১৫ কোটি নো কি ! জয়ন্ত মল্ল-জুলিৰ বাবে হাতৰ মলি...

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গোপন সম্পত্তিৰ হিচাপ পোহৰলৈ আহিয়েই আছে। আৰু কিমান দিনলৈ নিজকে সত, নিকা বুলি দাবী কৰা এই মন্ত্ৰীজনৰ স্বৰূপ পোহৰলৈ আহি থাকিব সেয়া ভগৱানেহে জানে !

New Update
ap BIKHEKH LEKHA (16)

১৫ কোটি নো কি ! জয়ন্ত মল্ল-জুলিৰ বাবে হাতৰ মলি...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গোপন সম্পত্তিৰ হিচাপ পোহৰলৈ আহিয়েই আছে। আৰু কিমান দিনলৈ নিজকে সত, নিকা বুলি দাবী কৰা এই মন্ত্ৰীজনৰ স্বৰূপ পোহৰলৈ আহি থাকিব সেয়া ভগৱানেহে জানে !

এতিয়ালৈকে মন্ত্ৰীজনৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ মূল্য ৩০০কোটিৰ ঘৰ অতিক্ৰম কৰিছে। ক’ৰ পৰা তেওঁ এই ধন পাইছে সেই কথা ভাবিহে মানুহ আচৰিত হোৱাৰ পাল। 

২০২১চনত নিজেই দাখিল কৰা শপতনামাত পত্নীৰ সৈতে মিলি তেওঁৰ সম্পত্তিৰ পৰিমাণ ২কোটিৰো কম আছিল। কিন্তু যোৱা দুটা বছৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ এতিয়ালৈকে ৰাজহুৱা হোৱা তথ্য অনুসৰি ২০০০শতাংশ বৃদ্ধি পাইছে।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী কেৱল কৃষি ফাৰ্ম, গীৰ গাই, মাটি আদিৰে গৰাকী নহয়, হোটেলৰো গৰাকী। গণেশগুৰিৰ দিছপুৰত জুলি ডেকা বৰুৱাৰ নামত আছে মাটি আৰু হোটেল। 

বৰ বেছি দিন হোৱা নাই সেই মাটি কিনা। নামজাৰি নং-MET/DIS.2017-18/1776/OMUTৰ যোগে দাগ নং-1083ৰ এটুকুৰা মাটি ৰামেশ্বৰ তালুকদাৰৰ নামত নামজাৰি কৰা হৈছিল ২০১৭ৰ ৮নৱেম্বৰত। সেই মাটিৰ পৰিমাণ আছিল ২কঠা ১৮.৭৯লেচা। 

নলিন চন্দ্ৰ বৰগোহাঁই আৰু পূণ্য বৰগোহাঁইৰ নামত থকা এই মাটি ক্ৰয় কৰিছিল মহানগৰীৰ মাটিৰ দালাল হিচাপে পৰিচিত ৰামেশ্বৰ তালুকদাৰে।
এইখিনি মাটিকে পৰৱৰ্তী সময়ত ক্ৰয় কৰিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে। নামজাৰি নং- MET/DIS/2022-23/89839/0MUTৰ হুকুমযোগে এই দাগৰ মাটিখিনি ৰামেশ্বৰ তালুকদাৰৰ স্থানত নামজাৰি হৈছিল জুলি ডেকা বৰুৱাৰ নামত।

এই নামজাৰি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল লাট মণ্ডল আনোৱাৰ হুচেইন আৰু সেই সময়ৰ চক্ৰ বিষয়া শান্তনু গগৈয়ে। ২৬মাৰ্চ ২০২৩ত এই নামজাৰি পৰ্ব সম্পন্ন হৈছিল। মাটিখিনিত আছিল এটা অট্টালিকাও। 

এই মাটিখিনি ক্ৰয় কৰি সেই অট্টালিকাত পিতৃৰ নামত এখন হোটেল খুলিছিল মন্ত্ৰীৰ পত্নীয়ে। যিখন হোটেলৰ নাম- কৈলাস ৰেচিডেন্সী। ৰাজধানীৰ পৰা কেইখোজ মান আঁতৰত এইদৰে মাটি ক্ৰয় কৰিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তেওঁৰ পত্নীৰ নামত।

ক’ৰ পৰা আহিছে ধন, এই ধনৰ উৎস কি ! সেয়াহে এতিয়া তদন্তৰ বিষয় হৈ পৰিছে। তথ্য অনুসৰি, এই মাটি আৰু ঘৰ ৰামেশ্বৰ তালুকদাৰৰ পৰা জয়ন্ত মল্লবৰুৱাই ১৫কোটি টকাত প্ৰায় দুবছৰৰ পূৰ্বে ক্ৰয় কৰিছিল। 

ৰাজ্যত মাটি দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যাপক অভিযান চলোৱাৰ কথা ঘোষণা কৰিছিল। কিন্তু সেই মাটি দালালৰ সৈতে তেওঁৰ সতীৰ্থ মন্ত্ৰীৰেই সুসম্পৰ্কৰ কথা এই মাটি ক্ৰয়ৰ তথ্যই উদঙাই দিয়ে। অভিযোগ আছে যে, জলজীৱন মিছনৰ বহু হাজাৰ কোটি টকীয়া ঠিকা প্ৰদানৰ নামত নিৰ্দিষ্ট হাৰত মন্ত্ৰীজনে কমিছন লয়। 

সেই অভিযোগেই যেন এতিয়া প্ৰমাণ হোৱাৰ দিশত। আয় বৰ্হিভূত সম্পত্তি এজন মন্ত্ৰীয়ে কেনেদৰে আহৰণ কৰিছে তাক লৈ এতিয়া ইডিৰ তদন্তৰ প্ৰয়োজন হৈ পৰিছে।

এয়া জয়ন্ত মল্লবৰুৱাই অতি শেহতীয়াকৈ ক্ৰয় কৰা এটা মাত্ৰ সম্পত্তিৰ উদাহৰণহে। তেওঁ নামে-বেনামে কিনা আন সম্পত্তিবোৰৰ ক্ষেত্ৰতো সঠিক তদন্ত হ’লে ইয়াতকৈ অধিক ভয়াৱহ তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে। 

জয়ন্ত মল্লবৰুৱাৰ সততাৰ নমুনা এয়া। মন্ত্ৰী হিচাপে কেইলাখমান টকা দৰমহা পোৱা জয়ন্ত মল্লবৰুৱাই কোটি কোটি টকা ব্যয়ৰে ক্ৰয় কৰা সম্পত্তিবোৰ এতিয়া তেওঁৰ সম্পদ নহয় বিপদ হৈ পৰিছে।

তেওঁৰ আশে পাশে থকা আন লোকসকলৰ নামতো আছে বহু সম্পত্তি। লক্ষ্যণীয় যে, গীৰ গাই, দুগ্ধ উন্নয়ন আঁচনিৰ ৰাজসাহায্যৰ পৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু তেওঁৰ আত্মীয়ৰ এই অবৈধ সম্পত্তিৰ সন্দৰ্ভত এতিয়া অস্বস্তিত পৰিছে বাজপেয়ী ভৱন।

মন্ত্ৰীজনক উদ্ধাৰ কৰাত দলৰ একাংশ নেতাই চেষ্টা কৰিছে যদিও তথ্যগতভাৱে তেওঁ দুৰ্নীতিৰ আভাস পোৱাৰ পাছত ন-বিজেপিয়ে দলটোক শেষ কৰি দিছে বুলি নিজৰ মাজতেই ক্ষোভ উজাৰিছে। পত্নী জুলিৰে মিলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আৰু কিমান সম্পত্তি ঘটিব বুলি প্ৰশ্ন উত্থাপন হৈছে খোদ বিজেপিৰ ভিতৰচ’ৰাতে...

বিজেপি অসম চৰকাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা