/asomiyapratidin/media/media_files/2025/07/04/ap-bikhekh-lekha-15-2025-07-04-17-42-28.jpg)
মৃদুল কুমাৰ সন্দিকৈ
হাতীৰ দাঁত দুবিধ। এবিধ দেখুৱাবলৈ, আনবিধ খাদ্য বস্তু চোবাবলৈ। আমাৰ নেতা-মন্ত্ৰীসকলৰো হাতীৰ দাঁতৰ দৰে সম্পত্তিৰ তালিকা দুখন। এখন ৰাইজ তথা নিৰ্বাচন আয়োগক দেখুৱাবলৈ আৰু আনখন নামে-অনামে ভৰি থকা কেইবা পৃষ্ঠাজোৰা আঁচল সম্পত্তিৰ তালিকা।
অতি শেহতীয়াকৈ অসমত আটাইতকৈ ধনী হোৱা মন্ত্ৰী কোন বুলি প্ৰশ্ন কৰিলে মন্ত্ৰীসকলৰ তেনে গোপন সম্পত্তিৰ তালিকা প্ৰস্তুত কৰিব লাগিব। যি হাৰত ৰাজ্যৰ এজন মন্ত্ৰীৰ সম্পত্তিৰ তালিকা পোহৰলৈ আহিছে, সম্ভৱতঃ এই গৰাকী মন্ত্ৰীয়েই সেই তালিকাত শীৰ্ষ স্থান দখল কৰিব।
ধন-সম্পত্তিৰ প্ৰতি কোনো আগ্ৰহ নাই বুলি নিজৰে প্ৰমাণ পত্ৰ দি থোৱা এই গৰাকী মন্ত্ৰীয়ে তেওঁৰ পত্নী তথা আত্মীয়ৰ নামত যোৱা দুই তিনিটা বছৰত ক্ৰয় কৰা মাটিৰ কিছু হিচাপ পোহৰলৈ আহিছে। ইয়াৰ উপৰিও অন্য স্থানত কিমান তেওঁৰ কিমান ভূ-সম্পত্তি আছে, সেয়া তেওঁৰ বাদে সঠিককৈ আনে নাজানিব।
এই মন্ত্ৰীগৰাকী ইমানেই হঠাৎ ধনী হৈ পৰিল যে, বৰ্তমান তেওঁ থকা ৰাজনৈতিক দলটোৰ মণ্ডল কাৰ্যালয় নিৰ্মাণ কৰিবলৈ নিজৰ আত্মীয়ৰ মাটি দি দিব পৰা হ’ল। অৰ্থাৎ মন্ত্ৰীগৰাকীৰ মাতৃৰ নামত থকা প্ৰায় এবিঘা মাটিত আছে নলবাৰী জিলাৰ বাঁহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়।
সেই কাৰ্যালয়ৰ সমীপতে হেনো আন ১৩বিঘা মাটি আছে তেওঁৰ পত্নীৰ নামত। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ মাটি, তেজপুৰৰ মাটি, ঘগ্ৰাপাৰৰ মাটি, ৰঙিয়াৰ কৃষি পামৰ মাটি, মালিকুছিৰ মাটি মিলালেই হিচাপটো হয়গৈ ২৯৫ বিঘা।
বেয়া কাম কংগ্ৰেছ থাকোতে কৰা বুলি ৰাজহুৱাকৈ স্বীকাৰ কৰা এই মন্ত্ৰীজনে বিজেপিলৈ অহাৰ পাছত দুৰ্নীতি বা বেয়া কাম কৰা নাছিল বুলি সদম্ভে ঘোষণা কৰিছিল। পূৰ্বতে কংগ্ৰেছৰ দিনত কৰা বেয়া কামবোৰৰ দায়িত্ব কংগ্ৰেছেই ল’ব লাগিব বুলি কোৱা মন্ত্ৰীজনৰ কংগ্ৰেছৰ দিনত থকা সম্পত্তি আৰু বিজেপিলৈ অহাৰ পাছত ঘটা সম্পত্তিৰ তালিকাখন তুলনা কৰিলেই মন্ত্ৰীজনে সচাঁ নে মিছা কৈছে ওলাই পৰে।
২০১৫চনত কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিল এইগৰাকী মন্ত্ৰী। কংগ্ৰেছত থকা কালত তেওঁ ২০১১চনত অসম বিধানসভাৰ নিৰ্বাচনত নলবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। সেইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোতে শপতনামাযোগে এইগৰাকী মন্ত্ৰীয়ে নিজৰ তথা পত্নীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল কৰিছিল।
২৫মাৰ্চ ২০১১ত নলবাৰী আদালতৰ নটাৰীযোগে প্ৰস্তুত কৰা শপতনামাত মন্ত্ৰীগৰাকীয়ে ২০০৯-১০বৰ্ষত তেওঁ সৰ্বমুঠ আয় দেখুৱাইছিল- ৩লাখ ৫২হাজাৰ ৯২৭টকা। উক্ত বিত্তীয় বৰ্ষৰ বাবে মন্ত্ৰীগৰাকীৰ পত্নীয়ে সেই শপতনামাত উল্লেখ থকা তথ্য অনুসৰি আয় দেখুৱাইছিল ২লাখ ১৮হাজাৰ ৭৮৩টকা। এক অৰ্থত দৰিদ্ৰ সীমা ৰেখাৰ তলৰে নেতা আছিল তেওঁ।
সেই সময়ত মন্ত্ৰীগৰাকীৰ হাতত মাত্ৰ ১লাখ ৮হাজাৰ ৩৮৬টকা, পত্নীৰ হাতে জমা ৩৫হাজাৰ ৬৮২টকা আছিল। এপেক্স বেংকৰ শিলপুখুৰী শাখাত মন্ত্ৰীগৰাকীৰ নামত থকা একাউন্ট নং- ৪৩৭২ত জমা আছিল- ৩৭,৯৮১টকা।
এপেক্স বেংকৰ টিহু শাখাত জমা আছিল- ৯,৬৮৬টকা। আই ডি বি আই গুৱাহাটী শাখাৰ একাউণ্ট নং- 13610400008020ত জমা আছিল- ৪১, ৬৮১টকা। মন্ত্ৰীজনৰ নামত থকা এই তিনিটা বেংক একাউন্টত জমা থকা মুঠ ধনৰ পৰিমাণ আছিল-৮৯, ৩৪৮টকা।
পত্নীৰ নামত এপেক্স বেংকৰ নুনামাটি শাখাত একাউন্ট নং 12097ত জমা আছিল- ৩,০৯১টকা। তেতিয়ালৈকে পত্নীৰ বেংক একাউন্ট কেৱল এইটোৱে আছিল। আৰু দুই এটা সৰু সুৰা বিনিয়োগ মন্ত্ৰীয়ে কৰি থৈছিল যদিও সেইবোৰৰ পৰিমাণ বৰ বেছি নাছিল।
এখন স্কৰপিঅ’ আছিল মন্ত্ৰীজনৰ নামত। সেই স্কৰপিঅ’ খনৰ নম্বৰ AS 01 T 4584 আৰু এখন জে চি বি আছিল তেওঁৰ। সকলোবোৰ মিলাই তেওঁৰ সম্পত্তি মুঠ মূল্য হৈছিলগৈ- ২৮লাখ ৮হাজাৰ ৮৬৪টকা।
