কেৱল গঁড়েই নহয়, কাজিৰঙাত আছে ৪৩ বিধ প্ৰজাতিৰ বিশেষ চৰাই

গোলাঘাট, নগাঁও, কাৰ্বি আংলং আৰু শোণিতপুৰ এই চাৰি জিলা সামৰি ৫টাকৈ ৰেঞ্জসম্বৃদ্ধ কাজিৰঙা এখন বিশাল ৰাষ্ট্ৰীয় উদ্যান। প্ৰণিধানযোগ্য যে, ১৯০৫ চনৰ ১ জুনত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি পোৱা কাজিৰঙাক

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-27 at 4.54.23 PM

ভাস্কৰ শৰ্মা

Advertisment

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশৰে এখন অন্যতম ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত - এই কথা সৰ্বজনবিদিত। তাৰোপৰি এই উদ্যানত আছে নানা পশু- পক্ষীৰ উপৰি মূল্যৱান গছ- গছনি। 

গোলাঘাট, নগাঁও, কাৰ্বি আংলং আৰু শোণিতপুৰ এই চাৰি জিলা সামৰি ৫টাকৈ ৰেঞ্জসম্বৃদ্ধ কাজিৰঙা এখন বিশাল ৰাষ্ট্ৰীয় উদ্যান। প্ৰণিধানযোগ্য যে, ১৯০৫ চনৰ ১ জুনত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি পোৱা কাজিৰঙাক ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল

তেতিয়াৰ পৰাই আজি পৰ্যন্ত এই উদ্যানলৈ সোঁত বৈয়েই আছে দেশী- বিদেশী পৰ্যটকৰ। যাৰ বাবে অসমৰ পৰ্যটনে লাভ কৰিছে অন্য মাত্ৰা। একেদৰে আৰ্থিকভাৱেও ইয়াৰ উপকণ্ঠ অঞ্চলৰ লোকসকল লাভান্বিত হৈছে।

ৰাষ্ট্ৰীয় উদ্যান হিচাপে সোণালী জয়ন্তী গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো আছে বহু সমস্যা। বানপানী সমস্যাৰ উপৰিও ইতিহাস গৰকা কাজিৰঙা উদ্যানৰ নামত নাই এখনো নিজা হাস্পতাল। বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয় আৰু কহঁৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ প্ৰাথমিক চিকিৎসালয়ৰ বাহিৰে কাজিৰঙাৰ বাবে নাই কোনো বিকল্প।

অৱশ্যে এনে সমস্যাৰ মাজতো শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে অসমৰ বাবে কঢ়িয়াই আনিছে আন এক সুখবৰ। ২৭ জুলাই ২০২৫ দেওবাৰে অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত অনুষ্ঠান। এই অনুষ্ঠানত বিশেষভাৱে স্থান লাভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসংগই।

প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত কেইবাটাও আলোচনাৰ কথা ব্যক্ত কৰাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনবিভাগে শেহতীয়াকৈ চলোৱা এক জৰীপৰ কথা অৱগত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজিৰ এই মন কি বাতযোগে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়, বাঘ তথা আন আন পশু- পক্ষীৰ উপৰিও আছে ৪৩ বিধ প্ৰজাতিৰ বিশেষ চৰাই।

সম্প্ৰতি বনবিভাগে এই চৰাইৰ জৰীপ চলাই আছে। গতিকে জৰীপৰ অন্তত আৰু অধিক প্ৰজাতিৰ চৰাইৰ সম্ভেদ পোৱাৰ অৱকাশ থকাৰ কথাও তেওঁ প্ৰসংগক্ৰমে মন কি বাতত উল্লেখ কৰে। 

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সদৰী কৰে যে, "কাজিৰঙাৰ মাজত সৰু সৰু আৰু লুকাই থকা চৰাই বিচাৰি উলিওৱা সহজ কথা নহয়। কিন্তু প্ৰযুক্তি, বিজ্ঞান আৰু উৎসৰ্গিত মনোভাৱৰ সহায়ত অসমে এনে এক গুৰুত্বপূৰ্ণ জৰীপ সফলভাৱে সম্পন্ন কৰিছে — যি সকলোৰে বাবে গৰ্বৰ বিষয়।"

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে তৃণভূমি পক্ষীৰ জৰীপ চলোৱা হৈছিল। ৰাষ্ট্ৰীয় উদ্যানখনত ৪৩ বিধ ভিন্ন প্ৰজাতিৰ তৃণভূমি পক্ষীৰ বিচৰণৰ তথ্য লাভ কৰিছিল উদ্যান কৰ্তৃপক্ষই। 

বিপন্ন প্ৰজাতি দুৰ্লভ প্ৰজাতিৰ পক্ষীৰ লগতে বেংগল ফ্লৰিকানৰ বিচৰণৰ তথ্য পোৱা গৈছিল জৰীপত। বিপন্ন প্ৰজাতিৰ টুকুৰা চৰাইৰ জাকো দেখিবলৈ পোৱা গৈছিল ৰাষ্ট্ৰীয় উদ্যানখনত। ৪৩ টা প্ৰজাতিৰ তৃণভূমি চৰাইৰ উপস্থিতিৰে কাজিৰঙা দেশৰ ভিতৰতে অন্যতম বুলি প্ৰতিবেদনত প্ৰকাশ পাইছিল ৷ 

উত্তৰ-পূব ভাৰতৰ বন্যপ্রাণী সংৰক্ষণৰ গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলে আনুষ্ঠানিকভাৱে প্রথমবাৰৰ বাবে তৃণভূমিত বসবাস কৰা চৰাইৰ বিভাগীয় প্রতিবেদন প্রকাশ কৰিবলৈ সক্ষম হৈছে । 
ইফালে, বিভাগীয় তথ্য মতে এই প্ৰকাশিত প্ৰতিবেদনৰ বাবে তৃণভুমি চৰাইৰ সন্দৰ্ভত চলিত বৰ্ষৰ ১৮ মাৰ্চৰ পৰা ২৫ মে'লৈকে চলোৱা এক সমীক্ষাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন সংমণ্ডল আৰু নগাঁও বন্যপ্রাণী সংমণ্ডলৰ ঘাঁহনিসমূহক সামৰা হৈছিল।

এই সমীক্ষাৰ বাবে পইন্ট কাউন্ট জৰীপ আৰু একুৱাষ্টি মনিটৰিং পদ্ধতি ব্যৱহাৰ কৰিছিল গণনাকাৰী দলে ৷ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰসংগও স্থান পাইছে আজিৰ মন কী বাত অনুষ্ঠানত । 


প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানৰ পাছতে এই সম্পৰ্কে সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। স্বাভাৱিকতে এই জৰীপৰ দ্বাৰা কাজিৰঙাৰ ৰম্যভূমিত পক্ষীকূলৰ প্ৰজাতিসমূহে কাজিৰঙাক অধিক সমৃদ্ধ কৰিলে বুলি তেওঁ সামাজিক মাধ্যমত নিজৰ মতামত সাৱ্যস্ত কৰে। কাৰ্যতঃ এই খবৰে অসম তথা প্ৰকৃতিপ্ৰেমী ৰাইজৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষকো আনন্দিত কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা