/asomiyapratidin/media/media_files/2025/05/02/ZwuqjjRry84DpeQYCvrD.jpg)
মৃদুল কুমাৰ সন্দিকৈ
তেওঁক নতুন গাড়ী কোনে দিলে? সেই গাড়ীখনৰ দাম কিমান? গৌৰৱ গগৈৰ নিচিনা অকৃতজ্ঞ মানুহ নাই। অখিল গগৈ পাগল!- এইবোৰ জানো এতিয়া আলোচ্য বিষয় হ’ব পাৰে?
অসমৰ ৰাজনীতিত কি চলিছে বুলি বিৰোধীৰ সন্দৰ্ভত প্ৰশ্ন কৰিলে এইবোৰ কথাই ক’ব লগা হয়। এতিয়া চলি আছে অখিল গগৈ বনাম ভূপেন বৰাৰ বাক্যযুদ্ধ। সংযমহীন আচৰণ দুয়োজন নেতাৰে।
সেইবোৰ দেখি শুনি মুখ টিপি হাঁহিছে শাসকীয় দলে। সুযোগ বুজি বিৰোধীৰ দুই নেতাকে কটাক্ষ কৰিছে। ২০২৬ত চৰকাৰী গাড়ীতহে ঘূৰিম বুলি এতিয়াই দম্ভালি মাৰিলে তথাকথিত নেতাই। তাকেই দেখি শুনি শাসকীয় দলে এয়া অলীক কল্পনা বুলি মন্তব্য কৰিছে।
যুদ্ধ চলিছে। কিন্তু যিখন যুদ্ধ হ’ব লাগিছিল, সেইখন যুদ্ধ নহ’ল। হয়তো এইখন যুদ্ধ হোৱাৰো কোনো সম্ভাৱনা নাই। সেই সম্ভৱনাৰ দুৱাঁৰ বন্ধ কৰি দিলে দুয়ো পক্ষই। ইমান অপৈণত আৰু অবিবেচকী কাৰবাৰ বোৰ তেওঁলোকে কৰিছে যে, ৰাজনীতি কি, তেওঁলোকে যেন বুজিয়েই পোৱা নাই!
এই যুদ্ধ হ’ব লাগিছিল বিজেপি বনাম বিৰোধী মিত্ৰজোঁটৰ। এতিয়া সেই যুদ্ধ চলিছে মিত্ৰতাৰ নামত ভেকুভাওঁনা কৰি ফুৰা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বৰ মাজত। মানুহে বুজি উঠিছে কি ভূপেন বৰা, কি অখিল গগৈ সকলোৰে স্বাৰ্থ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰা।
হোটেলত কিমান চাহ খালে, কিমান মিত্ৰতাৰ নামত মিটিং পাতিলে, সেই সকলোবোৰ অথলে গ’ল। তাৰমাজত অসমৰ বৌদ্ধিক সমাজৰ প্ৰাণস্পন্দন স্বৰূপ ড০ হীৰেন গোহাঁইৰ দৰে ব্যক্তি বিশেষৰ ভাৱমূৰ্তিত ৰাজনীতিৰ কালিমা এইসকল লোকেই সানি দিলে।
বিজেপিৰ জনস্বাৰ্থ বিৰোধী কৰ্মকাণ্ড, পৰ্বতসম দুৰ্নীতি, মূল্যবৃদ্ধি আদি বিষয়বোৰ তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ সমূহতো তুলি ধৰি নোৱাৰিলে। ইমানবোৰ ইচ্ছ্যুৰ মাজত মানুহৰ মাজলৈ কোনো এটা ইচ্ছ্যুকে লৈ যোৱাত বিফল হোৱাটোৱে এতিয়া বিৰোধীৰ সফলতাৰ আখ্যা দিব লাগিব।
মৌনতাৰ ব্ৰত অৱলম্বন কৰিলে লুৰীণজ্যোতি গগৈয়ে। কিবা এটা হ’ব বুলি আশাত বন্দী হৈয়ে তেওঁ থাকি গ’ল। অখিল গগৈয়ে সুযোগ পালেই কংগ্ৰেছী নেতাক ব্যক্তিগত পৰ্যায়লৈ গৈ আক্ৰমণ কৰি বিজেপিৰ বহু কাম সহজ কৰি দিলে।
ৰাজনীতিত সকলো কথা সকলো সময়তে কোৱা নহয়। ৰাজনীতিত কৰা আৰু কোৱাৰ মাজত পাৰ্থক্য থাকে। যদি মিত্ৰতাৰ প্ৰতি দুয়ো বিৰোধী দলৰ অলপ হ’লেও সদিচ্ছা থাকিলহেতেন, তেনে সংবাদমাধ্যমৰ কেমেৰা দেখিলেই এইদৰেই জানো এজনে আনজনক আক্ৰমণ কৰে?
মানুহে এতিয়া হাঁহিছে। কিয়নো অখিল গগৈ- ভূপেন বৰাৰ ৰাজনৈতিক যুঁজখন ভালদৰে জমি উঠিছে। ৰঙানদী সমষ্টিত ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিলে ৰাইজৰ দলে প্ৰাৰ্থী দিব বুলি এতিয়াই হুংকাৰ প্ৰদান কৰা হ’ল। তাৰ ফল নিশ্চিতভাৱে বিজেপিয়ে লাভ কৰিব।
কোনে কি অংকত কি কৰি আছে, ধৰিব পৰা এতিয়াও হোৱা নাই। বিৰোধী পক্ষই সতিনীৰ নাক কাটি যাত্ৰা ভংগ কৰাৰ দৰে নিজৰ মাজত যুঁজ-বাগৰ কৰি বিজেপিক আৰু প্ৰাসংগিক কৰি তুলিছে।
এই যুঁজ হয়তো পঞ্চায়ত নিৰ্বাচনৰ হাৱা-বতাঁহ চলি থকা লৈকে চলি থাকিব। তাৰ পাছত কিছুদিন বিৰতি ল’ব। আকৌ হোটেল বা কোনোবা বুদ্ধিজীৱিৰ নাম লৈ মিত্ৰতাৰ প্ৰসংগত একগোট হৈ দুই একাপ চাহ খাব।
কাৰ্যত সেইবোৰৰ কোনো ফলাফল নোলাব। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টিৰ ভাগ-বতৰোৱাক লৈ আকৌ অভিমান কৰিব! ৰাজ্যৰ ৰাজনীতিৰ ছেমি ফাইনেল সদৃশ পঞ্চায়ত নিৰ্বাচনতে পৰাস্ত হ’লে কেনেকৈ খেলিব ২০২৬ৰ ফাইনেল? সেই কথা কিন্তু অখিল গগৈ, ভূপেন বৰা আৰু লুৰীণজ্যোতি গগৈয়ে এবাৰো নাভাৱিলে...