/asomiyapratidin/media/media_files/2025/03/07/OQuiHuMpqOTGtChIysec.jpg)
নাগাৰা নাম
কাৰো নাম উল্লেখ কৰা নাছিল তেওঁ। কিন্তু প্ৰচণ্ড ক্ষোভ আৰু অসন্তুষ্টিৰে তেওঁ কৈছিল এই কথা- “এটা পাগ্লা আপীয়ে ছেচ কৰি দিছি নাগৰা নাম।“ দুদিন মানৰ আগত তেওঁ এটা ৰাজহুৱা অনুষ্ঠানতো ভাষণ দি এই অসন্তুষ্টি ব্যক্ত কৰিছিল।
সেই একেখিনি কথাকে তেওঁ মোবাইলৰ সিমূৰৰ পৰা পুনৰ কৈ গৈছিল। নতুন প্ৰজন্মৰ এচাম নাগাৰা নামৰ পাঠকে কিদৰে এই পৰিৱেষ্টিত কলাক ধ্বংস কৰি পেলাইছে, সেই কথাখিনি কৈছিল তেওঁ। বিশেষকৈ নতুন প্ৰজন্মক এচাম মহিলা পাঠকে নাগাৰা নামৰ নামত কৰা বান্দৰামিবোৰ তেওঁ হজম কৰিব পৰা নাই।
মৰাৰ আগতে এই কথা মই কৈ যাব লাগিব বুলি কৈ তেওঁ প্ৰসংগক্ৰমে কৈছিল- “নাম চাবলৈ যাবলৈ এতিয়া ভয় লাগে। মানুহে মৰাৰ আগতে ল’ৰা- ছোৱালীক কি কৈ যায় ? বাচা মই যাবলৈ ওলালো। খৰ্গেক ৫০০ টকা ধাৰ দিব আছে, ধাৰটো মাৰিবি। বাৰীৰ পাছফালৰ সীমাটো বেঁকা হৈ আছে, চিধা কৰি ল’বি। মানুহৰ সৈতে হাই- কাজিয়া নকৰিবি, মিলাপ্ৰীতিৰে চলিবি।
মই সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি। আৰু মোৰ কাৰ্যকাল দুটা মাহো নাই। বয়স এতিয়া মোৰ ৮০ বছৰ। ৫৯ বছৰ নাগাৰা নাম গালো। এইবোৰ দেখি- শুনি মাত মাতিবই লাগিব। মৰাৰ আগতে এইবোৰ কথা কৈ যাবই লাগিব।“
এনেদৰে নাগাৰা নামক লৈ অসন্তুষ্টি ব্যক্ত কৰা লোকজন আছিল নাগাৰা নামৰ সৈতে প্ৰায় ৬টা দশক জড়িত ৰামচৰণ ভড়ালী। তেওঁৰ মতে নাগাৰা নাম ভগৱানৰ নাম। আকাশৰ তৰা, পৃথিৱীত যিমান ধূলি-কণা আছে এই নামৰ মহিমাও তাৰ সমান।
এয়া ভগৱানৰ দান। এয়া সম্প্ৰীতিৰ এক উদাহৰণ। ইয়াত মানুহে এক বাৰ্তা পায়। সেই আধ্যাত্মিক বাৰ্তা এতিয়াৰ প্ৰজন্মৰ বহু শিল্পীয়ে দিয়াত বিফল হ’ল। মই হাতযোৰ কৰি ৰাইজক অনুৰোধ কৰিছো- ইয়াৰ বিৰুদ্ধে আপোনালোকে মাত মাতক।
নাগাৰা নাম এতিয়া ফাংচন হৈ পৰিছে। ভৰিৰে তাল বজায়। দৈৱবাদ্য তাল ভৰিৰে বজাবলৈ ক’ত সাহস পালে ? মুখেৰে কামোৰে নাগাৰা। তাৰ পাছত লয় তুলি নাগাৰা নামৰ সৈতে যি সস্তীয়া নৃত্য প্ৰদৰ্শন কৰে, সেয়া আপোনালেকে কি সতে চাই আছে ?
