যোৰহাটৰ ধাননি পথাৰত খহিছিল বিমানঃ বাচি গৈছিল প্ৰধানমন্ত্ৰী...

কিছু সংখ্যক লোকে উদ্ধাৰ অভিযানত নামৰ বিপৰীতে কেইজনমান লোকে গাঁওখনৰ একমাত্ৰ ট্ৰাকখনত উঠি যাত্ৰা কৰিছিল ৰৰৈয়া বিমান বন্দৰ অভিযুখে। হাফটন এই মিনি ট্ৰাকখনৰ গৰাকী আছিল তৰুণ চুতীয়া।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ুুু

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনাই পূৰ্বৰ বহু ভয়াৱহ স্মৃতি সজীৱ কৰি তুলিছে। কেনেকৈ এয়াৰ ইণ্ডিয়াৰ এই যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাত পতিত হ'ল সেই প্ৰশ্নৰ উত্তৰৰ বাবে এতিয়া সকলোৱে বাট চাইছে। 

এই ভয়াৱহ বিমান দুৰ্ঘটনাত মৃত্যুগহ্বৰৰ পৰা উভতি আহিল বিমানখনত থকা একমাত্ৰ যাত্ৰীগৰাকী। ১১ A আসনখনত বহি গৈছিল তেওঁ। ভাৰতীয় হ'লেও বৰ্তমান ব্ৰিটিছ নাগৰিক ৰমেশ বিশ্বাস কুমাৰ বুছাৰভেদা নামৰ যাত্ৰীজনেই এই দুৰ্ঘটনাৰ একমাত্ৰ সাক্ষী।

এয়া মীৰাক'ল। অনুৰূপ মীৰাক'ল হৈছিল তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাজী দেশাইৰ ক্ষেত্ৰত। ১৯৭৭ চনৰ ৪ নৱেম্বৰত অসমৰ যোৰহাটত এখন বিমান দুৰ্ঘটনাত পতিত হৈছিল। যোৰহাটৰ টেকেলা গাঁৱৰ এখন পথাৰত দুৰ্ঘটনাত পতিত হোৱা বিমানখন আছিল TU-124 জেট V643 পুষ্পক শ্ৰেণীৰ।

এই বিমানখনত আছিল তেতিয়া প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই। টেকেলা গাঁওবাসীয়ে উদ্ধাৰ কৰিছিল প্ৰধানমন্ত্ৰীক। দেশাইৰ বাবেও এই বিমান দুৰ্ঘটনাত তেওঁৰ প্ৰাণ ৰক্ষা পৰাতো এক অতি আচৰিত অভিজ্ঞতা আছিল।

প্ৰধানমন্ত্ৰী দেশাই দিল্লীলৈ ঘূৰি গ'ল। তেতিয়া এতিয়াৰ দৰে মানুহৰ হাতে-হাতে মোবাইল নাছিল। দুৰ্গম সেই অঞ্চলত কেমেৰা এটা থকাতো সপোনৰ অগোচৰ আছিল। সেয়েহে এই দুৰ্ঘটনাৰ কোনো ছবি বা ভিডিঅ' এতিয়া উপলব্ধ নহয়।

কিন্তু এখন চিঠিয়ে মনত পেলাই দিয়ে এই দুৰ্ঘটনাৰ কথা। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা সেই চিঠিখনৰ নম্বৰ আছিল 1945- PMO/77। চিঠিখন আহিছিল- প্ৰতি ইন্দ্ৰেশ্বৰ বৰুৱা,টেকেলা গাঁও,যোৰহাট অসমৰ ঠিকনাত।

মৰমৰ শ্ৰী বৰুৱা বুলি সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই চিঠিত উল্লেখ কৰিছিল যে, প্ৰধানমন্ত্ৰীলৈ তেওঁ লিখা চিঠিখন ৮ ডিচেম্বৰ ১৯৭৭ ত পাইছে। কৃতজ্ঞতা প্ৰকাশ কৰিছিল এই পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিয়নো সেইদিনা এই বিমান দুৰ্ঘটনাৰ পাছত প্ৰধানমন্ত্ৰীক উদ্ধাৰ কৰি ইন্দ্ৰেশ্বৰ বৰুৱাৰ ঘৰলৈ লৈ যোৱা হৈছিল।

তাতেই তেওঁক শুশ্ৰূষা কৰা হৈছিল। এই কথা প্ৰধানমন্ত্ৰীয়ে পাহৰি যোৱা নাছিল। সেয়েহে পত্ৰত ইন্দ্ৰেশ্বৰ বৰুৱাৰ লগতে তেওঁৰ পৰিয়ালক প্ৰধানমন্ত্ৰী দেশাইয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছিল। তেওঁৰ ঘৰত পোৱা আন্তৰিকতাপূৰ্ণ ব্যৱহাৰে প্ৰধানমন্ত্ৰীক সন্মোহিত কৰিছিল।

