ভোগৰ উপৰি মাঘত থাকে আবেগ আৰু ধৰ্মীয় অনুভূতি...

মাঘ। মাঘে আনে ভোগৰ সম্ভাৰ, মাঘে জ্বলাই পৰম্পৰাৰ শলিতা। মাঘে জগাই জাতিক, মাঘে হহুৱাই কোচত থকা পোনাটিক ! কৃষ্টি- সংস্কৃতিয়ে মেলে পোহাৰ, ধৰ্মীয় অনুভূতিৰ হয় সমাহাৰ। 

author-image
Asomiya Pratidin
New Update
মাঘী পূৰ্ণিমা

মাঘী পূৰ্ণিমা

ভাস্কৰ শৰ্মা
মাঘ। মাঘে আনে ভোগৰ সম্ভাৰ, মাঘে জ্বলাই পৰম্পৰাৰ শলিতা। মাঘে জগাই জাতিক, মাঘে হহুৱাই কোচত থকা পোনাটিক ! কৃষ্টি- সংস্কৃতিয়ে মেলে পোহাৰ, ধৰ্মীয় অনুভূতিৰ হয় সমাহাৰ। 

Advertisment

অসমীয়া সমাজত মাঘ মাহৰ তাৎপৰ্য্য অনেক। উৰুকা, বিহুৰ উপৰি মাঘ মাহ; অসমীয়া জাতিৰ বাবে এটি ধৰ্মীয় মাহ। তাৰোপৰি কৃষ্টি- সংস্কৃতিৰে জাতিক উদ্বুদ্ধ কৰা এটি মাহ। এক কথাত পৰম্পৰা জীয়াই ৰখা মাহ হিচাপে অতীতৰে পৰা পৰিগণিত হৈ আহিছে।

মাঘ মাহতে সকলোৱে শুভ কামবোৰ কৰিব বিচাৰে। যেনে- গৃহ প্ৰৱেশ, চূড়াকৰণ, অন্নপ্ৰাসন, উপনয়ন, বিবাহ, নাম- প্ৰসংগ আদি সকলো মাংগলিক কাম- কাজ এই মাহতে বহুলোকে কৰিবলৈ মানস কৰে। অৱশ্যে বেলেগ বেলেগ সময়তো শুভ কাম সম্পন্ন কৰাৰ বাবে শুভ দিন আছে যদিও বহুতৰে প্ৰথম পছন্দৰ মাহ হৈছে মাঘ মাহ। 

অসমীয়া সমাজৰ পৰিধি ভাঙি ভাৰতীয় সভ্যতাতো মাঘ মাহৰ তাৎপৰ্য্য অতি গাঢ়। অসমত যেনেদৰে মাঘ বিহু পালন কৰা হয়, একেদৰে ভাৰতীয় সভ্যতাত মকৰসংক্ৰান্তি উপলক্ষে ভিন ভিন ৰাজ্যত কেতবোৰ উৎসৱ পালন কৰা হয়। 

তাৰোপৰি অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল- এই মাঘ মাহতে পালন কৰা হয় মাঘী পূৰ্ণিমা উৎসৱ। মাঘৰ পূৰ্ণিমা তিথিত এই লোক উৎসৱটি পালন কৰা হয়। অৱশ্যে মাঘৰ পূৰ্ণিমা তিথিটো পঞ্জিকা মতে কোনো কোনো সময়ত ফাগুন মাহতো পৰা দেখা যায়। গ্ৰহ- নক্ষত্ৰৰ অৱস্থিতি অনুসৰি এই তাৰতম্য ঘটে। গতিকে ফাগুন মাহ হ’লেও তাক মাঘী পূৰ্ণিমা হিচাপেই উদযাপন কৰা হয়।

ভাৰতীয় সংস্কৃতিত মাঘী পূৰ্ণিমাৰ দিনটোক ধৰ্ম, বিশ্বাস আৰু দানৰ এক বিশেষ উৎসৱ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, এই দিনটোত পৱিত্ৰ নদীত স্নান, দান কৰা আৰু ভগৱান বিষ্ণুক উপাসনা কৰিলে মন শুদ্ধ আৰু আধ্যাত্মিকতাৰে ভৰি পৰে। 

একেদৰে জ্যোতিষশাস্ত্ৰৰ মতেও মাঘী পূৰ্ণিমাৰ দিনটো অতি বিশেষ। এই দিনটোত সূৰ্য, মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু চন্দ্ৰ কৰ্কট নক্ষত্ৰমণ্ডললৈ যায়। সেয়েহে, এই দিনটোত পৱিত্ৰ নদীত স্নান কৰিলে সূৰ্য আৰু চন্দ্ৰৰ সৈতে সম্পৰ্কিত সকলো অসুবিধা সমাধান হয় বুলি বিশ্বাস কৰা হয়। 

বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও মাঘী পূৰ্ণিমা বা মাঘ মাহৰ বিশেষ মহত্ব আছে। বিজ্ঞানৰ মতে, এই মাহটোৱে মানৱ শৰীৰক পৰিৱৰ্তনশীল ঋতুৰ সৈতে খাপ খোৱাত সহায় কৰে। তদুপৰি, এই দিনটোত বিভিন্ন ইতিবাচক কাৰ্য-কলাপ কৰাৰ ফলত মনটোও ইতিবাচক হৈ পৰে।

উল্লেখযোগ্য যে মাঘী পূৰ্ণিমাৰ দিনটোত অসমৰ বিভিন্ন মঠ- মন্দিৰ তথা নামঘৰসমূহত নাম- প্ৰসংগ কৰাৰ উপৰি ধৰ্মীয় চেতনাৰে উদ্বুদ্ধ হোৱা কাম- কাজ সম্পন্ন কৰা হয়। ভক্তসকলে দিনৰ দিনটো উপবাসে থাকি মন্দিৰ বা নামঘৰত চাকি- ধূপ- ধূনা আদি জ্বলোৱাৰ লগতে শৰাই-নৈবদ্য আদি অৰ্পণ কৰি বছৰটো কুশলে পাৰ কৰাৰ বাবে নেদেখাজনৰ ওচৰত সেৱা নিবেদন কৰে।

মাঘী পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত কৰা সভাসমূহতো ভিন্ন স্থানৰ পৰা অহা দৰ্শনাৰ্থী তথা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়। ইয়াৰ দ্বাৰা অসমৰ যিকোনো এটা অঞ্চলৰ কৃষ্টি- সংস্কৃতি জনাৰ অৱকাশ থাকে। তাৰোপৰি ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থকাৰ সমল বিচাৰি পোৱা যায়। 

সকলোৰে মনত এইকেইটা দিনত আধ্যত্মিকতা আৰু ধৰ্মীয় অনুভূতিয়ে বিৰাজ কৰি থাকে। হাঁহিমুখে ভক্ত তথা দৰ্শনাৰ্থীয়ে দিনটোৰ ব্যস্ততা পাহৰি ওলাই যায় ওচৰৰ অনুষ্ঠানবোৰ উপভোগ কৰিবলৈ। নামনি অসমৰ মাঘী পূৰ্ণিমাৰ অনুষ্ঠানবোৰত ঢুলীয়া, ওজাপালি, নাগাৰা নাম আদিয়ে প্ৰধান অলংকাৰ হৈ পৰে। 

অৱশ্যে কেতবোৰ অঞ্চলত বাৰ্ষিক যজ্ঞৰ লগতে ৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানো অনুষ্ঠিত কৰি ৰাইজে নেদেখাজনৰ ওচৰত ৰাজহুৱা প্ৰাৰ্থনা নিবেদন কৰে। ইয়াৰ দ্বাৰা এখন সমাজৰ ধৰ্মীয় অনুভূতিৰ চিত্ৰখন সুন্দৰকৈ পৰিষ্ফুট হয়। 

ইয়াৰ উপৰি সমাজ এখন সুচাৰুৰূপে আগবাঢ়ি যাবলৈ বহু সমলৰ প্ৰয়োজন। গতিকে এনেবোৰ অনুষ্ঠানত গোট খোৱা ৰাইজে অনাগত দিনৰ বাবে সুন্দৰ সুন্দৰ পদক্ষেপ তথা সৰ্বাংগ সুন্দৰ সমাজ গঢ়াৰ পৰিকাঠমো প্ৰস্তুত কৰিব পাৰে। সকলোৰে সহায় আৰু সহযোগিতাৰ উপৰি গঠনমূলক দিহা- পৰামৰ্শই নতুন প্ৰজন্মৰ বাবে এটা সুন্দৰ বাট কটাৰ ক্ষেত্ৰত সহায় কৰে। কাৰ্যতঃ মাঘী পূৰ্ণিমা হৈছে এখন সুন্দৰ সমাজ গঠনৰ মঞ্চৰ লগতে ধৰ্মীয় অনুভূতিৰে বান্ধি ৰখা এটি উৎসৱ।

মাঘী পূৰ্ণিমা নামঘৰ