/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/cc87d376-9d95-4568-a46b-4d83974b7f53/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বহু সঁচা কথা মিছা হৈয়ে ৰৈ যায়। বহু অপৰাধী টকাৰ জোৰত সাৰি যায়। তেনে এক খবৰে হয়তো মানুহৰ দৃষ্টি আকৰ্ষণ কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ আৰু স্থিতি গ্ৰহণ নকৰা হ'লে সেই সকল দোষী বিষয়া অপৰাধীয়ে সংঘটিত কৰা এই অনিয়ম কোনো কালেই পোহৰলৈ নাহিলহেতেন।
দৰং জিলাৰ ধুলাত এগৰাকী কিশোৰীৰ মৃত্যু হৈছিল। এজন এছ এছ বি জোৱানৰ বাসগৃহত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা কিশোৰী গৰাকীয়ে আত্মহত্যা কৰা বুলিয়েই সকলোৱে ভাবিছিল ।
হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত কিছু খবৰ আছিল। এই ঘটনা যে অন্যৰূপ দিয়া হৈছে মুখ্যমন্ত্ৰীয়ে জানিছিল। ধনৰ খকত কেনেকৈ হত্যা কৰা কিশোৰী গৰাকীক আত্মহত্যাৰ ৰূপ দিয়া হৈছিল সেই কাহিনী বলিউডৰ থ্ৰিলাৰ চিনেমাতকৈ কম নহয়।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কিশোৰী হত্যা গোচৰটো চি আই ডিক দিয়া হৈছিল। তাৰ পাছত চি আই ডিয়ে তদন্ত কৰি গম পাইছিল আৰক্ষী, অপৰাধীয়ে মিলি মিছাক সঁচা কৰিছিল। সেই সময়তে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধুলা থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু দৰং জিলা আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক নিলম্বন কৰিছিল।
ধুলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনে এছ এছ বি কৃষ্ণ কমল বৰুৱা নামৰ জোৱান জনৰ পৰা ৫ লাখ টকা লৈছিল। সেয়া পৰৱৰ্তী সয়মত চি আই ডিৰ তদন্ত পোহৰলৈ আহিছিল। ধুলাৰ অচিয়ে ১২ জুন ২০২২ত ৰুজু কৰা ১১৪/২০২২ নম্বৰ গোচৰত সেয়া আত্মহত্যা বুলি লিপিবদ্ধ কৰি গোচৰৰ ফাইল জপাবই খুজিছিল।
পুনৰ তদন্তৰ ফাইল খুল খোৱাত চি আই ডিয়ে ২০/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰি প্ৰথমে অভিযুক্ত অচি উৎপল বৰাক জেৰা কৰিছিল। তথ্য প্ৰমাণ সংগ্ৰহৰ বাবে কিশোৰী গৰাকীৰ মৃতদেহটো খান্দি আনি ডি এন এ পৰীক্ষা কৰিছিল।
ডি এন এ পৰীক্ষাত মৃতদেহত কৃষ্ণকমল বৰুৱাৰ ডি এন এ পোৱাত চি আই ডি নিশ্চিত হৈছিল যে যৌন নিৰ্যাতনৰ পাছত অভিযুক্তই কিশোৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল।
চি আই ডিয়ে তদন্ত কৰি যি পালে তাৰ ওপৰত ভিত্তি কৰি ধুলাৰ অচি উৎপল বৰাক গ্ৰেপ্তাৰ কৰে।তাৰ মাজতে মুখ্যমন্ত্ৰীয়েও আদিৱাসী কিশোৰী গৰাকীৰ বাসগৃহলৈ গৈ ন্যায় প্ৰদানৰ নিশ্চিয়তা দিছিল।