বৰুৱাৰ পৰিয়ালৰ লগতে টেকেলা গাঁওবাসীয়ে আগবঢ়োৱা সহায়-সহযোগৰ কথা তেওঁ স্মৰণ কৰিছিল এই পত্ৰত। লগতে এই দুৰ্ঘটনাত আহত হোৱা মোৰাৰজী দেশাইৰ পুত্ৰৰ স্বাস্থ্যৰ সন্দৰ্ভতো কিছু কথা জনাইছিল। কিয়নো সেই ভ্ৰমণত দেশাইৰ সৈতে বিমানখনত আছিল তেওঁৰ পুত্ৰ কান্তিভাই দেশাই।

মোৰাজী দেশাইয়ে জানিবলৈ দিছিল ভৰিত প্লাষ্টাৰ লৈ পুত্ৰ ঘৰতে আছে। বিমানখনত যাত্ৰী হিচাপে থকা আনসকলৰ ভিতৰত উল্লেখযোগ্য আছিল অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেম খাণ্ডু থুংগন,ইন্তেলিজেনচ্ ব্যুৰ'ৰ সঞ্চালক জন ল'ব'।

এই বিমান দুৰ্ঘটনাও আছিল অতি ভয়াৱহ। শেষ মুহূৰ্তলৈকে প্ৰধানমন্ত্ৰীক ৰক্ষা কৰিবলৈ বিমানখনত থকা বৈমানিকসকলে চেষ্টা চলাইছিল। টেকেলা গাঁৱৰ ধাননি পথাৰত বিমানখনৰ আগভাগটো প্ৰথমে পৰিছিল যাৰ বাবে ককপিটটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল।

বিমানখনত থকা বিমান চালক ক্ৰমে উইং কামাণ্ডাৰ ক্লাৰেঞ্চ ডি লিমা, উইং কমাণ্ডাৰ যোগিন্দৰ সিং, স্কোৱাড্ৰন লীডাৰ মেথিউ চাইৰিয়াক, স্কোৱাড্ৰন লীডাৰ ভি ভি এছ শংকৰ আৰু ফ্লাইট লেফটেনেণ্ট অ’ পি অৰোৰাৰ মৃত্যু হৈছিল। কিন্তু বিমানখনৰ পাছৰ অংশ বিশেষ একো হোৱা নাছিল।

মোৰাৰজী দেশাইয়ে সেইবাৰ ৬ দিনীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণসূচী লৈ যোৰহাটলৈ আহিছিল। পালম বিমান বন্দৰৰ পৰা সন্ধিয়া ৫ বাজি ৩ মিনিটত প্ৰধানমন্ত্ৰী দেশাইৰ বিমানখন যোৰহাটলৈ উৰা মাৰিছিল। প্ৰায় দুঘন্টা ৩০ মিনিটৰ পাছত বিমানখন যোৰহাটৰ এই টোকালা গাঁৱত ভূপতিত হৈছিল।

প্ৰধানমন্ত্ৰী দেশায়ে বিমানৰ জোকাৰণিত আসনৰ সন্মুখত থকা টেবুলত খুন্দা খাই নাকত দুখ পাইছিল। গাঁৱৰ মানুহবোৰে অতি কষ্টৰে প্ৰধানমন্ত্ৰী আৰু তাত থকা লোকসকলক উদ্ধাৰ কৰিছিল। প্ৰশাসন বা আৰক্ষীক খবৰ দিবলৈ তেতিয়া কোনো দুৰসংযোগৰ ব্যৱস্থা নাছিল।

কিছু সংখ্যক লোকে উদ্ধাৰ অভিযানত নামৰ বিপৰীতে কেইজনমান লোকে গাঁওখনৰ একমাত্ৰ ট্ৰাকখনত উঠি যাত্ৰা কৰিছিল ৰৰৈয়া বিমান বন্দৰ অভিযুখে। হাফটন এই মিনি ট্ৰাকখনৰ গৰাকী আছিল তৰুণ চুতীয়া। কিন্তু ড্ৰাইভাৰ নাছিল। ভালদৰে চলাব নজনা এজনে গাড়ীখন চলাই নিছিল।

আধাবাটতে গাড়ীখনৰ বিজুতি ঘটিল। দুজনমান গাড়ী ভাল কৰাত লাগিছিল আৰু কেইজনমানে চাইকেল এখন যোগাৰ কৰি ৰৰৈয়াত সেই খবৰ দিছিলগৈ। ট্ৰাকখন ভাল হোৱাত সেই ট্ৰাকখনে এম্বুলেন্স আৰু সামৰিক বাহিনীৰ লোকক দুৰ্ঘটনাস্থলীলৈ বাট দেখুৱাই নিছিল।

দুৰ্ঘটনা সংঘটিত হোৱা ৩ ঘন্টাৰ পাছত হে প্ৰধানমন্ত্ৰী দেশাইক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ গৈছিল। এয়া আন এক বিমান দুৰ্ঘটনাৰ ইতিহাস। যি দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ প্ৰাণ ৰক্ষা পৰিছিল টেকেলা গাঁওবাসীৰ বাবে।

সেই স্মৃতি বিজড়িত দুৰ্ঘটনাৰ স্বাক্ষৰ বহন কৰা এইখন এখন ঐতিহাসিক চিঠি। আহমেদাবাদৰ বিমান দুৰ্ঘটনাই সজীৱ কৰি তুলিলে সেই স্মৃতি। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে...

মোৰাজী দেশাই বিমান দুৰ্ঘটনা