মন্ত্ৰীৰ পত্নীৰ ১৫৪গ্ৰাম সোণৰ অলংকাৰ আছিল, ২৫০গ্ৰাম ৰূপৰ অলংকাৰ আছিল। এই অলংকাৰ আৰু হাতত থকা জমা ধন মিলি মন্ত্ৰী পত্নীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছিলগৈ ২লাখ ৯২হাজাৰ ৪৯৩টকা। মন্ত্ৰীগৰাকীৰ এই সময়লৈকে কোনো কৃষিভূমি নাছিল। কিনা নাছিল তেওঁ নিজা নামত খেতিৰ মাটি।
অৱশ্যে তেওঁৰ নামত এটুকুৰা অকৃষি ভূমি আছিল নাঁকুছিত। সেই মাটিৰ পৰিমাণ আছিল এবিঘা ১৩.৩ লেচা। মাটিৰ দাগ নম্বৰ ১৩, পট্টা নং- ৯৪। মাটিখিনি তেওঁ ২০০৮ৰ ২৫ফেব্ৰুৱাৰীত ক্ৰয় কৰিছিল। যিখিনি মাটি ক্ৰয় কৰিছল মাত্ৰ ৪৬হাজাৰত।
পত্নীৰ নামত তেতিয়ালৈকে কোনো কৃষিভূমিয়েই নাছিল। ইটা ভাটা এটাত তেওঁ ৬লাখ ২১হাজাৰ ১১৯টকা বিনিয়োগ কৰিছিল। সেই ইটা ভাটাৰ মাটিৰ পৰিমাণ আছিল ১২বিঘা, ৪কঠা, ১০লেচা। মাটিখিনি আছিল টিহুৰ নামতি মৌজাত।
এয়াই আছিল মোটামুটি এই মন্ত্ৰীজনৰ ২০১১বৰ্ষৰ লৈকে সম্পত্তিৰ তালিকা। তেতিয়ালৈকে তেওঁ মন্ত্ৰী হোৱা নাছিল। অৱশ্যে যুৱ কংগ্ৰেছী হিচাপে বিভিন্ন ছিণ্ডিকেটেৰে তেওঁৰ নাম সাঙুৰ খাই পৰিছিল। ২০১৬চনত অসম বিধান সভা নিৰ্বাচনত তেওঁক বিজেপিয়ে টিকট নিদিলে যদিও পৰ্যটন বিভাগৰ অধ্যক্ষৰ দায়িত্ব দি সন্তুষ্ট কৰি ৰাখিছিল।
পৰ্যটনৰ দৰে বিভাগ এটাৰ অধ্যক্ষ হৈ তেওঁৰ লোকচান হোৱা নাছিল হয়তো। ২০১৫-১৬বৰ্ষত তেওঁ আয় হৈছিল ১০লাখ ৪৯হাজাৰ ২৪০টকা। আয়কৰ বিভাগক জমা দিয়া আয়ৰৰ তথ্য অনুসৰি মন্ত্ৰীগৰাকীয়ে ২০১৬-১৭বিত্তীয় বৰ্ষত ১০লাখ ৯হাজাৰ ৮৭০টকা, ২০১৭-১৮বিত্তীয় বৰ্ষত ১২লাখ ২০হাজাৰ ৭৮০টকা, ২০১৮-১৯বিত্তীয় বৰ্ষত ১০লাখ ১৭হাজাৰ ৯০টকা আৰু ২০১৯-২০বিত্তীয় বৰ্ষত ১৬লাখ ৭৫হাজাৰ ৯০টকা আয় কৰিছিল।
তেওঁৰ পত্নীয়ে ২০১৫-১৬বৰ্ষত আয়কৰ বিভাগক জানিবলৈ দিছিল যে সেই বৰ্ষটোত তেওঁৰ আয় হৈছে ৪লাখ ১০হাজাৰ ৫৯০টকা। ২০১৬-১৭বৰ্ষত ৪লাখ ১হাজাৰ ৯৭০টকা, ২০১৭-১৮বিত্তীয় বৰ্ষত ১১লাখ ৪৪হাজাৰ ২২০টকা, ২০১৮-১৯বৰ্ষত ১১লাখ, ৯৩হাজাৰ, ৩০টকা, ২০১৯-২০বিত্তীয় বৰ্ষত ১৫লাখ ৬৬হাজাৰ ১৫০টকাত আয় কৰিছিল তেওঁৰ পত্নীয়ে।
