/asomiyapratidin/media/media_files/2025/02/01/lu4p7sl8vrXEGO2u2nMg.jpg)
বাজেট...
ভাস্কৰ শৰ্মা
আজি সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই বাজেটখন হৈছে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট। সেয়ে স্বাভাৱিকতে এই বাজেটক লৈ কিছু প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে। কিয়নো ইয়াৰ পূৰ্বৰ দুটা কাৰ্যকালৰ সময়ছোৱাত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰত বিজেপিৰ আছিল একক সংখ্যা গৰিষ্ঠতা। কিন্তু এইবাৰ সেই সংখ্যাগৰিষ্ঠতা নাই।
আজি ঘোষণা কৰা বাজেটত কৃত্ৰিম বুদ্ধিমত্তা বিষয়টোৱে বিশেষভাৱে স্থান লাভ কৰে। এ আইৰ বাবে এক ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱ ৰখা হৈছে দেশৰ সাধাৰণ বাজেটত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰা মতে এই চেণ্টাৰটোৰ নাম হ’ব চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ এ আই। ইয়াৰ বাবে বাজেটত ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি উল্লেখ কৰে।
আনহাতে সমগ্ৰ দেশত ৫ টা নেচনেল চেণ্টাৰ অৱ এক্সিলেঞ্চ ফৰ স্কিলিং স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে। বিশ্ব পৰ্যায়ৰ স্কিল পাৰ্টনাৰ্শ্বিপৰ জৰিয়তে নিৰ্মাণ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা প্ৰতিষ্ঠান স্থাপনৰো প্ৰস্তাৱ ৰখা হৈছে বাজেটত।
ইফালে আন্তঃগাঁথনিৰ বাবে আই আই টিত আসন বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছে বাজেটত। বাজেট ঘোষণাত উল্লেখ কৰা মতে আই আই টি সমূহত ৬,৫০০ আসন বৃদ্ধি পাব।
একেদৰে আজিৰ এই বাজেটত মেডিকেল শিক্ষাৰ ক্ষেত্ৰখনৰ বাবেও কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। সেই অনুসৰি অহা ৫ বছৰত দেশত মেডিকেল শিক্ষাৰ ক্ষেত্ৰখনত ৬৫ হাজাৰ আসন বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। ২০২৫ বৰ্ষত বৃদ্ধি কৰা হ’ব ১০ হাজাৰ মেডিকেল আসন।
ইয়াৰ উপৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ঘোষণা কৰা সাধাৰণ বাজেটে দেশৰ ৰোগাক্ৰান্ত লোকসকলৰ লগতে তেওঁলোকৰ আত্মীয়ৰ মনত কিছু আশাৰ সঞ্চাৰ কৰিছে। ৰোগীৰ পীড়াৰ সমান্তৰালকৈ ঔষধৰ বৰ্ধিত আকাশলংঘী মূল্যই কোঙা কৰা এই লোকসকলক কিছু আৰ্থিক সকাহ দিব এই বাজাটে।
কিয়নো কৰ্কটকে ৰোগকে ধৰি মুঠ ৩৬ বিধ জীৱন দায়িনী ঔষধত থকা কৰ ১০০ শতাংশ পৰ্যন্ত হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰোপৰি আন ৬ টা জীৱন দায়িনী ঔষধত ৫ শতাংশ কৰ ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই নিশ্চয়কৈ দেশৰ জনসাধাৰণক উপকৃত কৰিব ! উল্লেখযোগ্য যে এই ঘোষণাৰ পিছতে একাংশই এই বাজেটক ৰোগীৰ স্বাৰ্থৰ বাজেট বুলিও আখ্যা দিছে। উল্লেখ্য যে, যোৱা সময়ছোৱাত দেশত কেইবাবাৰো ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল।
দেশৰ যোৱা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ২০২৪ ৰ অক্টোবৰত Asthma, Glaucoma, Thalassemia, Tuberculosis ৰ লগতে মানসিক ৰোগৰ বাবে এতি প্ৰয়োজনীয় ১১ বিধ ঔষধৰ মূল্য ৫০ শতাংশ বৃদ্ধি হৈছিল।
তাৰ পূৰ্বে একেটা বছৰৰ এপ্ৰিল মাহৰ প্ৰথমটো দিনৰ পৰা ৮০০ বিধ ঔষধৰ মূল্য বৃদ্ধিত অনুমোদন জনাইছিল National Pharmaceutical Pricing Authority (NPPA) এ। একেদৰে ২০২২ চনত ১০ ৰ পৰা ১২ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছিল ঔষধৰ মূল্য।
এই দৰে অতি প্ৰয়োজনীয় ঔষধৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱাৰ বাবে যোৱা দুই, তিনিটা বছৰত দেশৰ জনসাধাৰণে ত্ৰাহি মধুসুদন কাঢ়িবলগীয়া হোৱাৰ লগতে সাধাৰণ ৰোগৰ চিকিৎসাও বিলাসীতালৈ ৰূপান্তৰ হৈছিল।
ইফালে নিৰ্বাচনৰ ঠিক আগতে আকৌ দেশৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত উন্মোচিত হোৱা নিৰ্বাচনী বণ্ডৰ কেলেংকাৰীত এই কথাও স্পষ্ট হৈছিল যে ৰাজনৈতিক দলসমূহক সৰ্বাধিক চান্দা দিছিল ফাৰ্মা কোম্পানীসমূহে। যাৰ বাবেই ঔষধৰ মূল্য অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হোৱা বুলি প্ৰমাণ হৈছিল।
কিন্তু আজি বাজেটত ৩৬ বিধ ঔষধৰ ওপৰত আৰোপ কৰা কৰ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ লগতে আন কেইবাবিধো ঔষধৰ কৰৰ ক্ষেত্ৰত ৫ শতাংশ ৰেহাই দিয়া বিষয়টোৱে যে সাধাৰণ জনতাক সাধাৰণ সকাহ দিব সেয়া স্পষ্ট হৈ পৰিছে।
ইফালে এই কথাও উল্লেখ কৰিব লাগিব যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটে কৰ্মচাৰীসকলৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে। তেওঁ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু কৃষকসকলৰ বাবেও বাজটেত ঋণৰ কথা উল্লেখ কৰিছে। তাৰোপৰি সীতাৰমণে কেইবাটাও সামগ্ৰীৰ ওপৰত কৰ ৰেহাইৰ কথা ঘোষণা কৰিছে।
এনে কৰ ৰেহাইৰ বাবে বহু সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাটো নিশ্চিত হৈছে। ফলস্বৰূপে, মধ্যবিত্ত শ্ৰেণী উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেট শনিবাৰে দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে।
তাৰোপৰি দৈনিক ব্যৱহাৰৰ কৰি থকা আন কেতবোৰ সামগ্ৰীৰো মূল্য হ্ৰাস পাব। বাজেটত ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে। ফলস্বৰূপে, এল.ই.ডি. আৰু এল.চি.ডি. টিভি সস্তা হ'ব। মোবাইলৰ ওপৰত থকা শুল্কও হ্ৰাস হোৱাৰ বাবে মোবাইল ফোনৰ মূল্যও হ্ৰাস পাব বুলি আজিৰ বাজেটে স্পষ্ট কৰে।
আনহাতে বৈদ্যুতিক বেটেৰীৰ ওপৰত থকা শুল্ক হ্ৰাস কৰাৰ ফলত বৈদ্যুতিক গাড়ী সস্তা হ'ব। সীহ আৰু জিংকৰ ওপৰত থকা প্ৰাৰম্ভিক শুল্কও হ্ৰাস কৰা হৈছে।বাজেট ঘোষণাত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সঁজুলিও সস্তা হোৱাটো নিশ্চিত হৈছে। চামৰাৰ সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰাৰ বাবে জোতা, বেল্ট, বেগৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য সস্তা হ'ব। জাহাজৰ অংশৰো মূল্য হ্ৰাস হ'ব।
তাৰোপৰি দেশত তৈয়াৰ কৰা কাপোৰৰো মূল্য হ্ৰাস পাব। সামুদ্ৰিক মাছকে ধৰি সাগৰীয় খাদ্যৰ মূল্যও হ্ৰাস পাব। বিশ্লেষকসকলে ভৱিষ্যতবাণী কৰিছে যে কৰ্মচাৰীসকলৰ হাতত নগদ ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে অহা দিনসমূহত তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ'ব। সেই চাহিদা পূৰণ কৰিবলৈ। সেয়ে সেই চাহিদা পূৰণ কৰিবলৈ বজাৰত মূল্য বৃদ্ধি হ'ব হোৱাৰো সম্ভাৱনা নথকা নহয়।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটে কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে। নিৰ্মলা সীতাৰমণে বাজেট ঘোষণাত উল্লেখ কৰিছে, হকাৰসকলৰ বাবে ইউ পি আই লিংক কৰা ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা কৰা হ’ব। চহৰ পুনৰ নিৰ্মাণৰ বাবে ব্যয় কৰা হ’ব এক লাখ কোটি টকা।
তাৰোপৰি ক্ষুদ্ৰ মডিউলাৰ নিউক্লিয়াৰ ৰিয়েক্টৰৰৰ বাবে ব্যয় কৰা হ’ব ২০ হাজাৰ কোটি টকা। ২০৩০ চনৰ ভিতৰত এই নিউক্লিয়াৰ ৰিয়েক্টৰসমূহ তৈয়াৰ হৈ উঠিব।
বিহাৰৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে নেচনেল ইনষ্টিটিউট অফ ফুড টেকনলজী। তাৰোপৰি ৰাজ্যখনৰ পাটনা বিমান বন্দৰক নতুনকৈ সম্প্ৰসাৰণৰ কথাও ঘোষণা কৰা হৈছে। এই বিমান বন্দৰৰ উন্নয়নৰ বাবেও ধন নিৰ্ধাৰণ কৰিলে বাজেটত।
উল্লেখ্য যে, কেৱল বিহাৰতে নহয়, দেশত দেশত নতুনকৈ মুঠ ১২০ টা বিমান বন্দৰ নিৰ্মাণৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। ইয়াৰ ভিতৰত ৩ টা বিমান বন্দৰ নিৰ্মাণ হ’ব বিহাৰত।
বহু চৰ্চিত প্ৰধানমন্ত্ৰীৰ জল জীৱন মিছন আঁচনিখন ২০২৮ চনলৈ বৃদ্ধি কৰাৰ কথাও নিৰ্মলী সীতাৰমণে ঘোষণা কৰিছে। তাৰোপৰি অহা সপ্তাহত নতুন আয়কৰ বিল পাছ কৰিব বুলিও জনাইছে।
নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে কৃষকৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে সংসদত বাজেট পাঠ কৰাৰ সময়ত ধনধান্য যোজনাৰ অধীনত ১.৭ কোটি কৃষকক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
তাৰোপৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণৰ পৰিমাণ বৃদ্ধি কৰা হ’ব বুলিও জনাইছে। বৰ্তমান কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৩ লাখ পৰ্যন্ত ঋণ লোৱাৰ ব্যৱস্থা আছে। এতিয়াৰে পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষকে ৫ লাখ পৰ্যন্ত ঋণ ল’ব পাৰিব। একেদৰে মৎস্য পালকসকলৰ বাবেও বিশেষ অৰ্থনৈতিক অঞ্চল গঢ়ি তোলা হ’ব বুলিও জনাইছে।
বিত্ত মন্ত্ৰীগৰাকীয়ে মহিলা উদ্যোগপতিৰ বাবে ঋণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ মহিলা উদ্যোগীৰ বাবে ২ কোটি টকা পৰ্যন্ত ঋণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে।
ইয়াৰ উপৰি তেওঁ ৮ কোটি মহিলা, এক কোটি সদ্য মাতৃত্ব প্ৰাপ্ত মহিলা, ১৮ লাখ ছাত্ৰীৰ বাবে বিশেষ পুষ্টিকৰ প্ৰকল্পৰ কথাও ঘোষণা কৰিছে। চৰকাৰী ছেকেণ্ডেৰী স্কুলসমূহত ব্ৰডব্ৰেণ্ড পৰিসেৱা সংযোগ কৰিবৰ বাবে আৰু আই আই টিৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
আজিৰ এই বাজেটত তেওঁ মেডিকেল কলেজসমূহত আগন্তুক ৫ বছৰত ৭৫ হাজাৰ আসন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণৰ কথা ঘোষণা কৰিছে। আগন্তুক বছৰতে মেডিকেল কলেজ সমূহত ১০ হাজাৰ আসন বৃদ্ধি কৰা হ'ব।
জিলা হাস্পতালসমূহত কৰ্কট প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছে। তেওঁ জনোৱা মতে অহা ৩ বছৰত ২ হাজাৰ কৰ্কট প্ৰতিষ্ঠান তৈয়াৰ কৰা হ'ব ।
লগতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰিছে যে, বাৰ্ষিক ১২লাখ টকা পৰ্যন্ত আয় কৰা লোকে এতিয়াৰে পৰা দিব নালাগে আয় কৰ। এতিয়া জানো আহক কোন বছৰত কিমান টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল।
২০০৫চনত ১লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল বাজেটত। ইয়াৰ পিছতে ২০১২চনত ২লাখ টকা পৰ্যন্ত আয় কৰা লোকৰ ক্ষেত্ৰত আয়কৰ ৰেহাই ঘোষণা কৰা হৈছিল।
একেদৰে ২০১৪চনত এই সীমা আছিল ২.৫লাখ, ২০১৯চনত ৫লাখ আৰু ২০২৩চনত এই সীমা বৃদ্ধি কৰি কৰা হৈছিল ৭লাখলৈ। ইয়াৰ পিছতে এতিয়া ২০২৫-২৬বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে, ১২লাখ টকা পৰ্যন্ত দিব নালাগে কোনো আয়কৰ। ইয়াৰ বিপৰীতে এইবেলি বাজেটত আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰ কৰা হৈছে।
সামগ্ৰীকভাৱে আজিৰ এই বাজেটে দেশৰ জনসাধাৰণৰ বাবে কেতবোৰ আশাৰ ৰেঙণি কঢ়িয়াই অনা বুলি ক’লেও বঢ়াই কোৱা নহ’ব।