সমুজ্জ্বল, সমীৰণ, পলাশ, শৃংখল এতিয়া ক’ত?

অসমতে অসমীয়া এদিন ভগনীয়া হ’ব বুলি কৈ যোৱা ভৱিষ্যতদ্বাণী এতিয়া ফলিয়াই আছে। চৌদিশৰ পৰা কেৱল খিলঞ্জীয়া আৰু থলুৱাক বঞ্চনা, প্ৰতাৰণা কৰাৰ খবৰে ভৰি পৰিছে।

New Update
ap BIKHEKH LEKHA (8)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অসমতে অসমীয়া এদিন ভগনীয়া হ’ব বুলি কৈ যোৱা ভৱিষ্যতদ্বাণী এতিয়া ফলিয়াই আছে। চৌদিশৰ পৰা কেৱল খিলঞ্জীয়া আৰু থলুৱাক বঞ্চনা, প্ৰতাৰণা কৰাৰ খবৰে ভৰি পৰিছে। অতি কৌশলেৰে অনা অসমীয়া পুঁজিপতি গোষ্ঠীয়ে থলুৱাৰ ওপৰত অগ্ৰাসনৰ জাল মেলি দিছে, সেই জালত পৰিছে ইজনৰ পাছত সিজন অসমীয়া।

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা সকলে সকলো অংক মিলিলেহে যেন মাত মাতে ! নহ’লে তেওঁলোকো নিবোকা চামোন হৈ বহি থাকে। এনে দিন আহিলে যে অসমৰ প্ৰতাপ, জুছিমণিহঁতে দোকান এখন দিও এই বহিৰাগত বণিকগোষ্ঠীৰ পৰা চলাৰ পৰিৱেশ আজি নোহোৱা হৈছে।

কেৱল অসমীয়া হোৱাটোৱে তেওঁলোকৰ অভিশাপ ! সেই বণিক গোষ্ঠীৰ ওচৰত আঠু ল’ব নজনাটোৱে তেওঁলোকৰ দোষ। যাৰ পৰিণতিত চক্ৰান্তমূলকভাৱে তেওঁলোকৰ দোকান বিভিন্ন অজুহাতত বন্ধ কৰি দিয়াই নহয়, স্থায়ীভাৱে মহানগৰীৰ এখন শ্বপিং মলৰ পৰা আঁতৰাই দিয়াৰ ষড়যন্ত্ৰ ৰচা হৈছে।

নিৰুপায় হৈ কাষ চাপিছে সংবাদ মাধ্যমৰ, কাষ চাপিছিল খিলঞ্জীয়াৰ শ্লোগান দিয়া সমুজ্জ্বল ভট্টাচাৰ্য, সমীৰণ ফুকনৰ। এনে অন্যায়ৰ বিৰুদ্ধে তেওঁলোকৰ পক্ষত থিয় দি এষাৰ মাত মাতিবলৈ আহ্বান জনাইছিল পলাশ চাংমাই, শৃংখল চলিহাকো। 
ধনেৰে জগত কিনি থোৱা সেইসকলৰ বিৰুদ্ধে এই দুই অসমীয়া যুৱক-যুৱতীক সকাহ দিবলৈ ওলাই নাহিল কোনো। মহানগৰীৰ এখন শ্বপিং মলত ঘটি থকা খিলঞ্জীয়া বিৰোধী চক্ৰান্তৰ এয়া কাহিনীৰ পটভূমি।
মহানগৰীৰ জি এছ ৰোডত থকা এখন জনপ্ৰিয় শ্বপিং মল চিটী চেন্টাৰ। তাত খুউব কমহে অসমীয়া মানুহৰ দোকান আছে। এই শ্বপিং মলখনৰ দ্বিতীয় মহলাত অস্থায়ীভাৱে নিৰ্মাণ কৰা দুখন বিশেষ দোকানৰ গৰাকী আছিল এগৰাকী অসমীয়া যুৱক আৰু এগৰাকী অসমীয়া যুৱতী।

প্ৰধানমন্ত্ৰী বিশেষ আচঁনিৰ সহায় লৈ শিৱসাগৰৰ প্ৰতাপ দাসে খুলিছিল এখন কাপোৰৰ দোকান। নাম দিছিল ‘কাফটি ফেশ্বন’। ২০২৩চনৰ পৰা ‘কাফটি ফেশ্বনৰ’ বেণ্ড কৰি প্ৰতাপ দাসে আৰম্ভ কৰা এই দোকানখন ভালেই চলিছিল। 