অবিভক্ত কামৰূপ, নলবাৰী অঞ্চলত সংস্কৃতিৰ বহু উপাদানৰ সংমিশ্ৰণেৰে নাগাৰা নাম পৰিৱেশন কৰা হৈছিল। ৰামচৰণ ভড়ালীয়ে ১৯৬৭ চনতে নাগাৰা নামৰ প্ৰতি আকৰ্ষিত হৈ পাঠক হিচাপে প্ৰথম অনুষ্ঠান পৰিৱেশন কৰিছিল। প্ৰথমে তেওঁ এটা যাত্ৰাপাৰ্টীত আছিল। কিন্তু যাত্ৰাপাৰ্টীৰ নৃত্যশিল্পী হিচাপে থাকি পৰিয়াল চলাব নোৱাৰিলে।
ঘৰৰ মাটি- বাৰী বিক্ৰী গ’ল। যাত্ৰাপাৰ্টীৰ পৰা ওলাই আহি গাঁৱতে আছিল। গাঁৱত নাগাৰা নামৰ এটা দল খোলা হৈছিল। তেওঁ সেই দলটোত যোগ দিলে। এনেকৈয়ে তেওঁ নাগাৰা নামৰ প্ৰতি আকৰ্ষিত হৈ পৰিল।
তাৰ পাছত মনে- প্ৰাণে নাগাৰা নামেৰে ভৰি পৰিল। সাতদলাৰ নিবাসী স্বৰ্গীয় কুশল মালাকাৰৰ ওচৰত নাগাৰা নামৰ আনুষ্ঠানিক শিক্ষা লয়। ২৫ বছৰ বয়সৰ পৰা নাগাৰা নাম লৈয়ে মানুহজন ব্যস্ত হৈ পৰিল। আজিও নাগাৰা নাম পৰিৱেশন কৰাৰ আগতে তেওঁ গুৰুক স্মৰণ কৰে।
৯০ খনৰো অধিক তেওঁৰ নাগাৰা নামৰ কেছেট আছে। এটা বছৰত ২৮৫টাকৈ নাগাৰা নামৰ অনুষ্ঠান তেওঁ পৰিৱেশন কৰিছে। প্ৰথম অনুষ্ঠানটো বিলেশ্বৰ দেৱালয়ত পৰিৱেশন কৰিছিল তেওঁ। নাগাৰা নামৰ তেওঁ এজন আজন্ম শিল্পী। বয়সৰ বাবে অনুষ্ঠান পৰিৱেশন কৰাৰ সংখ্যা কমিছে। তথাপি মানুহে মাতিলে তেওঁ না কৰিব নোৱাৰে।
যোৱা বছৰো ১৯৫খন অনুষ্ঠান তেওঁ পৰিৱেশন কৰিছে। নাগাৰা নাম পৰিৱেশন কৰিবলৈ যাঁওতে তেওঁৰ লগত থাকে ১১ জন পালি। আধ্যাত্মিক পৰিৱেশৰ মাজত সেৱা- শুশ্ৰূষাৰে গিৰিহঁতে এই অনুষ্ঠানভাগ কৰিবলৈ আগবঢ়াই দিয়ে।
গীতা- ভাগৱত- ৰামায়ণ- মহাভাৰত আদিৰ আখ্যানৰ আধাৰত তেওঁ পাঠক হিচাপে নাম পৰিৱেশন কৰে। এই কৃষ্টিটোক লৈ তেওঁ ব্যৱসায় কৰাৰ কথা কোনো দিনেই নেভাবিলে। নাগাৰা নামৰ স্বকীয়তাৰ প্ৰতি সদায় সজাগ- সচেতন হৈয়ে থাকিল।
এই লোক- কৃষ্টিত তেওঁ প্ৰাণ দিছে। তাৰ মাজত কোনোবাই এই নাগাৰা নামক বিকৃত কৰিলে তেওঁ সহ্য কৰিবলৈ টান পায়। সেই বিকৃতিবোৰ দেখি এতিয়া মানুহে ৰস পায়। আমোদ লয়, হাতচাপৰি বজায়। কিয় তেওঁৰ দৰে শিল্পীয়ে ব্যৱস্থা লোৱা নাই ?
