শ্ৰীমন্ত শংকৰদেৱ সংঘক গালি নাপাৰিব...

শ্ৰীমন্ত শংকৰদেৱ সংঘক গালি নাপাৰিব...

মৃদুল কুমাৰ সন্দিকৈ

এনে বিতৰ্কই কাকোৱেই উপকাৰ নকৰে। বৰঞ্চ নিজৰ মাজতেই ভুল বুজা-বুজিৰ এক পৰিৱেশ সৃষ্টি কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰাজ্য়ৰে নহয়, দেশৰেই এক উল্লেখযোগ্য অনুষ্ঠান। আধ্যাত্মিক ভাৱ-ভাৱনা, দৰ্শন আৰু শংকৰদেৱৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।

একশৰণ নামধৰ্মৰে সমাজখনক এক কৰি এই অনুষ্ঠানটোৱে অসমীয়া সমাজখনকো সু-নেতৃত্ব দিছে। সকলো জাতি-বৰ্ণ, ভাষা-ভাষী লোক ইয়াৰ তলত এক হৈ ভক্তি ৰসৰ মাজেৰে ভেদাভেদহীন এখন সমাজ গঢ়িছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ তুলুঙা মন্তব্য, অযুক্তিকৰ সমালোচনা কেতিয়াও কাম্য নহয়। এয়া কৰা অনুচিত। কিছু পদক্ষেপৰ বাবে শংকৰদেৱ সংঘক লৈ আলোচনা হোৱাৰ অৱকাশ থাকিব পাৰে। সেইবুলি এই মহৎ অনুষ্ঠানটোৰ বিষয়ে অযুক্তিকৰ কথাৰে অপচৰ্চা চলাতো দুৰ্ভাগ্যজনক।

এটা অনুষ্ঠান এখন সংবিধানেৰে পৰিচালিত হয়। সেই পৰিকাঠামো আলাম হৈ ইয়াক বিকৃত ৰূপত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাংশ প্ৰাথমিকৰ বিষয়-ববীয়াই গ্ৰহণ কৰা পদক্ষেপৰ বাবে ভুল বুজা-বুজিৰ সৃষ্টি হৈছিল।

তাৰ পৰিণতিত কোন শ্ৰেষ্ঠ বা কাৰতো ভাল সেয়া নিৰূপনৰ এক প্ৰতিযোগীতা চলিল। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়-ববীয়াই টাই-আহোম জনগোষ্ঠীৰ জাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহি এই বিষয়টোক অন্ত পেলাইছে।

বহল অন্তৰৰ পৰিচয় দি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়-ববীয়া সকলে আনকি হাতযোৰ কৰি ৰাজহুৱা ক্ষমা বিচাৰিছে। এয়া তেওঁলোকৰ সংস্কাৰ আৰু পৱিত্ৰ মনৰ পৰিচায়ক।

এই সকলোবোৰ কথা ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাংশ বিষয়-ববীয়াই কৰা কিছু মন্তব্য, সিদ্ধান্ত কিন্তু ভাৱি চাবলগীয়া। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত, বৈষ্ণৱক কোনোৱে সুৰাৰ ব্যৱসায় কৰিবলৈ কোৱা নাই।

গাহৰি, ব্ৰইলাৰ পুহিব কোনো কাৰণতেই নিদিও বুলি কৰা ঘোষণাকলৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিবনুৱা সমস্যাৰে জৰ্জৰিত এইখন ৰাজ্যত আত্মসংস্থাপনৰ বাবে কোনোবাই এই কাম কৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বই বাধা দিয়াৰ অধিকাৰ আছে জানো?

আহোম জনগোষ্ঠীৰ চকলং প্ৰথাৰ বিয়া খাবলৈ যোৱাৰ বাবে এঘৰীয়া বা সংগ এৰি দিয়াৰ বিৰুদ্ধে আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছিল। এই প্ৰতিবাদত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ নেতৃত্বই যোগ্য সমাধান উলিয়ালেও সেই পৰিয়ালকেইটাক এতিয়া সংঘই নিজৰ বুকুত আঁকোৱালি লৈছেনে?

বৌদ্ধ বিহাৰ দৰ্শনৰ বাবে যোৱা বিধৱা মহিলা গৰাকীৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি কি হ'ল? সময়ে বহু পৰিৱৰ্তন আনে। হিন্দু ধৰ্মতো বিধৱা বিবাহ নিষিদ্ধ আছিল। বাল্য বিবাহ প্ৰচলন,সতীদাহ এইবোৰৰ সপক্ষেও বহু যুক্তি আছিল । কিন্তু সেই যুক্তিৰে আধুনিক আৰু বিজ্ঞান মনস্কতাক বাধা দিব নোৱাৰিলে। যাৰ বাবে এইবোৰ এৰিবলৈ এক পৰিৱেশ ৰচনা হ'ল। যাক কোৱা হয় সংস্কাৰ।

