ভাস্কৰ শৰ্মা
ধৈৰ্য্য, সহ্য, ত্যাগ, সাধনা আদি গুণবোৰে মানুহক মানুহ কৰি ৰখাত সহায় কৰে। এনেবোৰ গুণৰ অধিকাৰীয়ে খন্তেকীয়া প্ৰাশান্তিৰ বিপৰীতে জীৱন যুদ্ধত যুঁজ দিয়াৰ বাবে সমল বিচাৰি পায়।
পাৰ্থিৱ জীৱনটো বাস্তৱ জগতৰ সময়ৰ সৈতে খোজ দিবলৈ অনাগত যাত্ৰা পথৰ বাবে সহায়ক হৈ উঠে। এনে গুণৰ আকৰজনে পূৰ্বৰে পৰা নিজক ভৱিষ্যতৰ সময়ত দেখা দিব পৰা প্ৰত্যাহ্বানৰ বাবে নিজকে ইতিমধ্যে মানসিকভাৱে সাজু কৰি তোলে। তাৰ পাছতহে দেখা দিয়া প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰে।
বিশ্বৰ যিমানবোৰ ডাঙৰ ডাঙৰ ব্যক্তিৰ গৰাকীয়ে এই সমাজক ধন্য কৰিছে, তেওঁলোকৰ অতীত খুচৰিলে পোৱা যাই এইধৰণৰ গুণসম্পন্ন অলেখ অলিখিত পৃষ্ঠা। ইয়াৰে কিছুসংখ্যকৰ কাহিনী পোহৰলৈ আহে, আনহাতে আন একাংশ কোনেও নজনা- নুশুনাকৈ ৰৈ যায়। থাকি যায় কেৱল তেওঁলোকে সমাজক দি যোৱা অৱদানবোৰ।
“দেৱক যিয়ে জয় কৰে, তেঁৱেই দেৱজিৎ”। বহুব্ৰীহি সমাস ভাঙি দেখুৱালে “দেৱজিৎ” নামৰ অৰ্থ এইধৰণে পোৱা যায়। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে ভাৰতীয় ক্ৰিকেটৰ যিসকল বিজ্ঞ বিজ্ঞ দেৱতুল্য প্ৰশাসক আছে তেওঁলোকৰ মন জয় কৰি আজি অসম সন্তান দেৱজিৎ লন শইকীয়া অধিষ্ঠিত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিবৰ আসনত।
এই খবৰ একেমুখে ক’বলৈ গ’লে- সঁচাকৈ অসম তথা উত্তৰ- পূবৰ বাবে আনন্দৰ খবৰ। যি খবৰে অনাগত দিনৰ সম্ভাৱনাময় আৰু প্ৰতিভাৱান ক্ৰিকেটাৰক সপোন দেখাৰ বাবে উকমুকনি যোগাব। তেওঁলোক পাব প্ৰেৰণা আৰু উৎসাহ।
ৰিয়ান পৰাগ আৰু উমা চেত্ৰীয়ে যেতিয়া ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল তেতিয়াৰ পৰাই অসমৰ শিশুৱে ক্ৰিকেটাৰ হোৱাৰ এক সুপ্ত বাসনা মনত পুহিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ এই সাফল্যৰ খবৰ গৰম হৈ থাকোতেই বছৰৰ শেষ সময়ছোৱাত পুনৰ আহিল জাতিক ধন্য কৰা আন এক খবৰ।
৮ ডিচেম্বৰ ২০২৪ দেওবাৰৰ বিয়লি মুম্বাইৰ পৰা ভাহি আহিল সেই খবৰ। বি চি চি আইৰ সচিব জয় শ্বাহৰ পাছত উক্ত আসনত নিয়োগ কৰা হ’ল একালৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ, ক্ৰিকেট প্ৰশাসক তথা মহাধিবক্তা দেৱজিৎ লন শইকীয়াক।
এই ভাল খবৰটো অহাৰ আগেয়ে প্ৰত্যাশাৰ পূৰ্বানুমান কৰি এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলে প্ৰকাশ কৰিছিল বাতৰি। আৰু সেই বাতৰি ৮ ডিচেম্বৰৰ দিনাই সঁচা প্ৰমাণিত হৈ জাতিয়ে গৌৰৱেৰে এই ক্ষণৰ সাক্ষী হৈছিল। উত্তৰ- পূবত ইতিহাস সৃষ্টিকাৰী এই খবৰে সকলো শ্ৰেণীকে আনন্দিত কৰি তুলিছিল।
দেৱজিৎ লন শইকীয়া আজি বিশ্ব ক্ৰিকেটৰ এটা চিনাকি নাম। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰৰ পৰা ক্ৰিকেট সংগঠকলৈকে, ক্ৰিকেট সংগঠকৰ পৰা ক্ৰিকেট প্ৰশসাকলৈকে আৰু তাৰ পাচত বি চি চি আইৰ যুটীয়া সচিব পৰা আজি তেওঁ সচিব দৰে এটা সন্মানীয় পদৰ গৰাকী।
পিছে সচিব দেৱজিৎ শইকীয়াগৰাকী হোৱাৰ আঁৰত আছে ধৈৰ্য, সহ্য আৰু ত্যাগৰ দৰে গুণবোৰ। এনেবোৰ গুণ একাষৰীয়া কৰিলে হয়তো তেওঁ আজিৰ এই পৰ্যায়ত উপনীত হ’ব নোৱাৰিলেহেঁতেন !
