নন্দিনীয়ে বুজি নাপাব এই দুখ, এই শোক...

এটা পথ দুৰ্ঘটনাৰ পাছৰ বহুবোৰ কথাই ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হিট এণ্ড ৰান এই গোচৰক লৈ খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিব লগা পৰিৱেশ সৃষ্টি হ’ল। কিয়নো এগৰাকী অভিনেত্ৰীৰ বাহনৰ খুন্দাত ছামিউল হক নামৰ যুৱকজনৰ মৃত্যু আৰু

New Update
bikhekh lekha new jnrtyktyulkyului

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এটা পথ দুৰ্ঘটনাৰ পাছৰ বহুবোৰ কথাই ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হিট এণ্ড ৰান এই গোচৰক লৈ খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিব লগা পৰিৱেশ সৃষ্টি হ’ল। কিয়নো এগৰাকী অভিনেত্ৰীৰ বাহনৰ খুন্দাত ছামিউল হক নামৰ যুৱকজনৰ মৃত্যু আৰু তাৰ পাছত অভিনেত্ৰীগৰাকীক বহু ক্ষমতাশালী লোকে ৰক্ষণাৱেক্ষণ দিয়াৰ কথাবোৰ পোহৰলৈ আহিছে।

সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ তীব্ৰ হেঁচাত আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল। আৰক্ষীৰ শীৰ্ষ বিষয়াই এই দুৰ্ঘটনা সন্দৰ্ভত সংবাদমেলো সম্বোধন কৰিছিল। 

পোহৰলৈ অহা ঘটনাক্ৰম অনুসৰি পথ দুৰ্ঘটনা সংঘটিত কৰা অভিনেত্ৰীগৰাকীয়ে পূৰ্বতেও দ্ৰুতগতিত যান-বাহন চলায়। তেওঁৰ বাবে যেন তীব্ৰ গতিত গাড়ী চলোৱাতো এটা নিচা। বহু ক্ষমতাশালী লোকৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে এইগৰাকী অভিনেত্ৰীয়ে প্ৰথমে ভবা নাছিল, তেওঁৰ এনে দশা হ’ব।

নিজকে নিৰপৰাধী প্ৰমাণ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে সকলো চেষ্টাই কৰিছিল। দুৰ্ঘটনা সংঘটিত কৰি মাজনিশা উচ্চপদস্থ আৰক্ষী বিষয়ালৈ ফোন কৰাৰ পৰা আৰম্ভ কৰি দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ এম ভি আই ৰিপ’ৰ্ট মাত্ৰ ২৭ মিনিটত উলিয়াই আনিব পৰাকৈয়েই তেওঁ ক্ষমতাশালী আছিল। 

২৬ জুলাইৰ সন্ধিয়া ৮বাজি ২২ মিনিটত অনলাইনযোগে এম ভি আই ৰিপ’ৰ্টৰ বাবে আবেদন কৰিছিল। আৰু তেওঁক মাত্ৰ ২৭ মিনিটৰ পাছতেই গুৱাহাটী মহানগৰ এম ভি আই দিৱাংশু দত্তই সেই ৰিপ’ৰ্ট প্ৰস্তুত কৰি দিছিল। তাৰ আঁৰত পৰিবহণ বিভাগৰে দাস উপাধিধাৰী এজন উচ্চ পদস্থ বিষয়াৰ কৃপা আছিল। 

কিমান মানুহে এই অভিনেত্ৰীগৰাকীৰ কথা ভাবিছিল ! সেই তালিকাত কেইবাজনো হেনো আৰক্ষী বিষয়া, আৰক্ষী কনিষ্টবল, দুজনমান সাংবাদিক, এখন বিশ্ববিদ্যালয়ৰ খোদ আচাৰ্য্য, উচ্চ পদস্থ পৰিবহণ বিষয়া কোন নাছিল ! অথচ দুৰ্ঘটনাত পতিত হোৱা ল’ৰাটোৰ কথা ভবা এনেকুৱা ক্ষমতাশালী লোক কোনোৱেই নাছিল।

২৯ জুলাই ২০২৫ত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা ছামিউল হকৰ সপোনবোৰ নিঃশেষ হৈ গ’ল। নলবাৰী পলিটেকনিকৰ পঞ্চম ষাণ্মাষিকৰ ছাত্ৰ আছিল ছামিউল। ইলেক্ট্ৰনিক বিভাগৰ ছাত্ৰ ছামিউলে ২৫ জুলাই ২০২৫ শুকুৰবাৰে সন্ধিয়া ৭-৩০ বজাত ঘৰৰ পৰা ওলাই আহিছিল গুৱাহাটী অভিমুখে।

৯-৩০ মান বজাত গুৱাহাটী পাই মোমাইয়েকৰ সৈতে কামত লাগিছিল। জি এম চিৰ ষ্ট্ৰীট লাইটৰ ঠিকা কাম লৈছিল মোমায়েকে। চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা দি ইণ্টাৰ্ণশ্বিপ ব্ৰেকত প্ৰায় এমাহমান বন্ধ পাইছিল ছামিউলে। সেয়েহে মোমাইয়েকক সহায় কৰি দিও বুলি গুৱাহাটীলৈ আহিছিল।

সেই দিনা নিশা প্ৰায় ৩-০০বজাত কাম শেষ কৰি ঘৰলৈ উভতি গৈ থাকোতেই দুৰ্ঘটনাত পতিত হৈছিল ছামিউল। দ্ৰুতবেগী বলেৰ’ নিঅ’ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল। তাৰ পাছৰ কাহিনীবোৰ মানুহৰ মুখে মুখে।