অচি উৎপল বৰাৰ একাউন্টত লাখ লাখ টকাৰ লেনদেনৰ তথ্য চি আই ডিয়ে পাইছিল। উৎপল বৰাৰ জেৰাৰ অন্তত চি আই ডিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ কৰে ৭ নৱেম্বৰ ২০২২ত।
এতিয়া প্ৰশ্ন হয়, আৰক্ষীয়ে ধন লৈ অপৰাধীক এনেদৰে সাৰি যাবলৈ বাট মোকলাই দিলে। কিন্তু চিকিৎসকে কেনেকৈ সকলো কথা জানিও মৰণোত্তৰ পৰীক্ষাত আত্মহত্যা কৰা বুলি প্ৰমাণ পত্ৰ দিলে।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভুল তথ্য সন্নিবিষ্ট কৰাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ জন চিকিৎসক ক্ৰমে ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজন্তা বৰদলৈক চি আই ডিয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।
মৰণোত্তৰ পৰীক্ষাৰ নামত কেৱল আনুষ্ঠানিকতাহে সম্পন্ন কৰা হয় নেকি? এই অভিযোগ বহুতৰেই আছে। আনহাতে এনে অভিযোগো আছে ধনৰ বলত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যি ধৰণে লাগে সেই ধৰণে লিখাই লব পাৰি।
কিশোৰী গৰাকীৰ মৃতদেহটো ওলমি থকা অৱস্থাত নমাওতে নিসন্দেহে তাত এগৰাকী দায়িত্বশীল বিষয়া আছিল। সেই ইনকুৱেষ্ট কৰা ৰাজহ চক্ৰ বিষয়া গৰাকী, আৰক্ষী অধীক্ষক গৰাকী সন্দৰ্ভত উপযুক্ত তদন্ত হ'ব নে নহয়।
দৰিদ্ৰ আদিবাসী পৰিয়ালৰ আছিল সেই কিশোৰী গৰাকী। মানুহৰ ঘৰত বনকৰা ছোৱালী হিচাপে ৰখাইছিল অভিভাৱকে। তেওঁলোকৰ অভাৱৰ সীমা নাই। যদি কিবা কাৰণত মুখ্যমন্ত্ৰীয়ে বিষয়টো হস্তক্ষেপ নকৰিলেহেতেন তেনেহ'লে কাৰ সাধ্য আছিল এই সত্যক উদঘাটন কৰাৰ।
আৰক্ষী, অপৰাধীৰ নেক্সাচ কি ধৰণে গঢ় লৈ উঠে তাৰ এটা প্ৰমাণ এয়া। ধনৰ বলত সকলো সম্ভৱ কৰি অপৰাধী সাৰি যায়। উচ্চ পদস্থ বিষয়াৰ পৰা তললৈকে সকলোৱে যেন টকাত মেনেজ হয়। সেই কথাবোৰেই এই ঘটনাই প্ৰমাণ কৰি দিলে।
এনেকুৱা ক'ত ঘটনা হয়তো ওলাব । প্ৰকৃত দোষী সমাজত বুকু ফিন্দাই ঘূৰি ফুৰিছে। সকলো ঘটনা মুখ্যমন্ত্ৰীয়ে চকু দিয়াতো সম্ভৱ নহয়। ভুক্তভোগী পৰিয়ালবোৰে নীৰৱে যি হ'ল হ'ল বুলি এদিন মানি ল'বলৈ বাধ্য হয়।
ধুলাৰ এই কাহিনীক লৈ আলোচনা হ'ব লাগে। কেৱল কাঢ়া নিৰ্দেশেৰে সকলো কাম কৰিব নোৱাৰি। নৈতিকতা আৰু সততাৰ এক ভেঁটি গঢ়িব পৰা পৰিৱেশ সমাজে তৈয়াৰ কৰি দিব লাগিব। যি অপৰাধ সংঘটিত কৰে তেওঁলোকতকৈ যি এনে অপৰাধক ধূলিৰ লগত মিহলাই দিব খোজে তেওঁলোকো সমানেই অপৰাধী। এই সকল আৰক্ষী বিষয়া আৰু চিকিৎসকৰো কঠোৰ শাস্তি হওক।