ভাস্কৰ শৰ্মা
ছবিয়ে হহুঁৱাই, ছবিয়ে কন্দুৱাই। ছবিতে প্ৰকাশ পাই সুখ, ছবিত ফুটি উঠে দুখ। যি ছবিয়ে কয় কথা; সেই ছবিয়েই একো একোখন জীয়া ছবি।
যি ছবিয়ে দৰ্শকক দিয়ে চিন্তাৰ খোৰাক আৰু ভবাৰ অৱকাশ। চিত্ৰশিল্পীৰ চিন্তা আৰু প্ৰত্যক্ষদৰ্শীৰ চিন্তা যেতিয়া একাত্ম হয়, তেতিয়াই প্ৰাণ পাই উঠে একোখন ছবি। আৰু এনেদৰেই ৰাইজৰ মাজত সমাদৃত হয় এইধৰণৰ জীয়া ছবিবোৰ। দেৱালত আঁৰি থোৱা নিৰ্জীৱ ছবিয়েও কেতিয়াবা নোকোৱাকৈ কৈ যায় বহু কথা।
৭ ডিচেম্বৰ ২০২৪ শনিবাৰৰ এটি কুঁৱলীসনা আবেলি। শীত মিহলি বতাহজাকে সকলোকে চুই গৈছে। তথাপি বহুজনে খোজ লৈছে গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডলৈ বুলি। আৰ্টিষ্ট গীল্ডত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এখন বিশেষ চিত্ৰ প্ৰদৰ্শনী।
“নামতিৰ পৰা মিচৌৰীলৈ” শীৰ্ষক চিত্ৰ প্ৰদৰ্শনীত গৈ সকলোৱে যেন অভিভূত হৈছে তেওঁ অঁকা ছবিবোৰ চাই। বহুতৰ দুচকুত এমোকোৰা সন্তুষ্টিৰ চাৱনি। ছবি নহয়, ই যেন একো একোখন জীয়া ছবি। যি ছবিয়ে কথা কয়, দেৱালত আঁৰি থোৱা প্ৰাণহীন ছবিবোৰে কৈ গৈছে ইটো- সিটো বহু কথা।
উক্ত চিত্ৰ প্ৰদৰ্শনীখনি বিশিষ্ট চিত্ৰশিল্পী তথা স্থাপত্যবিদ চন্দন মহন্তৰ প্ৰতি সন্মান জনাই আয়োজন কৰা হৈছে। আৰ্টিষ্ট গীল্ডৰ সহযোগত তিনিদিনীয়াকৈ আয়োজন কৰা এই চিত্ৰ প্ৰদৰ্শনীখনি ১০ ডিচেম্বৰলৈকে চলিব। এই তিনিটা দিনত ৰাইজে বিয়লি ৪-০০বজাৰ পৰা সন্ধিয়া ৭-৩০ বজালৈকে চন্দন মহন্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠা ছবিবোৰ চাব পাৰিব।
চন্দন মহন্ত এগৰাকী চিত্ৰশিল্পীৰ লগতে স্থাপত্যবিদ। তেখেত হাড়ে- হিমজুৱে অসমীয়া ব্যক্তি। কৰ্মৰ তাগিদাত তেওঁ বৰ্তমান মিচৌৰীৰত বসবাস কৰে। তথাপি জন্মভূমি অসমৰ বাবে কিবা কৰাৰ তাৰণাই তেওঁক বাৰুকৈয়ে আমনি কৰে।
৭৫ বছৰ বয়সতো এগৰাকী তৰুণৰ দৰে জীৱন- যাপন কৰে তেওঁ। ছবি আঁকি ভালপোৱা এগৰাকী অসমীয়াই অসমৰ পটভূমিত আঁকিছে ভালেকেইখন ছবি। জাতিৰ চিনাকী কপৌ ফুলকে আদি কৰি অসমৰ থলুৱা চৰাই- চিৰিকটি আদিকলৈ ভালেকেইখন ছবি তেওঁ পানী ৰঙেৰে অংকন কৰিছে। এইবোৰ ছবিত বিদেশীসকলে পাই অসমীয়া অসমীয়া লগা গোন্ধ !
ইয়াৰ উপৰি বিশ্বৰ বিভিন্ন পটভূমিত তেওঁ ছবি আঁকিছে। কেৱল ইমানেই নহয় সাত সাগৰ তেৰ নদীৰ সিপাৰত থকা বিদেশ লোকসকলেও ক্ৰয় কৰিছে তেওঁৰ ছবিবোৰ। তেওঁৰ ছবিবোৰে কথা কয়। ছবিৰ নাথাকে কোনো ভাষা। সেয়ে হয়তো বিদেশী লোকসকলেও ডলাৰত ধন ব্যয় কৰি ক্ৰয় কৰে তেওঁ অঁকা ছবিবোৰ।
আমেৰিকা, অষ্ট্ৰেলিয়া আদি বিভিন্ন দেশত অনুষ্ঠিত হোৱা চিত্ৰ প্ৰতিযোগিতাত চন্দন মহন্তই অঁকা ছবিয়ে আদৰ বুটলিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ এই সমূহ প্ৰতিযোগিতাত বঁটা আৰু সন্মান বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
চন্দন মহন্তৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰি এলেকাৰ নামতি গাঁৱত। তাৰ পৰাই শিক্ষাৰ আদিপাঠ লৈ পাছলৈ স্থাপত্যবিদ্যাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সম্প্ৰতি আমেৰিকাত বসবাস কৰি আছে চন্দন মহন্তই।
অসমৰ এখন ভিতৰুৱা গাঁৱৰ পৰা কৰ্মৰ তাগিদাত আমেৰিকাৰ দৰে আগশাৰীৰ দেশত বসবাস কৰিলেও কিন্তু তেওঁৰ শৰীৰৰ ৰন্ধ্ৰে- ৰন্ধ্ৰে সোমাই আছে অসমীয়া চিন্তা আৰু চেতনা। কৰ্মৰ সমান্তৰালকৈ আঁকি গৈছে ইখনৰ পাছত সিখন ছবি।
কোনোবাখন ছবিত যদি অসমীয়া গাঁও, থলুৱা ফুল, পক্ষী আদি প্ৰতিফলিত হৈছে, তেন্তে আনবোৰ ছবিত ফুটি উঠিছে সু উচ্চত উৰি থকা ঈগল, শুকান মৰুভূমি, বিদেশৰ কেতবোৰ পটভূমিত অঁকা ছবি। প্ৰতিখন ছবিয়ে দৰ্শকৰ মনত ডোলা দিয়ে প্ৰতিটো বিষয়ৰ গাঁথা আৰু ব্যথা।
দৰ্শকেও ৰ’ লাগি চাই ৰই চন্দন মহন্তৰ ছবিবোৰ। একাত্ম হ’ব বিচাৰে তেওঁৰ চিন্তাৰ সৈতে। মন গহনত পতিয়ন নিয়াব বিচাৰে নিজকে। হয়তো দৰ্শকৰ চিন্তা আৰু ছবিৰ বিষয়বস্তু কোনোবা এচুকত মিলন ঘটে। এই বাবেই চাগৈ তেওঁৰ ছবিয়ে কথা কয়, এই বাবেই তেওঁৰ ছবিবোৰ কিজানি একোখন জীয়া ছবি !