰে আৰম্ভ হ’ল পুনৰ এটা নতুন নাট্যবৰ্ষ। ২০২৫-২৬ নাট্যবৰ্ষ। ভ্ৰাম্যমাণৰ অভিধান মতে জুলাই মাহৰ পৰাহে আৰম্ভ হয় কলা- কুশলীসকলৰ নৱবৰ্ষ ! 

প্ৰতিটো নাট্যবৰ্ষৰ দৰে এইবাৰো সম্পূৰ্ণ ৯টা মাহৰ বাবে অসমৰ অৰঙে- দৰঙে ভ্ৰমি ফূৰিব তেওঁলোক। বুকুত আটি আটি বান্ধি ৰাখিব গাঁৱে- ভূঞে, চহৰে- নগৰে পোৱা অনাবিল আনন্দৰ সঁফুৰা। অৱশ্যে তাৰ মাজতো তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱাৰ কথা নুই কৰিব নোৱাৰি।

সি যি কি নহওঁক। ২০২৫-২৬ নাট্যবৰ্ষৰ বাবে ইতিমধ্যে ভালেকেইখন আগশাৰীৰ থিয়েটাৰে নাট আখৰাৰ শুভাৰম্ভ কৰিছে। নটৰাজৰ আশীৰ্বাদ শিৰে তুলি প্ৰযোজক, পৰিচালক, নাট্যকাৰ, অভিনেতা- অভিনেত্ৰী, কৰ্মচাৰী তথা কলা- কুশলীসকলে মাংগলিক কাৰ্যৰ মাজেৰে আৰম্ভ কৰিছে মাটি আখৰা। 

ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে অনাগত দিনৰ বাবে মাটি আখৰা। শিবিৰৰ চৌপাশে এতিয়া নাটকৰ আমোল- মোল গোন্ধ। 

বাহিৰে- ভিতৰে, দিনে-নিশাই চলিছে তিনিখন, তিনিখন নাটক আখৰা। পৰিচালকৰ নিৰ্দেশত অভিনেতাসকলে আওৰাই গৈছে সংলাপ, সমান্তৰালকৈ কৰি গৈছে অভিনয়।

তাৰোপৰি শিবিৰৰ চৌপাশে উদাত্ত কণ্ঠেৰে বাজি উঠিছে বলিষ্ঠ অভিনেতাৰ সংলাপ। তাৰ লগে লগে সংগীত পৰিচালকে সজাই গৈছে নাটকৰ সংগীত। অৱশ্যে এই সময়খিনিত পোহৰৰ বিশেষ কাম নাথাকে। 

মাটি আখৰা অন্ত পৰাৰ লগে লগেহে আৰম্ভ হয় মূল আখৰা। য’ত পোহৰ, কলা, সংগীত, অভিনয় আদি সকলো সামৰি সম্পূৰ্ণ আখৰা কৰা হয়।

আজিকালি অৱশ্যে একোখন নাটক ১৫দিনতে সম্পূৰ্ণ কৰিব লগা হয়। গতিকে তিনিখন নাটক মিলি ৪৫ দিনত আখৰা সম্পূৰ্ণ কৰি আগষ্টৰ মাজভাগৰ পৰা ৰাইজৰ মাজলৈ ওলাই আহে নাট্যদলসমূহ। 

দিন- ৰাতি একাকাৰ কৰি ১৮-২০ ঘণ্টা পৰ্যন্ত ৰিহাৰ্চেল কৰি একো একোখন নাটক সম্পূৰ্ণ কৰাৰ পাছতহে তেওঁলোক সাজু হয় নাট্যযাত্ৰাৰ বাবে। আগষ্টৰ পৰা একেবাৰে এপ্ৰিলৰ ১২/১৩ তাৰিখলৈ অসমৰ চুকে- কোণে তেওঁলোকে নাট পৰিৱশেন কৰি ভ্ৰমি ফুৰে। 