একেদৰে অসমীয়া মহিলা সাজ-পোছাকৰ আন এখন দোকান আৰম্ভ কৰিছিল গুৱাহাটীৰ জুছিমণি দাসে। নাম দিছিল- জুছি ক্ৰিয়েশ্যন। সেইখন দোকানো ভালেই চলিছিল। বিক্ৰী হৈছিল অসমীয়া মেখেলা-চাদৰ। 

এখন দোকানৰ বাবদ মাহে ৩০হাজাৰ টকাকৈ দুয়ো আদায় দিছিল ভাড়া। সঞ্জীৱ পৃথানী মালিকানাধীন এই চিটি চেন্টাৰত চলে অনা অসমীয়া মাৰোৱাৰীৰ দপদপনি। সেই অসমীয়া বিদ্বেষক সহ্য কৰা নাছিল প্ৰতাপ আৰু জুছিমণিয়ে।

দুদিনমানৰ পূৰ্বে তেওঁলোক দুয়োক খালী কৰিবলৈ দিয়া হ’ল দোকান। তাত থকা আন দোকানবোৰকো অগ্নিনিৰ্বাপনৰ কিছু কাম কৰাৰ অজুহাতত তেওঁলোকৰ দোকানবোৰ বন্ধ কৰিবলৈ দিছে যদিও প্ৰতাপ আৰু জুছিমণিৰ বাদে আন সকলে পুনৰ সেই দোকানবোৰ পাব যদিও এই দুই অসমীয়াক একেবাৰে খেদাই পঠোৱাৰ ষড়যন্ত্ৰ ৰচা হ’ল এনেকৈ।

হঠাৎ এনেদৰে চিটি চেন্টাৰ কৰ্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে দোকান উঠাই নিবলৈ দিয়া নিৰ্দেশৰ প্ৰতিবাদ কৰিছে প্ৰতাপ আৰু জুছিমণিয়ে। চেন্টাৰটোৰ মেনেজাৰ হিচাপে থকা বিদিত কুমাৰে নেতৃত্ব লৈছে এই অসমীয়া বিদ্বেষী সিদ্ধান্তৰ কাৰ্যকৰী কৰাত। আনকি প্ৰত্যাহ্বান জনাইছে কোনে আহি তেওঁলোকক তাত দোকান ৰখাই তাক চাই ল’ম বুলি। 

অসমতে এতিয়া অসমীয়া যুৱক-যুৱতীৰ এই অৱস্থা। অসমতেই এতিয়া অসমীয়া বিদ্বেষী ভূমিকা এচাম অনা অসমীয়াৰ। খবৰ অনুসৰি, প্ৰতাপ আৰু জুছিমণিৰ নামত থকা দোকান দুখন আনৰ নামত দিয়াৰ বাবেই এই ষড়যন্ত্ৰৰ ৰচা হৈছে। 

তেওঁলোকৰ বিৰুদ্ধে কোনো নিৰ্দিষ্ট অভিযোগ বা অনিয়ম নথকাৰ পাছতো সেই দোকানৰ বাবদ কোনো লিখিত চুক্তি নথকাৰ সুযোগ লৈ বিদিত বাহিনীয়ে যি ইচ্ছা তাকেই কৰিব লৈছে। মহানগৰীৰ মাজমজিয়াত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত এতিয়া কান্দিছে দুই অসমীয়াই। 

কি হ’ব, কি কৰিব তাক লৈ চিন্তিত হৈ পৰিছে। কিন্তু এই বিপদত পৰা দুই অসমীয়াৰ কাষত নাই সেই জাতীয়তাবাদী ধ্বজ্জা উৰুৱা তথাকথিত নেতাসকল। এনেকৈয়ে চলিছে খিলঞ্জীয়া আৰু থলুৱা চাটাই অভিযান। এইবিলাক খবৰ মূল্যহীন এতিয়া একাংশ সংবাদ মাধ্যমৰ বাবেও। 

আহিবনে কোনোবা প্ৰতাপ, জুছিমণিহঁতক কৰা অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আগবাঢ়ি ? নে সেই বণিক গোষ্ঠীয়ে দাম্ভিকতাৰে কোৱাৰ দৰেই এৰিব লাগিব প্ৰশ্ন নকৰাকৈয়ে এই ব্যৱসায়স্থলী...

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য