২০২১ৰ নিৰ্বাচনত এইগৰাকী নেতাই নলবাৰীৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। উক্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ শপতনামাত দিয়া সম্পত্তিৰ তালিকাত কিছু যোগ হৈছিল। সেইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তেওঁৰ হাতত নগদ জমা আছিল ২লাখ ৮৭হাজাৰ ৩৫০টকা আৰু পত্নীৰ হাতত নগদ জমা আছিল ২লাখ ৩৩হাজাৰ ৫৭০টকা।
বেংকৰ একাউন্টত এইগৰাকী মন্ত্ৰীৰ নামত জমা আছিল ২০লাখ ৫৯হাজাৰ ৯৭৪টকা। এই মন্ত্ৰীগৰাকীতকৈ ৫টা বছৰতে ধনী হৈ পৰিছিল তেওঁৰ পত্নী। সেই সময়লৈকে মন্ত্ৰী পত্নীগৰাকী বেংক একাউন্টত জমা আছিল ২৬লাখ ১০হাজাৰ ১০৭টকা।
মন্ত্ৰীগৰাকী আৰু মন্ত্ৰীৰ পত্নীয়ে আন কিছু ধন বিনিয়োগ কৰিছিল। সেই বিনিয়োগৰ পৰিমাণ মন্ত্ৰীৰ পত্নীৰ আছিল ২১লাখ ৬০হাজাৰ ৮৯২টকা আৰু মন্ত্ৰীজনৰ আছিল ১৪লাখ ৩৪হাজাৰ ১৯৪টকা। মন্ত্ৰী পত্নীৰ হাতত থকা সোণৰ গহণাৰ পৰিমাণত ৪৫০গ্ৰাম আৰু মন্ত্ৰীয়ে পিন্ধা ডিঙিৰ চেইন আৰু আঙুঠিত ব্যৱহাৰ কৰা সোণৰ পৰিমাণ ২০০গ্ৰাম আছিল।
সকলো মিলাই ২০২১ৰ লৈকে মন্ত্ৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬২লাখ, ৬৮হাজাৰ, ১১০টকা আৰু মন্ত্ৰীৰ পত্নীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৪লাখ, ১৯হাজাৰ,৩০৬টকা আছিল। মন্ত্ৰীৰ পত্নীৰ কোনো কৃষিভূমি নাছিল, মন্ত্ৰীয়েও কিনা নাছিল কোনো কৃষিভূমি।
মন্ত্ৰীয়ে অকৃষি ভূমি ২০১১চনত দিয়া তথ্যৰ দৰেই নাঁকুছি সেই মাটিৰেই গৰাকী আছিল। অৱশ্যে মন্ত্ৰীৰ পত্নীয়ে এবিঘা একঠা অকৃষি ভূমি নলবাৰীৰ মালিকুছিত ক্ৰয় কৰিছিল। ২৯নৱেম্বৰ, ২০১১ত মালিকুছিৰ ৱাৰ্ড-২ত থকা দাগ নং ৮৮৯, পট্টা নং ৩৬৫ত ক্ৰয় কৰা সেই মাটিৰ মূল্য আছিল ১৮লাখ ৭২হাজাৰ টকা।
উলুবাৰীৰ বি বৰুৱা ৰোডত এইগৰাকী মন্ত্ৰীয়ে দুটা ফ্লেট কিনিছিল কোহিনুৰ এপাৰ্টমেন্টত। ১১০০বৰ্গফুটকৈ আছিল এই ফ্লেটকেইটা। যিকেইটা ফ্লেটৰ মূল্য প্ৰায় ২৫লাখকৈ আছিল। নতুন দিল্লীত মন্ত্ৰীৰ পত্নীৰ নামত এটা ফ্লেট কিনিছিল। মোবাৰকপুৰত দিল্লী হাউচ নং- ৩৫৬ৰ দ্বিতীয় মহলাত আছিল এই ফ্লেটটো। ফ্লেটটো আছিল ৬৪৬বৰ্গফুটৰ।