এই সময়ছোৱাত প্ৰতিগৰাকী কলা- কুশলীয়ে নিজকে বেমাৰ – আজাৰৰ পৰা হাত সৰাই ৰখাৰ উপৰিও এটা শৃংখলাৱদ্ধ জীৱন ধাৰণ কৰিব লগা হয়। গতিকে এইখিনি কৰাৰ আঁৰত তেওঁলোকৰ চেষ্টা, কঠোৰ পৰিশ্ৰম, অধ্যাৱসায় আদি সকলো নিহিত হৈ থাকে। 

ইতিমধ্যে বৰদৈচিলা, কহিনুৰ, হেঙুল, ৰাজনন্দিনী, ৰাজমুকুট আদি থিয়েটাৰে জুলাই মাহৰ প্ৰথম সপ্তাহতে আৰম্ভ কৰিছে আখৰা। মাংগলিক পৰিৱেশৰ মাজত নটৰাজৰ আশিষ লৈ নাট্যদলকেইটাই আৰম্ভ কৰিছে আখৰা। 

এইবাৰ কহিনুৰ থিয়েটাৰে ৫০টা বৰ্ষ গৰকিলে। এই সোণালী জয়ন্তী বৰ্ষত তেওঁলোকৰ অভিজাত আয়োজন হৈছে- প্ৰণৱ বৰুৱাৰ দ্বাৰা ৰচিত আৰু প্ৰযোজক তপন লহকৰৰ দ্বাৰা পৰিচালিত নাট- টাইটানিক। ইতিমধ্যে টাইটানিকক লৈ যথেষ্ট আশাবাদী প্ৰযোজক তপন লহকৰ।

পূৰ্বেও প্ৰয়াত ৰতন লহকৰৰ প্ৰযোজনাত আৰু হেমন্ত দত্তৰ ৰচনাত এই নাটকখন মঞ্চস্থ কৰা হৈছিল। ৰাইজেও বহুলভাৱে আদৰি লৈছিল টাইটানিকক। মঞ্চ কঁপাই দিছিল টাইটানিকে।

টাইটানিক জাহাজ ভ্ৰাম্যমাণৰ মঞ্চত সাজি বিশেষ সমাদৰ লাভ কৰিছিল গুৰুজী আদ্য শৰ্মাই। সেই একেই আৱেগক সৰোগত কৰি ২০২৫-২৬ নাট্যবৰ্ষত কহিনুৰৰ সোণালী জয়ন্তীৰ অৰ্ঘ্য হিচাপে নিবেদন কৰিব টাইটানিক নাটখন। 

তাৰোপৰি চম্পক শৰ্মাৰ বকুলৰ বিয়া উৰুলি দিয়া আৰু মৃদুল চুতীয়াৰ প্ৰভু নামৰ নাটক দুখনো আছে কহিনুৰত। ইতিমধ্যে সংগীতেৰে সজোৱা হৈছে চম্পক শৰ্মাৰ এই নাটখন। অহিৰ ভৈৰৱে সংগীত দিছে বকুলৰ বিয়া উৰুলি দিয়া নাটকত। এইবাৰ কহিনুৰ থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিৱদ্ধ হৈছে বহুদিনৰ বিৰতিৰ পাছত মৃদুল চুতীয়া, উদীয়মাণ অভিনেতা সিদ্ধান্ত কলিতা আৰু অংকিতা শইকীয়া। তাৰোপৰি আছে এদল ন-পুৰণি শিল্পী।

আনহাতে মৰিয়নিত হেঙুল থিয়েটাৰেও পূৰ্ণদ্যমে চলাই আছে আখৰা। সংকল্পজিৎ হাজৰিকাৰ প্ৰযোজনাত বিগত বছৰসমূহত হেঙুলে বেছ সাফল্য বুটলি আহিবলৈ সক্ষম হৈছে। 