তেওঁ নেতৃত্ব দিয়া সদৌ অসম নাগাৰা নাম সংঘই পদক্ষেপ নোলোৱাৰ কাৰণ কি ? সেই প্ৰশ্নৰ উত্তৰো তেওঁ দিলে। বৰ্তমান সদৌ অসম নাগাৰা নামৰ সংঘৰ অধীনত ৫৪৪টা নাগাৰা নামৰ দল পঞ্জীয়ন হৈ আছে। নাগাৰা নামৰ শিল্পীসকলে কেনেদৰে এই নাম পৰিৱেশন কৰিব, সেই সন্দৰ্ভতো এখন সংবিধান আছে।
নতুন প্ৰজন্মৰ শিল্পীসকলে সংবিধানখনৰ ১৫ নম্বৰ দফা পঢ়িলেই ইয়াৰ সকলো নীতি- নিৰ্দেশনা লাভ কৰিব। তাকে কৰিবলৈ আগ্ৰহী নহয় বহু নতুন প্ৰজন্মৰ শিল্পী। যি ভাবে নাগাৰা নামৰ নামত, তাকেই কৰে। ৰাইজেও মন- কাণ দিব লাগিব। লোক কৃষ্টি এটাক লৈ কেৱল এজন মানুহ সচেতন হ’লে নহ’ব।
কোনোবা আগ্ৰহী তৰুণ পাঠকে কিবা জানিব, বুজিব খুজিলে তেওঁ জনাখিনি শিকাই যাবলৈ এই বয়সতো তেওঁ সাজু আছে। কিন্তু তাৰ বাবে আগ্ৰহ জানো নালাগিব ? তেওঁ ক’লে- নয়া পইচা এটা নোলোৱাকৈ তেওঁ এই দায়িত্ব ল’বলৈ সাজু আছে। মাথোঁ তেওঁৰ কাষলৈ সেই আগ্ৰহ লৈ আহিব লাগিব।
তেওঁৰ ভয় হয়, এই প্ৰক্ৰিয়া চলি থাকিলে নাগাৰা নামলৈ সংকট নামি আহিব ! নাগাৰা নামৰ স্বকীয় ৰূপ, মুদ্ৰা, ভংগীমা, তাল-মান হেৰাই যাব। এই লোক কৃষ্টি জীয়াই ৰখাৰ দায়িত্ব আমাৰ। সময়ৰ সৈতে কাহিনীৰ বিবিধতা আহিব পাৰে, কিন্তু নাগাৰা নাম মানেই এচামে ভবাৰ দৰে মনোৰঞ্জনৰ আহিলা নহয়।
ইয়াত ৰস আছে। এফালে আছে হাস্যৰস, আনফালে আছে কৰুণ আৰু বীৰ ৰস। নাগাৰা নাম প্ৰতিবাদৰো ভাষা হোৱা উদাহৰণ আছে। এইজন নাগাৰা নামৰ শিল্পী ৰামচৰণ ভড়ালীয়ে অসম আন্দলোনৰ সময়ত চৰকাৰৰ বিৰুদ্ধে নাগাৰা নাম গায় প্ৰতিবাদী সত্তাক উজ্জিৱীত কৰি তুলিছিল। তাৰ বাবে তেওঁ বহু নিৰ্যাতনৰ বলী হৈছিল।
নাগাৰা নামৰ আধুনিক কাহিনীৰ পয়োভৰ হ’ব পাৰে, কিন্তু তাৰ পৰিৱেশনৰ ৰীতিয়ে নাগাৰা নামৰ স্বকীয়তাক ধৰি ৰাখিব লাগিব। মাজুলীলৈ নাগাৰা নাম গাবলৈ গৈ তেওঁ এক বিৰল অভিজ্ঞতাৰ সন্মুখীন হৈছিল। অনুষ্ঠান পৰিৱেশন কৰি মঞ্চৰ পৰা নামি যাওতে দৰ্শকে তেওঁৰ ভৰি চুবলৈ আগুৰি ধৰিছিল। তেওঁ হাউলি বহা আসনলৈ গৈছিল সেইদিনা। ইমানেই ভক্তি এই নাগাৰা নামৰ প্ৰতি।
আছে জানো এতিয়া নাগাৰা নামত তেনে ভক্তি ? এইজন শিল্পীয়েও নাপালে উপযুক্ত স্বীকৃতি। ১৯৯৮ চনত তেওঁক যচা হ’ল শিল্পী পেঞ্চন। সংগীত- নাটক একাডেমী সন্মানেৰে তেওঁক এই লোক কৃষ্টি চৰ্চাৰ বাবে উৎসাহ যোগোৱাৰ অৱকাশ আছিল। সেয়া কৰা নহ’ল। মৃত্যুৰ পাছত হয়তো ফুলৰ মালাৰে তেওঁৰ নশ্বৰদেহ উপচি পৰিব ! আৰ্থিক সংকটেৰে ভুগা এজন শিল্পীৰ বাবে মৃত্যুৰ পাছৰ এই ৰং- বিৰঙৰ ফুলৰ মালাৰ মূল্যই বা থাকে কি ?
সেইবোৰলৈ তেওঁৰ আক্ষেপ নাই। কিন্তু আক্ষেপ এতিয়া এটাই। এচামে নাগাৰা নামৰ নামত এই লোক কৃষ্টিকলৈ খেল খেলিছে। মানুহবোৰে হাতচাপৰি বজাই সেইবোৰ উপভোগ কৰিছে। ৰামচৰণ ভড়ালীৰ দৰে প্ৰবীণ শিল্পীজনৰ এই আক্ষেপ আমি বাৰু কেতিয়াবা উপলব্ধি কৰিমনে ?