বিগত সময়ত তেখেতে কৰা ত্যাগ আৰু সাধনাই আজি তেওঁক এনে এটা পদত অধিষ্ঠিত কৰিছে, যিটো পদক দেশৰ সকলো ক্ৰিকেটাৰৰ লগতে ৰাজ্যিক সংস্থাসমূহেও সমীহ কৰে। পদটোৰ গুৰুত্বও ৰাজ্যিক সংস্থাসমূহত অপৰিসীম আৰু সাৰ্বজনীন।
দেৱজিত লন শইকীয়াৰ জন্ম গুৱাহাটীত। ১৯৬৯ চনৰ ১৯ এপ্ৰিলত তেওঁ উজান বজাৰত জন্ম লাভ কৰিছিল। পিতৃ আছিল টুংগা ভদ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল দীপিকা শইকীয়া।
শইকীয়াৰ কটন কলেজৰ পৰা শিক্ষাগ্ৰহণ কৰাৰ আগৰে পৰাই ক্ৰিকেটৰ প্ৰতি ৰাপ আছিল। যাৰ বাবে বিভিন্ন স্কুল পৰ্যায়ৰ ক্ৰিকেটত তেওঁ ভাগ লৈছিল। ক্ৰিকেটৰ সমানে পঢ়া- শুনাতো অত্যন্ত মেধাৱী আছিল শইকীয়া।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ১৯৮৪ চনত স্কুল পৰ্যায়ৰ চি কে নাইডু ট্ৰফীৰ জৰিয়তে অসমক প্ৰতিনিধিত্ব কৰি ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল শইকীয়াই। তেতিয়া তেওঁৰ বয়স আছিল ১৪ বছৰ।
ইয়াৰ এবছৰৰ পাছত অসম ১৫ বছৰ অনুৰ্ধ দলৰ হৈ বিজয় মাৰ্চেণ্ট ট্ৰফীত খেলিছিল য’ত তেওঁ অভিষেকৰ সময়ত অপৰাজিত ৫৫ ৰান সংগ্ৰহ কৰিছিল। ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈ অসম (অনূৰ্ধ্ব-১৯)ক প্ৰতিনিধিত্ব কৰি সন্মানীয় কোচ বিহাৰ ট্ৰফীত অংশগ্ৰহণ কৰিছিল তেওঁ।
১৯৮৭ চনত ১৭ বছৰ অনুৰ্ধ বিজয় হাজাৰে ট্ৰফীত তেওঁ অসমৰ হৈ শতক অৰ্জন কৰিছিল। ইয়াৰ সুবাদতে তেওঁ ৰাষ্ট্ৰীয় বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণৰ বাবে পূব মণ্ডল দলত স্থান লাভ কৰিছিল।
উক্ত প্ৰতিযোগিতাখনত তেওঁ পূব মণ্ডলৰ হৈ তিনিওখন মেচ খেলি ১৯৮৭-৮৮ চনত দলক চেম্পিয়নশ্বিপ কৰোৱাত অন্যতম ভূমিকা পালন কৰিছিল। এই সময়ছোৱাতে তেওঁৰ সৌৰভ গাংগুলীৰ সৈতে চিনাকি হৈছিল। আৰু একেলগে একেটা দলৰ হৈ ক্ৰিকেট খেলিছিল।
ইয়াৰ পাছতহে তেওঁ ১৯৯১ চনত অসম ৰঞ্জী দলৰ হৈ ক্ৰিকেট খেলে। অসম দলত মিডল অৰ্ডাৰ বেটাৰ হিচাপে খেলিছিল তেওঁ। কেইবছৰমান এনেদৰে অসমৰ হৈ ক্ৰিকেট খেলি পাছলৈ তেঁও ২১ বছৰ বয়সত পেচাদাৰী ক্ৰিকেটক বিদায় জনায়।
নিজৰ শৈক্ষিক কেৰিয়াৰ গঢ়াৰ স্বাৰ্থতে তেঁও বাদ দিছিল ক্ৰিকেটক। অৱশ্যে তেওঁ ক্ৰিকেট বাদ দিয়াৰ আঁৰতো আছে কেতবোৰ কাহিনী। যিবোৰ অপ্ৰকাশিত আৰু অলিখিত কাহিনীয়ে তেঁওক আজিৰ পৰ্যায়ত উপনীত হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। প্ৰত্যাহ্বানক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আগুৱাই যোৱা বিধৰ আছিল শইকীয়া।
২১ বছৰ বয়সত ক্ৰিকেটক বিদায় জনাই তেওঁ আইনী শিক্ষাগ্ৰহণ কৰিছিল। শইকীয়াই বাৰ কাউন্সিল অৱ অসমৰ অধীনত অধিবক্তা হিচাপে নামভৰ্তি কৰি ১৯৯৭ চনৰ ডিচেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী প্ৰেকটিছ আৰম্ভ কৰি আইনী কেৰিয়াৰৰ আৰম্ভণি কৰে।
আনহাতে ২০০৫ চনৰ পৰা তেওঁ বিত্ত, কৰ, স্বাস্থ্য আৰু শিক্ষাৰ দৰে বিভাগৰ সৈতে জড়িত গোচৰত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল। ২০১৬ চনত তেওঁ মহাধিবক্তা হিচাপে উন্নীত হয়। ইয়াৰ পাছৰে পৰা ২০১৮ চনলৈকে অসম চৰকাৰৰ মহাধিবক্তা হিচাপে শইকীয়া কাৰ্যনিৰ্বাহ কৰে।
তাৰ পাছৰে পৰা অসম ক্ৰিকেটত সন্থাক নেতৃত্ব দি এক গতি প্ৰদান কৰে। তেঁওৰ সময়ছোৱাতে অসমৰ ভিন্ন প্ৰান্তৰ ক্ৰিকেটাৰসকলৰ প্ৰতিভাক চিনাক্ত কৰি গঠন কৰিছিল শিবিৰ। ২০২০ চনত তেওঁ এচিএ ক্ৰিকেট একাডেমী প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেতিয়াৰ পৰাই অত্যাধুনিক সা-সুবিধা আৰু বিশ্বমানৰ প্ৰশিক্ষক- কৰ্মচাৰীৰ সুবিধা প্ৰদান কৰি উৎকৃষ্টতাৰ কেন্দ্ৰত পৰিণত হৈছে এই একাডেমী। ২০২১ চনৰ পৰা একাডেমীয়ে আৱাসিক প্ৰশিক্ষক কাৰ্যসূচীৰ জৰিয়তে যুৱ ক্ৰিকেটাৰসকলক প্ৰশিক্ষণ দি আহিছে। যাৰ দ্বাৰা বহু ক্ৰিকেটাৰ উপকৃতও হৈছে।
এনেদৰে বহু উত্থান- পতনৰ মাজেৰে অসম ক্ৰিকেট সন্থাৰ কাৰ্যকাল সামৰি এদিন তেওঁ ২০২২ চনৰ ১৮ অক্টোবৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। আৰু আজি তেওঁক তেওঁৰ কৰ্মই লৈ গৈছে উন্নতিৰ শিখৰলৈ। বি চি চি আইৰ বৰ্তমানৰ সচিব দেৱজিৎ লন শইকীয়া...।