বিগত দুটা নাট্যবৰ্ষৰ অপাৰ সফলতাৰ পাছত এইবাৰ তেওঁলোকে নিবেদন কৰিব অভিজিৎ ভট্টাচাৰ্যৰ এচিড, প্ৰণৱ বৰুৱাৰ পাগল থানা আৰু প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী। ইতিমধ্যে অৰূপজ্যোতি বৰুৱাৰ সংগীত পৰিচালনাত এচিড নাটকৰ সংগীতৰ কাম মাটি আখৰাস্থলীতে কৰি থকা হৈছে। 

এই নাটকখন পৰিচালনা কৰিব প্ৰযোজক সংকল্পজিৎ হাজৰিকাই। ইতিমধ্যে বহুকেইখন নাটক আৰু চুটিছবি পৰিচালনা কৰি নিজৰ দক্ষতাৰ উমান দিছে সংকল্পজিৎ হাজৰিকাই। তাৰোপৰি চলিত নাট্যবৰ্ষত হেঙুলৰ মঞ্চত অভিনয় কৰিব প্ৰসেনজিৎ বৰা, অৰুণ বৰা, মঞ্জিল বৰুৱাৰ দৰে অভিনেতাই।

ইফালে পিছপৰি ৰোৱা নাই নলবাৰীৰ গৌৰৱ বৰদৈচিলা থিয়েটাৰ। ন- উদ্যম আৰু ন-সাঁজেৰে নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰে এইবাৰ ২৮ সংখ্যক বৰ্ষত ভৰি দিলে।

নলবাৰীত আৰম্ভ হৈছে থিয়েটাৰখনৰ মাটি আখৰা। এইবাৰ বৰদৈচিলা থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিৱদ্ধ হৈছে দুই মহাতাৰকা চম্পক শৰ্মা আৰু যোগেশ কাশ্যপ। তাৰোপৰি নতুন অভিনেতা- অভিনেত্ৰীৰ লগতে পুৰণি একাংশ শিল্পীয়ে এইবাৰ চমক দিব বৰদৈচিলাৰ মঞ্চত।

এইবাৰ বৰদৈচিলা থিয়েটাৰে ৰাইজৰ মাজলৈ লৈ যাব লগা নাট ৩খন হৈছে- অভিজিৎ ভট্টাচাৰ্যৰ জোনবায়ে কান্দিছে, চম্পক শৰ্মাৰ ৰাৱণ আৰু ফেচবুক প্ৰেয়সী। 

ইফালে একেই গতিৰে আগবাঢ়িছে ৰাজমুকুট থিয়েটাৰ। থিয়েটাৰখনত এইবাৰৰ বাবে চুক্তিবদ্ধ হৈছে- চলচ্চিত্ৰ জগতৰ চিনাকি মুখ গুঞ্জন ভৰদ্বাজ। তাৰোপৰি মঞ্চ জগতৰ বলিষ্ঠ অভিনেতাদ্বয় কৃষ্ণমণি নাথ আৰু চিন্ময় কটকী। আৰু আছে কৌতুক অভিনেতা ভাস্কৰ বৰ্মন, হিমাক্ষী কলিতা, শংকৰজ্যোতি ৰাজখোৱা আদি। 

ৰাজমুকুটে ইতিমধ্যে মাটি আখৰা আৰম্ভ কৰি ৩খন নাটক হাতত লৈছে। নাটকেইখন হৈছে- অভিজিৎ ভট্টাচাৰ্যৰ মাজৰাতিৰ ৰজা, মহাভাৰতৰ শেষ অধ্যায় আৰু পল্লৱ পৱনৰ মৰাসুঁতিৰ মহলদাৰ। এনেকৈ এতিয়া প্ৰতিটো নাট্যদলে শিবিৰে শিবিৰে আৰম্ভ কৰিছে আখৰা। 

আশা কৰো- সুন্দৰ হওঁক এই নাট্যবৰ্ষ। ৰাইজৰ পৰাও লাভ কৰক সমাদৰ। ভ্ৰাম্যমাণৰ নাট উপভোগ কৰি সমাজেও লাভ কৰক চিন্তাৰ খোৰাক...

ভ্ৰাম্যমাণ থিয়েটাৰ