নলবাৰী পলিটেকনিকৰ পাঠদান বন্ধৰ পাছত পুনৰ আৰম্ভ হৈছে। ১ আগষ্টৰ পৰা খুলিছে প্ৰতিষ্ঠানখন। ক্লাছত একেখন বেঞ্চতে বহে গোবিন নৰহ, একেটা বিভাগৰে সহপাঠী। বিশ্বাস হোৱা নাই গোবিনৰ, ছামিউল আৰু নাই।

এনে লাগি আছে তেওঁৰ- এই যেন সি আহিব, হাতখন ধৰি কিবা এটা ধেমালি কৰিব। তেনে এক চিন্তাৰ জগততে এতিয়া মূৰ্ত হৈ আছে ছামিউল তেওঁৰ বন্ধুবোৰৰ মনত। মাজুলীৰ গোবিনৰ দৰেই তেওঁ সহপাঠীসকলৰ বাবে আজিৰ দিনটো কষ্টকৰ আছিল। 

ছামিউলৰ কথা কৈ কৈ হিয়া ধাকুৰি কন্দা মাতৃৰ মৰ্মৰ বেদনা বুজিবলৈ এখন হৃদয় লাগিব। হেৰুওৱাৰ এই বেদনা ঘৰত বিলাসী মিনিবাৰ খুলি, মাজৰাতি দ্ৰুতগতিত গাড়ী চলাই বিলাসত মচগুল হোৱা সকলে এই দুখ বুজিব নোৱাৰে।

তেওঁলোকৰ এই ভুলৰ বাবেই শূন্য হৈ পৰে কাৰোবাৰ বুকু। তথাপিও তেওঁলোকৰ উপলব্ধিহীন যান্ত্ৰিক জীৱনত নাই কোনো অনুশোচনা। মঞ্চৰ দৰেই ৰাজপথতো অভিনয় কৰিব বিচৰা সকলৰ দৃষ্টিত এইবোৰ সাধাৰণ ঘটনা। 

কেনেকৈ হ’ব পাৰে তেওঁলোক ইমান অহংকাৰী ? হৈ যাব পাৰে দুৰ্ঘটনা। কিন্তু গাড়ীৰ আসনত বহি দ্ৰুতগতিত বাহন চলাই কাৰোবাৰ প্ৰাণ কাঢ়ি নিয়া অধিকাৰ তেওঁলোককটো দিয়া নাই কোনোৱে। 

চালান নম্বৰ এ এছ ২০৯৭৪৮২৫০৬১০১৪২৩৭, ১০ জুন ২০২৫ৰ চালান এয়া পৰিবহণ বিভাগৰ। নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগত গাড়ী চলোৱাৰ বাবে ফাইন দুই হাজাৰ টকা। চালান নম্বৰ এ এছ ২১৭২০৭২৪১০১৭১৪২৭১৬, বৰমাৰ ৰাজপথত সেই একেই দ্ৰুতগতিত গাড়ী চলোৱাৰ বাবে দুই হাজাৰ টকা জৰিমনা। কিমান চালানৰ কথা ক’ম। 

প্ৰতিবাৰতে জৰিমনা ভৰি বাচি গৈছিল তেওঁ। নিয়মিতভাৱে কৰা এনে ভুলৰ বাবে কেতিয়াবাই জানো তেওঁৰ ড্ৰাইভিং লাইচেন্সখন বাতিল কৰি দিয়াৰ প্ৰয়োজন আছিল। সেয়া নকৰাৰ বাবেই সেই একেই দ্ৰুতগতিত গাড়ী চলাই কাঢ়ি নিলে এজন সুঠাম যুৱকৰ জীৱন।

পলিটেকনিকসমূহৰ ছাত্ৰসকলে এজাহাৰ দাখিল কৰিছে। ২৬খন পলিটেকনিকৰ ছাত্ৰ একতা সভাই ২৬টা স্থানত দাখিল কৰিব এই অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ। দিশপুৰ আৰক্ষী থানাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৬৩০/২৫ আধাৰত ৰুজু কৰা হৈছিল গোচৰ।  

তাতো ওলাইছিল তথাকথিত দালাল। মিলা-মিছা কৰি দিয়াৰ প্ৰস্তাৱেৰে সেই দায়িত্ব লৈছিল আৰক্ষী কনিষ্টবল হামিদ আলীয়ে। ছামিউলৰ আত্মীয়ক মাতি নি ৩টা কিস্তিত ৫ লাখ টকা দিয়াৰ প্ৰলোভন দিছিল মহামান্য আচাৰ্যই। কিমান যে চিন্তা নন্দিনীৰ বাবে এই মানুহবোৰৰ।

৩০ জুলাই ২০২৫ত মৃত ছামিউলৰ জানাজা হৈ গৈছিল। মাতৃয়ে এতিয়াও মানি লোৱা নাই পুত্ৰৰ বিয়োগৰ কথা। সাধাৰণ মানুহৰ তীব্ৰ হেঁচাত মাজনিশা ডেৰ বজাত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰথমে ভাৰতীয় ন্যায় সংহিতাৰ ১১৫(২)/১২৫/২৪ ধাৰাৰ অধীনত ৰুজু হোৱা এই গোচৰত ছামিউলৰ মৃত্যুৰ পাছত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ নম্বৰৰ ধাৰাটো নতুনকৈ সংযোগ কৰে আৰক্ষীয়ে।

দুদিনৰ আৰক্ষীৰ জিম্মাত অভিনেত্ৰীগৰাকী। মহানগৰীৰ ওদালবাক্ৰাত সংঘটিত দুৰ্ঘটনাৰ পাছৰ কাহিনী এয়া। নলবাৰী মুকালমুৱাৰ সোণাপুৰ গাঁৱত ছামিউলৰ পৰিয়ালৰ কৰুণ বিননি ন্যায়লৈ হ’বনে সলনি ?

নন্দিনী