গুৱাহাটীৰ কেদাৰৰোডত মন্ত্ৰীগৰাকীৰ পত্নীৰ নামত মাটি আৰু ঘৰ আছে। সেই মাটিৰ দাগ নং ২১৬ আৰু পট্টা নং ১০১৬। এনেকৈয়ে আৰম্ভ হৈছিল মন্ত্ৰী আৰু তেওঁৰ পত্নীৰ উত্তৰণৰ যাত্ৰা। এতিয়া তেওঁলোকৰ সম্পত্তিৰ তালিকা যোৱা দুই-তিনিটা বছৰতে ইমানেই বাঢ়িল যে পূৰ্বৰ দৰে দুয়োৰে সম্পত্তিৰ তালিকা লিখিবলৈ এটা পৃষ্ঠাত সম্ভৱ নহ’ব।
কিয়নো এইগৰাকী মন্ত্ৰীয়ে পত্নী আৰু আন কিছু আত্মীয়ৰ নামত যোৱা কিছুদিনত কেৱল সম্পত্তিৰ পাহাৰ গঢ়িছে। তেজপুৰত যদি হোটেল, মুম্বাইত ফ্লেট, ঠায়ে ঠায়ে মাটি। হয়তো এইবোৰ জল জীৱন মিছনৰে চাইড এৰ্ফেক্ট।
এই মন্ত্ৰীগৰাকীৰ হৈ নগদ ধনৰ লেনদেন কৰিবলৈ হেনো আছে নিৰ্দিষ্ট পেট্ৰ’ল ডিপো। গৃহ জিলাত থকা সেই পেট্ৰ’ল ডিপো আৰু ডিপোটোৰ মালিক মন্ত্ৰীগৰাকীৰ মানিবেগৰ দৰে। শাসকীয় দলটোৰ মন্ত্ৰী গৃহজিলাৰ ধনভৰালীৰ দৰে পদত অধিষ্ঠিত কৰি থোৱা আছে তেওঁক।
এইবোৰ কথা মন্ত্ৰীক জনা সকলোৱে জানে। জানে তেওঁৰ কাষতেই সুদীৰ্ঘ দিন থিয় হৈ থকা বৰপেটাৰ আহমেদৰ দৰে লোকসকলৰ প্ৰতি মন্ত্ৰীৰ দৰদৰ কথা। কিয়নো মন্ত্ৰীৰ এই উত্থানৰ সাক্ষী এইবোৰ লোক।
এনেকৈ বিজেপিলৈ আহি মন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে কোটি কোটি ধন বিনিয়োগেৰে সম্পত্তি ঘটিবলৈ দুৰ্নীতি, কমিছনৰ অংক নকৰিলে জানো সম্ভৱ ! মন্ত্ৰীৰ সম্পত্তিৰ শেহতীয়া তালিকাই দিয়ে তেওঁৰ সততাৰ পৰিচয়। এতিয়া মন্ত্ৰীজনৰ বিৰুদ্ধে কেৱল অনিয়মৰ অভিযোগ।
তেওঁকচোন কংগ্ৰেছত থকা কালতকৈ বিজেপিলৈ আহি অধিক দুৰ্নীতিত নিমজ্জিত হৈছে বুলি সৰ্বসাধাৰণ পতিয়ন গৈছে। কংগ্ৰেছত থাকোতে কৰা বেয়া কামৰ দায়িত্ব কংগ্ৰেছে ল’ব লাগিব বুলি কোৱা এই মন্ত্ৰীজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ-অনিয়মৰ দায়িত্ব এতিয়া বিজেপিয়ে ল’ব নে নলয় ?