Advertisment

বৰদিন...

চৌদিশে গুঞ্জৰিত হৈছে কেৰলৰ ধ্বনি। চৌদিশে বিৰাজ কৰিছে আনন্দময় পৰিৱেশে। সকলোৰে মুখত এমোকোৰা হাঁহি। ৰং- বিৰঙেৰে সজাই তুলিছে নিজক, সজাই তুলিছে গীৰ্জাঘৰসমূহ। কিয়নো আজি যে বৰদিন। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বৰদিন

বৰদিন

ভাস্কৰ শৰ্মা

Advertisment

চৌদিশে গুঞ্জৰিত হৈছে কেৰলৰ ধ্বনি। চৌদিশে বিৰাজ কৰিছে আনন্দময় পৰিৱেশে। সকলোৰে মুখত এমোকোৰা হাঁহি। ৰং- বিৰঙেৰে সজাই তুলিছে নিজক, সজাই তুলিছে গীৰ্জাঘৰসমূহ। কিয়নো আজি যে বৰদিন। 

বৰদিন হৈছে এক সম্প্ৰীতিৰ উৎসৱ। সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় এই উৎসৱ। বৰদিনৰ সৈতে সংপৃক্ত হৈ থাকে প্ৰেম- ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী। সেয়ে আজি চাৰিওফালে জাক- জমকতাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। ধৰ্মৰ বান্ধেৰে বান্ধ খাই পৰিছে সকলোৱে।

উল্লেখযোগ্য যে কোনো এটা বছৰৰ ২৫ ডিচেম্বৰৰ দিনটোতে প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। জেৰুজালেমৰ বেথেলহেমত এটি গোহালিত মাতৃ মেৰীৰ গৰ্ভত দৈৱ আশীৰ্বাদত জন্মগ্ৰহণ কৰিছিল যীশুৱে। জনশ্ৰুতি অনুসৰি প্ৰায় ৪ৰ পৰা ৬ খ্ৰীষ্টপূৰ্বত যীশুৰ জন্ম হৈছিল। পৃথিৱীৰ পৰা অসূয়া- অপ্ৰীতি দূৰ কৰাৰ নিমিত্তে ঈশ্বৰে প্ৰভু যীচুক এই ধৰালৈ পঠিয়াই দিয়া বুলিও এক প্ৰবাদ আছে। 

অৱশ্যে যীশুখ্ৰীষ্টৰ জন্মৰ সময়কলৈ লিখিত কোনো সঠিক তথ্য পোৱা নাযায়। তথাপিও সমগ্ৰ বিশ্বত প্ৰতিবছৰে আজিৰ এই দিনটো পবিত্ৰ বৰদিন হিচাপে পালন কৰি অহা হৈছে। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ। আজিৰ এই পবিত্ৰ দিনটোত বিশ্বৰ ভিন্ন প্ৰান্তত উলাহ- মালহেৰে পালন কৰা হৈছে বৰদিন। 

বৰদিন মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ যদিও জাতি- ধৰ্ম নিৰ্বিশেষে আজিকালি সকলোৱে বৰদিন উৎসৱটি উলহ-মালহেৰে পালন কৰা দেখা যায়। অসমতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। 

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গীৰ্জাসমূহত পালন কৰা হৈছে এই পবিত্ৰ উৎসৱটি। তাৰোপৰি অসমত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেও সমূহীয়াকৈ পালন কৰি আহিছে বৰদিন। এক কথাত পৃথিৱীৰ সকলো ধৰ্মৰ লোকৰ বাবে বৰদিন এক সম্প্ৰীতিৰ উৎসৱ হৈ পৰিছে। 

গীৰ্জাই গীৰ্জাই ভক্তসকলে গাইছে যীশুখ্ৰীষ্টৰ প্ৰাৰ্থনা, ভাহি আহিছে কেৰলৰ ধ্বনি। এইবোৰৰ উপৰিও বিভিন্ন পৰম্পৰাগত ৰীতি–নীতিৰে খ্ৰীষ্টানধৰ্মী লোকসকলে বৰদিন পালন কৰিছে। 

বিশ্বৰ প্ৰেক্ষাপটত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিনক লৈ সপ্তাহজোৰা প্ৰস্তুতি চলায়। এই দিনকেইটাত ইজনে- সিজনক দিয়ে বিভিন্ন উপহাৰ, সকলোৱে গীৰ্জাসমূহৰ বাকৰিত গোট খাই, দুখীয়াসকলক ভোজ ভাত ইত্যাদি খুওৱাৰ উপৰিও বিভিন্ন উপহাৰ আদি আগবঢ়াই প্ৰাক বৰদিন পালন কৰে।

বৰদিন অথবা খ্ৰীষ্টমাছৰ অৰ্থ বিচাৰে দেখা যায় যে খ্ৰীষ্ট আৰু মিছ এই দুটা শব্দৰ পৰা খ্ৰীষ্টমাছ শব্দৰ সৃষ্টি হৈছে। খ্ৰীষ্ট মানে হৈছে যীচু। যাক ঈশ্বৰে পৃথিৱীৰ পৰা পাপ মুক্ত কৰিবলৈ পঠিয়াইছিল। আনহাতে মিছ শব্দটোৰ অৰ্থ হৈছে পূজা কৰা কাৰ্য্য। অৰ্থাৎ যীচুক কৰা পূজা বা আৰধনাকে খ্ৰীষ্টমাছ বুলি কোৱা হয়।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে বৰদিনৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ থকা দুটা শব্দ হৈছে চাণ্টা ক্লজ আৰু খ্ৰীষ্টমাছ ট্ৰী। আচলতে চাণ্টা ক্লজৰ পূৰ্বৰ নাম আছিল চেইন্ট নিকোলাছ। পাছলৈ ই হৈ পৰিল চান্টা ক্লজ হিচাপে। চান্টা ক্লজক চেন্ট নিকোলাছৰ এটা ৰূপ বুলি গণ্য কৰা হয় । 

দৰাচলতে চেইন্ট নিকোলাছৰ সৰুৰে পৰা প্ৰভু যীশুৰ ওপৰত গভীৰ বিশ্বাস আছিল, তাৰ পিছত তেওঁ ডাঙৰ হৈ খ্ৰীষ্টান ধৰ্মৰ যাজক আৰু পিছলৈ বিশ্বপ হৈছিল । চেন্ট নিকোলাছে শিশুক বহুত ভাল পাইছিল, যাৰ বাবে তেওঁ আৰ্ত শিশুক উপহাৰ দিবলৈ গৈছিল । 

চান্টাই সদায় মাজনিশা সকলো উপহাৰ দিছিল কাৰণ তেওঁ নিজৰ পৰিচয় সকলোৰে আগত প্ৰকাশ কৰিব বিচৰা নাছিল । তেতিয়াৰ পৰাই চেণ্ট নিকোলাছ হৈ পৰিল চাণ্টা ক্লজ হিচাপে। অৱশ্যে এই সন্দৰ্ভত আৰু অধিক তথ্য থাকিব পাৰে।

আনহাতে খ্ৰীষ্টমাছ ট্ৰীৰো আছে এক ইতিহাস। আচলতে খ্ৰীষ্টমাছ ট্ৰিৰ সন্দৰ্ভত বহু ধৰণৰ বিশ্বাস প্ৰচলিত । এটা বিশ্বাস অনুসৰি ইয়াক আৰম্ভ কৰিছিল ষোড়শ শতিকাৰ খ্ৰীষ্টান সংস্কাৰক মাৰ্টিন লুথাৰে । ২৪ ডিচেম্বৰৰ সন্ধিয়া মাৰ্টিন লুথাৰে বৰফৰ অৰণ্যৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতে এজোপা চিৰসেউজ গছ দেখিছিল । 

গছৰ ডালবোৰ চন্দ্ৰৰ পোহৰেৰে জিলিকি উঠিছিল । ইয়াৰ পিছত মাৰ্টিন লুথাৰেও নিজৰ ঘৰত এই চিৰসেউজ বৃক্ষজোপা ৰোপণ কৰি সৰু সৰু মমবাতিৰে সজাইছিল । ইয়াৰ পিছত যীশুখ্ৰীষ্টৰ জন্মদিনৰ সন্মানৰ্থে তেওঁ এই চিৰসেউজ গছজোপাকো সজাই মমবাতিৰ পোহৰেৰে এই গছজোপা আলোকিত কৰিছিল । বিশ্বাস কৰা হয় যে তেতিয়াৰ পৰাই বৰদিনৰ বৃক্ষ ৰোপণৰ পৰম্পৰা আৰম্ভ হৈছিল ।

এনেকৈয়ে বছৰ বছৰ ধৰি চলি আহিছে খ্ৰীষ্টমাছ। উলহ-মালহেৰে পালন কৰি অহা হৈছে বৰদিন। অন্ততঃ এটা দিনৰ বাবে হ’লেও পৃথিৱীৰ লোকসকলে বান্ধ খাই সম্প্ৰীতিৰ এনাজৰীৰে। 

নতুন বছৰৰ প্ৰাকক্ষণত উদযাপিত এই উৎসৱৰ লক্ষ্য আৰু উদ্দেশ্যই সকলো শ্ৰেণীকে চুই যাওক। অসূয়া- অপ্ৰীতি দূৰ কৰাৰ নিমিত্তে ঈশ্বৰে ধৰালৈ পঠিওৱা যীচুৱে মচি নিয়ক সমাজৰ বেয়া দিশবোৰ। নতুন বছৰত সকলোৰে মনত উদয় হওক শুভ বুদ্ধিৰ। সকলোৱে শান্তি- সম্প্ৰীতিৰে আগুৱাই নিয়ক জীৱন যাত্ৰা... কাৰ্যত পৰিণত হওক শুভ বৰদিন...

christmas