ভিডিঅ' ক'লত পূৰ্ণমক দেখি প্ৰথমে পত্নীয়ে বিশ্বাসেই কৰিব পৰা নাছিল..

প্ৰত্যাৱৰ্তনৰ পাছতে স্বামীৰ সৈতে ভিডিঅ' ক'লত কথা পাতিলে পূৰ্ণম কুমাৰ শ্ব'ৰ পত্নী ৰজনীয়ে। প্ৰথম দৃষ্টিত পত্নীয়ে চিনিব পৰাই নাছিল স্বামীক। ২০টা দিনৰ পিছত পত্নীক দেখা পাই জোৱানজনে কলে, "চিন্তা নকৰিবা, মই উভতি আহিছো।"

author-image
ৰিম্পী গগৈ
আপডেট কৰা হৈছে
New Update
মোৰ হাতত শব্দ নাই..

মোৰ হাতত শব্দ নাই..

বুধবাৰে পুৱা ১০.৩০ বজাত বিএছএফৰ কনিষ্টবল পূৰ্ণম কুমাৰ শ্ব’ক পাকিস্তানৰ পৰা আটাৰী-ৱাগাহ সীমান্তত বি এছ এফক গটাই দিয়া হয়। স্বামীৰ প্ৰত্যাৱৰ্তনৰ খবৰে আবেগিক কৰি তুলে পত্নী ৰজনীক। এই সন্দৰ্ভত ৰিম্পী গগৈৰ এক বিশেষ প্ৰতিবেদন-

Advertisment

"স্বামী স্বদেশলৈ উভতি অহাৰ খবৰ পাই মোৰ মনটো আনন্দৰে ভৰি পৰিল। আজি মই কিমান সুখী সেইকথা প্ৰকাশ কৰিবলৈ মোৰ হাতত শব্দ নাই।" এই মন্তব্য সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱান পূৰ্ণম কুমাৰ শ্ব'ৰ পত্নী ৰজনী শ্ব'ৰ। স্বামীক পাকিস্তানী ৰেঞ্জাৰে আটক কৰাৰ পাছত দুচিন্তাত ভাগি পৰা অন্তঃসত্ত্বা ৰজনী শ্ব'ৰ মুখত এতিয়া বিৰিঙিছে হাঁহি। দুচকুৰে বৈছে আনন্দৰ চকুলো। 

২০ দিনতকৈ অধিক সময় পাকিস্তানৰ জিম্মাত থকাৰ পাছত অৱশেষত দেশলৈ উভতি আহিল সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱান পূৰ্ণম কুমাৰ শ্ব'। ভুলতে আন্তৰাষ্ট্ৰীয় সীমা পাৰ হৈ পাকিস্তান গৈ পোৱা জোৱানজনৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত পত্নীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। 

স্বদেশৰ ভূমিত ভৰি দিয়াৰ পিছতে স্বামীৰ সৈতে ভিডিঅ' ক'লত কথা পাতিলে পূৰ্ণম কুমাৰ শ্ব'ৰ পত্নী ৰজনীয়ে। প্ৰথম দৃষ্টিত পত্নীয়ে চিনিবই পৰা নাছিল স্বামীক। ৩ সপ্তাহৰ পিছত পত্নীক দেখা পাই জোৱানজনে কলে, "চিন্তা নকৰিবা, মই উভতি আহিছো।"  স্বামী স্বদেশলৈ উভতি অহাৰ খবৰ পাই "সকলো টেনচন দূৰ হ'ল" বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে ৰজনী শ্ব'য়ে।

উল্লেখযোগ্য যে, জোৱানজনক পাকিস্তানৰ ৰেঞ্জাৰে আটক কৰাৰ খবৰ পোৱাৰে পৰা ৰজনীয়ে স্বামীৰ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰত চৰকাৰক কাতৰ অনুৰোধ জনাই আহিছিল। আনকি কণমানি পুত্ৰক লগত লৈ ফিৰোজপুৰলৈ গৈ জোৱানজনৰ কামাণ্ডিং অফিচাৰক লগ কৰিছিল। ভাৰত পাকিস্তানৰ মাজত বাঢ়ি অহা যুদ্ধ সদৃশ পৰিৱেশৰ বাবে “মই সকলো আশা হেৰুৱাই পেলাইছিলো” বুলিও উল্লেখ কৰিলে জোৱান জনৰ পত্নীয়ে।

ইফালে, পুত্ৰৰ প্ৰত্যাৱৰ্তন আবেগিক হৈ পৰে জোৱানজনৰ পিতৃ। পিতৃ ভোলেনাথ শ্ব'ৱে সদৰি কৰে যে, ‘মই বিশ্বাসেই কৰিব পৰা নাছিলো। কালি সন্ধিয়া ৭.৩০ বজাত তেওঁৰ মুক্তিৰ বিষয়ে আমাক জনোৱা হৈছিল। পুত্ৰৰ মুক্তিৰ বাবে ভাৰত চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ নেতা, আৰু ভগৱানক ধন্যবাদ জনাইছো।”

আনহাতে বিগত তিনিদিনত প্ৰতিদিনে ৰজনীৰ সৈতে কথা পাতিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল ৰজনীক। ৪০ বছৰীয়া পূৰ্ণম পশ্চিমবংগ হুগলীৰ ৰিশ্ৰাৰ বাসিন্দা। পঞ্জাৱৰ ফিৰোজপুৰ ছেক্টৰত বি এছ এফৰ ১৮২ নং বেটেলিয়নত কৰ্মৰত জোৱানজন।

উল্লেখযোগ্য যে, ২৩ এপ্ৰিলত ভুলবশত সীমা অতিক্ৰম কৰিছিল জোৱানজনে। সীমা অতিক্ৰম কৰা সময়ছোৱাত পূৰ্ণম শ্ব'ৱে সেনাৰ ইউনিফৰ্ম পিন্ধিছিল আৰু লগত তেওঁৰ হাতত আছিল চাৰ্ভিচ ৰাইফল। বি এছ এফৰ বিষয়াসকলে জনোৱা মতে, সীমান্তৰ সমীপত কৃষকৰ দল এটাক সুৰক্ষা দিবলৈ গৈছিল জোৱানজন। শ্ব'ৱে সংগ দি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল। এজোপা গছৰ তলত জিৰণি ল’বলৈ গৈ অজানিতে পাকিস্তানৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল জোৱানজন। লগে লগে তেওঁক পাকিস্তান ৰেঞ্জাৰে জিম্মাত লৈ যায়।

শ্ব’ৰ নিৰাপদ মুক্তিৰ বাবে বি এছ এফে অক্লান্তভাৱে কাম কৰিছিল। ৫০৪ ঘণ্টাৰ পাছত পাকিস্তানৰ বন্দীত্বত থকা বি এছ এফৰ জোৱানজনক মুক্তিৰ বাবে ছয়খনতকৈও অধিক পতাকা বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৮৪ বাৰ হুইচেল বজোৱা হৈছিল। চি অ’ পৰ্যায়ৰ বৈঠকৰ উপৰিও বি এছ এফ আৰু ৰেঞ্জাৰৰ শীৰ্ষ বিষয়াসকলেও এই বিষয়ত আলোচনা কৰিছিল। 

প্ৰত্যাৱৰ্তনৰ পাছতে বি এছ এফে এক বিবৃতিৰ জৰিয়তে সদৰি কৰে যে , "আজি ২০২৫ চনৰ ২৩ এপ্ৰিলৰ পৰা পাকিস্তান ৰেঞ্জাৰৰ জিম্মাত থকা বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ চাহক পুৱা প্ৰায় ১০.৩০ বজাত অমৃতসৰৰ জইণ্ট চেক পোষ্ট আটাৰীৰ জৰিয়তে ভাৰতক গতাই দিয়া হয়। শান্তিপূৰ্ণভাৱে আৰু প্ৰতিষ্ঠিত প্ৰট'কল অনুসৰি হস্তান্তৰ কৰা হয়।"

ইফালে, প্ৰত্যাৱৰ্তনৰ পাছতে জোৱানগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়া হৈছে। পূৰ্ণম কুমাৰ শ্ব'ৰ শৰীৰত বৰ্তমানলৈ কোনোধৰণৰ আঘাটৰ চিন দেখিবলৈ পোৱা নাই। যাৱতীয় সকলো কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছতহে পৰিয়ালৰ লোকক লগ কৰিবলৈ অনুমতি দিয়া হ'ব।

পাকিস্তান বিএছএফ জোৱান গ্ৰেপ্তাৰ ভাৰত-পাকিস্তান