শ্ৰীমন্ত শংকৰদেৱ সংঘতো যদি তেনে সংস্কাৰ বা পৰিৱৰ্তনৰ প্ৰয়োজন হয় তেনেহ'লে এইবোৰক আদৰি লোৱাত আপত্তি ক'ত? উদাৰতাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক ডাঙৰ বৈশিষ্ট। সেই উদাৰতাৰ মাজত সংকীৰ্ণতাৰ পয়োভৰ ঘটিলে ই কেতিয়াও সমাজত সঠিক পথ দেখুৱাব নোৱাৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন পদাধিকাৰেই একো একোজন বিজ্ঞ আৰু আদৰ্শৰ ব্যক্তি। শংকৰী কলা-সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ অৱদানে অসমীয়া জাতিক ধন্য কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই স্থাপন কৰা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা নতুন প্ৰজন্মই গুৰুজনাৰ সৃষ্টিৰাজিক প্ৰাণালীবদ্ধভাৱে অধ্যয়ন আৰু গৱেষণাৰ সুযোগ পাইছে।

আজি এই বিশ্বায়নে কোঙা কৰা দিনত আধ্যাত্মিক পৰিৱেশ সৃষ্টিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই শৃংখলাবদ্ধতাৰ পৰস্পৰৰ প্ৰতি আন্তৰিকতাৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰতিবছৰে অনুষ্ঠিত কৰা সংঘৰ বাৰ্ষিক মূল অধিৱেশনত লাখ লাখ ভক্ত সমৱেত হয়।

স্বাৱলম্বিতাৰে এই অধিৱেশন পাতিবলৈ প্ৰত্যেকেই শ্ৰমদান কৰে। আনকি অধিৱেশনলৈ অহা বাপ, আই, বৈষ্ণৱ সকলক খোৱাবলৈ আগতে শাক-পাচিলৰ খেতি কৰি ৰাখে। এনে নিদৰ্শন বিৰল।

সামৰণিৰ দিনা অধিৱেশন স্থলীত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আত্মীয়জনক এৰি যোৱাৰ বেদনাৰে উচুপি উঠে ভকত, বৈষ্ণৱ সকল। সেই শৃংখলাবদ্ধতা ৰক্ষা কৰা অনুষ্ঠানটোৰ নেতৃত্ব দিয়া এচামে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘক অতি কৌশলেৰে ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আছে।

ক্ষমতা খামুচি থকা এই সকল লোকে কিয় নতুন নেতৃত্বৰ হাতত শ্ৰীমন্ত শংকৰদেৱ সংঘক এৰি দিব নোখোজে। তেওঁলোকে আদৰ্শৰ কথা কয়। সেই সু আদৰ্শৰ নিজেই ৰক্ষা কৰেনে? তেনে বহু অভিযোগ আৰু লবীগিৰীয়ে ইতিমধ্যে আক্ৰান্ত কৰিছে সংঘক।

হৰেশ দত্ত নামৰ সংঘৰ মূল কমিটিৰ সদস্য গৰাকী কি পৰিস্থিতিত সংঘৰ পৰা আঁতৰাই ৰখা হৈছিল? আদালতলৈ তেখেতে গৈ কি ৰায় আনিলে? সেইবোৰ কথাও গোপন হৈ থকা নাই। এতিয়াও চলি আছে গোচৰ।

কাকজানত ৬৫ ঘৰ লোকে শংকৰদেৱ সংঘ ত্যাগ কৰিছে নেকি? খবৰ ল'বচোন সংঘৰ বৰ্তমানৰ কাৰ্যকৰ্তা সকলে। তেওঁলোকে কিয় এই সিদ্ধান্ত ল'লে। সংঘ সদায় স্বচ্ছ আৰু নিকাকৈ চলাতো বিচাৰে।

হাতৰ মুঠিত কাৰোবাক ৰাখি সংঘত সৰ্বেসৰ্বা হৈ আছে কোন। লোক আদালতে যোৰহাট জিলা সংঘৰ কাৰ্যকৰ্তা সকলক নামঘৰত শৰাই দি সেৱা ধৰি তালৈ হৰিশ দত্তক নিমন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়া নাছিলনে?

এই পৰিস্থিতিবোৰ কিয় হৈছে? ফেচবুকত কিবা এটা লিখিলেই সংঘৰ কাৰ্যকৰ্তাইও গোচৰ দিয়া উদাহৰণ আছে নেকি? সংঘটো আছে নেকি মেনেজ মাষ্টাৰ? এইবাৰ শংকৰদেৱ সংঘৰ পদাধিকাৰ নিৰ্বাচন সূচাৰুৰূপে হৈছিলনে।

যি গৰাকী সন্মানীয় পদাধিকাৰ নিৰ্বাচিত হৈছে তেওঁৰ প্ৰতি শ্ৰদ্ধা, ভক্তি জনাইও সংঘৰ মজিয়াতে যে পদাধিকাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটোক লৈ প্ৰশ্ন উঠিছে সেই কথা কোনো কাক সুধিব।

পদাধিকাৰ পেনেলত প্ৰথমত ভৱেন ডেকাৰ নাম অন্তৰ্ভূক্ত কৰি আৰু দুজনৰ নাম প্ৰস্তাৱ কৰা হৈছিল। পাছত সেই প্ৰস্তাৱ কৰা নাম সমূহ কেনেকৈ বাদ পৰিল। এয়া নাটক আছিল নেকি? সেই প্ৰশ্ন জানো কোনো সাধাৰণ মানুহৰ মনত উত্থাপন হ'ব নোৱাৰে? এনে প্ৰশ্ন মনলৈ অহা অপৰাধ নহয়।

শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয় এজন প্ৰাক্তন পদাধিকাৰ তথা শংকৰদেৱ সংঘৰ বাবে জীৱন উচৰ্গা কৰি যোৱা কৰুণাকান্ত কলিতাৰ স্বপ্নৰ ফল আছিল। সেই বিশ্ববিদ্যালৰ উপচাৰ্য হিতেশ ডেকাই কি পৰিস্থিতিত ১৮ পৃষ্ঠাৰ এখন আৱেগিক চিঠি লিখি এই পদৰ পৰা অব্যাহতি লৈছিল। ইয়াৰ উত্তৰ কোনো দিব?

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনে সংঘৰ এখন গাড়ী নিজৰ পত্নীৰ নামত লোৱাৰ প্ৰস্তুতি চলাইছিল। এই কথা পোহৰলৈ অহাত কিয় সেই পঞ্জীয়ন প্ৰত্যাহাৰ কৰা হ'ল? লাখ লাখ ভক্তৰ সন্মুখত এখন বেলেগ ছবি আৰু ভিতৰি প্ৰত্যক্ষ ৰাজনীতি নকৰিলেও ৰাজনীতিৰ বোকাত কোন পোত গৈ আছে।

আমি কাৰো নাম কোৱা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘ সন্দৰ্ভত বিভিন্ন লোকৰ সৈতে কথা পতাত বিভিন্ন জনে এইবোৰ প্ৰশ্ন উত্থাপন কৰিছিল। মৰিগাঁও অধিৱেশনত মূল কমিটিৰ প্ৰধান সম্পাদক হৈ থাকিও আদৰণি সমিতি সম্পাদক হোৱাৰ বিৰল অভিলেখ কাৰ নামত আছে। অধিৱেশনৰ হিচাপ দেখোন নিজৰ সোঁহাতে নিজৰ বাঁওহাতক দিলে!

এইবোৰ কি অসাংবিধানিক নহয়। সংঘৰ এজন নিষ্ঠাবান কৰ্মী তথা যুটীয়া সম্পাদকৰ দায়িত্বত থকা বিষয় ববীয়াক কিয় পাখি কটা হৈছিল। এজন ৰাজনৈতিক নেতাক সংঘৰ অধিৱেশনলৈ মতাত বাধা দিয়া বাবে তেওঁক জানো আৰ্থিক অনিয়মৰ অভিযোগত অনুগত্যক লগাই কোনোবাই সংঘৰ পৰা আঁতৰাই ৰখা নাছিল।

মহেশ্বৰ হাজৰিকা নামৰ শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ নিযুক্তি দিয়া অধ্যাপক গৰাকীক হঠাৎ কিয় বিদায় দিয়া হৈছিল? সেই উত্তৰ বহুতৰ ওচৰত আছে। সংস্কৃতৰ এইগৰাকী অধ্যাপকৰ ভুল, বেদ-উপনিষদৰ আখ্যান, শ্ৰেণীকোঠাত বাখ্যা কৰাতোয়েই আছিল নেকি বাৰু।

শংকৰদেৱ সংঘ এক মহান অনুষ্ঠান। সেই অনুষ্ঠানটোক মহৎ হৈ থাকিবলৈ কিয় ৬২ জনকৈ লোকক বিষয় বাবৰ পৰা এতিয়ালৈকে এওঁৰ কাৰ্যকালত আঁতৰাই ৰখা হৈছে। সকলোতে সংবিধানৰ কথা। কিন্তু নিজৰ ক্ষেত্ৰত সেই সংবিধান আৰু আদৰ্শৰ কথা কিয় নাখাতে।

সংবাদমেল পাতি গাখীৰ ব্যৱসায় কৰিম, মদৰ ব্যৱসায় আমি নকৰোঁ বুলি কোৱা সকলে কিয় প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই? শংকৰদেৱ সংঘৰ কোনো ভকত-বৈষ্ণৱে এই ব্যৱসায়ৰ সৈতে জড়িত নহয় বুলি বুকুত হাত থৈ তেওঁলোকে ক'ব পাৰিবনে।

তথাপিও কওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাখ লাখ ভকত বৈষ্ণৱৰ প্ৰাণৰো প্ৰাণৰ। তেওঁলোকৰ হৃদয়ত আছে এই অনুষ্ঠান। এক পৱিত্ৰ মনেৰে তেওঁলোকে গুৰুজনাৰ নাম লয়। তাৰ মাজতে আঁৰত থাকে কোনোবাই স্বৈৰাচাৰী হ'বলৈ চেষ্টা কৰিলে প্ৰশ্ন উঠিবই। লাগে তেওঁ একালৰ অধিনায়কে হওক বা বৰ্তমানৰ কোনোবা ডাঙৰ বিষয়-ববীয়াই হওক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in